Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দেশবাসীলৈ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ

দেশবাসীলৈ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ

দেশবাসীলৈ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ

দেশবাসীলৈ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান দেশবাসীৰ বাবে মুকলি কৰে৷

ধনভাণ্টাৰী জয়ন্তীক আয়ুৰ্বেদ দিৱস হিচাপে পালন কৰা সমবেত ৰাইজক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে৷ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান স্থাপনৰ বাবে তেওঁ আয়ুস মন্ত্ৰালয়ক প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে নিজৰ ঐতিহ্য আৰু ইতিহাসক মূল্য দিব নাজানিলে কোনো দেশে প্ৰগতিৰ পথত আগুৱাব নোৱাৰে৷ ঐতিহ্য আৰু ইতিহাসক পাহৰা দেশে নিজৰ পৰিচয় হেৰুৱায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত যেতিয়া স্বাধীন হোৱা নাছিল, তেতিয়া যোগাসন আৰু আয়ুৰ্বেদৰ দৰে প্ৰাচীন পৰম্পৰাসমূহ অনাদৃত হৈ আছিল৷ এই পৰম্পৰাসমূহৰ প্ৰতি বিশ্বাস ভংগ কৰিবলৈও আনকি অপচেষ্টা চলোৱা হৈছিল৷ বিগত তিনিটা বছৰত এই পৰিৱেশ যথেষ্টখিনি সলনি হৈছে আৰু আমাৰ চহকী ঐতিহ্যৰ প্ৰতি দেশবাসীৰ আস্থা আৰু বিশ্বাস উভতি আহিছে৷ আয়ুৰ্বেদ দিৱস অথবা যোগা দিৱসৰ প্ৰতি নাগৰিকৰ সহাঁৰিয়ে এই কথা প্ৰতীয়মান কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আয়ুৰ্বেদ এক চিকিৎসা পদ্ধতিয়ে নহয়, ই জনস্বাস্থ্য আৰু পৰিৱেশ স্বাস্থ্যৰ ক্ষেত্ৰতো ফলদায়ক৷ সেইবাবেই চৰকাৰে আয়ুৰ্বেদ, যোগা আৰু আন আন আয়ুস পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ দেশৰ প্ৰতিখন জিলাতে এখনকৈ আয়ুৰ্বেদিক চিকিৎসালয় স্থাপন কৰিবলৈ চৰকাৰে পৰিকল্পনা যুগুত কৰিছে৷ বিগত তিনি বছৰত ৬৫ খনৰো অধিক আয়ুস হস্পিটালৰ উন্নয়ন সাধন কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বনৌষধি আয়ৰ এক গুৰুত্বপূৰ্ণ উৎস হ’ব পাৰে আৰু ভাৰতে এই ক্ষেত্ৰত নিজৰ সক্ষমতা সম্প্ৰসাৰিত কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰে স্বাস্থ্যসেৱা খণ্ডত ১০০শতাংশ এফডিআই অনুমোদন জনাইছে বুলিও তেওঁ উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দৰিদ্ৰ জনসাধাৰণৰ বাবে স্বাস্থ্যসেৱা সুলভ কৰি তোলাত চৰকাৰে মনোনিৱেশ কৰিছে৷ স্বচ্ছতাৰ ওপৰত চৰকাৰৰ গুৰুত্বক উনুকিয়াই তেওঁ কয় যে বিগত ৩বছৰত কেন্দ্ৰীয় চৰকাৰে ৫ কোটি টয়লেট নিৰ্মাণ কৰিছে৷ জনসাধাৰণৰ বাবে উন্নত মানৰ চিকিৎসা সেৱা উপলব্ধ কৰিবলৈ নতুন এইমছ স্থাপন কৰি থকা হৈছে বুলিও তেওঁ কয়৷

***

AKT/SH/MS