পি এম ইণ্ডিয়া
প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ঔদ্যোগিক নীতি আৰু প্ৰসাৰ বিভাগৰ তলত উল্লিখিত প্ৰস্তাৱসমূহত অনুমোদন জনোৱা হয়ঃ
ক) আনুমানিক ২৫,৭০৩ কোটি টকা খৰচেৰে ২০২৫ বৰ্ষৰ ভিতৰত নতুন দিল্লীৰ দ্বাৰকাত প্ৰদৰ্শনী তথা সভাঘৰ আৰু এলাইড ইনফ্ৰাষ্ট্ৰাকচাৰৰ (প্ৰদৰ্শনী তথা সভাঘৰ অঞ্চল, চৌহদ, মেট্ৰ’ তথা ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগকে ধৰি) পিপিপি আৰু নন-পিপিপি মাধ্যমেৰে উন্নয়ন কৰা হ’ব।
খ) ঔদ্যোগিক নীতি আৰু প্ৰসাৰ বিভাগৰ অধীনত চৰকাৰৰ ১০০% ব্যয়েৰে কাৰ্যক্ষম হ’বলগীয়া এই প্ৰকল্পৰ বাবে বিশেষ লক্ষ্য সম্পাদন কৰোঁতা (SPV) হিচাপে এক নতুন চৰকৰী সংস্থা গঠন কৰা হ’ব।ভাৰত চৰকাৰে এচ পি ভিক ৩ বছৰৰ ভিতৰত ২০৩৭.৩৯ কোটি টকা উক্ত কামৰ বাবে প্ৰদান কৰিব।
গ)চৰকাৰে দায়িত্বলোৱা ঋণ হিচাপে ১,৩৮১ কোটি টকা আৰু ৪,০০০ কোটি টকা বছৰি এচ পি ভিয়ে ব্যৱহাৰ কৰিব পাৰিব।এচ পি ভিৰ বছৰেকীয়া ব্যয় পৰ্যবোক্ষণ কৰা হ’ব।
ঘ) DMICDC য়ে বছৰি আভ্যন্তৰীণ খৰচৰ ১% লাভৰ বিপৰীতে উক্ত প্ৰকল্পৰ জ্ঞান সহযোগী হিচাপে কাম কৰিব।
ঙ)প্ৰকল্পৰ বিভিন্ন স্তৰৰ অগ্ৰগতিৰ ওপৰত ভিত্তি কৰি বিভিন্ন পৰিৱৰ্তন, প্ৰকল্পৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ যোগান আদি কথাবোৰ এচ পি ভি বোৰ্ডে পৰ্যালোচনা কৰিব।
প্ৰকল্পৰ প্ৰথম স্তৰৰ কাম ২০১৯ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।এই কাম নন-পিপিপি মাধ্যমেৰে সম্পন্ন কৰা হ’ব। প্ৰকল্পৰ দ্বিতীয় স্তৰৰ কাম ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে। হোটেল, দোকান-পোহাৰৰ ঠাই আদি পিপিপি মাধ্যমেৰে সম্পন্ন কৰা হ’ব।
এই প্ৰকল্পৰ জৰিয়তে বছৰি ১০০ টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় আৰু স্থানীয় প্ৰদৰ্শনী তথা অনুষ্ঠান আয়োজন কৰিব পৰা যাব বুলি আশা কৰা হৈছে। প্ৰকল্পৰ প্ৰথম স্তৰৰ কাম ২০১৯ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ পিছত ইয়াত ১০ মিলিয়ন আৰু প্ৰকল্পৰ দ্বিতীয় স্তৰৰ কাম ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ পিছত ইয়াত ২৩ মিলিয়ন লোকৰ সমাগম সম্ভৱ হ’ব।
এই প্ৰকল্পৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় ৫ লাখতকৈও অধিক নিয়োগৰ সুবিধা সৃষ্টি কৰিব।
পটভূমিঃ
প্ৰদৰ্শনী তথা সভা–সমিতিয়ে স্থানীয় নিৰ্মাণকৰ্তাৰ লগত বিশ্বৰ ক্ৰেতাৰ সংযোগ ঘটোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।প্ৰদৰ্শনী তথা সভা–সমিতি অনুষ্ঠিত কৰিবৰ বাবে সকলো ধৰণৰ যাতায়াতৰ ব্যৱস্থা থকা সুগম তথা বিশ্বমানৰ এক সংহত স্থানৰ খুৱেই প্ৰয়োজন।নতুন দিল্লীৰ দ্বাৰকাত প্ৰদৰ্শনী তথা সভাঘৰৰ উন্নয়নৰ ফলত নতুন দিল্লীও সাংহাই, হংকং, ছিংগাপুৰ আদিৰ দৰে বৃহৎ প্ৰদৰ্শনী বজাৰত পৰিণত হ’ব বুলি আশা কৰিব পাৰি।
*******
AKT/VBA/SH/PRK