পি এম ইণ্ডিয়া

মঞ্চত প্ৰৱিষ্ট বিশিষ্ট ব্যক্তিগণ,
ভাৰত তথা বিদেশৰ পৰা অহা প্ৰতিনিধিগণ,
ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল,
নমস্কাৰ!
পাৰ্টনাৰ ফ’ৰাম, ২০১৮লৈ অহা বিশ্বৰ সমূহ প্ৰতিনিধিক স্বাগতম জনাইছোঁ৷
কেৱল সহযোগিতাৰ দ্বাৰাহে আমি লক্ষ্য প্ৰাপ্ত কৰিব পাৰোঁ৷ নাগৰিকৰ মাজত সহযোগিতা, সম্প্ৰদায়ৰ মাজত সহযোগিতা, দেশৰ মাজত সহযোগিতা৷ বহনক্ষম বিকাশ এজেণ্ডা ইয়াৰেই প্ৰতিফলন৷
দেশ একক প্ৰয়াসৰ দ্বাৰা যথেষ্ঠখিনি আগবাঢ়ি গৈছে৷ তেওঁলোকে সকলো সম্প্ৰদায়ক সৱলীকৰণ কৰাত, স্বাস্থ্য আৰু শিক্ষা সংশোধন কৰাত, দৰিদ্ৰতা সমাপ্ত কৰাত, আৰ্থিক বিকাশত ক্ষীপ্ৰতা অনাত আৰু শেষত কাকো পিছলৈ থৈ নোযোৱাৰ প্ৰতিশ্ৰুতিৰে আগবাঢ়িছে৷ মাতৃৰ স্বাস্থ্যৰ দ্বাৰা সন্তানৰ স্বাস্থ্য নিৰ্ধাৰণ হয় আৰু সন্তানৰ স্বাস্থ্যৰ দ্বাৰা অনাগত ভৱিষ্যতৰ স্বাস্থ্য নিৰ্ধাৰণ হয়৷
আমি ইয়াত স্বাস্থ্য সংশোধন কৰাত তথা মাতৃ আৰু সন্তানৰ আৰোগ্য বিকাশ কৰাৰ উপায়সমূহ আলোচনা কৰাৰ বাবে মিলিত হৈছোঁ৷ আমাৰ আলোচনাৰ সিদ্ধান্তৰ দ্বাৰা অনাগত ভৱিষ্যতত গভীৰ প্ৰভাৱ পৰিব৷
পাৰ্টনাৰ ফ’ৰামৰ দৃষ্টিভংগী ভাৰতৰ ‘বসুধৈৱ কুটম্বকম’ সম্বন্ধীয় প্ৰাচীন চিন্তাধাৰাৰ সৈতে সাদৃশ্য আছে৷ এয়া মোৰ চৰকাৰৰ ‘সকলোৰে সৈতে সকলোৰে বিকাশ’ৰো অনুৰূপ হৈছে যাৰ অৰ্থ হ’ল সামূহিক বিকাশৰ বাবে সামূহিক প্ৰয়াস আৰু সহযোগিতাৰ প্ৰয়োজন৷
মাতৃত্ব, নৱজাত আৰু শিশু বিকাশৰ বাবে সহযোগিতা হ’ল এক উল্লেখযোগ্য আৰু প্ৰভাৱশালী মঞ্চ৷ আমি কেৱল উন্নত স্বাস্থ্যৰেই কথা নকওঁ৷ আমি ক্ষীপ্ৰ বিকাশৰ বাবেও কথা কওঁ৷
যিসময়ত সমগ্ৰ বিশ্বই বিকাশৰ নতুন নতুন সম্ভাৱনা সন্ধান কৰি আছে, সেইসময়তে এই কাম সম্পন্ন কৰাৰ সকলোতকৈ সুন্দৰ উপায় হ’ল মহিলাসকলৰ বাবে উন্নত স্বাস্থ্য সুনিশ্চিত কৰাটো৷ এই সন্দৰ্ভত বিগত কেইবাটাও বৰ্ষত আমি যথেষ্ঠ প্ৰগতি কৰিছোঁ৷ ইয়াৰ পিছতো আৰু অধিক কাম কৰিবলৈ আছে৷ বৃহৎ বাজেটৰ পৰা উন্নত ফলাফললৈ আৰু মানসিকতা পৰিৱৰ্তনৰ পৰা সঘন নিৰীক্ষণলৈ বহু কাম কৰিবলৈ আছে৷
ভাৰতৰ কাহিনী অতিশয় আশাব্যঞ্জক৷ প্ৰতিবন্ধকসমূহ দূৰ হ’ব বুলি আশা কৰিছো৷ আচৰণসমূহ পৰিৱৰ্তন হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷ ক্ষীপ্ৰ প্ৰগতি লাভ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷
যেতিয়া সহস্ৰাব্দই বিকাশৰ লক্ষ্যত সহমত প্ৰকাশ কৰিছিল, তেতিয়া ভাৰতত মহিলা আৰু শিশুসকলৰ মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক আছিল৷ বহনক্ষম গতি আৰু বিগত কিছু বছৰৰ সময়চোৱাত মৃত্যুৰ হাৰ দ্ৰুত গতিত হ্ৰাস হোৱাৰ ফলত মাতৃত্ব আৰু সন্তানৰ স্বাস্থ্যৰ বাবে এছডিজি লক্ষ্য প্ৰাপ্ত কৰাৰ দিশত আগবঢ়া হৈছিল৷ এয়া ২০৩০ চনৰ স্বীকৃত তিথিতকৈ বহু আগত আছে৷
ভাৰত সেই দেশসমূহৰ ভিতৰৰ এখন দেশ যি কিশোৰাৱস্থাত বিশেষ ধ্যান দিয়াৰ কথা কয় তথা কিশোৰৰ বাবে সঘন স্বাস্থ্য সংবৰ্ধন আৰু প্ৰতিৰোধী কাৰ্যসূচী প্ৰণয়ন কৰে৷ আমাৰ প্ৰয়াসসমূহৰ দ্বাৰা এয়া সুনিশ্চিত হ’ব যে ২০১৫ চনত গ্ৰহণ কৰা মহিলা, শিশু আৰু কিশোৰৰ স্বাস্থ্যসম্বন্ধীয় বিশ্বজনীন ৰণনীতিত যাতে তেওঁলোক স্বীকৃত হয়৷
মই এয়া জানি অতিশয় সুখী হৈছোঁ যে এই মঞ্চৰ আয়োজনৰ সময়চোৱাত আমেৰিকা, কেৰিবিয়ান ক্ষেত্ৰ আৰু ভাৰতে বিশ্বজনীন ৰণনীতিক গ্ৰহণ কৰাৰ সম্বন্ধত নিজৰ পদক্ষেপ প্ৰদান কৰিছে৷ মই আশা কৰিছোঁ যে এই সংযোজনৰ দ্বাৰা সদৃশ ৰণনীতি বিকশিত কৰাৰ বাবে অন্য দেশ আৰু ক্ষেত্ৰসমূহে প্ৰেৰণা পাব৷
বন্ধুসকল,
আমাৰ ধাৰ্মিক গ্ৰন্থত উল্লেখ আছে, ‘‘যত্ৰ নাৰ্যস্তু পুজ্যন্তে ৰমন্তে তত্ৰ দেৱতাঃ’’, অৰ্থাৎ য’ত নাৰীক আদৰ কৰা হয় তাতেই দেৱতা বাস কৰে৷ মোৰ দৃঢ় বিশ্বাস যে এখন ৰাষ্ট্ৰ তেতিয়াহে সমৃদ্ধ হয় যেতিয়াৰ তাৰ জনসাধাৰণ বিশেষকৈ মহিলা তথা শিশুসকল শিক্ষিত হয় তথা তেওঁলোক স্বতন্ত্ৰ, শক্তিসম্পন্ন আৰু স্বাস্থ্যকৰ জীৱন নিৰ্বাহৰ বাবে সক্ষম হয়৷
মই এয়া জানি অতিশয় সুখী হৈছোঁ যে ভাৰতৰ টীকাকৰণৰ কাৰ্যসূচীক এই ফ’ৰামত ভাৰতৰ সফলতা হিচাপে প্ৰস্তুত কৰা হৈছে৷ এই বিষয়টো মোৰ হৃদয়ৰ নিচেই কাষৰ৷ ইন্দ্ৰধনুশ অভিযানৰ অধীনত যোৱা তিনিটা বৰ্ষৰ সময়চোৱাত আমি ৩২.৮ মিলিয়ন শিশু আৰু ৮.৪ মিলিয়ন গৰ্ভৱতী মহিলাৰ কাষ চাপিবলৈ সক্ষম হৈছোঁ৷ আমি সৰ্বব্যাপী টীকাকৰণৰ অধীনত টীকাৰ সংখ্যা ৭ৰ পৰা বৃদ্ধি কৰি ১২টা কৰিছো৷ আমাৰ টীকাৰ অধীনত নিম’নিয়া আৰু ডায়েৰিয়াৰ দৰে প্ৰাণঘাতী ৰোগো অন্তৰ্ভুক্ত কৰা হৈছে৷
বন্ধুসকল,
যেতিয়া ২০১৪ চনত মোৰ চৰকাৰ শাসনলৈ আহিছিল তেতিয়া প্ৰতি বৰ্ষতে প্ৰসৱজনিত কাৰণত আমি ৪৪,০০০তকৈও অধিক মাতৃ হেৰুৱাবলগীয়া হৈছিল৷ আমি গৰ্ভাৱস্থাৰ সময়চোৱাত মাতৃসকলক যিমান সম্ভৱ সুবিধা প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ আৰম্ভ কৰিছিলো৷ আমি নিজৰ চিকিৎসকসকলক আহ্বান কৰিছিলো যে এই অভিযানৰ বাবে তেওঁলোকে যাতে প্ৰতিমাহে এটাকৈ দিন সেৱা প্ৰদান কৰাৰ সংকল্প কৰে৷ এই অভিযানৰ অধীনত ১৬ মিলিয়ন প্ৰাক্–প্ৰসৱ পৰীক্ষা কৰা হৈছে৷
দেশত ২৫ মিলিয়ন নৱজাত শিশু আছে৷ আমাৰ ইয়াত নৱজাত শিশুসকলক পৰিচৰ্যা কৰাৰ বাবে সুন্দৰ ব্যৱস্থা আছে যি ৭৯৪ উৎকৃষ্ট বিশেষ নৱজাত শিশু সুবিধা ইউনিটৰ দ্বাৰা ১০ লাখতকৈও অধিক নৱজাত শিশুৰ পৰিচৰ্যা কৰে৷ এয়া আমাৰ এক সফল ব্যৱস্থা৷ আমাৰ এই পদক্ষেপৰ দ্বাৰা পূৰ্বৰ ৪ বছৰৰ তুলনাত প্ৰতিদিনে ৫ বৰ্ষতকৈ কম আয়ুৰ ৮৪০ অতিৰিক্ত শিশুৰ জীৱন ৰক্ষা সম্ভৱ হৈছে৷
শিশুসকলৰ পুষ্টিকৰ আহাৰৰ সমস্যাৰ সমাধান পোষণ অভিযানৰ জৰিয়তে কৰা হৈছে৷ ইয়াত বিভিন্ন যোজনা অন্তৰ্ভুক্ত কৰা হৈছে যি ভাৰতৰ কুপোষণমুক্ত হিচাপে গঢ়ি তোলাৰ লক্ষ্যত ধাৱমান হৈছে৷ শিশুসকলৰ জীৱনৰ গুণগতমানৰ সংশোধনৰ বাবে ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচী প্ৰণয়ন কৰা হৈছে৷ বিগত চাৰিটা বৰ্ষত ইয়াৰ দ্বাৰা ৮০০ মিলিয়ন শিশুৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে আৰু ২০ মিলিয়ন শিশুক চিকিৎসাৰ বাবে নিঃশুল্কভাৱে প্ৰেৰণ কৰা হৈছে৷
চিকিৎসাৰ ওপৰত পৰিয়ালসমূহে কৰা অধিক ব্যয়ৰ চিন্তাই আমাক সদায়েই আমনি কৰে৷ সেইবাবে আমি আয়ুষ্মান ভাৰত যোজনাৰ পদক্ষেপ গ্ৰহণ কৰিলো৷ আয়ুষ্মান ভাৰতৰ দুপক্ষীয় ৰণনীতি আছে৷
প্ৰথমটো হ’ল, ইয়াত জনতাৰ বাবে নিকটতম ব্যাপক প্ৰাথমিক স্বাস্থ্য সুবিধাৰ ব্যৱস্থা আছে য’ত স্বাস্থ্যকৰ জীৱনশৈলী তথা স্বাস্থ্য তথা কল্যাণমূলক কেন্দ্ৰৰ মাধ্যমৰ দ্বাৰা যোগ অন্তৰ্ভুক্ত কৰা হৈছে৷ স্বাস্থ্য আৰু আৰোগ্যৰ বাবে ‘ফিট ইণ্ডিয়া’ তথা ‘ইট ৰাইট’ আন্দোলনো আমাৰ ৰণনীতিৰ এক গুৰুত্বপূৰ্ণ অংগ৷ ইয়াৰ জৰিয়তে জনতাই অত্যাধিক উদ্বেগ, মধুমেহ তথা স্তন, গৰ্ভাশয় তথা মুখৰ কৰ্কট সহিতে ৰোগসমূহৰ নিঃশুল্ক পৰীক্ষণ আৰু চিকিৎসাৰ দ্বাৰা সহায় লাভ কৰিব৷ ৰোগী নিজৰ ঘৰৰ ওচৰতেই নিঃশুল্ক ঔষধ তথা নিদানিক সমৰ্থন লাভ কৰিব৷ আমাৰ যোজনাত ২০২২ চন পৰ্যন্ত এনেকুৱা ১৫০ হাজাৰটা স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ আৰম্ভ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷
আয়ুষ্মান ভাৰত যোজনাৰ দ্বিতীয়টো ঘটক হ’ল প্ৰধানমন্ত্ৰী জন–আৰোগ্য যোজনা৷ ইয়াৰ অধীনত প্ৰতি বৰ্ষতে প্ৰতিটো পৰিয়ালকে পাঁচ লাখ টকাৰ নগদবিহীন স্বাস্থ্য বীমা প্ৰদান কৰাৰ সুবিধা প্ৰদান কৰা হৈছে৷ ইয়াৰ অধীনত সৰ্বাধিক দৰিদ্ৰ তথা দুৰ্বল সম্প্ৰদায়ৰ ৫০০ মিলিয়ন নাগৰিকে সুবিধা লাভ কৰিব৷ এই সংখ্যা কানাডা, মেক্সিকো আৰু আমেৰিকাৰ সৰ্বমুঠ জনসংখ্যাৰ প্ৰায় সমান৷ আমি এই যোজনা আৰম্ভ হোৱাৰ দহ সপ্তাহৰ ভিতৰতে নিঃশুল্ক চিকিৎসা উপলব্ধ কৰোৱাৰ বাবে ৭০০ কোটি টকা পাঁচ লাখ পৰিয়ালক প্ৰদান কৰিছোঁ৷
আজি বিশ্বজনীন সাৰ্বভৌমিত স্বাস্থ্য ক’ভাৰেজ দিৱস৷ এই উপলক্ষে মই পুনৰ বাৰ কৈছো যে আমি সকলোৰে বাবে ব্যাপক স্বাস্থ্য ক’ভাৰেজ প্ৰদান কৰাৰ দিশত সংকল্পবদ্ধ হৈছো৷ আমাৰ ওচৰত এক মিলিয়ন পঞ্জীকৃত সামাজিক স্বাস্থ্য কাৰ্যকৰ্তা অথবা আশাকৰ্মী তথা ২.৩২ লাখ অংগনৱাড়ী নাৰ্চ আছে যি অগ্ৰীম শাৰীৰ মহিলা স্বাস্থ্যকৰ্মীসকলৰ শক্তিস্বৰূপ৷ এয়াৰ আমাৰ কাৰ্যসূচীৰ শক্তি৷
ভাৰত এখন বিশাল দেশ৷ কিছুমান ৰাজ্য আৰু জিলাই বিকশিত দেশৰ সমানে প্ৰদৰ্শন কৰিছে৷ অইনেও কাম কৰিবলৈ আছে৷ মই নিজৰ বিষয়াসকলক ১১৭খন ‘প্ৰত্যাশী জিলা’ চিহ্নিত কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছো৷ এনেকুৱা প্ৰত্যেক জিলাত একোটা দল থাকিব যি শিক্ষা, জল তথা স্বচ্ছতা, গ্ৰামীণ বিকাশৰ ক্ষেত্ৰত স্বাস্থ্য আৰু পুষ্টিজনিত আহাৰত সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদান কৰি কাম কৰিব৷
আমি অন্য বিভাগসমূহৰ জৰিয়তে মহিলাকেন্দ্ৰিক যোজনাসমূহৰ ওপৰত কাম কৰি আছোঁ৷ ২০১৫ চন পৰ্যন্ত ভাৰতৰ অৰ্ধেকতকৈও অধিক মহিলাৰ ওচৰত স্বচ্ছ ইন্ধনৰ ব্যৱস্থা নাছিল৷ আমি উজ্বলা যোজনাৰ জৰিয়তে ইয়াত পৰিৱৰ্তন আনিলো৷ উজ্বলা যোজনাই ৫৮ মিলিয়ন মহিলাক স্বচ্ছ পাকঘৰৰ বিকল্প উপলব্ধ কৰাত সহায় কৰিলে৷
আমি যুদ্ধগতিত স্বচ্ছ ভাৰত অভিযান চলাই আছো যাতে ২০১৯ চন পৰ্যন্ত মুক্ত স্থানত কৰা শৌচৰ পৰা মুক্ত হ’ব পাৰোঁ৷ বিগত চাৰিটা বৰ্ষত গ্ৰামীণ ক্ষেত্ৰত স্বচ্ছতা ক’ভাৰেজ ৩৯ শতাংশৰ পৰা বৃদ্ধি হৈ ৯৫ শতাংশ হৈছে৷
আমি সকলোৱে এই কথাষাৰ শুনিছো যে যদি আপুনি পুৰুষক শিক্ষিত কৰে তেন্তে এজন ব্যক্তিক শিক্ষিত কৰে, কিন্তু যদি আপুনি এগৰাকী মহিলাক শিক্ষিত কৰে তেন্তে তেওঁ সম্পূৰ্ণ পৰিয়ালকে শিক্ষিত কৰে৷ ইয়াক আমি বেটি বচাও বেটি পঢ়াও কাৰ্যসূচীৰ ৰূপত প্ৰণয়ন কৰিছোঁ৷ এই কাৰ্যসূচীৰ প্ৰধান লক্ষ্য কন্যাৰ ওপৰত তথা তেওঁলোকক এটা ভাল জীৱন আৰু শিক্ষা প্ৰদান কৰাৰ ওপৰত নিৰ্ধাৰণ কৰা হৈছে৷ ইয়াৰ উপৰিও আমি ছোৱালীসমূহৰ বাবে ‘সুকন্যা সমৃদ্ধি যোজনা’ শীৰ্ষক সঞ্চয় আঁচনিৰ প্ৰৱৰ্তন কৰিছোঁ৷ এই যোজনাৰ অধীনত ১২.৬ মিলিয়ন একাউণ্ট মুকলি কৰা হৈছে আৰু এই যোজনাৰ দ্বাৰা কন্যাসমূহৰ ভৱিষ্যত সুনিশ্চিত কৰাত সহায়ক হৈছে৷
আমি প্ৰধানমন্ত্ৰী মাতৃত্ব বন্দনা যোজনাও প্ৰণয়ন কৰিছোঁ৷ এই যোজনাৰ দ্বাৰা ৫০ লাখ গৰ্ভৱতী মহিলা তথা স্তনপান কৰোৱা মাতৃসকল লাভান্বিত হ’ব৷ এই যোজনা বেতন লোকচান, সন্তান জন্ম দিয়াৰ পূৰ্বে আৰু পিছত পুষ্টিজনিত আহাৰ তথা পৰ্যাপ্ত বিশ্ৰামৰ বাবে তেওঁলোকৰ একাউণ্টত প্ৰত্যক্ষ লাভ ব্যৱস্থাৰ জৰিয়তে ধন প্ৰদান কৰাত সক্ষম হৈছে৷
আমি প্ৰসূতিজনিত ছুটি পূৰ্বৰ ১২ সপ্তাহৰ পৰা বৃদ্ধি কৰি ২৬ সপ্তাহ কৰিছোঁ৷ আমি ২০২৫ চন পৰ্যন্ত ঘৰুৱা উৎপাদনৰ ২.৫ শতাংশ স্বাস্থ্যৰ ওপৰত ব্যয় কৰাৰ বাবে সংকল্পবদ্ধ হৈছোঁ৷ এই ৰাশি ১০০ বিলিয়ন আমেৰিকান ডলাৰতকৈও অধিক৷ ইয়াৰ অৰ্থ হ’ল যে কেৱল আঠ বছৰত বৰ্তমানৰ অংশৰ তুলনাত ৩৪৫ শতাংশৰ বাস্তৱিক বৃদ্ধি হ’ব৷ আমি জনতাৰ উন্নতিৰ কাৰণে কাম কৰি থাকিম৷ প্ৰত্যেক নীতি, কাৰ্যক্ৰম আৰু পদক্ষেপৰ কেন্দ্ৰত মহিলা, শিশু আৰু যুৱসমাজক অন্তৰ্ভুক্ত কৰা হ’ব৷
মই সফলতা প্ৰাপ্তিৰ বাবে বহু হিতাধিকাৰীৰ সহযোগিতাৰ প্ৰয়োজনীয়তাক গুৰুত্ব দিবলৈ বিচাৰিম৷ আমি জানো যে কাৰ্যকৰী স্বাস্থ্যসেৱা হ’ল বিশেষকৈ মহিলাসকল আৰু শিশুসকলৰ স্বাস্থ্যৰ বাবে মিশ্ৰিত কামৰ সকলোতকৈ উত্তম পদক্ষেপ৷
বন্ধুসকল,
মই ভাবোঁ যে অনাগত দুটা দিনত এই ফ’ৰামে সমগ্ৰ বিশ্বৰ ১২টা সফল কাহিনীৰ ওপৰত চৰ্চা কৰিব৷ বাস্তৱতে এয়া হ’ল বিভিন্ন দেশৰ মাজৰ মিলনৰ অৱকাশ, এয়া সহযোগিতা প্ৰকাশ কৰাৰ অৱকাশ যাতে আমি পৰস্পৰে পৰস্পৰ পৰা শিকিব পাৰোঁ৷ ভাৰতে কৌশল আৰু প্ৰশিক্ষণ কাৰ্যক্ৰমসমূহ, পাৰম্পৰিক ঔষধৰ ব্যৱস্থাপনা তথা টীকাকৰণ, জ্ঞান হস্তান্তৰণ আৰু আদান–প্ৰদান কাৰ্যসূচীৰ জৰিয়তে সহযোগী দেশসমূহক তেওঁলোকৰ বিকাশৰ লক্ষ্য প্ৰাপ্ত কৰাত সমৰ্থন প্ৰদান কৰাৰ বাবে প্ৰস্তুত৷
মই মন্ত্ৰীস্তৰীয় সন্মিলনৰ পৰিণামৰ বিষয়ে জানিবলৈ বিচাৰিম৷ এই ফ’ৰাম এক জীৱন মঞ্চৰ ৰূপত আমাক ‘ছাৰভাইভ–থ্ৰাইভ–ট্ৰেন্সফ’ৰ্ম’ৰ প্ৰতি দৃঢ়তা প্ৰদান কৰিব৷
আমাৰ কাৰ্যসূচী নিশ্চিত আৰু আমি সৰ্বাধিক সমৰ্পণৰ সৈতে সকলোৰে বাবে স্বাস্থ্যৰ সুবিধা প্ৰদান কৰাৰ বাবে কাম কৰি থাকিম৷ ভাৰতে সকলোধৰণৰ সহযোগিতাৰ সৈতে সদায়েই থিয় দি থাকিব৷ ইয়াত মই আপোনালোক সকলোকে আহ্বান কৰিছোঁ যে ইয়াক উপযুক্ত ধৰণে আঁকোৱালি লওক যাতে আমি সম্পূৰ্ণ মানৱতাত নিজৰ সমৰ্থন প্ৰদান কৰাত সমৰ্থ হ’ব পাৰোঁ৷
আহক, আমি সকলোৱে লগ হৈ এই পবিত্ৰ কাৰ্যৰ বাবে নিজৰ সংকল্প দোঁহাৰো৷
ধন্যবাদ৷
***
AKT/SH/SK/MANN
Coming together for the welfare of Nari Shakti and Yuva Shakti. Addressing the Partners’ Forum. https://t.co/yGN5KtZJmf
— Narendra Modi (@narendramodi) December 12, 2018
It is only partnerships, that will get us to our goals.
— PMO India (@PMOIndia) December 12, 2018
Partnerships between citizens
Partnerships between communities
Partnerships between countries: PM
Coming together for the welfare of Nari Shakti and Yuva Shakti. Addressing the Partners’ Forum. https://t.co/yGN5KtZJmf
— Narendra Modi (@narendramodi) December 12, 2018