পি এম ইণ্ডিয়া
কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত ডাঙৰীয়া, সাংস্কৃতিক দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিং ডাঙৰীয়া, সকলো বিদ্বান, ভদ্ৰলোক আৰু মহিলাসকল!
বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। মই মাত্ৰ কেইদিনমান পূৰ্বে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিলোঁ আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয়। বৰঞ্চ জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। আমাৰ হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ, ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্য, ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজি – জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে মই সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
বন্ধুসকল,
মেনুস্ক্ৰিপ্ট এখন প্ৰত্যক্ষ কাৰ্য্য এছোৱা সময় ভ্ৰমণৰ লেখীয়া। ইয়াৰ জৰিয়তে সাম্প্ৰতিক পৰিস্থিতি আৰু অতীতৰ পৰিস্থিতিৰ মাজৰ বিশাল পাৰ্থক্যৰ কথা অনুমান কৰিব পাৰি। আজি কীব’ৰ্ডৰ সহায়ত আমি ডিলিট আৰু সংশোধনৰ বিকল্পৰ সুবিধাৰে বিস্তৃতভাৱে লিখা-মেলা কৰিব পাৰিছোঁ আৰু প্ৰিণ্টাৰৰ জৰিয়তে এটা পৃষ্ঠাৰ হাজাৰ-হাজাৰ কপি প্ৰস্তুত কৰিব পাৰিছোঁ। মই শতিকা পূৰ্বৰ বিশ্বখনক কল্পনা কৰিবলৈ দৰ্শকসকলক আহ্বান জনাইছোঁ। সেই সময়ত আধুনিক ‘মেটেৰিয়েল’ সমল উপলব্ধ নাছিল আৰু আমাৰ পূৰ্বপুৰুষসকলে কেৱল বৌদ্ধিক সমলৰ ওপৰতেই নিৰ্ভৰ কৰিবলগীয়া হৈছিল। প্ৰতিখন চিঠি লিখাৰ সময়ত নিখুঁত মনোযোগৰ প্ৰয়োজন হৈছিল। প্ৰতিখন শাস্ত্ৰ ৰচনাৰ লগত অপৰিসীম প্ৰচেষ্টা জড়িত আছিল। সেই সময়তো ভাৰতৰ জনসাধাৰণে বিশাল পুথিভঁৰাল নিৰ্মাণ কৰিছিল, যিসমূহ বিশ্বজুৰি জ্ঞানৰ কেন্দ্ৰত পৰিণত হৈছিল। ভাৰতৰ হাতত এতিয়াও বিশ্বৰ সৰ্বাধিক মেনুস্ক্ৰিপ্ট সংগ্ৰহ আছে আৰু ভাৰতৰ হাতত প্ৰায় এক কোটি মেনুস্ক্ৰিপ্ট আছে।
বন্ধুসকল,
ইতিহাসৰ নিষ্ঠুৰ জোৱাৰত লক্ষ-লক্ষ মেনুস্ক্ৰিপ্ট ক্ষয়প্ৰাপ্ত হৈছিল আৰু হেৰাই গৈছিল। বৰ্তমানে থকা মেনুস্ক্ৰিপ্টসমূহে জ্ঞান, বিজ্ঞান, পঢ়া আৰু শিক্ষণৰ প্ৰতি আমাৰ পূৰ্বপুৰুষৰ গভীৰ সমৰ্পণৰ মনোভাৱৰ সাক্ষ্য বহন কৰে। ভোজপাত্ৰ আৰু কলপাতত (ताड़पत्र) লিখা শাস্ত্ৰ ক্ষণস্থায়ী আছিল আৰু তামৰ ফলকত লিপিবদ্ধ শব্দলৈ ধাতুৰ জাৰণৰ ভাবুকি আহিছিল। এই প্ৰত্যাহ্বানসমূহৰ মাজতো আমাৰ পূৰ্বপুৰুষসকলে শব্দক ঐশ্বৰিক বুলি শ্ৰদ্ধা কৰি ‘অক্ষৰ ব্ৰহ্ম ভৱ’-ৰ মনোভাৱেৰে সেৱা আগবঢ়াইছিল। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পৰিয়ালসমূহে এই শাস্ত্ৰ আৰু মেনুস্ক্ৰিপ্টসমূহ যত্নপূৰ্বক সংৰক্ষণ কৰি ৰাখিছিল। ইয়াৰ জৰিয়তে জ্ঞানৰ প্ৰতি থকা অপৰিসীম শ্ৰদ্ধাৰ মনোভাৱ তথা সমাজৰ প্ৰতি দায়িত্ববোধ প্ৰতিফলিত হয়। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰখনৰ প্ৰতি ভক্তিৰ মনোভাৱৰো উমান পোৱা যায়।
বন্ধুসকল,
ভাৰতৰ জ্ঞান পৰম্পৰা আজিও চহকী হৈ আছে কাৰণ ই সংৰক্ষণ, উদ্ভাৱন, সংযোজন আৰু অভিযোজন- এই চাৰিটা মূল স্তম্ভ আধাৰিত।
বন্ধুসকল,
প্ৰথমটো স্তম্ভ— সংৰক্ষণৰ বিষয়ে মই কওঁ যে ভাৰতৰ অতি প্ৰাচীন শাস্ত্ৰ বেদক ভাৰতীয় সংস্কৃতিৰ আধাৰ হিচাপে গণ্য কৰা হয়। বেদেই সৰ্বোচ্চ। ইয়াৰ পূৰ্বে মৌখিক পৰম্পৰাৰ জৰিয়তে বেদক পৰৱৰ্তী প্ৰজন্মলৈ প্ৰেৰণ কৰা হৈছিল— এই পন্থাৰ নাম আছিল ‘শ্ৰুতি’। হাজাৰ-হাজাৰ বছৰ ধৰি বেদসমূহ সম্পূৰ্ণ প্ৰামাণ্যতাৰে আৰু ভুল নোহোৱাকৈ সংৰক্ষিত হৈ আছিল। ইয়াৰ পিছত দ্বিতীয়টো স্তম্ভ— উদ্ভাৱন সম্পৰ্কে ক’ব খুজিছোঁ। ভাৰতে আয়ুৰ্বেদ, বাস্তু শাস্ত্ৰ, জ্যোতিষ আৰু ধাতুকৰ্মৰ ক্ষেত্ৰত অহৰহভাৱে উদ্ভাৱন কৰিছিল। প্ৰতিটো প্ৰজন্মই পূৰ্বৰ প্ৰজন্মতকৈ আগবাঢ়ি আহি প্ৰাচীন জ্ঞানক অধিক বিজ্ঞানসন্মত কৰি তুলিছিল। নিৰন্তৰভাৱে পণ্ডিতসকলে অৱদান আগবঢ়াইছিল আৰু নতুন জ্ঞানৰ সংযোজন ঘটিছিল। সূৰ্য্য সিদ্ধান্ত আৰু বাৰাহামী সংহিতাৰ দৰে গ্ৰন্থ হৈছে ইয়াৰ উদাহৰণ। তৃতীয়টো স্তম্ভ— সংযোজনৰ বিষয়ে মই ক’ব খুজিছোঁ যে প্ৰতিটো প্ৰজন্মই কেৱল পুৰণি জ্ঞান সংৰক্ষণ কৰাই নহয়, বৰঞ্চ নতুন অন্তৰ্দৃষ্টিৰেও অৰিহণা যোগাইছিল। মই এটা উদাহৰণ দিব খুজিছোঁ। আদি বাল্মিকী ৰামায়ণৰ পাছত আন একাধিক ৰামায়ণ ৰচনা হৈছিল। এই পৰম্পৰাৰ পৰা উদ্ভৱ হোৱা ৰামচৰিতমানসৰ দৰে গ্ৰন্থ উল্লেখনীয়। একেদৰে বেদ-উপনিষদ সন্দৰ্ভত টীকা ৰচনা কৰা হৈছিল। ভাৰতীয় আচাৰ্য্যসকলে দ্বৈত আৰু অদ্বৈতৰ দৰে ব্যাখ্যা আগবঢ়াইছিল।
বন্ধুসকল,
ভাৰতৰ জ্ঞান পৰম্পৰাৰ চতুৰ্থটো স্তম্ভ – অভিযোজনা সম্পৰ্কে মই ক’ব খোজোঁ যে সময়ৰ লগে-লগে ভাৰতে আত্ম-নিৰীক্ষণ কৰিছিল আৰু প্ৰয়োজনীয় পৰিৱৰ্তন সাধন কৰিছিল। ইয়াৰ বাবে আলোচনাত গুৰুত্ব আৰোপ আৰু শাস্ত্ৰৰ্থৰ পৰম্পৰা অব্যাহত ৰাখিব লাগিব। সমাজে পুৰণি ধাৰণাসমূহ পৰিত্যাগেৰে নতুন ধাৰণাক আকোৱালি লৈছিল। মধ্যযুগত যেতিয়া ভিন্ন সামাজিক দুষ্টতাৰ উন্মেষ ঘটিছিল, তেতিয়াই সমাজ চেতনাক জাগ্ৰত কৰা বিশিষ্ট ব্যক্তিসকলৰ জন্ম হৈছিল। এই ব্যক্তিসকলে ভাৰতৰ বৌদ্ধিক ঐতিহ্যক সংৰক্ষণ আৰু সুৰক্ষিত কৰিছিল।
বন্ধুসকল,
ৰাষ্ট্ৰীয়তাৰ আধুনিক ধাৰণাসমূহৰ বিপৰীতে ভাৰতৰ এক সুকীয়া সাংস্কৃতিক পৰিচয়, স্বকীয় চেতনা আৰু নিজস্ব আত্মা আছে। ভাৰতৰ ইতিহাস কেৱল বংশগত বিজয় আৰু পৰাজয়ৰ অভিলেখ নহয়। সময়ৰ লগে-লগে ৰাজকীয় ৰাজ্য আৰু ৰাজ্যৰ ভূগোল সলনি হৈছে যদিও হিমালয়ৰ পৰা ভাৰত মহাসাগৰলৈকে ভাৰত অক্ষত অৱস্থাত আছে। ভাৰত নিজেই ইয়াৰ ধাৰণা, আদৰ্শ আৰু প্ৰমূল্যবোধৰে গঢ়া এক জীৱন্ত ধাৰা। ভাৰতৰ প্ৰাচীন মেনুস্ক্ৰিপ্টসমূহে এই সভ্যতামূলক যাত্ৰাৰ অবিৰত প্ৰবাহকে প্ৰতিফলিত কৰে। এই মেনুস্ক্ৰিপ্টসমূহো বৈচিত্ৰ্যৰ ঐক্যৰ মূৰ্ত প্ৰকাশ। সমগ্ৰ দেশতে প্ৰায় ৮০ টা ভাষাত মেনুস্ক্ৰিপ্ট আছে। এই ক্ষেত্ৰত সংস্কৃত, প্ৰাকৃত, অসমীয়া, বাংলা, কানাড়া, কাশ্মীৰী, কংকানী, মৈথিলী, মালয়ালম আৰু মাৰাঠী ভাষা উল্লেখনীয়। গিলগিত মেনুস্ক্ৰিপ্টসমূহে কাশ্মীৰৰ প্ৰামাণিক ঐতিহাসিক অন্তৰ্দৃষ্টি প্ৰদান কৰে। কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ মেনুস্ক্ৰিপ্টখনে ভাৰতৰ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ গভীৰ বুজাবুজি প্ৰকট কৰি তোলে। আচাৰ্য্য ভদ্ৰবাহুৰ কল্পনাসূত্ৰ মেনুস্ক্ৰিপ্টত জৈন ধৰ্মৰ প্ৰাচীন প্ৰজ্ঞা সুৰক্ষিত হৈছে আৰু সাৰনাথৰ পৰা পোৱা মেনুস্ক্ৰিপ্টসমূহত ভগৱান বুদ্ধৰ শিক্ষা সন্নিবিষ্ট হৈছে। ৰসমঞ্জৰী আৰু গীতগোবিন্দৰ দৰে মেনুস্ক্ৰিপ্টসমূহে ভক্তি, সৌন্দৰ্য্য, সাহিত্যৰ বৈচিত্ৰ্যপূৰ্ণ ৰং সংৰক্ষণ কৰি ৰাখিছে।
বন্ধুসকল,
ভাৰতৰ মেনুস্ক্ৰিপ্টত সমগ্ৰ মানৱ জাতিৰ বিকাশ যাত্ৰাৰ পদাংক বিদ্যমান। এই মেনুস্ক্ৰিপ্টসমূহে দৰ্শন আৰু বিজ্ঞানক সামৰি লৈছে। ইয়াত চিকিৎসা আৰু আধ্যাত্মিকতা অন্তৰ্ভুক্ত হৈছে আৰু লগতে শিল্প, জ্যোতিৰ্বিজ্ঞান, স্থাপত্যৰ জ্ঞানকো সংৰক্ষণ কৰা হৈছে। গণিতৰ পৰা বাইনাৰী ভিত্তিক কম্পিউটাৰ বিজ্ঞানলৈকে আধুনিক বিজ্ঞানৰ ভেটি শূন্যৰ ধাৰণাটোৰ ওপৰতে নিৰ্ভৰশীল। শূন্যৰ আৱিষ্কাৰ ভাৰতত হৈছিল। বখশালি মেনুস্ক্ৰিপ্টত শূন্য আৰু গাণিতিক সূত্ৰৰ প্ৰাচীন ব্যৱহাৰৰ প্ৰমাণ পোৱা গৈছে। যশোমিত্ৰৰ বাৱাৰ মেনুস্ক্ৰিপ্টে শতিকা পুৰণি চিকিৎসা বিজ্ঞানৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে। চৰক সংহিতা আৰু সুশ্ৰুত সংহিতাৰ দৰে গ্ৰন্থৰ মেনুস্ক্ৰিপ্টে আজিও আয়ুৰ্বেদৰ জ্ঞান সংৰক্ষণ কৰি ৰাখিছে। সুলৱ সূত্ৰই প্ৰাচীন জ্যামিতিক জ্ঞান প্ৰদান কৰে, আনহাতে কৃষি পৰাশৰে পৰম্পৰাগত কৃষি জ্ঞানৰ তথ্য প্ৰদান কৰে। নাট্য শাস্ত্ৰৰ দৰে গ্ৰন্থৰ মেনুস্ক্ৰিপ্টে মানুহৰ আৱেগিক বিকাশৰ যাত্ৰা বুজিবলৈ সহায় কৰে।
বন্ধুসকল,
প্ৰতিখন ৰাষ্ট্ৰই স্বকীয় ঐতিহাসিক সমলৰাজিক সভ্যতাৰ মহত্ত্বৰ প্ৰতীক হিচাপে বিশ্বৰ আগত তুলি ধৰে। দেশসমূহে এটা মাত্ৰ মেনুস্ক্ৰিপ্ট বা শিল্পকৰ্মকো জাতীয় সম্পদ হিচাপে সংৰক্ষণ কৰে। ভাৰতত মেনুস্ক্ৰিপ্টৰ অসীম সমল আছে, যিসমূহ ৰাষ্ট্ৰীয় গৌৰৱৰ বিষয়। মই মোৰ কুৱেইট ভ্ৰমণৰ অভিজ্ঞতা ব্যক্ত কৰিব খুজিছোঁ। এই ভ্ৰমণৰ সময়ছোৱাত মই এগৰাকী ভদ্ৰলোকক লগ পাইছিলোঁ। তেওঁৰ হাতত ভাৰতৰ প্ৰাচীন সামুদ্ৰিক বাণিজ্যিক পথৰ বিশদ বিৱৰণী তথা ঐতিহাসিক নথি-পত্ৰৰ বিস্তৃত সংগ্ৰহ আছিল। ভদ্ৰলোকজনে পৰম গৌৰৱেৰে মোৰ ওচৰলৈ আহি শতিকা পূৰ্বে ভাৰতে কেনেকৈ সাগৰভিত্তিক বাণিজ্য সম্পন্ন কৰিছিল, সেই কথা প্ৰদৰ্শন কৰা সমলসমূহ দেখুৱাইছিল। এনে সংগ্ৰহসমূহে ভাৰতৰ বৈশ্বিক সংযোগৰ গভীৰতাকে প্ৰতিফলিত কৰে। এনেদৰে সিঁচৰতি হৈ থকা সমলৰাজি সংৰক্ষণ আৰু সম্প্ৰসাৰিত ৰাষ্ট্ৰীয় প্ৰচেষ্টাক একত্ৰিতকৰণৰ প্ৰয়োজন আছে। এই অভিলেখসমূহ— যি স্থানতেই পোৱা যায়—ভাৰতৰ সভ্যতাবাদী ঐতিহ্যৰ অংশ হিচাপে নথিভুক্ত, ডিজিটাইজ আৰু উদযাপন কৰিব লাগিব। আজি ভাৰতে বিশ্বৰ আস্থা অৰ্জন কৰিছে। আজি ৰাষ্ট্ৰসমূহে ভাৰতক সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা আৰু সন্মানৰ বাবে সঠিক স্থান হিচাপে গণ্য কৰে। পূৰ্বে মাত্ৰ কেইটামান চুৰি ভাৰতীয় মূৰ্তিহে ঘূৰাই দিয়া হৈছিল। কিন্তু এতিয়া শ-শ প্ৰাচীন মূৰ্তি ঘূৰাই অনা হৈছে। এনে প্ৰত্যাৱৰ্তন কাৰ্য্য কেৱল আৱেগ বা সহানুভূতিৰেই পৰিচালিত নহয়, বৰঞ্চ আত্মবিশ্বাসৰ দ্বাৰাহে সম্পন্ন হৈছে। ভাৰতে এনে সাংস্কৃতিক প্ৰমূল্যক মৰ্য্যাদা সহকাৰে সংৰক্ষণ আৰু উন্নীত কৰিব বুলি আত্মবিশ্বাস জন্মিছে। ভাৰত বিশ্বৰ দৃষ্টিত ঐতিহ্যৰ এক বিশ্বাসযোগ্য ৰক্ষক হৈ পৰিছে। মোৰ মংগোলিয়া ভ্ৰমণৰ সময়ছোৱাত মই বৌদ্ধ সন্ন্যাসীসকলৰ সৈতে মত-বিনিময় কৰিছিলোঁ আৰু তেওঁলোকৰ চহকী মেনুস্ক্ৰিপ্ট সংগ্ৰহ কাৰ্য্য পৰ্য্যবেক্ষণ কৰিছিলোঁ। সেই মেনুস্ক্ৰিপ্টসমূহৰ সন্দৰ্ভত কাম কৰাৰ অনুমতি বিচাৰিছিলোঁ, যিসমূহক তাৰ পিছত ভাৰতলৈ আনি ডিজিটাইজ কৰা হৈছিল আৰু সন্মান-সহকাৰে ঘূৰাই দিয়া হৈছিল। সেই মেনুস্ক্ৰিপ্টসমূহ এতিয়া মংগোলিয়াৰ বাবে এক বহুমূলীয়া উত্তৰাধিকাৰ হৈ পৰিছে।
বন্ধুসকল,
ভাৰত এতিয়া এই ঐতিহ্যকে বিশ্বৰ আগত গৌৰৱেৰে উপস্থাপন কৰিবলৈ সাজু হৈছে। জ্ঞান ভাৰতম অভিযান উক্ত মহান পদক্ষেপৰ এক গুৰুত্বপূৰ্ণ অংগ। সমগ্ৰ দেশৰ অসংখ্য প্ৰতিষ্ঠানে জনসাধাৰণৰ অংশগ্ৰহণৰ মনোভাৱেৰে চৰকাৰৰ সৈতে কাম কৰি আছে। কাশী নাগৰী প্ৰচাৰিনী সভা, এছিয়াটিক ছ’চাইটি অৱ কলকাতা, উদয়পুৰৰ ‘ধৰোহৰ’, কোবা, গুজৰাটৰ আচাৰ্য্য শ্ৰী কৈলাশুৰি জ্ঞানমন্দিৰ, হৰিদ্বাৰৰ পতঞ্জলি, পুনেৰ ভাণ্ডাৰকাৰ অৰিয়েন্টেল ৰিচাৰ্চ ইনষ্টিটিউট আৰু থাঞ্জাভুৰৰ সৰস্বতী মহল পুথিভঁৰালৰ নাম উল্লেখনীয়। এনে শ-শ প্ৰতিষ্ঠানৰ সহযোগত এই পৰ্য্যন্ত দহ লাখৰো অধিক মেনুস্ক্ৰিপ্ট ডিজিটাইজ কৰা হৈছে। একাধিক নাগৰিক নিজৰ হাতত থকা এনে ঐতিহাসিক সমলৰাজিক ৰাষ্ট্ৰখনৰ বাবে উপলব্ধ কৰিবলৈ আগবাঢ়ি আহিছে আৰু এই সকলো প্ৰতিষ্ঠানৰ প্ৰতি তথা এনে প্ৰতিগৰাকী নাগৰিকলৈ মই কৃতজ্ঞতা জনালোঁ।
বন্ধুসকল,
ভাৰতে কেতিয়াও মুদ্ৰা শক্তিৰে স্বকীয় জ্ঞানৰ পৰিমাপ কৰা নাই। জ্ঞানেই সৰ্বোচ্চ দান। প্ৰাচীন কালত ভাৰতৰ জনসাধাৰণে উদাৰতাৰ মনোভাৱেৰে মেনুস্ক্ৰিপ্ট দান কৰিছিল। চীনা পৰিব্ৰাজক হিউৱেন ছাঙে ভাৰত ভ্ৰমণ কৰোঁতে তেওঁ ছশৰো অধিক মেনুস্ক্ৰিপ্ট নিছিল। এনে বহু ভাৰতীয় মেনুস্ক্ৰিপ্ট চীনৰ পৰা জাপান পাইছিলগৈ। সপ্তম শতিকাত এনে মেনুস্ক্ৰিপ্টসমূহ জাপানৰ হৰ্যু-জী মনেষ্ট্ৰীত ৰাষ্ট্ৰীয় সম্পদ হিচাপে সংৰক্ষিত হৈছিল। আজিও বিশ্বৰ বহু দেশত ভাৰতৰ প্ৰাচীন মেনুস্ক্ৰিপ্ট আছে। জ্ঞান ভাৰতম অভিযানৰ অধীনত ভাৰতেও মানৱতাৰ এই উমৈহতীয়া ঐতিহ্যক একত্ৰিত কৰিবলৈ চেষ্টা কৰিব।
বন্ধুসকল,
জি-২০ ৰ সাংস্কৃতিক আলোচনাৰ সময়ত ভাৰতে উক্ত প্ৰচেষ্টা গ্ৰহণৰ কথা সদৰী কৰিছিল। ভাৰতৰ সৈতে শতিকা পুৰণি সাংস্কৃতিক সম্পৰ্ক থকা দেশসমূহে এই অভিযানত সক্ৰিয়ভাৱে জড়িত হৈ আছে। মংগোলীয় কাঞ্জুৰৰ পুনৰ ছপা খণ্ড মংগোলিয়াৰ ৰাষ্ট্ৰদূতক উপহাৰ দিয়া হৈছে। ২০২২-ত এই ১০৮ টা খণ্ড মংগোলিয়া আৰু ৰাছিয়াৰ মনেষ্ট্ৰীসমূহতো বিতৰণ কৰা হৈছিল। ভাৰতে থাইলেণ্ড আৰু ভিয়েটনামৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত কৰিছে। এই দেশসমূহৰ পণ্ডিতসকলক প্ৰাচীন মেনুস্ক্ৰিপ্টসমূহ ডিজিটাইজ কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এই প্ৰচেষ্টাসমূহৰ ফলস্বৰূপে পালি, লন্না, চাম ভাষাৰ কেইবাখনো মেনুস্ক্ৰিপ্ট ডিজিটাইজ কৰা হৈছে। জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে ভাৰতে এই পদক্ষেপসমূহক অধিক সম্প্ৰসাৰিত কৰিব।
বন্ধুসকল,
জ্ঞান ভাৰতম অভিযানো এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। ভাৰতৰ পৰম্পৰাগত জ্ঞান ব্যৱস্থাৰ অসংখ্য উপাদান— যিসমূহ শতিকাজুৰি ব্যৱহৃত হৈ আহিছে— প্ৰায়ে আনৰ দ্বাৰা নকল আৰু পেটেন্ট কৰা হৈছিল। এনে ধৰণৰ পাইৰেচী ৰোধ কৰাটো প্ৰয়োজনীয়। ডিজিটেল মেনুস্ক্ৰিপ্টে এনে অপব্যৱহাৰক প্ৰতিহতকৰণৰ প্ৰচেষ্টাক ত্বৰান্বিত কৰিব আৰু বৌদ্ধিক পাইৰেচী নিয়ন্ত্ৰণত সহায় কৰিব। বিশ্বই ভিন্ন বিষয়ৰ মাজেৰে প্ৰামাণিক আৰু মৌলিক উৎসৰ সুবিধা লাভ কৰিব।
বন্ধুসকল,
জ্ঞান ভাৰতম অভিযানৰ আন এক গুৰুত্বপূৰ্ণ মাত্ৰা আছে। গৱেষণা আৰু উদ্ভাৱনৰ নতুন ক্ষেত্ৰসমূহ মুকলিত ইয়াৰ ভূমিকা উল্লেখযোগ্য। বিশ্ব সাংস্কৃতিক আৰু সৃষ্টিশীল উদ্যোগৰ মূল্য প্ৰায় ২.৫ ট্ৰিলিয়ন ডলাৰ। ডিজিটাইজড মেনুস্ক্ৰিপ্টে এই উদ্যোগৰ মূল্য শৃংখলত অৰিহণা যোগাব। এনে কোটি-কোটি মেনুস্ক্ৰিপ্ট আৰু ইয়াত নিহিত হৈ থকা প্ৰাচীন জ্ঞানে এক বিশাল ডাটা বেংক হিচাপে কাম কৰিব, ইয়াৰ দ্বাৰা তথ্য-চালিত উদ্ভাৱনে এক নতুন উদ্দীপনা লাভ কৰিব। টেক ক্ষেত্ৰত যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ উন্মেষ ঘটিব। মেনুস্ক্ৰিপ্ট ডিজিটাইজেচনৰ অগ্ৰগতিৰ লগে-লগে শৈক্ষিক গৱেষণাৰ বাবেও নতুন সম্ভাৱনা মুকলি হ’ব।
বন্ধুসকল,
উক্ত ডিজিটাইজড মেনুস্ক্ৰিপ্টসমূহ সুচলতাৰে অধ্যয়ন কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগিব। এআই-ৰ সহায়ত প্ৰাচীন মেনুস্ক্ৰিপ্টসমূহক অধিক গভীৰভাৱে বুজিব পৰা যায় আৰু অধিক ব্যাপকভাৱে বিশ্লেষণ কৰিব পৰা যায়। এই মেনুস্ক্ৰিপ্টসমূহত থকা জ্ঞানসমূহ প্ৰামাণিক আৰু প্ৰভাৱশালীভাৱে বিশ্বৰ আগত উপস্থাপনৰ ক্ষেত্ৰতো এআয়ে সহায় কৰিব পাৰে।
বন্ধুসকল,
মই ৰাষ্ট্ৰখনৰ সকলো যুৱক-যুৱতীকে আগবাঢ়ি আহি জ্ঞান ভাৰতম অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। তেওঁলোকে প্ৰযুক্তিৰ জৰিয়তে অতীতক অন্বেষণ কৰিব বুলি আশা ৰাখিলোঁ। এই জ্ঞানক প্ৰমাণভিত্তিক পৰিমাপত মানৱ জাতিৰ বাবে সুলভ কৰি তুলিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব। মই সমগ্ৰ দেশৰ বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহকো এই দিশত নতুন পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ। আজি স্বদেশী মনোভাৱ আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পৰে সমগ্ৰ ৰাষ্ট্ৰখন অগ্ৰসৰ হৈছে। এই অভিযান উক্ত ৰাষ্ট্ৰীয় মনোভাৱৰে সম্প্ৰসাৰিত ৰূপ। ভাৰতে স্বকীয় ঐতিহ্যক নিজৰ শক্তিৰ প্ৰতীকলৈ ৰূপান্তৰিত কৰিব লাগিব। জ্ঞান ভাৰতম অভিযান ভৱিষ্যৎ দিনলৈ এক নতুন অধ্যায়ৰ আৰম্ভণি হ’ব বুলি মই বিশ্বাসী।
সকলোকে ধন্যবাদ জনালোঁ।
***
MJPS/VJ/SS/SB
Addressing the International Conference on #GyanBharatam in Delhi. The initiative focuses on preserving, digitising and popularising India's manuscript heritage. https://t.co/NOoPBkEZRg
— Narendra Modi (@narendramodi) September 12, 2025
#GyanBharatam Mission is set to become the voice of India's culture, literature and consciousness. pic.twitter.com/zanqx4stxs
— PMO India (@PMOIndia) September 12, 2025
Today, India has the world's largest collection of about one crore manuscripts. pic.twitter.com/vnSXJAa2Kc
— PMO India (@PMOIndia) September 12, 2025
Throughout history, crores of manuscripts were destroyed, but the ones that remain show how devoted our ancestors were to knowledge, science and learning. pic.twitter.com/pQQ0JnlRv5
— PMO India (@PMOIndia) September 12, 2025
India's knowledge tradition is built on four pillars... pic.twitter.com/10gpfDBOrA
— PMO India (@PMOIndia) September 12, 2025
India's history is not just about the rise and fall of dynasties. pic.twitter.com/792omip0Tq
— PMO India (@PMOIndia) September 12, 2025
India is itself a living stream, shaped by its ideas, ideals and values. pic.twitter.com/WKUev33svO
— PMO India (@PMOIndia) September 12, 2025
India's manuscripts contain footprints of the development journey of the entire humanity. pic.twitter.com/zAat3MzdQn
— PMO India (@PMOIndia) September 12, 2025
भारत की प्राचीन पांडुलिपियां हमारी गौरवशाली विरासत का जीवंत प्रतीक हैं। इन्हें डिजिटल रूप में संरक्षित करने की ऐतिहासिक पहल से हमारी समृद्ध संस्कृति को वैश्विक मंच पर एक नई पहचान मिलने वाली है। pic.twitter.com/iAgIewhq3t
— Narendra Modi (@narendramodi) September 12, 2025
'ज्ञान भारतम्' देश की भावी पीढ़ियों के साथ ही विश्व को भारत का एक अनमोल उपहार है। नई दिल्ली में इससे जुड़े अंतर्राष्ट्रीय सम्मेलन का हिस्सा बनकर बहुत प्रसन्नता हुई है। pic.twitter.com/w33D6JOzJS
— Narendra Modi (@narendramodi) September 12, 2025
हमारे पूर्वजों ने शब्दों को ईश्वर मानकर जिस प्रकार प्राचीन पांडुलिपियों को सहेजा, उससे पता चलता है कि हमारी संस्कृति के संरक्षण को लेकर उनकी चिंता कितनी गहरी थी। pic.twitter.com/KuAnPSkV2w
— Narendra Modi (@narendramodi) September 12, 2025
भारत की ज्ञान परंपरा आज भी इतनी समृद्ध इसलिए है, क्योंकि इसकी नींव मुख्य रूप से इन 4 पिलर्स पर आधारित है… pic.twitter.com/lfEv8Lc56a
— Narendra Modi (@narendramodi) September 12, 2025
हमारे लिए यह अत्यंत गर्व की बात है कि भारत के पास Manuscripts का बहुत बड़ा खजाना है। ज्ञान भारतम् मिशन इसे विश्व के सामने लाने का एक बड़ा जरिया है। pic.twitter.com/uGFiIpQggb
— Narendra Modi (@narendramodi) September 12, 2025
Manuscripts को Digitise करने के हमारे प्रयासों से भारत की Traditional Knowledge की Piracy पर भी लगाम लगेगी। pic.twitter.com/L0F1oRY5Wd
— Narendra Modi (@narendramodi) September 12, 2025
Digitised Manuscripts का अध्ययन करने के लिए हमें AI जैसी नई टेक्नोलॉजी का उपयोग भी बढ़ाना होगा। इस दिशा में अपने युवा साथियों से मेरा यह विशेष आग्रह… pic.twitter.com/St1A911siK
— Narendra Modi (@narendramodi) September 12, 2025