Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়তে আবু ধাবিৰ ৰাজকুমাৰৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ শীৰ্ষ সন্মিলনৰ  সময়তে  আবু ধাবিৰ ৰাজকুমাৰৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ ছেপ্টেম্বৰ, ২০২৬ত ১৮সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়তে  আবু ধাবিৰ ৰাজকুমাৰ মহামহিম শ্বেখ খালেদ বিন মহম্মদৰ সৈতে বৈঠকত মিলিত হয়।

দুয়োগৰাকী নেতাই ভাৰত-সংযুক্ত আৰব আমিৰশ্বাহীৰ বিস্তৃত কৌশলগত অংশীদাৰিত্বৰ গুৰুত্বৰ কথা পুনৰ দোহাৰে। এই অংশীদাৰিত্ব শক্তিশালী ৰাজনৈতিক, সাংস্কৃতিক, বাণিজ্যিক, শক্তি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ওপৰত প্ৰতিষ্ঠিত।দুয়োগৰাকী নেতাই ২০২৬ চনৰ জানুৱাৰী মাহত সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে  কৰা ভাৰত ভ্ৰমণ আৰু মে’ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে সংযুক্ত আৰব আমিৰশ্বাহীলৈ কৰা ভ্ৰমণৰ কথা স্মৰণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত ব্ৰিকছত সংযুক্ত আৰব আমিৰশ্বাহীৰ সক্ৰিয় অংশগ্ৰহণক প্ৰশংসা কৰে। ভাৰতৰ অধ্যক্ষতা কালত ব্ৰিকছৰ ইতিবাচক ফলাফলক নেতাদ্বয়ে আদৰণি জনায় লগতে দুয়োখন দেশে ভাগ-বাটোৱাৰা কৰা স্বাৰ্থ তথা অগ্ৰাধিকাৰক আগুৱাই নিয়াৰ উপৰি  সহযোগিতা  অধিক শক্তিশালী কৰাৰ বাবে এই মঞ্চৰ জৰিয়তে ঘনিষ্ঠভাৱে কাম কৰি যাব বুলি সহমত প্ৰকাশ কৰে।দুয়োগৰাকী নেতাই বিভিন্ন খণ্ডত দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ কথা স্বীকাৰ কৰে। তেওঁলোকে সংযুক্ত আৰব আমিৰশ্বাহীৰ ইণ্টাৰনেচনেল হোল্ডিং কোম্পানী (IHC)য়ে ভাৰতৰ ওড়িশাত ১১.৫ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয়েৰে এক সংহত নতুন এলুমিনিয়াম প্ৰকল্প গঢ়ি তোলাৰ বাবে বিনিয়োগ কৰিবলৈ কৰা ঘোষণাক ইতিবাচক ঘোষণা বুলি উল্লেখ কৰে।এই প্ৰকল্পটোৱে ওড়িশাক বিশ্বৰ এক অন্যতম এলুমিনিয়াম উৎপাদন কেন্দ্ৰ হিচাপে স্থান দিব বুলি আশা কৰা হৈছে। দুয়োগৰাকী নেতাই সংযুক্ত আৰব আমিৰশ্বাহীৰ নৱতম  সাৰ্বভৌম বিনিয়োগ পুঁজি ‘লিমাদ’ (L’Imad)-এ পাৰস্পৰিক লাভৰ বাবে ভাৰত-সংযুক্ত আৰব আমিৰশ্বাহীৰ অংশীদাৰিত্বক অধিক গভীৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব  বুলি আশা প্ৰকাশ কৰে। তেওঁলোকে প্ৰতিৰক্ষা, মহাকাশ, পাৰমাণৱিক শক্তি, প্ৰযুক্তি আৰু উদ্ভাৱনকে ধৰি কৌশলগত তথা উদীয়মান ক্ষেত্ৰসমূহত দুয়োখন দেশৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰাৰ সুযোগসমূহৰ বিষয়েও আলোচনা কৰে।

নেতাগৰাকীৰ এই ভ্ৰমণে ভাৰত আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ মাজত নিয়মীয়া উচ্চপৰ্যায়ৰ নেতৃত্বৰ যোগাযোগৰ পৰম্পৰা তথা দুয়োখন দেশৰ দীৰ্ঘস্থায়ী সম্পৰ্কৰ আধাৰস্বৰূপ প্ৰজন্মগত ধাৰাবাহিকতাক পুনৰ দৃঢ় কৰিছে।

 

**********

MJPS/SS/ST/DM