Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নতুন দিল্লীত বুদ্ধ জয়ন্তী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উদ্ধোধনী ভাষণৰ অসমীয়া অনুবাদ

নতুন দিল্লীত বুদ্ধ জয়ন্তী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উদ্ধোধনী ভাষণৰ অসমীয়া অনুবাদ

নতুন দিল্লীত বুদ্ধ জয়ন্তী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উদ্ধোধনী ভাষণৰ অসমীয়া অনুবাদ

নতুন দিল্লীত বুদ্ধ জয়ন্তী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উদ্ধোধনী ভাষণৰ অসমীয়া অনুবাদ


 

মোৰ মন্ত্ৰী পৰিষদৰ সতীৰ্থ ড০ মহেশ শৰ্মা ডাঙৰীয়া, কিৰেণ ৰিজিজু ডাঙৰীয়া, আন্তঃৰাষ্ট্ৰীয় বুদ্ধিষ্ট ফাউণ্ডেছনৰ সচিব ড০ ধম্মপিয়া ডাঙৰীয়া, দেশৰ বিভিন্ন স্থানৰ পৰা অহা তীৰ্থযাত্ৰীৰ লগতে ভদ্ৰ পুৰুষ-মহিলাসকল!

যেতিয়া হাজাৰ হাজাৰ লোকে একেলগে এফাঁকি মন্ত্ৰ জপ কৰে, তেতিয়া এক শক্তি উৎপন্ন হয় বুলি আমি বিশ্বাস কৰোযেতিয়া আমি চকু মেলো, আমি ইজনে সিজনক দেখা পাওঁ; কিন্তু একে সময়তে ভগৱান বুদ্ধৰ নাম প্ৰতিক্ষণতে আমাৰ মনত গুঞ্জৰিত হৈ থাকে।

ভগৱান বুদ্ধৰ প্ৰতি এই সমৰ্পনক কেতিয়াও শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।

মানুহ যিমানে মন্ত্রৰ দ্বাৰা মুগ্ধ হয়, আমি সিমানেই বুদ্ধৰ প্ৰতি বিমুগ্ধ হওঁমোৰ সৌভাগ্য যে আজি বুদ্ধ পূর্ণিমাৰ এই পবিত্র দিনত আপোনালোকৰ মাজলৈ অহাৰ উপৰি বিশেষকৈ সকলো ধর্মগুৰুৰ আশীর্বাদ গ্রহণৰ সৌভাগ্য হৈছে।

 

কিছু সময়ৰ আগতে আমাৰ মহেশ শর্মা ডাঙৰীয়া আৰু কিৰেণ ৰিজিজু ডাঙৰীয়াই কৈছে যে দ্বিতীয়বাৰলৈ মই ইয়ালৈ আহিছোযোৱা বছৰো আহিলোহেতেন, কিন্তু তেতিয়া এই পুণ্য দিনটোত শ্রীলংকাত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় সমাৰোহৰ মুখ্য অতিথি হিচাপে মোক আমন্ত্রণ জনালেযোৱা বাৰ শ্রীলংকাৰ জনসাধাৰণ, সেই দেশৰ চৰকাৰ আৰু সমগ্ৰ বিশ্বৰ বিভিন্ন ঠাইৰ পৰা সমবেত হোৱা বৌদ্ধ ধর্মগুৰুসকলৰ মাজলৈ যোৱাৰ সৌভাগ্য হৈছিল।

 

আমি সকলোৱেই ব্যস্ত মানুহ, সকলোৰে বিভিন্ন দায়িত্ব আছে। কিন্তু এই ব্যস্ততাৰ মাজতো জীৱনৰ অলপ সময় ভগৱান বুদ্ধৰ নামজপ কৰিলে আমি ধন্য হব পাৰো। কিন্তু ইয়াতিসকল ধর্মগুৰু আৰু ভিক্ষুকবৃন্দক দেখিছো, তেওঁলোকেতো নিজৰ গোটেই জীৱন বুদ্ধৰ কৰুণাৰ বাৰ্তা প্রচাৰৰ দায়িত্বত স্ব-ইচ্ছাৰে নিয়োজিত হৈ আছেতেওঁলোকে নিজেও ভগৱান বুদ্ধই দেখুওৱা পথেৰে জীৱন-যাপন কৰে। আজি আমি এই উপলক্ষে বিশ্বজুৰি ভগৱান বুদ্ধৰ বার্তা প্ৰেৰণ কৰি, মহামানৱ গৰাকীক সাদৰ প্রণাম জনাইছো আপোনালোক দেশৰ বিভিন্ন প্রান্তৰ পৰা আহিছে। আপোনালোককো আন্তৰিক অভিনন্দন জনাইছো। যিবোৰ সংস্থা আৰু ব্যক্তি বুদ্ধৰ দ্বাৰা প্রদর্শিত পথত মানৱকল্যাণৰ বিশেষ কাম কৰি আহিছে, আজি এই মঞ্চৰ পৰা তেওঁলোকৰ একাংশক সন্মান প্রদর্শনৰো মোৰ সৌভাগ্য হৈছে। মই তেওঁলোকৰ সকলো প্রচেষ্টাৰ বাবে সাদৰ অভিনন্দন জনাইছো আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জল কামনা কৰিছো। বিশেষকৈ, সাৰনাথৰ চেণ্ট্ৰেল ইনষ্টিটিউট অৱ হায়াৰ টিবেটান ষ্টাডিজ আৰু বুদ্ধগয়াৰ অল ইণ্ডিয়া ভিক্ষুক সংঘই এই মহার্ঘ্য বৈশাখ সন্মান প্রাপ্তিৰ বাবে মই বহুত বহুত অভিনন্দন জনাইছো।

 

বন্ধুসকল,

 

গোটেই বিশ্বতে এই ভূ-খণ্ড, আমাৰ ভাৰতে যি অমূল্য মহাদেশৰ সাংস্কৃতিক উত্তৰাধিকাৰৰ দায়িত্ব বহন কৰি আহিছে, সেয়া অতুলনীয়। বিশ্বৰ অন্যান্য অঞ্চলৰ ঐতিহ্যত এনে সমৃদ্ধি খুব কমেই দেখিবলৈ পোৱা যায়।

 

গৌতম বুদ্ধৰ জন্ম, তেওঁৰ শিক্ষা, তেওঁ মহানির্বাণক লৈ সহস্রাধিক বছৰ ধৰি বহু কথাই কোৱা হৈছে, বহু লেখা-মেলা হৈছেবর্তমান প্রজন্মৰ সৌভাগ্য যে গতানুগতিক প্রতিৱন্ধকতা সত্ত্বেও সেই সকলো লেখাৰ বহুতেই আজিও অক্ষত অৱস্থাত আছে।

 

আজি আমি ইয়াৰ বাবে গৌৰৱ কৰিব পাৰো যে ভাৰত ভূমিৰ পৰা যিমান দর্শন বিশ্বত জনপ্রিয় হৈছে, তাৰ অধিকাংশ ধাৰণাই কেৱল মানৱকল্যাণ, বিশ্বৰ সমস্ত জীৱৰ কল্যাণ, প্রকৃতিৰ কল্যাণতে নিহীত। বিশ্ব কল্যাণক কেন্দ্র কৰি ৰচিত এই মতবাদসমূহে কেতিয়াও এনে আন জনপ্রিয় মতবাদক অতিক্রম কৰা নাই। আপোন-পৰৰ কোনো ভেদাভেদ ৰখা নাই। তেওঁলোকৰ মনত মোৰ বিচাৰধাৰা আৰু তোমাৰ বিচাৰধাৰাৰ মাজত কোনো বৈষম্য নাছিল, মোৰ ঈশ্বৰ আৰু তোমাৰ ঈশ্বৰৰ মাজতো কোনো শত্ৰুতা নাছিল।

 

মই গর্বিত যে ভাৰতীয় মহাপুৰুষসকলে এই সকলো বিচাৰধাৰা সমগ্র মানৱজাতিৰ হিতক প্রাধান্য দি আগুৱাই গৈছে। কিন্তু কোনেও কোৱা নাই যে তুমি মোৰ লগত আহা, তেতিয়া কেৱল তোমাৰ ভাল হগৌতম বুদ্ধৰ দর্শনে এই মতবাদসমূহৰ মাজত এক নতুন চেতনা জাগ্ৰত কৰাৰ সমান্তৰালভাৱে এছিয়াৰ বিভিন্ন দেশত আজিও ৰাষ্ট্রীয় চৰিত্র গঠনত নতুনকৈ পৰিভাষিত হৈছে

 

বন্ধুসকল,

 

এয়াই আমাৰ এই ভূমিৰ বৈশিষ্ট্য, যাৰবাবে আমাৰ দেশৰ জনসাধাৰণে বুকু ফুলাই কব পাৰে, বিশ্ববাসীৰ চকুত চকু থৈ কব পাৰে যে আমাৰ সংস্কৃতি, আমাৰ ইতিহাস আৰু আমাৰ পৰম্পৰা সাক্ষী যে ভাৰতে কেতিয়াও আনক আক্রমণ নকৰে। হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ সংস্কৃতি মৌলিক দার্শনিক ভিত্তিয়েই আমাৰ এই পথত আগুৱাই লৈ গৈছে।

 

বন্ধুসকল,

 

সিদ্ধার্থৰ পৰা গৌতম বুদ্ধ হৈ উঠাৰ যাত্ৰা, কেৱল নির্বাণপ্রাপ্তিৰ যাত্ৰা নহয়, এই যাত্ৰাই এই সত্যকে প্ৰতিপন্ন কৰে যে যি নিজৰ জ্ঞান, ধন-সম্পদেৰে আনৰ দুখ-বেদনা লাঘৱৰ কৰা কথা ভাবে, তেৱেই বুদ্ধৰ দ্বাৰা প্রদর্শিত পথত আগুৱাই যাব পাৰে আৰু এদিন তেৱেঁই বুদ্ধত্ব লাভ কৰে।

 

বুদ্ধ পূর্ণিমাত আমি প্রতি মুহূর্তত কৰুণা আৰু মৈত্রীৰ বাণীসমূহ স্মৰণ কৰিম। আজি যিবোৰ হিংসা, সন্ত্রাসবাদ, জাতিবাদ আৰু উত্তৰাধিকাৰবাদৰ ঘটনা সংঘটিত হৈছে, সেইবোৰে বুদ্ধৰ বার্তাক কলা মেঘৰ দৰে ঢাকিব বিচাৰিছে, তেতিয়া এই কৰুণা আৰু মৈত্রীৰ বার্তা আৰু অধিক প্রাসংগিক, প্রয়োজনীয় আৰু গুৰুত্বপূর্ণ হৈ উঠিছেযিসকলে আনক হিংসা, ঘৃণা আৰু ধ্বংসৰ উদ্দেশ্য লৈ আক্রমণ কৰে, তেওঁলোক প্ৰকৃততে মানুহ নহয়যিসকলে ঘৃণা, হিংসা আৰু অন্যায়ক মৈত্রী আৰু কৰুণাৰে জয় কৰিব পাৰে, তেওঁলোকেই প্রকৃতাৰ্থত মানুহ

 

যিসকলে নিজৰ ক্রুদ্ধ মনক শান্ত বুদ্ধৰ ধ্যানেৰে জিনিব পাৰে, তেওঁলোকেই সফল হয়, অমৰ হয়সত্য আৰু কৰুণাৰ মিলনেই এজন লোকৰ মনত বুদ্ধক অংকুৰিত কৰে, ধ্যানস্থ কৰি তোলে। বুদ্ধৰ অর্থ হহিংসাশ্রয়ী মনক ক্রদ্ধ স্থিতিৰ পৰা শুদ্ধ অন্তঃকৰণেৰে স্থিতাৱস্থালৈ লৈ যোৱাকোনো সমাজ, জাতি, বর্ণ, ভাষা ইত্যাদিক লৈ মানুহৰ মাজত যাতে বৈষম্য সৃষ্টি নকৰেএই বাৰ্তা আকৌ বুদ্ধৰ বার্তা নহয়, এয়া ভাৰতৰ বার্তা নহয়, ইহুদি সমাজত, পাৰ্ছি সমাজত হাজাৰ হাজাৰ বছৰ ধৰি এই ঐতিহ্য বৰ্তি আছে। আমাৰ মন, অস্থি আৰু ৰক্ত যেনেকৈ শৰীৰৰ অবিভাজ্য অংগ, তেনেকৈয়ে সমাজৰ প্রত্যেকজন লোকক ভেদ-ভাব নাইকিয়াকৈ আপোন কৰি লোৱাৰ দর্শন যুগ যুগ ধৰি বিশ্বৰ বিভিন্ন প্রান্তত মানৱ সভ্যতাক ঋদ্ধ কৰি আহিছে। গৌতম বুদ্ধই সেই সাম্য, সমদৃষ্টি আৰু সংঘ ভাৱকে মৈত্রী আৰু কৰুণাৰ বাণীলৈ ৰূপান্তৰিত কৰি সমগ্ৰ বিশ্বতে সর্বাধিক লোক গ্ৰহণযোগ্য মহাপুৰুষ হৈ পৰিলএই দর্শনত উদ্ধুদ্ধ হৈ বাবাচাহেব আম্বেদকাৰেও বুদ্ধৰ প্রদর্শিত পথ অনুসৰণ কৰিছিল।

 

আজি বিশ্বত ভাৰতৰ সর্বশ্রেষ্ঠ পৰিচয় আমাৰ ভৌতিক উন্নতিৰ সমান্তৰালভাৱে বুদ্ধৰ দেশ হিচাপেও আছেআমাৰ দেশৰ পবিত্র ভূমিৰ পৰা নিঃসৃতধর্মম স্মৰণম গচ্ছামি, বুদ্ধম স্মৰণম গচ্ছামি, সংঘম স্মৰণম গচ্ছামিবাণীয়ে গোটেই বিশ্বত মানৱতাবাদৰ মন্ত্র হৈ উঠিছে। সেইবাবে বুদ্ধ পূর্ণিমাৰ আটাইতকৈ ডাঙৰ বার্তা হআনক সলনি কৰাৰ আগতে নিজকে সলনি কৰা আৰম্ভ কৰা, তুমিও বুদ্ধ হৈ উঠিবা, বাহিৰৰ সকলো দেখাৰ আগতে ভিতৰৰ যুঁজখনক জয় কৰক, তেতিয়াহে তুমিও বুদ্ধ হৈ উঠিবঅপো দীপঃ আপ ভবঃ’– নিজৰ মনৰ আলোক অনুসন্ধান কৰক, তেতিয়াহে তুমিও বুদ্ধ হৈ উঠিবা

 

ভগৱান বুদ্ধই সদায় চিত্তৰ শান্তি আৰু হৃদয়ৰ কৰুণাৰ প্রেৰণা যোগায়সাম্য, ন্যায়, স্বাধীনতা আৰু মানৱাধিকাৰ- এইবোৰ আজিৰ গণতান্ত্রিক বিশ্বৰ প্রধান উপাদান। কিন্তু এইবোৰৰ সম্পর্কে ভগৱান বুদ্ধই আজিৰ পৰা আঢ়ৈ হাজাৰ বছৰৰ আগতে অতি স্পষ্ট বার্তা দি গৈছে। ভাৰতত এই বিষয়টো পৃথকে বিচাৰ কৰা হোৱা নাছিল, সমগ্র বিশ্বদৃষ্টিৰ অংগ আছিল।

 

ভগৱান বুদ্ধৰ দর্শনত সাম্যৰ অর্থ হপ্রত্যেক ব্যক্তিৰ এই বিশ্বত উপস্থিতি গৰিমাময় । কোনো বৈষম্য অবিহনে প্রত্যেক ব্যক্তিৰ কাম আৰু বাচি থকাৰ অধিকাৰ সুনিশ্চিত হোৱা উচিৎ।

 

বন্ধুসকল, বিশ্বৰ যিকোনো দেশত জাতিভেদ, সন্ত্রাসবাদ আৰু সামাজিক ন্যায়ৰ বিৰুদ্ধে গঢ়ি উঠা প্রতিটো প্ৰত্যাহ্বান মানুহে নিজেই সৃষ্টি কৰিছে। এই বৈষম্যই অন্যায়, শোষণ, অত্যাচাৰ, হিংসা, সামাজিক উত্তেজনা আৰু সৌহাদ্যৰ মূলস্রোত। ন্যায়, স্বাধীনতা আৰু মানৱাধিকাৰৰ সিদ্ধান্ত একেদৰে সাম্যৰ সিদ্ধান্তৰেই বিস্তাৰিত ৰূপ। ইয়াৰ অৰ্থ হল এই সমতা এইবোৰ নীতি মৌলিক উপাদান।

 

আমাৰ সমাজত সাম্যৰ ভাৱনা সুদৃঢ় হলেই সামাজিক ন্যায়, স্বাধীনতা, মানৱাধিকাৰ, সামাজিক পৰিৱর্তন, ব্যক্তিগত অধিকাৰ, শান্তি, সৌহার্দ্য আৰু সমৃদ্ধিৰ পথ আমাৰ বাবে উন্মুক্ত হব আৰু আমি দ্রুতগতিত আগুৱাই যাব পাৰিম

 

ভগৱান বুদ্ধই নিজৰ উপদেশত অষ্টাংগৰ সন্দৰ্ভত উল্লেখ কৰিছে। এই অষ্টাংগসম্পর্কে জানিব নোৱাৰিলে ভগৱান বুদ্ধক জনা কঠিনভগৱান বুদ্ধৰ মতে অষ্টাংগ হশুদ্ধ দৃষ্টি, শুদ্ধ ভাৱনা, শুদ্ধ বাণী, শুদ্ধ আচৰণ, শুদ্ধ জীৱিকা, শুদ্ধ প্রচেষ্টা, শুদ্ধ চেতনা আৰু শুদ্ধ ধ্যান।

 

আজিৰ যুগত আমি যিবোৰ সংকটৰ সন্মুখীন হৈছো, ভগৱান বুদ্ধৰ প্রদর্শিত পথেৰে সেইবোৰ মোকাবিলা কৰাটো সম্ভৱএই সংকটবোৰৰ পৰা বিশ্বক ৰক্ষা কৰিবলৈ হলে বুদ্ধৰ কৰুণা আৰু প্রেমৰ বার্তাই আটাইতকৈ উৎকৃষ্ট পথসেয়েহে ভগৱান বুদ্ধৰ অনুগামীসকলৰ সকলোৰে শক্তি সক্রিয় কৰি তোলাই হল সময়ৰ আহ্বানভগৱান বুদ্ধই আৰু কৈছিল যে এই পথত সমিল মিলেৰে আগুৱাই গলেহে সামর্থ্য লাভ কৰিব পাৰি।

বন্ধুসকল,

 

ভগৱান বুদ্ধ আছিল, সেই দার্শনিকসকলৰ অন্যতম, যি তর্কবুদ্ধি আৰু ভাৱনাৰ সংকল্পক প্রয়োজনীয় বুলি বিশ্বাস কৰে। তেওঁ নিজে ধম্মসিদ্ধান্তসমূহৰ তর্কৰ জৰিয়তে পৰীক্ষা কৰাৰ কথা কৈছিলনিজৰ শিষ্যসকলক কৈছিল, তর্কৰ জৰিয়তে পৰীক্ষা নকৰাকৈ কোনো আবেগ কিম্বা অনুৰাগৰ বশৱর্তী হৈ যেন কোনো মতবাদকে গ্রহণ নকৰে দ্বিতীয় শতিকাত ভগৱান বুদ্ধৰ বার্তাসমূহৰ দার্শনিক ব্যাখ্যা কৰিবলৈ গৈ মহান বৌদ্ধ চিন্তক নাগার্জুন সম্রাট উদয়কে যি পৰামর্শ আগবঢ়াইছিল, সেয়া আজিও অতি প্রাসংগিক

তেওঁ কৈছিল-দৃষ্টিহীন, অসুস্থ, বঞ্চিত, অসহায় আৰু দৰিদ্রসকলৰ বাবে সুলভ মূল্যত খাদ্য আৰু পানীয়ৰ ব্যৱস্থা কৰা আৰু তেওঁলোকৰ প্রতি কৰুণাৰ মনোভাৱ থকা উচিৎ; অসুস্থ মানুহৰ চিকিৎসা আৰু হতাশগ্রস্ত কৃষকসকলৰ প্রতি বীজ আৰু অন্যান্য প্রয়োজনীয় সহযোগিতাৰ হাত আগবঢ়োৱা উচিৎ

ভগৱান বুদ্ধৰ বিশ্বজনীন দর্শনৰ কেন্দ্রবিন্দুত আছে সকলোৰে দুখ কিদৰে চিৰকালৰ বাবে দূৰ কৰিব পৰা যায়। তেওঁ কৈছিল যে কাৰোবাৰ দুখ দেখি দুঃখিত হোৱাতকৈ তেওঁৰ দুখ কিদৰে দূৰ কৰিব পৰা যায় তাক চিন্তা কৰাটোহে অধিক প্রয়োজন-এইকথাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক সক্ষম কৰি তোলা, তেওঁক সবল কৰা প্ৰয়োজন।

 

মই অতিশয় আনন্দিত যে আজি মোৰ চৰকাৰে সেই কৰুণা আৰু সেৱা ভাৱক প্রাধান্য দি গৌতম বুদ্ধৰ প্রদর্শিত পথেৰে আগুৱাই গৈছে। সাধাৰণ লোকসকলৰ দুখ, কষ্ট দূৰ কৰি তেওঁলোকৰ জীৱনক সহজ কৰি তোলাই আমাৰ প্ৰাথমিক অগ্রাধিকাৰ

 

জন ধন যোজনাৰ জৰিয়তে ৩১ কোটিতকৈও অধিক দুখীয়া লোকৰ বেংক একাউণ্ট খোলা, দিনে মাত্র ৪০ পইচা আৰু মাহত ১ টকা কিস্তিৰ বিনিময়ত প্রায় ১৯ কোটি দৰিদ্র লোকক বীমাৰ সুৰক্ষা প্রদান, ৩.৭০ কোটিতকৈও অধিক দৰিদ্র মহিলাক বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ আৰু চৌকা দিয়া, মিচন ইন্দ্রধনুষৰ জৰিয়তে ৩ কোটিতকৈও অধিক শিশু আৰু ৮০ লাখতকৈও অধিক গর্ভৱতী মহিলাৰ টিকাকৰণ, মুদ্রা যোজনাৰ জৰিয়তে কোনো ধৰণৰ বেংক গেৰাণ্টি নোহোৱাকৈ ১২ কোটিতকৈও অধিক ঋণ প্রদান দুখীয়া লোকসকলক সবল কৰাৰ বাবে এনে যথেষ্ট কাম এই চৰকাৰে কৰিছে। এতিয়া আয়ুষ্মান ভাৰত আঁচনি জৰিয়তে চৰকাৰে প্রায় ৫০ কোটি দুখীয়া লোকক বছৰি ৫ লাখ টকালৈকে চিকিৎসাৰ সুবিধা সুনিশ্চিত কৰাৰ দিশে আগুৱাই গৈছে।

 

বন্ধুসকল,

 

অন্তর্ভুক্তিকৰণ আৰু ঐক্যবদ্ধতাৰ ভাৱনাই গৌতম বুদ্ধৰ জীৱনক সলনি কৰিছিল। এগৰাকী ৰাজপুত্র, যাৰ জীৱনত সমস্ত সুখ-সুবিধা আছিল, তেওঁ গাঁৱৰ দুখীয়াসকলৰ দুখ আৰু যন্ত্রণা দেখি অনুভৱ কৰিছিল যে আমি এওঁলোকতকৈ পৃথক নহয়, আমিও তেওঁলোকৰ দৰেই

 

এই সত্যই তেওঁক যি দৃষ্টি প্ৰদান কৰিছে, সেয়া জ্ঞান, তর্ক ক্ষমতা, চৈতন্য, নৈতিকতা আৰু মূল্যবোধৰ এক শক্তি হৈ প্রস্ফুটিত হৈ উঠিছিল। আজি আমি এই ভাৱনাক যিমান আহৰণ কৰিব পাৰিম, সিমানেই সৰ্বজ্ঞ মানুহ হোৱাৰ যোগ্য হমানৱতাৰ বাবে একবিংশ শতিকাক গোটেই বিশ্বত আটাইতকৈ গুৰুত্বপূর্ণ শতিকা হিচাপে গঢ় দিবলৈ এই দর্শনেই পাথেয় হব পাৰে

 

ভাই-ভনীসকল, দাসত্বৰ বন্ধনৰ পৰা মুক্ত হোৱাৰ ইমান বছৰৰ পাছতো বহু কাৰণত আমাৰ দেশত নিজৰ সাংস্কৃতিক ঐতিহ্যক সুৰক্ষা কৰাৰ কোনো বিশেষ প্ৰচেষ্টা গ্ৰহণ নকৰিলে। যি দেশে নিজৰ ইতিহাস সংৰক্ষণ কৰি তাৰ ঐতিহ্যকে গুৰুত্ব সহকাৰে ভৱিষ্যৎ প্রজন্মৰ হাতত তুলি দিব নোৱাৰে, সেই দেশে কেতিয়াও পূর্ণতা নাপায়এইকথাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰে নিজৰ সাংস্কৃতিক ঐতিহ্য, বিশেষকৈ ভগৱান বুদ্ধৰ সৈতে জড়িত থকা স্মৃতিসমূহক তুলি ধৰিবলৈ বৃহৎ দৃষ্টিভংগাৰে কাম কৰি থকা হৈছে।

 

আমাৰ দেশৰ প্রায় ১৮খন ৰাজ্যত একাধিক বৌদ্ধ তীর্থস্থান আছে। ইয়াৰ ভিতৰত কেইবাটাও প্রায় ২ হাজাৰ বছৰতকৈও অধিক প্ৰাচীনএই তীর্থস্থানসমূহে সমগ্ৰ বিশ্বৰ পর্যটকক আকর্ষিত কৰেকিন্তু সমগ্ৰ বিশ্বৰ পৰা অহা এই পর্যটকসকলৰ থকা-খোৱা আৰু যাতায়াতেৰ উপযোগী আন্তঃৰাষ্ট্ৰীয় মানৰ সুযোগ-সুবিধা প্রদানৰ বাবে উপযুক্ত আন্তঃগাঁথনি গঢ়ি তোলাতো অতি প্রয়োজন। এই কথা ভাবিয়েই দেশত স্বদেশ দর্শন আঁচনিৰ জৰিয়তে আমি এক বুদ্ধিষ্ট চার্কিটগঢ়ি তোলাৰ কাম কৰিছো। এই বুদ্ধিষ্ট চার্কিটৰ বাবে চৰকাৰে ৩৬০ কোটিতকৈ অধিক ধন মঞ্জুৰ কৰিছে। এই ধনৰ জৰিয়তে উত্তৰ প্রদেশ, বিহাৰ, মধ্যপ্রদেশ, অন্ধ্রপ্রদেশ আৰু গুজৰাটৰ বৌদ্ধ তীর্থস্থানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাম কৰা হৈছে।

 

তদুপৰি, কেন্দ্রীয় পথ পৰিবহণ মন্ত্রালয়ে গয়া-বাৰাণসী-কুশিনগৰ সযোগী পথৰ দুয়ো কাষে প্রয়োজনীয় আন্তঃৰাষ্ট্ৰীয় মানৰ সুবিধা গঢ়ি তুলিছে। পর্যটন মন্ত্রালয়ে প্রতি দুবছৰত এবাৰকৈ বুদ্ধিজমৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰি আহিছেই বছৰ এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ পৰা ভিন্ন ক্ষেত্রৰ পণ্ডিতসকল আহিবই ধৰণৰ অনুষ্ঠানৰ উদ্দেশ্য হল বিশ্বৰ সর্বত্রে অধিকাংশ মানুহৰ ওচৰলৈ ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক প্ৰেৰণ কৰা। স্থানীয় পৰ্যায়ত আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যটকসকলে এই বৌদ্ধ তীর্থস্থানসমূহলৈ আহিলে আমাৰ ঐতিহ্য সম্পর্কে আৰু ভালকৈ জানিব পাৰিব।

তদুপৰি, কেন্দ্রীয় চৰকাৰে চুবুৰীয়া দেশসমূহতো বৌদ্ধ ঐতিহ্য সংৰক্ষণত সহায় আগবঢ়াইছে। আর্কিঅলজিকেল ছার্ভে অৱ ইণ্ডিয়াই ম্যানমাৰৰ বাগান অঞ্চলত আনন্দ মন্দিৰৰ পুনৰ নির্মাণ আৰু ৰাসায়নিক সংৰক্ষণৰ কামত হাত দিছে। দুবছৰ আগতে বিধ্বংসী ভূমিকম্পত এই মন্দিৰৰ ব্যাপক ক্ষতি হৈছিল।

 

আর্কিঅলজিকেল ছার্ভে অৱ ইণ্ডিয়াই আফগানিস্তানৰ বামিয়ান, কম্বোডিয়াৰ আংকাৰ ভাট আৰু তাপ্রোহম মন্দিৰ, লাওছৰ ভেট ফৌ মন্দিৰ, ভিয়েটনামৰ মাইচন মন্দিৰৰ সংৰক্ষণৰ কামত হাত দিছে। বিশেষকৈ মংগোলিয়াত গানদেন মনাষ্ট্ৰীৰ সকলো পুঁথি আৰু শিলালিপি সংৰক্ষণ তথা ডিজিটাইজেচনৰ কাম ভাৰত চৰকাৰে কৰিছে।

 

আজি এই মঞ্চৰ পৰা মই কেন্দ্রীয় চৰকাৰৰ কেইবাটাও গুৰুত্বপূর্ণ মন্ত্রালয়ক এটি অনুৰোধ জনাও যে আপোনালোকে ভাৱক যে বৌদ্ধ দর্শন সংশ্লিষ্ট দেশসমূহৰ বিভিন্ন প্রান্তত যিবোৰ প্রতিষ্ঠান আছে, সেইবোৰত ভগৱান বুদ্ধৰ শিক্ষাৰ সংকলন–‘ত্রিপিটকৰ সংৰক্ষণ আৰু অনুবাদৰ যি কাম চলিছে, সেইবোৰ কিদৰে এক মঞ্চ লৈ আহিব পাৰি! সেইবোৰৰ বাবে এক বিস্তৃত পোর্টেল গঢ়ি তুলিব নোৱিৰি নে, যাতে সহজ শব্দৰ জৰিয়তে ভগৱান বুদ্ধৰ দর্শন আৰু তাক লৈ সেই প্রতিষ্ঠানসমূহত যি কাজ কৰা হৈছে আৰু হৈ আছে, সেইবোৰৰ এক সংকলন হব পাৰে!

 

মই মহেশ শর্মা ডাঙৰীক অনুৰোধ কৰিছো যে তেওঁ এই প্রকল্পৰ নেতৃত্ব নিজেই লয় আৰু নির্দিষ্ট সময়ৰ ভিতৰত সেয়া বাস্তবায়িত কৰাৰ চেষ্টা কৰে

বন্ধুসকল,

 

আঢ়ৈ হাজাৰ বছৰ পাছতো ভগৱান বুদ্ধৰ বাণীসমূহ আমাৰ মাজত থকাটো সকলোৰে বাবে সৌভাগ্যৰ কথাসৌভাগ্য বুলি যে কৈছো, তাৰ পৰিপ্রেক্ষিততে আপোনালোকে সেই পৰিস্থিতিৰ কথা ভাৱক যে কিয় মই সেই কথা কৈছো

 

ইয়াত আমাৰ আগতে যিসকল আছিল, নিশ্চিতভাবে তেওঁলোকৰ গুৰুত্বপূর্ণ ভূমিকা আছে। আমাৰ পূর্বৱর্তী প্রজন্মৰ অৱদানৰ ফলস্বৰূপে আজি আমি বুদ্ধ পূর্ণিমাত এইদৰে অনুষ্ঠান কৰিব পাৰিছোঢ়ৈ হাজাৰ বছৰ ধৰি আমাৰ পূর্বজসকলে এই ঐতিহ্যক সংৰক্ষণ কৰি গৈছে আৰু প্রজন্ম-প্রজন্মই এই দর্শন সঞ্চাৰৰ প্রয়াস প্রতিনিয়ত বৰ্তি আছে। এতিয়া ভৱিষ্যতৰ মানৱ ইতিহাস আপোনালোকৰ সক্রিয় ভূমিকাৰ বাবে অপেক্ষাৰতআপোনালোকৰ সংকল্পৰ জৰিয়তে তেওঁলোকৰ হাতত কিমান তুলি দিব পাৰিব!

 

আমি বিচাৰো যে আজি ইয়াৰ পৰা যোৱাৰ সময়ত আমি এই ভাৱনা লৈ যাম যে ২০২২ চনত যেতিয়া আমাৰ দেশে স্বাধীনতা লাভ কৰা ৭৫সংখ্যক বৰ্ষপূর্তি উৎসৱ পালন কৰিম, তাৰ আগতে আমি প্রত্যেকে ৫টা অথবা ১০টা সংকল্প গ্রহণ কৰিম, যিবোৰ আমি তাৰ আগতে বাস্তবায়িত কৰিব পাৰিম!

এই সংকল্পই নিজৰ ঐতিহ্যৰ সংৰক্ষণ, গৌতম বুদ্ধৰ দর্শনৰ প্রচাৰ, প্রসাৰত জাতীয় কেতবোৰ দিশো হব পাৰেকিন্তু মোৰ প্রার্থনা এই যে ইয়াত উপস্থিত থকা প্রত্যেক ব্যক্তি, প্রতিষ্ঠান আৰু সংস্থাই অহা ২০২২ চনক লক্ষ্য স্থিৰ কৰি অৱশ্যেই কিবা নহয় কিবা সংকল্প ল

 

আপোনালোকৰ এই প্রচেষ্টাই নতুন ভাৰতৰ সপোন বাস্তবায়িত কৰা অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰিবআমি জানো যে আমাৰ ওপৰত ভগৱান বুদ্ধৰ আশীর্বাদ আছে। সেইবাবে মোৰ ভৰসা আছে, যি সংকল্প আমি গ্রহণ নকৰো কিয়, সেইবোৰ আমি নিশ্চিতভাৱে সিদ্ধ কৰিব পাৰিব।

 

আজি বুদ্ধ পূর্ণিমাৰ এই পবিত্র দিন উপলক্ষে ভগৱান বুদ্ধৰ চৰণলৈ আহি বহাৰ সুযোগ পাইছো, তেওঁক প্রণাম জনোৱাৰ সুযোগ পাইছোআপোনালোক সকলোৰে দর্শন পাইছো, সেইবাবে নিজকে ধন্য মানিছো। পুনৰবাৰ আপোনালোক সকলোকে বুদ্ধ পূর্ণিমাৰ বহুত বহুত শুভেচ্ছা জনাই মোৰ ভাষণ ইমানতে সামৰণী মাৰিছো।

বহুত বহুত ধন্যবাদ।

!

***

AKT/SH/IG/MG/AK/DB