Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দেশৰ প্রতিৰক্ষা আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে প্রয়োজনীয় নিশ্চিত পূঁজি গঠন কৰিবলৈ পঞ্চদশ বিত্তীয় আয়োগৰ টাৰ্মছ অৱ ৰেফাৰেন্সৰ সংশোধনী প্ৰস্তাৱত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰতৰ প্রতিৰক্ষা আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে প্রয়োজনীয় নিশ্চিত পূঁজি গঠন কৰিবলৈ পঞ্চদশ বিত্তীয় আয়োগৰ টাৰ্মছ অৱ ৰেফাৰেন্সৰ সংশোধনী প্ৰস্তাৱত অনুমোদন জনাইছে৷

২০১৭ৰ ২৭ নৱেম্বৰত ৰাষ্ট্ৰপতিয়ে পঞ্চদশ বিত্তীয় আয়োগ গঠন কৰে৷ ১৯৫১ চনৰ সংবিধান আৰু বিত্তীয় আয়োগ (বিভিন্ন ক্ষেত্ৰ) আইনৰ ২৮০ ধাৰাৰ ১নং উপধাৰাৰ ভিত্তিত এই আয়োগ গঠন কৰা হয়৷ ২০২০ৰ ১ এপ্ৰিলৰ এপ্রিলৰ পৰা ৫ বছৰলৈ পঞ্চদশ বিত্তীয় আয়োগ কার্যকৰী হ’ব৷ এই সময়ছোৱাৰ ভিতৰতে পঞ্চদশ বিত্তীয় আয়োগে বিভিন্ন বিষয়ত পৰামৰ্শ আগবঢ়াব৷
আয়োগৰ পৰামৰ্শৰ ভিত্তিত প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে প্ৰয়োজনীয় ধন আবণ্টন দিয়া হৈছে৷

পঞ্চদশ বিত্তীয় আয়োগৰ এই সংশোধনী অনুসৰি প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰয়োজন সাপেক্ষে অতিৰিক্ত ধন আবণ্টনৰ বাবে কিদৰে সেই পুঁজি সংগ্ৰহ কৰা হ’ব, তাৰো ব্যৱস্থা আছে৷

*****

AKT/PK/SH/DB