পি এম ইণ্ডিয়া
শ্ৰীলংকাৰ মহামন্ত্ৰী প্ৰধানমন্ত্ৰী হাৰিণী অমৰাসুৰিয়া জী, অষ্ট্ৰেলিয়াৰ মহামহিম প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰ বন্ধু টনি এবোট জী, ব্ৰিটেইনৰ মহামহিম প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনাক জী, বিশিষ্ট অতিথিসকল, ভদ্ৰলোকগণ আৰু ভদ্ৰমহিলাসকল, নমস্কাৰ!
এয়া উৎসৱৰ সময়। সকলোকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এই উৎসাহৰ পৰিৱেশত এনডিটিভি বিশ্ব সন্মিলন অনুষ্ঠিত হৈছে আৰু এই সন্মিলনৰ বাবে আপোনালোকে এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু বাছি লৈছে: অনবদ্য ভাৰত। সঁচাকৈয়ে ভাৰত আজি ৰৈ যোৱাৰ কোনো ভাবনাৰে চালিত হোৱা নাই। আমি ৰৈ নাথাকো, থমকি ন’ৰও । আমি ১৪০ কোটি দেশবাসীয়ে একেলগে দ্ৰুতগতিত আগবাঢ়িম।
বন্ধুসকল,
আজি যেতিয়া বিশ্বই উল্লেখযোগ্য পথ অৱৰুদ্ধ কৰা পৰিস্থিতিৰ মুখামুখি হৈছে আৰু গতিৰোধকৰ সন্মুখীন হৈছে, তেতিয়া অপ্ৰতিৰোধ্য ভাৰতৰ বিষয়ে আলোচনা একেবাৰে স্বাভাৱিক কথা। এঘাৰ বছৰৰ আগৰ পৰিস্থিতি আৰু বৰ্তমানৰ পৰিস্থিতিৰ কথা এই প্ৰেক্ষাপটত ৰাখিবলৈ চেষ্টা কৰিছো। আপোনালোকৰ মনত আছে, ২০১৪ চনৰ আগতে এনে সন্মিলনত কি কি বিষয়ত আলোচনা হৈছিল।আগতে বিষয়ৰ শিৰোনাম কি আছিল, ৰাজপথ আৰু চুবুৰীত আয়োজিত সন্মিলনত কেনে বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল, এই সকলোবোৰ নিশ্চয় মনত ৰাখিছে, এনে পৰিস্থিতিত আপুনি লক্ষ্য কৰিব, আলোচনা আছিল আগতে ভাৰতে বিশ্বব্যাপী প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব কেনেকৈ? ভংগুৰ পাঁচখনৰ পৰা ভাৰত কেনেকৈ ওলাই আহিব? ভাৰত কিমান দিন নীতিগত পক্ষাঘাতত আক্ৰান্ত হৈ থাকিব? ভাৰতৰ বৃহৎ কেলেংকাৰী কেতিয়া বন্ধ হ’ব?
বন্ধুসকল,
সেই সময়ত মহিলাৰ সুৰক্ষাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল। সন্ত্ৰাসবাদীৰ শ্লিপাৰ ছেলবোৰ কেনেকৈ নিয়ন্ত্ৰণৰ বাহিৰত আছিল সেই সম্পৰ্কে প্ৰকাশ পাইছিল। “মহংগায়ে ডায়ন খায়ে জাত হেয়” (“মুদ্ৰাস্ফীতিৰ ডাইনীয়ে খাই পেলায়”) আদি গীতৰ প্ৰচলন আছিল। এতিয়া আপোনাৰ হাতত ২০১৪ চনৰ আগতে কি হৈছিল তাৰ এখন স্পষ্ট ছবি আছে।তেতিয়া দেশৰ জনসাধাৰণে আৰু বিশ্বই বিশ্বাস কৰিছিল যে ইমানবোৰ সংকটৰ মাজত থাকি ভাৰতে কেতিয়াও সেইবোৰৰ পৰা ওলাই আহিব নোৱাৰিব। কিন্তু যোৱা এঘাৰ বছৰত ভাৰতে তেনে প্ৰতিটো আশংকা দূৰ কৰিছে। প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰিছে। আজি ভাৰত ভংগুৰ পাঁচৰ পৰা ওলাই আহি শীৰ্ষ পাঁচখন অৰ্থনীতিৰ ভিতৰত অন্যতম হৈ পৰিছে । আজি মুদ্ৰাস্ফীতি ২ শতাংশৰ তলত আৰু বৃদ্ধিৰ হাৰ ৭ শতাংশতকৈও অধিক হৈছে। আজি চিপৰ পৰা জাহাজ(শ্বিপ)লৈকে আত্মনিৰ্ভৰশীল ভাৰত আত্মবিশ্বাসেৰে ভৰা ভাৰত হৈ পৰিছে । এতিয়া সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতো ভাৰত মৌন হৈ নাথাকে, ভাৰতে ছাৰ্জিকেল ষ্ট্ৰাইক চলায় , বিমান আক্ৰমণ আৰু অপাৰেচন সিন্দূৰ গ্ৰহণ কৰি উপযুক্ত উত্তৰ দিয়ে।
বন্ধুসকল,
কোভিডৰ সময়ৰ কথা ভাবি চাওক, যেতিয়া পৃথিৱীখন জীৱন-মৃত্যুৰ ছাঁত জীয়াই আছিল। যেতিয়া বিশ্বই ভাবিছিল যে ইমান বৃহৎ জনসংখ্যা থকা এখন দেশ ইমান বৃহৎ সংকটৰ পৰা কেনেকৈ বাচি যাব আৰু মানুহে অনুভৱ কৰিছিল যে ভাৰতৰ বাবেই পৃথিৱীখন ডুব যাব। বিভিন্ন জল্পনা-কল্পনা চলি আছিল। কিন্তু ভাৰতে প্ৰতিটো জল্পনা-কল্পনা ভুল প্ৰমাণ কৰিলে। আমি প্ৰতিশোধ ল’লোঁ; আমি দ্ৰুতগতিত নিজৰ ভেকচিন প্ৰস্তুত কৰিলোঁ। আমি অভিলেখ সময়ত ভেকচিন প্ৰদান কৰিলোঁ আৰু ইমান ডাঙৰ সংকটৰ পৰা ওলাই অহাৰ পিছত আমি হৈ পৰিলোঁ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি।
বন্ধুসকল,
কৰ’নাৰ প্ৰভাৱ তেতিয়াও শেষ হোৱা নাছিল, যেতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘাতৰ সৃষ্টি হ’বলৈ ধৰিছিল । যুদ্ধৰ খবৰে শিৰোনাম দখল কৰিবলৈ ধৰিছিল। তেতিয়া আকৌ এবাৰ প্ৰশ্ন উত্থাপন হ’ল যে ভাৰতৰ বিকাশৰ কি হ’ব । কিন্তু এনে সংকটৰ সময়তো ভাৰতে আকৌ এবাৰ সকলো জল্পনা-কল্পনা ভুল বুলি প্ৰমাণ কৰিলে। ভাৰতে দ্ৰুততম বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতি হিচাবে অগ্ৰগতি অব্যাহত ৰাখিলে । যোৱা তিনি বছৰত ভাৰতৰ গড় বৃদ্ধি হৈছে ৭.৮ শতাংশ। এয়া অভূতপূৰ্ব আৰু অপ্ৰত্যাশিত। মাত্ৰ দুদিন আগতে ব্যৱসায়িক সামগ্ৰী ৰপ্তানিৰ পৰিসংখ্যা ওলাইছিল; যোৱা বছৰৰ তুলনাত ভাৰতৰ ব্যৱসায়িক সামগ্ৰীৰ ৰপ্তানি প্ৰায় ৭ শতাংশ বৃদ্ধি পাইছে। যোৱা বছৰ ভাৰতে প্ৰায় ৪.৫ লাখ কোটি টকাৰ কৃষি সামগ্ৰী ৰপ্তানি কৰা হৈছিল । বহু দেশৰ অস্থিৰ ৰেটিঙৰ মাজতে এছ এণ্ড পিয়ে ১৭ বছৰৰ পাছত ভাৰতৰ ক্ৰেডিট ৰেটিং উন্নীত কৰিছে। ভাৰতৰ বৃদ্ধিৰ ক্ষেত্ৰতো আই এম এফে উৰ্ধমুখী গতিৰ বিষয়ে হাৰৰ সংশোধন কৰিছে। মাত্ৰ কেইদিনমানৰ আগতে গুগলে ভাৰতৰ এ আই ক্ষেত্ৰত ১৫ বিলিয়ন ডলাৰৰ বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰিছিল। আজি সেউজ শক্তিৰ অৰ্ধপৰিবাহীৰ ক্ষেত্ৰতো বৃহৎ বিনিয়োগ কৰা হৈছে।
বন্ধুসকল,
আজি ভাৰতৰ বৃদ্ধিয়ে বিশ্বব্যাপী সুযোগক গঢ় দিছে আৰু মই এই কথা কৈছোঁ অতি দায়িত্বশীলতাৰে। শেহতীয়াকৈ স্বাক্ষৰিত ই এফ টি এ বাণিজ্য চুক্তি ইয়াৰ এক ডাঙৰ উদাহৰণ। ইউৰোপৰ দেশসমূহে ভাৰতত ১০০ বিলিয়ন ডলাৰ বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ ফলত ভাৰতত বৃহৎ সংখ্যক চাকৰিৰ সৃষ্টি হ’ব। মাত্ৰ কেইদিনমানৰ আগতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আৰু মোৰ বন্ধু ষ্টাৰমাৰে তেওঁৰ সৰ্ববৃহৎ ব্যৱসায়িক প্ৰতিনিধি দলৰ সৈতে ভাৰত ভ্ৰমণ কৰিছিল, যিয়ে দেখুৱাইছে যে ভাৰতে নিজৰ বাবে ৰখা বিশাল সুযোগসমূহৰ প্ৰতি বিশ্বই অতি আশাৰে লক্ষ্য কৰি আছে। আজি জি-৭ দেশসমূহৰ সৈতে আমাৰ বাণিজ্য ৬০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। আজি সমগ্ৰ বিশ্বই ভাৰতক এক নিৰ্ভৰযোগ্য, দায়িত্বশীল আৰু স্থিতিস্থাপক অংশীদাৰ হিচাপে গণ্য কৰিছে। ইলেক্ট্ৰ’নিকছৰ পৰা ফাৰ্মালৈকে, অটোম’বাইলৰ পৰা মোবাইল মেনুফেকচাৰিঙলৈকে ভাৰতত বিনিয়োগৰ জোৱাৰ উঠিছে । এই বিনিয়োগে ভাৰতক বিশ্বৰ যোগান শৃংখলৰ স্নায়ু কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিছে।
বন্ধুসকল,
এই শীৰ্ষ সন্মিলনত আপোনালোকে অজ্ঞাতৰ প্ৰান্ত বিষয়টোকলৈ আলোচনা কৰিছে। বিশ্বৰ বাবে এজ অৱ দ্য আনন’ন এটা অনিশ্চিত কথা হ’ব পাৰে, কিন্তু ভাৰতৰ বাবে ই সুযোগৰ দুৱাৰমুখ। যুগ যুগ ধৰি ভাৰতে অচিনাকি পথত ভৰি দিয়াৰ সাহস দেখুৱাই আহিছে। আমাৰ সন্ত, আমাৰ বিজ্ঞানী, আমাৰ নাৱিকসকলে সদায় দেখুৱাই আহিছে যে “প্ৰথম পদক্ষেপ” হৈছে পৰিৱৰ্তনৰ আৰম্ভণি। প্ৰযুক্তিয়েই হওক, কৰ’না ভেকচিনৰ প্ৰয়োজনীয়তাই হওক, দক্ষ জনশক্তিয়েই হওক, ফিনটেকেই হওক বা সেউজ শক্তি খণ্ডই হওক, আমি প্ৰতিটো বিপদক সংস্কাৰলৈ, প্ৰতিটো সংস্কাৰক স্থিতিস্থাপকতালৈ আৰু প্ৰতিটো স্থিতিস্থাপকতাক বিপ্লৱলৈ ৰূপান্তৰিত কৰিছো। শেহতীয়াকৈ আই এম এফৰ মুৰব্বীগৰাকীয়ে কৈছে যে ভাৰতত সংস্কাৰৰ সাহস দেখি তেওঁ অতিশয় উৎসাহিত হৈছে। তেওঁ এটা উদাহৰণো দিলে আৰু আপোনালোকে হয়তো জানে যে ভাৰতত এসময়ত সংস্কাৰ ঘটিছিল। এটা পৰিৱেশ তন্ত্ৰই নিজৰ গীতবোৰকে গাই থাকে। আমাৰ বন্ধুসকলে তাত হাঁহিছে, কিন্তু সেয়া বাধ্যবাধকতাৰ বাবেই হৈছিল আৰু সেই বাধ্যবাধকতাও আই এম এফৰ পৰা আহিছিল। আজি প্ৰত্যয়ৰ বাবেই সংস্কাৰ ঘটিছে আৰু একেটা আই এম এফে কৈছে যে সংস্কাৰৰ ক্ষেত্ৰত ভাৰতৰ সাহস লক্ষ্যণীয় । আই এম এফৰ মুৰব্বীগৰাকীয়ে এটা উদাহৰণো দিলে যে সকলোৱে কৈ আছিল যে বিশাল পৰ্যায়ত ডিজিটেল পৰিচয় প্ৰদান কৰাটো সম্ভৱ নহয়। কিন্তু ভাৰতে সকলো কথা ভুল প্ৰমাণ কৰিলে। আজি ফিনটেকৰ জগতত বিশ্বৰ ৰিয়েল টাইম ডিজিটেল লেনদেনৰ পঞ্চাশ শতাংশ ভাৰতত সংঘটিত হয়, ৫০ শতাংশ! ভাৰতৰ ইউ পি আইয়ে বিশ্বব্যাপী ডিজিটেল পেমেণ্ট ব্যৱস্থাত আধিপত্য বিস্তাৰ কৰিছে। অৰ্থাৎ প্ৰতিটো ভৱিষ্যদ্বাণী, প্ৰতিটো মূল্যায়ন অতিক্ৰম কৰাটো আজি ভাৰতৰ স্বভাৱ হৈ পৰিছে। মই “প্ৰকৃতি” শব্দটো ব্যৱহাৰ কৰা নাছিলো, মই ক’লো “স্বভাৱ” আৰু যিহেতু ইয়াত মোদী আছে, সেয়েহে তেওঁ স্বভাৱৰ কথা কৈছে। আৰু সেইবাবেই ভাৰত অপ্ৰতিৰোধ্য ।
বন্ধুসকল,
দেশৰ সাফল্যৰ প্ৰকৃত শক্তি দেশৰ জনসাধাৰণৰ পৰাই আহে আৰু চৰকাৰৰ ফালৰ পৰা মানুহৰ জীৱনত কোনো ধৰণৰ হেঁচা বা হস্তক্ষেপ নাথাকিলেহে দেশৰ জনসাধাৰণে নিজৰ সামৰ্থ্য সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হয়। য’ত বেছি চৰকাৰীকৰণ হ’ব তাত গতিৰোধ বেছি হ’ব আৰু য’ত গণতন্ত্ৰ অধিক হ’ব তাত গতি বেছি হ’ব। দুৰ্ভাগ্যজনকভাৱে ৬০ বছৰ ধৰি দেশত শাসন কৰা কংগ্ৰেছ দলে সদায় নীতি আৰু প্ৰক্ৰিয়াক চৰকাৰীকৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল। যোৱা ১১ বছৰত আমি নীতি আৰু প্ৰক্ৰিয়াৰ গণতান্ত্ৰিককৰণৰ দিশত কাম কৰিছো। অপ্ৰতিৰোধ্য ভাৰতৰ আঁৰৰ এয়াও এটা ডাঙৰ কাৰণ। বেংকিঙৰ উদাহৰণ লওক। ১৯৬০ৰ দশকত ইন্দিৰা গান্ধীয়ে বেংক ৰাষ্ট্ৰীয়কৰণৰ আঁৰৰ কাৰণ কি আছিল? কোৱা হৈছিল যে দেশৰ দৰিদ্ৰ, কৃষক, শ্ৰমিক, অৰ্থাৎ দেশৰ সাধাৰণ জনতাক বেংকৰ সুবিধা প্ৰদানৰ বাবেই এই ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। এয়াই আছিল তেওঁলোকে দিয়া যুক্তি। আনহাতে বাস্তৱত কংগ্ৰেছে কি কৰিলে, চৰকাৰে কি কৰিলে? দেশৰ মানুহৰ পৰা বেংকবোৰ বহু বেছি দূৰত্বত আছিল; দূৰত্ব বৃদ্ধিহে কৰা হ’ল। দুখীয়াই বেংকৰ দুৱাৰমুখলৈও যাবলৈ ভয় কৰিছিল। ২০১৪ চনত যেতিয়া আমাৰ চৰকাৰ গঠন হৈছিল তেতিয়া দেশৰ আধাতকৈ অধিক জনসংখ্যাৰ বেংক একাউণ্টো নাছিল। এয়া কেৱল বেংক একাউণ্ট নথকাৰ সমস্যা নাছিল। ইয়াৰ অৰ্থ আছিল যে দেশৰ জনসাধাৰণৰ এক বৃহৎ অংশ বেংকিঙৰ সুবিধাৰ পৰা বঞ্চিত হৈছিল। বজাৰত উচ্চ সুতৰ হাৰত প্ৰয়োজন সাপেক্ষে ঘৰ-মাটি বন্ধকত ৰাখিবলৈ বাধ্য হৈছিল।
বন্ধুসকল,
এই চৰকাৰী নিয়ন্ত্ৰিত ব্যৱস্থাৰ পৰা দেশক মুক্ত কৰাটো অতি প্ৰয়োজনীয় আছিল আৰু আমি সেই কাম সম্পন্ন কৰিছো। আমি বেংকিং খণ্ডক গণতান্ত্ৰিক কৰি সংস্কাৰ সাধিছো। আমি মিছন মোডত ৫০ কোটিতকৈও অধিক জন ধন একাউণ্ট খুলিলোঁ, অৰ্থাৎ সমগ্ৰ বিশ্বতে খোলা সকলো একাউণ্ট এফালে আৰু কেৱল ভাৰতৰ মুঠ একাউণ্ট আনফালে, ইমানবোৰ কাম কৰা হ’ল। আজি দেশৰ প্ৰতিখন গাঁৱতে কিবা নহয় কিবা এটা বেংকিং টাচপইণ্ট আছেই । ডিজিটেল লেনদেনে ভাৰতক বিশ্বৰ ভিতৰতে আৰ্থিকভাৱে উন্নত দেশসমূহৰ ভিতৰত অন্যতম কৰি তুলিছে। কংগ্ৰেছ চৰকাৰৰ শাসনে বেংকত এনপিএৰ পাহাৰ সৃষ্টি কৰিলে। বিজেপিৰ গণতান্ত্রিকৰণৰ ফলত বেংকে অভিলেখ গঢ়িলে। বিগত ১১ বছৰত মহিলা আত্মসহায়ক গোট, ক্ষুদ্ৰ কৃষক, পশুপালক, মাছমৰীয়া, ৰাজপথৰ ব্যৱসায়ী, বিশ্বকৰ্মা বন্ধু-বান্ধৱীক লাখ লাখ কোটি টকাৰ ঋণ দিয়া হৈছে, এই সকলোবোৰ দিয়া হৈছে বেংকৰ নিশ্চয়তা অবিহনেই।
বন্ধুসকল,
পেট্ৰল আৰু গেছ খণ্ডৰ উদাহৰণো দিম। ২০১৪ চনৰ আগৰ পৰিস্থিতি কি আছিল, যেতিয়া ৰাষ্ট্ৰীয়কৰণৰ ধাৰণাটোৱেই প্ৰধান আছিল? কংগ্ৰেছ চৰকাৰে পেট্ৰ’ল-ডিজেলৰ ৰাজসাহায্য বৃদ্ধিৰ পৰা হাত সাৰিবলৈ নিশা ৮ বজাৰ পৰা পুৱা ৮ বজাৰ ভিতৰত পেট্ৰ’ল পাম্প বন্ধ কৰাৰ প্ৰস্তুতি চলাইছিল বুলি শুনি আপুনি স্তম্ভিত হ’ব। মোক কওক! হে ভাই, সাত বজাতে তেল ভৰাই দিয়া! আজি কি পৰিস্থিতি? আজি পেট্ৰ’ল পাম্প ২৪ ঘণ্টাই খোলা থাকে, আৰু আমি বিকল্প ইন্ধন তথা বৈদ্যুতিক গতিশীলতাৰ ক্ষেত্ৰত অভূতপূৰ্ব মাত্ৰাত বিনিয়োগ কৰি আছো।
বন্ধুসকল,
কংগ্ৰেছৰ দিনত গেছ সংযোগ পাবলৈও সাংসদসকলৰ পৰা চিঠি লিখি আনিবলগীয়া হৈছিল। এজন সংসদ সদস্যই এবছৰত ২৫টা কুপন পাইছিল আৰু তেওঁ নিজৰ অঞ্চলৰ জনসাধাৰণক গেছ সংযোগৰ বাবে ২৫টা কুপন দিছিল। গতিকে, মানুহে তেওঁৰ ঘৰত শাৰী পাতি থিয় হৈ কৈছিল, মোক গেছৰ কুপন এটা দিয়ক, এয়াই আছিল পৰিস্থিতি। আৰু আপোনালোকে আচৰিত হ’ব, ২০১৩ চনৰ বাতৰি কাকতবোৰ উলিয়াই লওক, ২০১৪ চনত কংগ্ৰেছে মোদীৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ কৌশল ৰচনা কৰিছিল।তেতিয়া তেওঁলোকে মোক ভালদৰে চিনি নাপালে আৰু হয়তো এতিয়াও নাজানে। গতিকে, তেওঁলোকৰ আলোচনা আছিল জনসাধাৰণক কি প্ৰতিশ্ৰুতি দিব, গতিকে আলোচনা আছিল বছৰি ৬টা চিলিণ্ডাৰ দিব নে ৯টা চিলিণ্ডাৰ দিব, এই বিষয়ে আলোচনা চলি আছিল। অৰ্থাৎ ব্যৱস্থাটোত ইমানলৈকে চৰকাৰীকৰণৰ আধিপত্য আছিল। এতিয়া আমি অহাৰ পিছত কি কৰিলোঁ? এই সুবিধাৰ কথা তেওঁলোকে সপোনতো ভবা নাছিল , ১০ কোটিৰো অধিক দৰিদ্ৰ পৰিয়ালক আমি বিনামূলীয়াকৈ গেছ সংযোগ প্ৰদান কৰিছো। আগতে যেতিয়া গাঁৱলৈ গেছ চিলিণ্ডাৰ আহিছিল, তেতিয়া সাধাৰণ মানুহে ভাবিছিল যে সেয়া ধনী মানুহৰ বাবে, ডাঙৰ মানুহৰ বাবে, তেওঁলোকৰ ঘৰত গেছ থাকিব পাৰে, কিন্তু দুখীয়াৰ ঘৰত নহয়। আমি এই পৰিস্থিতি ওলোটা কৰি দিলো , গেছৰ চৌকা ১০ কোটি ঘৰত উপনীত হ’ল। এয়াই হৈছে ব্যৱস্থাটোৰ গণতান্ত্ৰিকীকৰণ, আৰু এয়াই হৈছে সংবিধানৰ প্ৰকৃত মনোভাৱ।
বন্ধুসকল,
ৰাষ্ট্ৰীয়কৰণৰ চিন্তাৰ সেই যুগত কংগ্ৰেছে আমাৰ চৰকাৰী কোম্পানী, আমাৰ পি এছ ইউত তলা লগাই শান্তিৰে শুইছিল। ডুবি গৈ আছে, তলা লগাওক, ডুবি গৈছে, তলা মাৰি দিয়ক। কংগ্ৰেছে আগতে ভাবিছিল যে আমি ইমান কষ্ট কিয়, ডুবি গৈছে যেতিয়া ডুবি যাবই, স্বাভাৱিক মৃত্যু হ’ব, পকেটৰ পৰা কি হেৰুৱাম, এয়াই আছিল চিন্তাৰ ধৰণ । আমি এই চিন্তাধাৰাও সলনি কৰিলোঁ আৰু দেখিলোঁ আজি, এল আই চিয়েই হওক, এছ বি আইয়েই হওক বা আমাৰ ডাঙৰ পি এছ ইউয়েই হওক, সকলোৱে লাভ অৰ্জনৰ নতুন অভিলেখ গঢ়িছে।
বন্ধুসকল,
চৰকাৰীকৰণতকৈ যেতিয়া চৰকাৰী নীতি গণতান্ত্ৰিকীকৰণৰ বিষয়ত ভিত্তি কৰি গঢ় লৈ উঠে তেতিয়া দেশবাসীৰ মনোবল বৃদ্ধি হয়। চৰকাৰীকৰণৰ এই চিন্তাৰে কংগ্ৰেছে কৈ থাকিল দৰিদ্ৰতা দূৰ কৰক, দৰিদ্ৰতা দূৰ কৰক, আপোনালোকে নিশ্চয় প্ৰতিটো নিৰ্বাচনত সেয়া দেখিছে, লালকিল্লাৰ পৰা এই পৰিয়ালটোৰ সকলো ভাষণ শুনিছে, যিসকলে এই পৰিয়ালটোৰ পৰা পতাকা উত্তোলন কৰিবলৈ লালকিল্লাত গৈছিল , প্ৰথমৰ পৰা শেষলৈকে কোনো নেতা নাছিল যিয়ে দৰিদ্ৰতাৰ বিষয়ত ভাষণ নিদিলে। এই সকলোবোৰ ভাষণ ইউটিউবত শুনিব পাৰিব, কিন্তু দৰিদ্ৰতা কমি যোৱা নাই। আমাৰ গণতান্ত্ৰিকীকৰণৰ পন্থাই যোৱা ১১ বছৰত ২৫ কোটি দৰিদ্ৰ লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে আৰু সেইবাবেই দেশখনে আমাক বিশ্বাস কৰে, আৰু সেইবাবেই ভাৰতক ৰুদ্ধ কৰিব নোৱাৰা হৈ পৰিছে ।
বন্ধুসকল,
আজি ভাৰতত দুখীয়া আৰু বঞ্চিত লোকৰ সেৱাৰ বাবে উৎসৰ্গিত এখন চৰকাৰ আছে। আমি পিছপৰা শ্ৰেণীক অগ্ৰাধিকাৰ দিওঁ। তেওঁলোকৰ জীৱনৰ মান উন্নত কৰাৰ বাবে আমি সম্পূৰ্ণ সংবেদনশীলতাৰে কাম কৰি আছো। প্ৰায়ে বৃহত্তৰ আলোচনাত এই বিষয়টো উপেক্ষা কৰা হয়। এটা উদাহৰণ দিওঁ। শেহতীয়াকৈ বি এছ এন এলে নিজৰ মেড ইন ইণ্ডিয়া ৪জি ষ্টেক মুকলি কৰাৰ বিষয়টোকলৈ চৰ্চা চলিছে।
বন্ধুসকল,
মই ক’ব বিচাৰিছো যে সঁচাকৈয়ে দেশৰ বাবে এয়া এক বৃহৎ সফলতা। আজি আমি গৌৰৱেৰে ক’ব পাৰো যে ভাৰত বিশ্বৰ শীৰ্ষ ৫ খন দেশৰ ভিতৰত আছে যিবোৰৰ দেশত ৪জি ষ্টেক সাজু আছে। ভাৰতে ২জি, ২জি, ২জি শুনিছে কাৰণ সকলো শিৰোনামতে সেয়া ভৰি আছে, “এয়া ২জিত হৈছিল, সেয়া ২জিত হৈছিল।” এতিয়া মই ৪ জিৰ কথা কৈছো, গতিকে কিছু সময় লাগিব, বুজাই দি ভাগৰি পৰিছো। কংগ্ৰেছে ধ্বংস কৰিবলৈ ওলোৱা চৰকাৰী কোম্পানী বিএছএনএলে এতিয়া নতুন সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।
বন্ধুসকল,
এয়া দেশৰ সফলতাৰ এটা দিশ মাথোঁ। ইয়াৰ আনটো দিশ হ’ল এই ৪জি ষ্টেক মুকলি হোৱাৰ দিনাই বিএছএনএলে প্ৰায় এক লাখ ৪জি মোবাইল টাৱাৰ আৰম্ভ কৰিছিল আৰু ইয়াৰ ফলাফল কি? ইয়াৰ ফলত দুৰ্গম অৰণ্য আৰু পাহাৰীয়া অঞ্চলত বাস কৰা লাখ লাখ লোকৰ বাবে দ্ৰুতবেগী ইণ্টাৰনেট সেৱা আহিছে, য’ত পূৰ্বে তীব্ৰবেগী ইণ্টাৰনেটৰ সুবিধা নাছিল।
বন্ধুসকল,
এতিয়া আৰু এটা আচৰিত কথা কওঁ। আমি ২ জি , ৪ জি , ৬ জি আদিৰ কথা শুনি থাকোঁ, তাৰ পিছত আমি আমাৰ চৌপাশৰ জগতখন দেখিবলৈ পাওঁ, আমি আন কিবা এটা চিন্তা কৰোঁ আৰু চিন্তা কৰাৰ পিছত, আমি নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰোঁ। আজি মই আপোনালোকৰ সন্মুখত দেশৰ এই সফলতাৰ তৃতীয় এটা দিশ দাঙি ধৰিব বিচাৰিছো আৰু এতিয়ালৈকে সংবাদ মাধ্যমে সেই কথাটোত গুৰুত্ব দিয়া নাই। বাৰু, বহুত কথা আছে, মোৰ হিচাপত তেওঁলোক বহু পিছ পৰি আছে। দুৰ্গম অঞ্চলত যেতিয়া এনে সা-সুবিধা পোৱা যায়, সেই অঞ্চলৰ মানুহৰ জীৱন কেনেকৈ সলনি হয়। আপুনি হয়তো ই-সঞ্জীৱনীৰ কথা শুনিছে। এই ই-সঞ্জীৱনীৰ উদাহৰণ দিওঁ। ধৰি লওঁক ক’ৰবাত সুদূৰ হাবিত বাস কৰা এটা পৰিয়াল আছে, যাৰ এজন সদস্য অসুস্থ হৈ পৰিছে আৰু ক’ৰবাত পাহাৰৰ ওপৰত, ক’ৰবাত হাবিত ৰোগত আক্ৰান্ত হৈ আছে। এতিয়া বেয়া বতৰৰ বাবে তেওঁলোকে নিজৰ অসুস্থ পৰিয়ালৰ সদস্যক চিকিৎসকৰ ওচৰলৈ নিব পৰা নাই। তেতিয়া তেওঁলোকে কি কৰিব? এনে পৰিস্থিতিত ই-সঞ্জীৱনী সেৱা, দ্ৰুতবেগী সংযোগৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা সেৱাই তেওঁলোকক সহায় কৰি আছে।
বন্ধুসকল,
ৰোগীয়ে নিজৰ ফোনত থকা ই-সঞ্জীৱনী এপৰ জৰিয়তে চিকিৎসকৰ সৈতে সংযোগ স্থাপন কৰি বিশেষজ্ঞ চিকিৎসকৰ সৈতে পৰামৰ্শৰ সুবিধা লাভ কৰে। এনডিটিভিৰ দৰ্শকে জানি আনন্দিত হ’ব যে এতিয়ালৈকে ৪২ কোটি লোকে ই-সঞ্জীৱনীৰ জৰিয়তে অ’পিডিৰ পৰামৰ্শ লৈছে। অৰ্থাৎ ৪ জি , ২ জি কেৱল এটা সুবিধা নহয়, ই জীৱনত এক নতুন শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু আজি যেতিয়া মই আপোনালোকৰ লগত কথা পাতিছো, ৰাতিপুৱাৰ পৰা গধূলিলৈকে দেশৰ ১ লাখৰো অধিক লোকে ই-সঞ্জীৱনীৰ জড়িয়তে সহায় লাভ কৰিছে। ১২ ঘণ্টাৰ কথা কৈছোঁ। ই-সঞ্জীৱনী কেৱল এটা সুবিধা নহয়; সংকটৰ ক্ষেত্ৰত তেওঁলোকে তাৎক্ষণিক সহায় লাভ কৰিব বুলি আশ্বাস দিয়া হৈছে। ব্যৱস্থাটোত গণতান্ত্ৰিকীকৰণ কৰাৰ আশ্চৰ্য্যকৰ উদাহৰণ এয়া!
বন্ধুসকল,
এখন সংবেদনশীল চৰকাৰ, গণতন্ত্ৰৰ প্ৰতি উৎসৰ্গিত চৰকাৰ, সংবিধানৰ প্ৰতি উৎসৰ্গিত চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰে আৰু এনে নীতি নিৰ্ধাৰণ কৰে। মানুহৰ জীৱন সহজ কৰি তোলা আৰু মানুহৰ ৰাহি বৃদ্ধি কৰাই আমাৰ গুৰুত্ব। উদাহৰণস্বৰূপে, ১ জিবি ডাটা ব্যৱহাৰৰ বাবে ৩০০ টকা খৰচ হৈছিল আৰু এতিয়া ইয়াৰ দাম ১০ টকা। অৰ্থাৎ প্ৰতি বছৰে প্ৰতিজন ভাৰতীয়ৰ পকেটত হাজাৰ হাজাৰ টকা ৰাহি হৈ আছে। আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে দৰিদ্ৰ ৰোগীয়ে ৰাহি কৰিছে ১.২৫ লাখ কোটি টকা। পি এম জন ঔষধি কেন্দ্ৰত ৮০ শতাংশ ৰেহাইত ঔষধ উপলব্ধ। ইয়াৰ বাবেই মানুহে ৰাহি কৰিছে প্ৰায় ৪০ হাজাৰ কোটি টকা। হাৰ্ট ষ্টেণ্টৰ মূল্য হ্ৰাস পোৱাৰ বাবে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীয়ে বছৰি ১২ হাজাৰ কোটি টকা ৰাহি কৰি আছে।
বন্ধুসকল,
আমি সৎ কৰদাতাক প্ৰত্যক্ষ সুবিধাও দিছো। আয়কৰেই হওক বা জি এছ টিয়েই হওক, বৃহৎ হ্ৰাস কৰা হৈছে। এইবাৰ ১২ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত কৰ শূন্যলৈ হ্ৰাস কৰা হৈছে। বৰ্তমান জি এছ টি ৰাহি মহোৎসৱ পূৰ্ণ গতিত চলি আছে। অৰ্থাৎ আজিকালি সকলোতে বজাৰৰ ছবি দেখিবলৈ পাইছো, যদি গুগল চায় তেন্তে সকলোতে কিয়? জি এছ টি ৰাহি উৎসৱৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে। আজিকালি আমি দেখিবলৈ পাইছো যে পূৰ্বৰ সকলো বিক্ৰীৰ অভিলেখ ভংগ হৈছে। আয়কৰ আৰু জি এছ টিৰ এই দুটা পদক্ষেপৰ জৰিয়তে দেশবাসীয়ে এবছৰত প্ৰায় ২.৫ লাখ কোটি টকা ৰাহি কৰাটো নিশ্চিত ।
বন্ধুসকল,
শেহতীয়াকৈ দেশ আৰু বিশ্বই অপাৰেচন সিন্দূৰৰ বিষয়ে বহুত আলোচনা কৰিছে। শেহতীয়াকৈ আমাৰ বন্ধু ৰাহুল জীয়েও অপাৰেচন সিন্দূৰৰ বিষয়ে বহু বিশদভাৱে কথা পাতিছিল। তেওঁ আৰ্মী পৰিয়ালৰ, গতিকে ইয়াৰ প্ৰতি তেওঁৰ আবেগ স্বাভাৱিক। সেইবোৰ কথা তেওঁৰ সিৰাত প্ৰবাহিত হৈ থাকে। তেওঁ গৌৰৱেৰে প্ৰশংসা কৰিছে আৰু দেশ-বিশ্বয়ো একেই কাম কৰি আছে। কিন্তু আজি আপোনালোকক আন এটা বিষয়লৈ লৈ যাব বিচাৰিছো, যিটো কেৱল দেশৰ নিৰাপত্তাৰ দিশৰ পৰাই গুৰুত্বপূৰ্ণ নহয়, ই আমাৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতেও জড়িত। এই বিষয়টো নক্সালবাদক লৈ আৰু মই বিশ্বাস কৰোঁ যে নক্সালবাদ শব্দটো কোনো লোকে উদ্ভাৱন কৰিছে। বাস্তৱত এয়া মাওবাদী সন্ত্ৰাসৰ কথা। আজি এই মাওবাদী সন্ত্ৰাসৰ কাহিনী আপোনালোকক ক’ব বিচাৰিছো। কংগ্ৰেছৰ দিনত নগৰীয়া নক্সালৰ পৰিৱেশ তন্ত্ৰ, এই নগৰীয়া নক্সালসকল এক প্ৰকাৰে প্ৰভাৱশালী আছিল, এতিয়াও তেওঁলোক প্ৰভাৱশালী, মাওবাদী সন্ত্ৰাসৰ কোনো ঘটনা যাতে দেশৰ জনসাধাৰণৰ মাজলৈ নাযায় তাৰ বাবে গধুৰ চেঞ্চৰশ্বিপ লগাইছিল, আগতে আমাৰ দেশত সন্ত্ৰাসবাদৰ বিষয়ে ইমানেই আলোচনা হৈছিল। আগতে ৩৭০ অনুচ্ছেদক লৈ বিতৰ্ক হৈছিল।কিন্তু কংগ্ৰেছৰ শাসনৰ সময়ত আমাৰ চহৰবোৰত শক্তিশালী হৈ উঠা নগৰীয়া নক্সালসকলে মাওবাদী সন্ত্ৰাসক ঢাকি ৰাখিছিল আৰু দেশখনক আন্ধাৰত ৰাখিছিল। মাত্ৰ কেইদিনমান আগতে মাওবাদী সন্ত্ৰাসৰ বলি হোৱা বহু লোক দিল্লীলৈ আহিছিল; এয়া এটা অতি কষ্টদায়ক কথা। বৃহৎ সংখ্যক আহিছিল, কাৰোবাৰ ভৰি নাই , কাৰোবাৰ হাত নাই , কোনোবাই চকু হেৰুৱাইছে। শৰীৰৰ কিছু অংশ নোহোৱা হৈ গৈছে। এইসকল লোক মাওবাদী সন্ত্ৰাসৰ বলি হৈছিল। গাঁৱৰ দুখীয়া, জনজাতীয়, ভাই-ভনী, খেতিয়কৰ পুত্ৰ, মাতৃ-ভগ্নী, বহুতৰে ভৰি কাটি পেলোৱা হৈছিল, দিল্লীলৈ আহিছিল, সাত দিন থাকিছিল। হাতযোৰ কৰি তেওঁলোকে ভাৰতৰ জনসাধাৰণৰ মাজত নিজৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ কৈ আছিল। তেওঁলোকে এখন সংবাদমেল পাতিলে, আপোনালোকৰ কোনোৱে হয়তো দেখা নাই, শুনা নাছিল, ইয়াত বহি থকা এই মাওবাদী সন্ত্ৰাসৰ ঠিকাদাৰসকলে, তাৰ বলি হোৱা লোকৰ যন্ত্ৰণাৰ কাহিনীও দেশবাসীক শুনিবলৈ নিদিলে। কংগ্ৰেছৰ পৰিৱেশ তন্ত্ৰই এই বিষয়ত আলোচনা কৰিবলৈও দিয়া নাছিল।
বন্ধুসকল,
পৰিস্থিতি এনে আছিল যে দেশৰ প্ৰায় প্ৰতিখন ডাঙৰ ৰাজ্যই নক্সালবাদী হিংসা আৰু মাওবাদী সন্ত্ৰাসৰ কবলত পৰিছিল। দেশৰ বাকী অংশত সংবিধান প্ৰযোজ্য আছিল যদিও ৰেড কৰিডৰত কোনেও ইয়াৰ কথা ক’বলৈ সাহস কৰা নাছিল। মই অতি দায়বদ্ধতাৰে কওঁ যে সংবিধানক মূৰত তুলি লৈ নাচি থকাসকলে এতিয়াও দিনে-নিশাই এই মাওবাদী সন্ত্ৰাসবাদীক সুৰক্ষা দিবলৈ কাম কৰে, যিসকলে সংবিধানত বিশ্বাস নকৰে।
বন্ধুসকল,
চৰকাৰ নিৰ্বাচিত হ’ল যদিও ৰেড কৰিডৰত ইয়াৰ কোনো স্বীকৃতি নাছিল। সন্ধিয়া হোৱাৰ লগে লগে ঘৰৰ পৰা ওলাই যোৱাটো কঠিন হৈ পৰিছিল। জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰাসকলেও নিজৰ নিৰাপত্তাক লৈ চিন্তিত হ’বলগীয়া হৈছিল।
বন্ধুসকল,
যোৱা ৫০-৫৫ বছৰত এই মাওবাদী সন্ত্ৰাসৰ বাবে হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল, বহু নিৰাপত্তাৰক্ষী মাওবাদী সন্ত্ৰাসৰ বলি হৈছিল, আমি ইমানবোৰ যুৱকক হেৰুৱালোঁ, এই নক্সালবাদী, এই মাওবাদী সন্ত্ৰাসবাদী সকলে অঞ্চলটোত বিদ্যালয় নিৰ্মাণ কৰিবলৈ নিদিলে, চিকিৎসালয় নিৰ্মাণ কৰিবলৈ নিদিলে, চিকিৎসালয় থাকিলেও চিকিৎসকক প্ৰৱেশ কৰিবলৈ দিয়া নাছিল। যিবোৰ এতিয়াও থিয় হৈ আছিল সেইবোৰো বোমাৰে উৰুৱাই দিয়া হৈছিল। দশক দশক ধৰি দেশৰ এক বৃহৎ অংশ, অতি বৃহৎ জনসংখ্যা উন্নয়নৰ পোহৰৰ পৰা বঞ্চিত হৈ থাকিল। ইয়াৰ বাবে আমাৰ জনজাতীয় ভাই-ভনী, দলিত ভাই-ভনী, আৰু দৰিদ্ৰ লোকসকলে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল।
বন্ধুসকল,
মাওবাদী সন্ত্ৰাসবাদ দেশৰ যুৱক-যুৱতীসকলৰ প্ৰতি এক ভয়াৱহ অন্যায়, এক গুৰুতৰ পাপ। দেশৰ যুৱক-যুৱতীসকলক এনে অৱস্থাত এৰি দিব নোৱাৰি , অস্বস্তি অনুভৱ কৰি মুখ বন্ধ কৰি বহি আছিলো। আজি প্ৰথমবাৰৰ বাবে আপোনালোকৰ আগত মোৰ দুখ প্ৰকাশ কৰিছো। পুত্ৰক হেৰুওৱা মাতৃসকলক মই চিনি পাওঁ; সেই মাতৃসকলৰ পুত্ৰৰ পৰা বহু আশা আছিল। হয় তেওঁলোক মাওবাদী সন্ত্ৰাসবাদীৰ মিছা কথাত আবদ্ধ হৈ পৰিল, নহয় তেওঁলোক মাওবাদী সন্ত্ৰাসৰ বলি হ’ল আৰু সেয়েহে ২০১৪ চনৰ পিছত আমাৰ চৰকাৰে সম্পূৰ্ণ সংবেদনশীলতাৰে বিপথে পৰিচালিত যুৱক-যুৱতীসকলক মূলসুঁতিলৈ অনাৰ চেষ্টা কৰিলে আৰু মই আজি প্ৰথমবাৰৰ বাবে দেশবাসীক এই কথা কৈছোঁ, দেশবাসীয়ে সন্তুষ্ট হ’ব, দেশবাসীয়ে আমাক আশীৰ্বাদ দিব, যিসকল মাতৃয়ে নিজৰ পুত্ৰক হেৰুৱাইছে, সেইসকল মাতৃয়ে আমাক আশীৰ্বাদ দিব, দেশৰ শক্তিক আশীৰ্বাদ দিব আৰু আজি দেশে ইয়াৰ ফল দেখিবলৈ পাইছে। ১১ বছৰ আগলৈকে দেশৰ ১২৫ খনতকৈও অধিক জিলা মাওবাদী সন্ত্ৰাসৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল।
বন্ধুসকল,
আজি এই সংখ্যা সংকুচিত হৈছে মাত্ৰ ১১খন জিলালৈ। এই প্ৰচেষ্টাৰ বাবে কিমান কষ্ট কৰিবলগীয়া হৈছিল আপোনালোকে জানে, আনকি সেই ১১ খন জিলাৰ ভিতৰত আটাইতকৈ বেছি মাওবাদী সন্ত্ৰাসৰ সন্মুখীন হোৱা মাত্ৰ তিনিখন জিলাহে আছে।
বন্ধুসকল,
যোৱা দশকত হাজাৰ হাজাৰ নক্সালবাদীয়ে অস্ত্ৰ-শস্ত্ৰ সমৰ্পন কৰিছে। যোৱা ৭৫ ঘণ্টাৰ হিচাপ দিম, মাত্ৰ পঁচাত্তৰ ঘণ্টা। মই জানো যে এয়া সংবাদ মাধ্যমৰ তালিকা নহয়, কিন্তু এই ৭৫ ঘন্টাত ৩০৩ জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰাটো মোৰ জীৱনৰ এক বৃহৎ সন্তুষ্টিৰ বিষয়। যিসকলে এসময়ত ৩০৩ লৈ ফুৰিছিল , আজি তেওঁলোকে ৩০৩ সমৰ্পণ কৰিছে আৰু এইসকল সাধাৰণ নক্সাল নহয়, কাৰোবাৰ মূৰৰ মূল্য আছিল ১ কোটি, কাৰোবাৰ আছিল ১৫ লাখ, কাৰোবাৰ আছিল ৫ লাখ আৰু তেওঁলোকৰ সকলোৰে নামত পুৰস্কাৰ ঘোষণা কৰা হৈছিল।এই নক্সালসকলৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও জব্দ কৰা হৈছে। এই আটাইকেইজন লোকে বন্দুক-বোমা ত্যাগ কৰি ভাৰতৰ সংবিধানক আঁকোৱালি ল’বলৈ সাজু হৈছে আৰু যেতিয়া সংবিধানৰ প্ৰতি সম্পূৰ্ণ উৎসৰ্গিত চৰকাৰ হয়, তেতিয়া ভুল পথত যোৱা এজন ব্যক্তিয়েও ঘূৰি আহি সেই সংবিধানৰ ওপৰত আস্থা ৰাখে। এতিয়া তেওঁলোক উন্নয়নৰ মূলসুঁতিলৈ আহি আছে। আৰু এই লোকসকলে স্বীকাৰ কৰিছে যে তেওঁলোক ভুল পথত আছিল। পাঁচ দশক পাৰ হৈ গ’ল, যৌৱন পাৰ কৰিলে, কিন্তু তেওঁলোকে আশা কৰা পৰিৱৰ্তন অহা নাই। এতিয়া তেওঁলোকে ভাৰতীয় সংবিধানৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যাব।
বন্ধুসকল,
আগতে সংবাদ মাধ্যমৰ শিৰোনাম আছিল, ছত্তীশগড়ৰ বাষ্টাৰত এয়া ঘটিছে, সেয়া ঘটিছে , এখন বাছ উৰুৱাই দিয়া হৈছে , ইমানবোৰ নিৰাপত্তাৰক্ষী নিহত হৈছে, বাষ্টাৰ আগতে মাওবাদী সন্ত্ৰাসবাদী, নক্সালবাদীৰ দুৰ্গ আছিল আৰু এতিয়া আজি মই একেখন বাষ্টাৰৰ উদাহৰণ দিছো, জনজাতীয় যুৱকে বাষ্টাৰ অলিম্পিকৰ আয়োজন কৰিছে আৰু লাখ লাখ যুৱকে বাষ্টাৰ অলিম্পিকলৈ আহি ক্ৰীড়াক্ষেত্ৰত নিজৰ শক্তি দেখুৱাইছে, এয়াই পৰিৱৰ্তন।
বন্ধুসকল,
এইবাৰ মাওবাদী সন্ত্ৰাসমুক্ত অঞ্চলত দীপাৱলীৰ উদযাপন আৰু অধিক প্ৰাণৱন্ত হ’বলৈ গৈ আছে। ৫০-৫৫ বছৰ হ’ল তেওঁলোকে দীপাৱলী নেদেখা, এতিয়া তেওঁলোকে দীপাৱলী চাব আৰু মই নিশ্চিত বন্ধুসকল, আমাৰ কষ্টই ফল ফল দিব আৰু তাতো সুখৰ দীপ জ্বলিব । আজি মই মোৰ দেশবাসী আৰু এন ডি টি ভিৰ দৰ্শকক আশ্বস্ত কৰিছো যে সেই দিনটো বহু দূৰত নাই যেতিয়া দেশখন নক্সালবাদ আৰু মাওবাদী সন্ত্ৰাসৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব, আৰু এয়াও মোদীৰ নিশ্চয়তা।
বন্ধুসকল,
এখন উন্নত ভাৰতৰ দিশে আমাৰ যাত্ৰা কেৱল বিকাশৰ যাত্ৰা নহয়। য’ত উন্নয়ন আৰু মৰ্যাদা একেলগে চলে, য’ত নাগৰিকৰ বাবে গতি আৰু মৰ্যাদা আছে, য’ত উদ্ভাৱনৰ উদ্দেশ্য কেৱল দক্ষতাই নহয়, সহানুভূতি আৰু মমতাও। আমি এই দৃষ্টিভংগীৰে আগবাঢ়িছো। আৰু এই দৃষ্টিভংগীক আগুৱাই নিয়াত এন ডি টি ভি বিশ্ব সন্মিলনৰ দৰে অনুষ্ঠানে বৃহৎ ভূমিকা পালন কৰে। দেশৰ হৈ কথা ক’বলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে এনডিটিভিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই অনুষ্ঠানৰ বাবে আপোনালোকক আন্তৰিক শুভেচ্ছা জনালোঁ। লগতে দীপাৱলী উদযাপনৰ বাবে আন্তৰিক শুভেচ্ছা জনালোঁ। আপোনালোকক অশেষ ধন্যবাদ!
****
MJPS/VJ/SS/DM
Speaking at the #NDTVWorldSummit2025.@ndtv https://t.co/iQThIyApuD
— Narendra Modi (@narendramodi) October 17, 2025
India is not in the mood to stop today!
— PMO India (@PMOIndia) October 17, 2025
We will neither pause nor slow down.
140 crore Indians will move forward together with full momentum. #NDTVWorldSummit2025 pic.twitter.com/gq51votOo5
Today, India has moved from being among the fragile five to becoming one of the world's top five economies. #NDTVWorldSummit2025 pic.twitter.com/oTbGIXvzEu
— PMO India (@PMOIndia) October 17, 2025
Today, from chips to ships, India is self-reliant and filled with confidence in every sphere. #NDTVWorldSummit2025 pic.twitter.com/1o2Hn3oxik
— PMO India (@PMOIndia) October 17, 2025
Today, India's growth is shaping global opportunities. #NDTVWorldSummit2025 pic.twitter.com/qa3vmHIHvs
— PMO India (@PMOIndia) October 17, 2025
The entire world today sees India as a reliable, responsible and resilient partner. #NDTVWorldSummit2025 pic.twitter.com/HameOjkGf2
— PMO India (@PMOIndia) October 17, 2025
For the world, the edge of the unknown may seem uncertain.
— PMO India (@PMOIndia) October 17, 2025
But for India, it is a gateway to new opportunities. #NDTVWorldSummit2025 pic.twitter.com/hxzp80A7zY
We have turned every risk into reform, every reform into resilience and every resilience into a revolution. #NDTVWorldSummit2025 pic.twitter.com/jS2sy5m7zI
— PMO India (@PMOIndia) October 17, 2025
In the past 11 years, we have worked to democratise both policy and process. #NDTVWorldSummit2025 pic.twitter.com/453NBbu47o
— PMO India (@PMOIndia) October 17, 2025
Today, we can proudly say that India is among the top five countries in the world with its own domestic 4G stack. #NDTVWorldSummit2025 pic.twitter.com/FGjlMUnRjW
— PMO India (@PMOIndia) October 17, 2025
Today, as the world faces various roadblocks and speed breakers, it is only natural to talk about an unstoppable India. #NDTVWorldSummit2025 pic.twitter.com/g9sw14Y8lF
— PMO India (@PMOIndia) October 17, 2025
Maoist terrorism is a great injustice and a grave sin against the nation's youth. I could not leave the country's youth in that state: PM @narendramodi at #NDTVWorldSummit2025 pic.twitter.com/NxoziagC4k
— PMO India (@PMOIndia) October 17, 2025
बीते 11 वर्षों में भारत ने हर आशंका को ध्वस्त और हर चुनौती को पस्त किया है। यही वजह है कि आज हर सेक्टर में आत्मनिर्भर हो रहे भारत का आत्मविश्वास दिख रहा है। pic.twitter.com/tmZaIX8VIt
— Narendra Modi (@narendramodi) October 18, 2025
आज इसलिए पूरी दुनिया भारत को एक Reliable, Responsible और Resilient Partner के रूप में देख रही है… pic.twitter.com/qEwnXMbXpd
— Narendra Modi (@narendramodi) October 18, 2025
हर आकलन से बेहतर करना आज देश का मिजाज बन चुका है, इसलिए भारत अनस्टॉपेबल है। pic.twitter.com/DSXr6EPfzV
— Narendra Modi (@narendramodi) October 18, 2025
कांग्रेस ने अपने दशकों के शासन में हमेशा Policy और Process के सरकारीकरण पर जोर दिया, जबकि बीते 11 वर्षों में हमने लगातार लोकतंत्रीकरण का काम किया है। बैंकिंग सहित कई सेक्टर की मजबूती इसी का परिणाम है। pic.twitter.com/3Ik55h8gTp
— Narendra Modi (@narendramodi) October 18, 2025
BSNL का मेड इन इंडिया 4G स्टैक का लॉन्च हो या हाई-स्पीड कनेक्टिविटी पर आधारित ई-संजीवनी सेवा, इनसे पता चलता है कि गरीबों और वंचितों का जीवन बेहतर बनाने के लिए हम किस संवेदनशीलता के साथ काम कर रहे हैं। pic.twitter.com/zS35ifrifX
— Narendra Modi (@narendramodi) October 18, 2025
हमारा जोर देशवासियों का जीवन आसान बनाने के साथ उनकी बचत बढ़ाने पर भी है। इनकम टैक्स और जीएसटी में भारी कटौती इसका प्रत्यक्ष प्रमाण है। pic.twitter.com/V3rpJACsx1
— Narendra Modi (@narendramodi) October 18, 2025
मैं उन माताओं के दर्द को जानता हूं, जिन्होंने माओवादी आतंक में अपने लाल खोए हैं। इनमें से ज्यादातर गरीब और आदिवासी परिवारों से थे। मुझे पक्का विश्वास है कि उन माताओं के आशीर्वाद से जल्द ही देश माओवादी आतंक से पूरी तरह मुक्त होगा। pic.twitter.com/J6spTSPeyQ
— Narendra Modi (@narendramodi) October 18, 2025