Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নতুন দিল্লীত উপস্থিত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপক্ষ


আজি সন্ধিয়া নতুন দিল্লীত আহি উপস্থিত হৈছে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপক্ষ। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ সাপেক্ষে ৮ ৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়া ভ্ৰমণসূচী লৈ আজি ভাৰতত উপস্থিত হৈছে শ্ৰীলংকান প্ৰধানমন্ত্ৰীজন। উচ্চস্তৰীয় এক প্ৰতিনিধি দলৰ সৈতে ভাৰতত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীজনে ৮ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এলানি গুৰুত্বপূৰ্ণ বাৰ্তালাপত মিলিত হ’ব। প্ৰধানমন্ত্ৰীজনে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকো সাক্ষাৎ কৰাৰ উপৰি পুৱাতেই বৈদেশিক পৰিক্ৰমা মন্ত্ৰীকো সাক্ষাৎ কৰিব।

দিল্লীত তেওঁৰ আনুষ্ঠানিক বৈঠক সামৰাৰ পিছতে শ্ৰীলংকালৈ উভতি যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসী, সাৰনাথ, বোধ গয়া আৰু তিৰুপতি ভ্ৰমণ কৰিব। উল্লেখ্য যে দুয়োখন দেশৰ মাজত এলানি উচ্চ পৰ্যায়ৰ ভ্ৰমণ-বৈঠক সম্পন্ন হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপক্ষইয়ো নিৰ্বাচনত জয়লাভ কৰি ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ভাৰতক ভ্ৰমণৰ প্ৰথম স্থান হিচাপে অভিহিত কৰিছিল।

***

VRRK/ VJ/RD