Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দেশৰ কৃষক সমাজৰে হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাৰ্তালাপৰ মূল পাঠ


নমস্কাৰ, মোৰ কৃষক ভাই-ভনীসকল, নমস্কাৰ-নমস্কাৰ

মোৰ বাবে আজি খুবেই আনন্দৰ কথা যে আজি মই দেশৰ বিভিন্ন প্ৰান্তত থকা ৬০০খন জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কৃষি বিকাশ কেন্দ্ৰ আৰু দেশৰ বিভিন্ন গাঁৱত থকা ২ লাখ কমন ছাৰ্ভিচ চেণ্টাৰত সমবেত হোৱা আমাৰ কৃষক ভাই-ভনীসকল, যিসকলৰ সৈতে কথা-বতৰা পাতি পোনপটীয়াভাৱে অনুভৱ জনাৰ, তেওঁলোকৰ সৈতে পোনপটীয়াভাৱে কথা-বতৰা পতাৰ সৌভাগ্য লাভ কৰিছো।

আপোনালোকে সময় উলিয়াই আহিছে, এক ধৰণৰ উত্সৱমুখৰ পৰিবেশ এটাৰ সৃষ্টি কৰিছে, আৰু মই ইয়াৰ পৰা টেলিভিছনৰ স্কীনৰ জৰিয়তে আপোনালোকৰ হাঁহি ভৰা মুখবোৰ দেখি আছো, আপোনালোকৰ উলহ-মালহ দেখি আজিৰ দিনটো মোৰ বাবে খুবেই আনন্দৰ দিন যেন অনুভৱ হৈছে। কৃষকসকল আমাৰ জন্মদাতা, তেওঁলোকে সকলোকে খোৱাৰ যোগান ধৰে, পশুখাদ্যৰ যোগান ধৰে, সকলোবোৰ উদ্যোগক কেঁচা সামগ্ৰীৰ যোগান ধৰে, দেশৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ সম্পূৰ্ণ কৃতিত্ব কৃষক ভাই-ভনীসকললৈকে যায়।

ভাৰতক খাদ্য সামগ্ৰী উত্পাদনৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰশীল কৰাৰ বাবে আমাৰ কৃষক ভাই-ভনীসকলে তেজক পানী কৰি শ্ৰম কৰি আহিছে যদিও সময়ৰ সৈতে আগবাঢ়ি যাওতে তেওঁলোকৰ নিজৰ বিকাশ যেন বাধাগ্ৰস্ত হবলৈ ধৰিছে। আৰম্ভণিতেই দেশৰ কৃষকসকলক তেওঁলোকৰ ভাগ্যৰ ওচৰত সমৰ্পিত কৰি দিয়া হল। সকলো ধৰণৰ চিন্তা-চৰ্চাক সলনি কৰিবলৈ এক নিৰন্তৰ প্ৰয়াসৰ প্ৰয়োজন আছিল, এক বৈজ্ঞানিক প্ৰয়াসৰ প্ৰয়োজন আছিল। প্ৰগতিশীল কৃষকসকলক উলিয়াই আনি যুগৰ পৰিৱৰ্তন অনুসাৰে তেওঁলোকক সলনি কৰাৰ বাবে এক প্ৰয়াসৰ প্ৰয়োজন আছিল, পিছে, সেই কাম কৰাৰ ক্ষেত্ৰত আমি বহু বছৰ পলম কৰি পেলালো। বিগত চাৰিটা বছৰত আমি ভূমি সুৰক্ষাৰ পৰা উত্তম মানৰ, ভাল সঁচৰ বীজ উত্পাদনলৈকে আৰু কৃষকৰ মাজত এইবোৰ উপলব্ধ কৰোৱা, বিজুলী পানীৰ যোগানৰ পৰা বজাৰৰ ব্যৱস্থা উপলব্ধ কৰোৱালৈকে এক সন্তুলিত আৰু পৰিকল্পিত আঁচনিৰ ৰূপত সম্পাদিত কৰাৰ আন্তৰিক প্ৰয়াস কৰিছো। ২০২২ চনৰ ভিতৰত দেশৰ প্ৰতিজন কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰি হাতে-কামে লাগি গৈছো। কৃষকসকলক লগত লৈ আমি আগবাঢ়ি যাব লাগিব। চৰকাৰৰ পুৰণি নীতি সলনি কৰি আগবাঢ়িব লাগিব। জটিলতা আঁতৰাই আগবাঢ়ি যাব লাগিব। বাধা আঁতৰাই আমি আগবাঢ়িব লাগিব।

আমি যেতিয়া কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ কথা কৈছিলো, তেতিয়া বহুতেই এই কথা হাঁহি উৰুৱাই দিব খুজিছিল। এয়াতো কেতিয়াও সম্ভৱ নহয়, এয়া অসম্ভৱ কথা, এই কথা কেনেকৈ সম্ভৱ হব পাৰে। আমি সিদ্ধান্ত লৈ পেলাইছিলো। দেশৰ কৃষকসকলৰ ওপৰত মোৰ ভৰসা আছিল। যদি আমাৰ দেশৰ কৃষক সমাজৰ আগত কোনো লক্ষ্য দাঙি ধৰা হয়, প্ৰয়োজনীয় বাতাবৰণ তৈয়াৰ কৰা হয়, পৰিৱৰ্তন অনা যায়, তেন্তে মোৰ দেশৰ কৃষক সমাজে ৰিস্ক লবলৈ সাজু হবই, তেওঁলোকে পৰিশ্ৰম কৰিবলৈ সাজু হবই আৰু অতীতত তেওঁলোকে এনে নিদৰ্শন দাঙি ধৰিছেই।

আমি এয়া পূৰ কৰাৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ কৰি এই দিশত আপোনালোক সকলো কৃষকক লগত লৈ আগবাঢ়ি যোৱাৰ বাবে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছো। এই কাম বাস্তৱায়িত কৰাৰ বাবে চাৰিটা কথাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰথম- কৃষকসকলৰ প্ৰয়োজন হোৱা প্ৰস্তুতি ব্যয়, কেঁচামালৰ ব্যয় যথাসাধ্য সংকোচিত কৰা, দ্বিতীয়- তেওঁলোকৰ উত্পাদিত সামগ্ৰীৰ উচিত মূল্য প্ৰদানৰ ব্যৱস্থা কৰা, তৃতীয়- কৃষকসকলে উত্পাদন কৰা সা-সামগ্ৰীৰ অনিষ্ট হোৱাত বাধা দিয়া আৰু চতুৰ্থতে কৃষকৰ অতিৰিক্ত আয় সম্ভৱ কৰাৰ বাবে বিকল্প ক্ষেত্ৰৰ সন্ধান কৰা।

দেশৰ কৃষকসকলে যাতে উত্পাদিত ফচলৰ উচিত দাম লাভ কৰে সেই কথা নিশ্চিত কৰাৰ বাবে এইবাৰৰ বাজেটত চৰকাৰে এটা বহুত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সিদ্ধান্ত মৰ্মে চৰকাৰে অধিসূচিত ফচলৰ বাবে কৃষকসকলে কৰা ব্যয়ৰ অন্ততঃ ডেৰ গুণ হাৰত এম.এছ.পি. দিছিল। ইয়াত বহুবোৰ দিশ সামৰি লোৱা হৈছে। এম.এছ.পি. নিৰ্ধাৰণ কৰিবলৈ যাওতে অতিৰিক্ত শ্ৰমিকৰ শ্ৰম মূল্য, যন্ত্ৰপাতিত হোৱা খা-খৰচ, বীজ আৰু সাৰ-পানীত হোৱা খৰচৰ লগতে ৰাজ্য চৰকাৰে প্ৰদান কৰা আৰ্থিক সাহায্য, বেংকিং কেপিটেলৰ সুদ, লীজত লোৱা মাটিৰ বাবদ আদায় দিবলগীয়া ভাৰা আদিত হোৱা ব্যয়ৰ কথাও বিবেচনা কৰা হৈছে।

কৃষি শিতানত চৰকাৰে বাজেটত এক নিশ্চিত পুঁজি আবণ্টিত কৰে। আগৰখন চৰকাৰে কৃষি শিতানত এক লাখ ২১ হাজাৰ কোটি টকা আবণ্টন দিছিল যদিও ২০১৪-২০১৯ৰ সময়ছোৱাৰ বাবে আমি এই পুঁজি ২ লাখ ১২ হাজাৰ কোটিটকালৈ বৃদ্ধি কৰিছো। অৰ্থাত্ কৃষি শিতানত পুঁজিৰ পৰিমাণ প্ৰায় দুগুণলৈ বৃদ্ধি কৰা হৈছে। এই কথাই কৃষকৰ প্ৰতি থকা আমাৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰকাশ কৰিছে বুলি কব লাগিব।

আজিৰ তাৰিখত দেশত কেৱল শস্যৰ উত্পাদনেই নহয়, বৰং ফল-মূল, শাক-পাচলি আৰু গাখীৰো অভিলেখ পৰিমাণে উত্পন্ন হৈছে। আমাৰ কৃষক ভাইসকলে বিগত ৭০ বছৰৰ অভিলেখ ভংগ কৰি আন এক নতুন অভিলেখ ৰচনা কৰিছে। বিগত ৪৮টা মাহত কৃষিক্ষেত্ৰৰ অভূতপূৰ্ব বিকাশ সাধন হৈছে। ২০১৭-১৮ বৰ্ষত খাদ্যদ্ৰৱ্যৰ উত্পাদন প্ৰায় ২৮০ নিযুত টনৰো অধিক হৈছে, ইয়াৰ বিপৰীতে ২০১০ৰ পৰা ২০১৪ চনৰ মাজৰ সময়ছোৱাত এই পৰিমাণ গড়ে আঢ়ৈশ নিযুত টনৰ ওচৰে-পাজৰে আছিল। সেইদৰে দাইলৰ উত্পাদনৰ হাৰ ১০.৫ শতাংশ আৰু উদ্যান শস্যৰ উত্পাদনৰ হাৰ ১৫ শতাংশ বৃদ্ধি পাইছে।

Blue Revolution অৰ্থাত্ নীল বিপ্লৱৰ অন্তৰ্গত মীন পালনৰ ক্ষেত্ৰত ২৬ শতাংশ বৃদ্ধি হোৱাৰ বিপৰীতে পশুপালন আৰু দুগ্ধ উত্পাদন ক্ষেত্ৰত প্ৰায় ২৪ শতাংশ বৃদ্ধি হৈছে। কৃষকসকলক কৃষিকৰ্মৰ সকলো পৰ্যায়তে যথোচিত সহযোগিতা আগবঢ়োৱাৰ বাবে আমাৰ প্ৰয়াস সদায়ে অব্যাহত আছে। অৰ্থাত্ শস্য সিঁচা বা ৰোৱাৰ আগৰ পৰ্যায় কিম্বা ফচল চপোৱাৰ পিচৰ পৰ্যায় পৰ্যন্ত। চিধাচিধিকৈ কবলৈ গলে ফচল তৈয়াৰ হোৱাৰ আগৰ পৰা বজাৰত সেই ফচল বিক্ৰী হোৱালৈ, বীজৰ পৰা বজাৰ পৰ্যন্ত চৰকাৰে কেনেকৈ সহযোগিতা আগবঢ়াব পাৰে সেই সংক্ৰান্তত খুটি-নাতি মাৰি আঁচনি যুগুতাই ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে।

কৃষকসকলৰ কল্যাণ সাধনৰ লক্ষ্যৰে এক সম্পূৰ্ণ কাৰ্যক্ৰম ৰূপায়ণৰ দিহা কৰা হৈছে। বীজ সিঁচাৰ আগতে কোন ডোখৰ মাটিতনো কেনে ধৰণৰ বীজ সিঁচিব লাগে, অথবা কঠিয়া ৰুব লাগে সেই কথা খেতিয়কসকলে যাতে জানিব পাৰে, তাৰ বাবে Soil Health Cardৰ শুভাৰম্ভ কৰা হৈছে। কোন ডোখৰ মাটিত কি খেতিকৰা খেতিয়কসকলে জনাৰ পিচত উত্তম মানৰ যদি বীজৰ যোগান লাভ কৰে আৰু যদি আনুষংগিক কাম-কাজৰ বাবে প্ৰয়োজন হোৱা খৰচৰ সমস্যা নোহোৱা হয় তেন্তে আৰু কি লাগিছে। তাকে কৰাৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ডৰ পৰিসৰ বৃদ্ধি কৰা হৈছে।

আগতে সাৰৰ বাবে খেতিয়কসকলে দীঘলীয়া শাৰীত গৈ থিয় দিব লগা হৈছিল। কিন্তু এতিয়া ইউৰিয়া অথবা অন্যান্য সাৰ আদি অতি সহজেই লাভ কৰিব পৰা হৈছে, ক’লা বজাৰৰ পৰা কিনিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হবলগীয়া হোৱা নাই। কৃষকৰ বাবে এতিয়া ১০০ শতাংশ নিম কোটিংযুক্ত ইউৰিয়া সমগ্ৰ দেশতে উপলব্ধ কৰোৱা হৈছে।

কঠিয়া ৰোৱাৰ পিছত জলসিঞ্চনৰ প্ৰয়োজন হয়। প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন পৰিযোজনাৰ অধীনত আজি দেশজুৰি প্ৰায় ১০০ জলসিঞ্চন প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰি তোলা হৈছে। প্ৰতিখন পথাৰলৈ যাতে পানীৰ প্ৰবহন হয় সেই লক্ষ্যৰে কৰ্মসূচী ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে। উত্পাদিত ফচলৰ অনিষ্ট সাধনৰ বাবে কৃষক যাতে সংকটৰ সন্মুখীন হবলগীয়া নহয় সেই কথা নিশ্চিত কৰিবলৈকে আজি ফচল বীমা যোজনা ৰূপায়ণৰ দিহা কৰা হৈছে। উত্পাদিত ফচলৰ উচিত দাম পোৱাটো নিশ্চিত কৰিবলৈকে Online Platform ‘ই-নাম’ ব্যৱস্থাৰ সূচনা কৰা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হল এতিয়া মধ্যভোগীয়ে কৃষকৰ লাভ হজম কৰিব নোৱাৰে, চান কাঢ়িব নোৱাৰে, কাটিং কৰিব নোৱাৰে। এই আঁচনিসমূহৰ পৰা আমাৰ কৃষক ভাই-ভনীসকলনো কেনেদৰে উপকৃত হৈছে, তেওঁলোকৰ জীৱনলৈনো কি পৰিৱৰ্তন আহিছে চাওঁ আহকচোন। আৰু তেওঁলোকৰ মুখৰ পৰাই শুনো আহকচোন তেওঁলোকৰ অনুভৱ। ইয়াৰ ফলত দেশৰ কৃষকসকলেও ইজনে-সিজনৰ কথা শুনাৰ অভিজ্ঞতা আদান-প্ৰদানৰ এক অৱকাশ লাভ কৰিব পাৰে।

প্ৰিয় ভাই-ভনীসকল, আজি যিসকলে এই অনুষ্ঠান চাই আছে তেওঁলোকে চাগৈ আমাৰ কৃষকসকলকলৈ গৰ্ব অনুভৱ কৰিব। তেওঁলোকৰ পৰিশ্ৰম, তেওঁলোকৰ প্ৰগতি আৰু প্ৰয়োগৰ গৌৰৱগাঁথাই সকলোকে নিশ্চয় আহ্লাদিত কৰিব। মই এটা কথাত নিশ্চিত যে যেতিয়া দেশৰ প্ৰতিখন গাঁৱৰ, প্ৰতিগৰাকী কৃষকৰ উন্নতি হব তেতিয়া সমগ্ৰ ভাৰতৰে সমৃদ্ধি সম্ভৱ হব। যেতিয়া আমাৰ কৃষকসকল শক্তিৱন্ত হব, তেতিয়াই দেশ শক্তিৱন্ত হব।

মোৰ কৃষক ভাই-ভনীসকল, মই প্ৰায়েই এই প্ৰযুক্তিৰ মাধ্যমেৰে দেশৰ বিভিন্ন ক্ষেত্ৰৰ ৰাইজৰ সৈতে কথা-বতৰা পাতো। আপোনালোকৰ কথা কেৱল ময়েই নহয়, বৰং সমগ্ৰ হিন্দুস্তানেই শুনি আছে, প্ৰতিগৰাকী কৃষকে শুনি আছে, আপোনালোকৰ পৰা তেওঁলোকে শিকিও আছে। চৰকাৰৰ বিষয়ববীয়াইও শুনি আছে। আপোনালোকৰ কথা তেওঁলোকে পঞ্জীভুক্ত কৰি আছে। আপোনালোকে কৰা প্ৰয়োগসমূহৰ বিষয়ে তেওঁলোকেও চৰ্চা কৰিব। এনেবোৰ কথা আগলৈও প্ৰয়োগ কৰাৰ বাবে প্ৰয়াস কৰিব। আৰু মোৰ এই পৰিক্ৰমা অব্যাহত থাকিব, কিয়নো মোৰ বাবে এনে কাৰ্যক্ৰম এক বিশ্ববিদ্যালয়স্বৰূপ হৈ উঠিছে। যিয়ে প্ৰতি সপ্তাহে কবা নহয় কিবা শিকাইছে। ই দেশবাসীৰ পৰা শিকাৰ অৱকাশ দিয়ে। হিন্দুস্তানৰ দূৰ-দূৰণিৰ ৰাইজক লগ পোৱাৰ সুযোগ দান কৰে। প্ৰযুক্তিৰ দ্বাৰা মই আপোনালোকৰ পৰা বহু কথা শিকিব পাৰিছো, বুজিব পাৰিছো, আৰু দেশৰ ভিন্ন প্ৰান্তত কি কি ঘটি আছে, সেইবোৰ কথাৰ পোনপটীয়া তথ্য লাভ কৰিছো।

যি কি নহওক, অহা বুধবাৰেও মই আপোনালোককলগ পাম। অহা বুধবাৰ অৰ্থাত্ ২৭ জুন তাৰিখে। সেইদিনা মই আমাৰ দুখীয়া, নিম্ন মধ্যবিত্ত, মধ্যবিত্ত, কৃষক ভাই-ভনী, আমাৰ কাৰিকৰ ভাই-ভনীসকল, আমাৰ সুৰক্ষা বীমা যোজনাৰ কৰ্মীসকলৰ সৈতে কথা-বতৰা পাতিম। সুৰক্ষাৰ যোজনাৰ পৰানো তেওঁলোকৰ কি লাভ হৈছে সেই কথাৰ উমান লম। কিয়নো এই আঁচনিখন ব্যাপক পৰিসৰত ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনালোক সকলোৱে এই আঁচনিখন আদৰি লৈছে। আপোনালোকেও চাগৈ আঁচনিখনৰ সুযোগ গ্ৰহণ কৰিছে। আজি মই আনন্দিত যে মই আজি দেশৰ সকলো কৃষকৰ দৰ্শন লাভ কৰিলো, তেওঁলোকৰ আশীৰ্বাদ পোৱাৰ সুযোগ পালো, তেওঁলোকৰ পৰিশ্ৰমৰ কাহিনী শুনিলো, তেওঁলোকৰ একাত্মতা, তেওঁলোকৰ তপস্যাই দেশক কেনেকৈ সমৃদ্ধিৰ উচ্চ শিখৰলৈ উঠাই নিছে তাৰ ইংগিত পালো।

মই পুনৰবাৰ মোৰ কৃষক ভাই-ভনীসকলক প্ৰণিপাত জনালো। আপোনালোকে সময় উলিয়াই মোক বহুত কথা কলেহি তাৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছো। ধন্যবাদ।

*****