Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নতুন দিল্লীত ষ্টাৰ্টআপ ইণ্ডিয়াৰ পদক্ষেপৰ এটা দশক পূৰ্তি উপলক্ষে আয়োজ্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণৰ আভাস শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

নতুন দিল্লীত ষ্টাৰ্টআপ ইণ্ডিয়াৰ পদক্ষেপৰ এটা দশক পূৰ্তি উপলক্ষে আয়োজ্ত  অনুষ্ঠানত  অংশগ্ৰহণ কৰি  প্ৰদান কৰা ভাষণৰ আভাস শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ষ্টাৰ্টআপ ইণ্ডিয়াৰ পদক্ষেপৰ এক দশক উপলক্ষে  আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদান কৰা  তেওঁৰ ভাষণৰ আভাস দাঙি ধৰে।

 

এক্সত দিয়া ধাৰাবাহিক পোষ্টত শ্ৰী মোদীয়ে লিখিছে-

 

“আজি আমি #ষ্টাৰ্টআপ ইণ্ডিয়াৰ ১০ বছৰ সম্পূৰ্ণ কৰিছো।

ষ্টাৰ্টআপৰ জগতখনত যোৱা দশকত কেইবাটাও কৃতিত্বৰ সাক্ষী হৈছে,  যিয়ে স্পষ্টভাৱে দেখুৱাইছে যে এই পৰিৱেশ তন্ত্ৰই কেনেকৈ উদ্ভাৱন আৰু বৃদ্ধিক আগুৱাই লৈ গৈছে।”

“ #ষ্টাৰ্টআপ ইণ্ডিয়াৰ ১০ বছৰে  দীৰ্ঘদিনীয়া মানসিকতা সলনি কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিছে, আনকি গ্ৰাম্য অঞ্চলৰ যুৱক-যুৱতীসকলেও নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম কৰিছে।”

 

“ষ্টাৰ্টআপ ইণ্ডিয়া হৈছে এক শক্তিশালী মঞ্চ যিয়ে বিভিন্ন খণ্ডক নতুন সুযোগৰ সৈতে সংযোগ কৰে।

#10YearsOfStartupIndia”

 

“আমাৰ লক্ষ্য হৈছে  অহা দহ বছৰত আমি ষ্টাৰ্টআপৰ জগতখনত চলি থকা গতিবেগক আৰু অধিক শক্তি প্ৰদান কৰিম , যাতে ভাৰতে উদীয়মান ধাৰা আৰু ভৱিষ্যতৰ প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বক আগুৱাই লৈ যাব পাৰে।

#10YearsOfStartupIndia”
 


 

***

MJPS/SR/DM