পি এম ইণ্ডিয়া
মোৰ কেবিনেট সতীৰ্থ ডাঃ জিতেন্দ্ৰ সিং জী, প্ৰধান সচিব ডঃ পি.কে. মিশ্ৰ, কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবা, কেন্দ্ৰীয় তদাৰকী আয়ুক্ত শ্ৰী সুৰেশ পেটেল, আন সকলো আয়ুক্ত, ভদ্ৰলোক আৰু ভদ্ৰমহিলাসকল!
চৰ্দাৰ চাহেবৰ জন্ম বাৰ্ষিকীৰে এই তদাৰকী সজাগতা সপ্তাহৰ আৰম্ভণি হৈছে। চৰ্দাৰ চাহেবৰ সমগ্ৰ জীৱন পৰিক্ৰমা সততা, স্বচ্ছতাৰে পৰিপূৰ্ণ আছিল আৰু এই মূল্যবোধৰ ওপৰত ভিত্তি কৰি এক জনসেৱা ব্যৱস্থা গঢ়ি তোলাৰ বাবে নিয়োজিত কৰিছিল। আৰু এই অংগীকাৰেৰে আপোনাসৱে এই তদাৰকী সতৰ্কতা অভিযান আৰম্ভ কৰিছে। এইবাৰ আপোনালোকে ‘উন্নত ভাৰতৰ বাবে দুৰ্নীতিমুক্ত ভাৰত’ সংকল্পৰে তদাৰকী সজাগতা সপ্তাহ উদযাপন কৰিছে। এই সংকল্প আজিৰ সময়ৰ আহ্বান, প্ৰাসংগিক আৰু দেশবাসীৰ বাবেও সমানেই গুৰুত্বপূৰ্ণ।
বন্ধুসকল,
এখনি উন্নত ভাৰতৰ বাবে বিশ্বাস আৰু বিশ্বাসযোগ্যতা উভয়েই অতিশয় গুৰুত্বপূৰ্ণ। চৰকাৰখনৰ প্ৰতি জনতাৰ আস্থাই তেওঁলোকৰ নিজৰ বিশ্বাসো বঢ়ায়। আমাৰ বাবে সমস্যাটো আছিল, পূৰ্বৰ চৰকাৰসমূহে কেৱল জনসাধাৰণৰ এই আস্থা হেৰুৱাই পেলোৱাই নহয়, বৰঞ্চ বিশ্বাস প্ৰোথিতকৰণতো ব্যৰ্থ হৈছিল। দুৰ্ভাগ্যজনকভাৱে আমি দীৰ্ঘদিনীয়া দাসত্বৰ পিছত পোৱা দুৰ্নীতি, শোষণ আৰু সম্পদ নিয়ন্ত্ৰণৰ লিগেচীয়ে স্বাধীনতাৰ পিছত অধিক শক্তি লাভ কৰিলে আৰু তাৰ ফলস্বৰূপে দেশখনৰ চাৰিটা প্ৰজন্ম বহু ক্ষতিগ্ৰস্ত হ’ল।
কিন্তু স্বাধীনতাৰ ‘অমৃত কাল’ ৰ এই সময়ছোৱাত দশক-দশক ধৰি চলি অহা এই প্ৰথা আমি সম্পূৰ্ণৰূপে সলনি কৰিব লাগিব। চলিত বৰ্ষৰ ১৫ আগষ্টত লালকিল্লাৰ প্ৰাচীৰৰপৰা ভাষণ প্ৰদান কৰি মই কৈছিলো যে যোৱা আঠটা বছৰৰ প্ৰচেষ্টা আৰু পদক্ষেপৰ লগতে দুৰ্নীতিৰ বিৰুদ্ধে নিৰ্ণায়ক যুঁজৰ সময় সমাগত। এই বাৰ্তাৰ গুৰুত্ব অনুধাৱনেৰে আমি এখনি উন্নত ভাৰতৰ অভিমুখে দ্ৰুতগতিত আগবাঢ়িব পাৰিম।
বন্ধুসকল,
আমাৰ দেশখনত দুৰ্নীতিৰ প্ৰাদুৰ্ভাৱ আৰু দেশবাসীক আগবাঢ়ি যোৱাত বাধা দিয়াৰ আঁৰত দুটা প্ৰধান কাৰণ আছে। এটা হৈছে, সা-সুবিধাৰ অভাৱ আৰু দ্বিতীয়তে চৰকাৰৰ অপ্ৰয়োজনীয় হস্তক্ষেপ! দীৰ্ঘদিন ধৰি জনতাক সুবিধা আৰু সুযোগৰ পৰা বঞ্চিত কৰি এটা ব্যৱধান সৃষ্টি কৰা হৈছিল। ইয়াৰ ফলত আনৰপৰা সুবিধা লাভৰ বাবে এক অসুস্থ প্ৰতিযোগিতাৰ সৃষ্টি হয়। এই প্ৰতিযোগিতাই এটা দুৰ্নীতিৰ বাতাবৰণ সৃষ্টিতো সহায় কৰিছিল। ৰেচন, গেছ সংযোগ, গেছ চিলিণ্ডাৰ, বিল পৰিশোধ, নামভৰ্তি, অনুজ্ঞাপত্ৰ আৰু আন যিকোনো অনুমতিৰ বাবে শাৰী পতা কাৰ্য্য সৰ্বত্ৰ বিয়পি পৰিল। এই শাৰী যিমানেই দীঘলীয়া হ’ল, সিমানেই দুৰ্নীতি অবাধ বৃদ্ধি পালে। আৰু এই দুৰ্নীতিক দেশখনৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীয়ে সৰ্বাধিক সহ্য কৰিবলগীয়া হয়।
দেশখনৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীয়ে এই সম্পদসমূহৰ সংগঠিতকৰণত নিজৰ শক্তি ব্যয় কৰিবলগীয়া হ’লে দেশখন কেনেকৈ আগবাঢ়িব? সেয়েহে আমি যোৱা আঠটা বছৰে অভাৱ আৰু হস্তক্ষেপে সৃষ্টি কৰা ব্যৱস্থাটো সলনি কৰি চাহিদা আৰু যোগানৰ মাজৰ ব্যৱধান দূৰ কৰিবলৈ চেষ্টা কৰি আহিছো। এই ক্ষেত্ৰত আমি কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছো।
মই তিনিটা মূল কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো – সেয়া হৈছেঃ আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ, মৌলিক সুবিধাসমূহৰ পৰিপূৰ্ণতাৰ লক্ষ্য আৰু আত্মনিৰ্ভৰশীলতা। এতিয়া উদাহৰণস্বৰূপে ৰেচনৰ বিষয়টো লৈছো। আমি প্ৰযুক্তিৰ সৈতে পিডিএছক একত্ৰিত কৰিলো আৰু যোৱা আঠটা বছৰত কোটি-কোটি ভুৱা হিতাধিকাৰীক ব্যৱস্থাটোৰপৰা মুক্ত কৰিলো।
একেদৰে, ডিবিটিৰ অধীনত চৰকাৰী সুবিধাসমূহ এতিয়া পোনপটীয়াকৈ হিতাধিকাৰীলৈ প্ৰেৰণ কৰা হৈছে। এই অনন্য পদক্ষেপৰ বাবেই এতিয়ালৈকে দুই লাখ কোটিৰো অধিক টকা অনা-হিতাধিকাৰীৰ হাতত পৰাৰপৰা ৰক্ষা কৰা হৈছে। আমাৰ সকলোৰে জ্ঞাত যে নগদ ধন ভিত্তিক অৰ্থনীতিত ঘোচ আৰু ক’লা ধন ধৰা পেলোৱাটো এটি অত্যন্ত কঠিন কাম।
এতিয়া ডিজিটেল ব্যৱস্থাৰ প্ৰৱৰ্তনৰ ফলত লেনদেনৰ সম্পূৰ্ণ বিৱৰণ সহজে উপলব্ধ হৈ পৰিছে। চৰকাৰী ই-মাৰ্কেট প্লেচ (GeM) প্ৰৱৰ্তনৰ ফলত চৰকাৰী ক্ৰয়ৰ স্বচ্ছতাক এই পৰ্টেলৰ অংশ হৈ পৰা লোকসকলে প্ৰত্যক্ষ কৰিছে আৰু তেওঁলোকে ইয়াৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিছে।
বন্ধুসকল,
যিকোনো চৰকাৰী আঁচনিয়ে প্ৰতিজন যোগ্য হিতাধিকাৰীক সামৰি লোৱা আৰু চেচুৰেশ্যনৰ লক্ষ্যত উপনীত হোৱাটোৱে সমাজত কেৱল বৈষম্যৰ অন্ত পেলোৱাই নহয়, বৰঞ্চ দুৰ্নীতিৰ সম্ভাৱনাও নোহোৱা কৰে। চৰকাৰখন আৰু চৰকাৰৰ বিভিন্ন সংস্থাই নিজেই উদ্যোগ গ্ৰহণ আৰু প্ৰতিজন যোগ্য ব্যক্তিক চিনাক্ত কৰা মাত্ৰেকে মধ্যভোগীৰ ভূমিকা শেষ হয়। গতিকে আমাৰ চৰকাৰে প্ৰতিখন আঁচনিৰ বাবে চেচুৰেশ্যন নীতিত গুৰুত্ব আৰোপ কৰিছে। প্ৰতিঘৰ গৃহস্থীলৈ টেপৰ পানীৰ সংযোগ, প্ৰতিজন দৰিদ্ৰলৈ পকী ঘৰ, প্ৰতিজন দুখীয়ালৈ বিদ্যুৎ আৰু গেছ সংযোগৰ আঁচনিসমূহে চৰকাৰখনৰ এই পন্থাক প্ৰকাশিত কৰিছে।
বন্ধুসকল,
বিদেশৰ ওপৰত অধিক নিৰ্ভৰশীলতাও দুৰ্নীতিৰ এক প্ৰধান কাৰণ হৈ আহিছে। আপোনাসৱৰ জ্ঞাত যে আমাৰ প্ৰতিৰক্ষা খণ্ডটোক দশক-দশক ধৰি বিদেশৰ ওপৰত নিৰ্ভৰশীল কৰি তোলা হৈছিল। ফলত বহু কেলেংকাৰি সংঘটিত হ’ল। আমি প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপৰ পিছত এই কেলেংকাৰিৰ অন্ত পৰিছে। আজি ভাৰত ৰাইফল, যুঁজাৰু বিমান আৰু পৰিবহণ বিমান নিৰ্মাণৰ দিশত আগবাঢ়িছে। কেৱল প্ৰতিৰক্ষাই নহয়, আমি আত্মনিৰ্ভৰশীলতাৰ প্ৰচেষ্টাকো প্ৰসাৰিত কৰিছো যাতে আমি অন্যান্য প্ৰয়োজনীয়তাৰ বাবেও বিদেশীৰ ওপৰত কমকৈহে নিৰ্ভৰশীল হৈ উঠো।
বন্ধুসকল,
চিভিচি (Central Vigilance Commission) ই সকলোকে স্বচ্ছতা নিশ্চিত কৰিবলৈ উৎসাহিত কৰি আহিছে। যোৱাবাৰ আপোনালোক সকলোকে প্ৰতিৰোধমূলক সতৰ্কতাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছিলো। মই জানিব পাৰিছো যে আপোনাসৱে ইয়াৰ অৰ্থে কেইবাটাও পদক্ষেপ লৈছে। এই সন্দৰ্ভত আৰম্ভ হোৱা তিনিমহীয়া অভিযান প্ৰশংসনীয় আৰু আপোনাৰ লগতে আপোনাৰ সমগ্ৰ টীমটোক অভিনন্দন জনাইছো। স্বচ্ছতা নিশ্চিত কৰিবলৈ আপোনাসৱে অডিট আৰু পৰিদৰ্শনৰ পৰম্পৰাগত পদ্ধতি গ্ৰহণ কৰিছে। কিন্তু ইয়াক কেনেকৈ অধিক আধুনিক আৰু প্ৰযুক্তি-চালিত কৰি তুলিব পাৰি, সেই বিষয়ে আপোনালোকে অধিক বিবেচনা কৰিব লাগিব।
বন্ধুসকল,
দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰখনৰ এই দৃঢ়তাক সকলো বিভাগতে প্ৰতিফলিত কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল এখনি উন্নত ভাৰতৰ বাবে আমি এনে প্ৰশাসনিক ব্যৱস্থা গঢ়ি তুলিব লাগিব। চৰকাৰখনৰ প্ৰতিটো নীতি আৰু সিদ্ধান্তত আজি এই দৃঢ়তা আপোনালোকে দেখিবলৈ পাব। কিন্তু এই সচেষ্টতা আমাৰ প্ৰশাসনিক ব্যৱস্থাৰ ডিএনএতো দৃঢ়ভাৱে নিহিত হৈ থকা উচিত। অপৰাধেই হওঁক বা বিভাগেই হওঁক, দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা বছৰ-বছৰ ধৰি চলি থাকে বুলি অনুভৱ হয়। দুৰ্নীতিৰ সৈতে জড়িত অনুশাসনমূলক কাৰ্য্যবিধি ৰূপায়ণ আমি মিছন ম’ডত আৰু সময়োচিতভাৱে সম্পূৰ্ণ কৰিব পাৰোনে? এনে মন্থৰতাৰ বাবে নিৰ্দোষী হ’লেও সততাৰ জীৱন যাপনৰ বাবে ব্যৱস্থাটোৰ বাবে আবদ্ধ হৈ পৰে। অন্যায় কৰাজনে নিঃসন্দেহ শাস্তি পাব। কিন্তু কোনোৱে যদি কোনো ভুল কৰা নাই, তেন্তে তেওঁৰ বাবে এয়া বোজা হৈ পৰে।
বন্ধুসকল,
এনে অভিযোগ যিমান সোনকালে নিষ্পত্তি কৰা হ’ব, সিমানেই প্ৰশাসনিক ব্যৱস্থাত স্বচ্ছতা সাধন আৰু ইয়াৰ কাৰ্য্যক্ষমতাও উন্নত হ’ব। লগতে অপৰাধমূলক গোচৰত ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ আৰু অহৰহ নিৰীক্ষণৰ প্ৰয়োজন। অনিষ্পত্তিত দুৰ্নীতিৰ গোচৰৰ ভিত্তিত বিভাগসমূহক ৰেংকিঙৰে আন এক পদক্ষেপ গ্ৰহণ কৰিব পাৰি। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে আমাৰ পন্থাৰ দৰেই এই ক্ষেত্ৰতো প্ৰতিযোগিতা হ’ব লাগে। কোনটো বিভাগ অতি উদাসীন আৰু ইয়াৰ আঁৰৰ কাৰণ আৰু কোনবোৰ বিভাগে এই সমস্যাটোক গুৰুত্ব সহকাৰে লৈ তৎকালীন ব্যৱস্থা নিশ্চিত কৰিছে সেয়া জানিবলৈ চেষ্টা কৰিব লাগে। এনে প্ৰতিবেদনৰ মাহেকীয়া বা ত্ৰৈমাসিক প্ৰকাশে বিভিন্ন বিভাগক দুৰ্নীতিৰ বিৰুদ্ধে গোচৰসমূহ ক্ষীপ্ৰতাৰে নিষ্পত্তি কৰিবলৈ প্ৰেৰণা যোগাব।
আমি প্ৰযুক্তি ব্যৱহাৰেৰে আৰু এটা কাম কৰা উচিত। প্ৰায়ে দেখা যায় যে ভিজিলেন্স ক্লিয়াৰেন্সত বহু সময় লাগে। প্ৰযুক্তিৰ সহায়ত এই প্ৰক্ৰিয়াটোও সুশৃংখলিত কৰিব পাৰি। মই আপোনালোকৰ সন্মুখত ক’ব খোজা আন এটা বিষয় হ’ল ৰাজহুৱা অভিযোগৰ তথ্য। সাধাৰণ ৰাইজে অভিযোগ বিভিন্ন চৰকাৰী বিভাগলৈ প্ৰেৰণ কৰে আৰু ইয়াৰ নিষ্পত্তিৰ ব্যৱস্থাও স্থাপন কৰা হয়।
কিন্তু যদি আমি ৰাজহুৱা অভিযোগৰ তথ্য অডিট কৰো, তেন্তে আমি সহজেই এটা বিশেষ বিভাগ বিচাৰি উলিয়াব পাৰিম যাৰ বিৰুদ্ধে অভিযোগৰ সংখ্যা বৃদ্ধি পাইছে। কোনো বিশেষ ব্যক্তি আছেনে যিয়ে সকলো কামতে বিলম্ব কৰে নে আমাৰ প্ৰচেছিং চিষ্টেমত কিবা এটা ভুল হৈছে যিয়ে সমস্যাৰ সৃষ্টি কৰিছে? মই ভাবো এইখিনি মানি চলিলে সেই বিভাগৰ দুৰ্নীতি সহজেই লুপ পাব। আমি এই অভিযোগসমূহক পৃথকে-পৃথকে চোৱা উচিত নহয়। এই অভিযোগসমূহ পুংখানু-পুংখভাৱে বিশ্লেষণ কৰিব লাগে। ইয়াৰ ফলত চৰকাৰ আৰু প্ৰশাসনিক বিভাগৰ প্ৰতিও জনসাধাৰণৰ আস্থা বৃদ্ধি পাব।
বন্ধুসকল,
দুৰ্নীতিৰ ওপৰত নজৰ ৰাখিবলৈ আমি সমাজ আৰু সাধাৰণ নাগৰিকৰ সৰ্বাধিক অংশগ্ৰহণক নিশ্চিত কৰা উচিত। গতিকে দুৰ্নীতিগ্ৰস্ত যিমানেই শক্তিশালী নহওঁক কিয়, যাতে ৰেহাই নাপাই, ইয়াৰ নিশ্চিতকৰণ আপোনালোকৰ দৰে প্ৰতিষ্ঠানৰেই দায়িত্ব।
দুৰ্নীতিগ্ৰস্ত লোকে কোনো ৰাজনৈতিক বা সামাজিক সমৰ্থন লাভ নকৰা আৰু তেওঁলোকক নিৰীক্ষণত ৰখাৰ পৰিবেশ সৃষ্টি কৰাটোও প্ৰয়োজনীয়। দুৰ্নীতিগ্ৰস্ত লোক দোষী সাব্যস্ত হৈ শাস্তি লাভৰ পিছতো মহিমামণ্ডিত হোৱা আমি প্ৰায়ে দেখি আহিছো।
ভাৰতীয় সমাজৰ বাবে এয়া ভাল লক্ষণ নহয়। আজিও এনে লোক আছে যিয়ে দোষী সাব্যস্ত হোৱা দুৰ্নীতিগ্ৰস্তৰ সপক্ষে বিভিন্ন যুক্তি দাঙি ধৰি তেওঁলোকক সন্মান জনোৱাৰ পোষকতা কৰে। এনে লোক আৰু শক্তিক সমাজে নিজৰ কৰ্তব্যৰ প্ৰতি সচেতন কৰাটো অতি প্ৰয়োজনীয়। আপোনাৰ বিভাগৰ দৃঢ় পদক্ষেপৰো এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে।
বন্ধুসকল,
এতিয়া আপোনালোকৰ মাজত থকাৰ বাবে আপোনালোকৰ সৈতে কেতবোৰ বিষয় আলোচনা কৰিবলৈ মন গৈছে। দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰে জড়িত চিভিচিৰ দৰে সকলো সংস্থা আৰু দুৰ্নীতিগ্ৰস্ত লোকক ক’ব বিচাৰিছো যে দেশখনৰ উন্নতিৰ বাবে কাম কৰিলে অপৰাধবোধেৰে জীয়াই থকাৰ প্ৰয়োজন নাই। আমি কোনো ৰাজনৈতিক এজেণ্ডা মানি চলিব নালাগে।
দেশখনৰ সাধাৰণ লোকে সন্মুখীন হোৱা সমস্যাৰপৰা তেওঁলোকক মুক্তি প্ৰদান কৰাটো আমাৰ কাম। আৰু যিসকলৰ ন্যস্ত স্বাৰ্থ আছে তেওঁলোকে চিঞৰিব আৰু এনে প্ৰতিষ্ঠানক অপযশ দিবলৈ চেষ্টা কৰিব। এই প্ৰতিষ্ঠানসমূহৰ নিষ্ঠাবান লোকসকলক বদনামী কৰাৰ প্ৰয়াস কৰিব। এই সকলোবোৰ হ’ব। এনে কথাৰ মাজেৰে বহুদিন পাৰ হৈ আহিছে বন্ধুসকল। দীৰ্ঘদিন ধৰি চৰকাৰৰ মুৰব্বী হিচাপে কাম কৰাৰ সুযোগ পাইছো। মোক বহুত গালি-গালাজ কৰা আৰু অভিযোগ দিয়া হৈছিল বন্ধুসকল। এতিয়া, মোৰ বাবে একোৱেই বাকী নাই।
কিন্তু, জনতা ঈশ্বৰৰ অন্য ৰূপ। তেওঁলোকে সত্য পৰীক্ষা কৰে, সত্য কি সেয়া জানে আৰু লগতে এনে সুযোগ আহিলে সত্যৰ কাষত থিয় দিয়ে। এই কথা আপোনালোকক মোৰ অভিজ্ঞতাৰ পৰা কৈছো বন্ধুসকল। সততাৰে নিজৰ কৰ্তব্য পালন কৰক। ভগৱান আপোনাৰ লগত থাকিব আৰু জনতাও আপোনাৰ লগতেই থাকিব। কিছুমান লোকে ব্যক্তিগত স্বাৰ্থৰ বাবে চিঞৰিব।
সেয়েহে বাৰে বাৰে কৈছো যে সততাত থকা আৰু সততাৰে দেশখনৰ হৈ কাম কৰি থাকিলে কোনোৱে একো কৰিব নোৱাৰে।
আপোনালোক সকলোৰে এটা কথা জ্ঞাত যে জীৱনত যেতিয়াই এনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হয়, যেতিয়াই আপুনি দৃঢ়তাৰে যিকোনো পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হয়, সমাজে আপোনালোকৰ কাষত থিয় দিয়ে। দুৰ্নীতিমুক্ত দেশ আৰু দুৰ্নীতিমুক্ত সমাজ গঢ়ি তুলিবলৈ চিভিচিৰ দৰে প্ৰতিষ্ঠানসমূহ সতৰ্ক হৈ থকাটো প্ৰয়োজনীয়। কিন্তু আপুনি আপোনাৰ ব্যৱস্থাসমূহো সাজু ৰাখিব লাগিব কাৰণ আপুনি অকলে একো কৰিব নোৱাৰে। অফিচত বহি থকা চাৰি-ছজন লোকে কি কৰিব পাৰে? কেতিয়াবা ব্যৱস্থাবোৰ ইয়াৰ অবিচ্ছেদ্য নহ’লে ভাঙি যায় আৰু একে মনোভাৱেৰে চলি থাকে।
বন্ধুসকল,
আপোনাৰ দায়িত্ব বৃহৎ। আপোনালোকৰ প্ৰত্যাহ্বানসমূহো সলনি হৈ থাকে। গতিকে আপোনালোকৰ পদ্ধতিতো অহৰহ গতিশীলতাৰ প্ৰয়োজন আছে। মই নিশ্চিত যে ‘অমৃত কাল’ ত এটি স্বচ্ছ আৰু প্ৰতিযোগিতামূলক বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত আপোনালোকে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থাকিব।
ইয়ালৈ আজি একাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক মাতি অনাটো ভাল হৈছে। ৰচনা প্ৰতিযোগিতাত সকলোৱে অংশ লৈছে। বক্তৃতা প্ৰতিযোগিতাৰো এক পৰম্পৰা গঢ়ি তুলিব পাৰি। কিন্তু মই এটা কথা লক্ষ্য কৰিছো আৰু আপোনালোকেও নিশ্চয় লক্ষ্য কৰিলে। মাত্ৰ ২০ শতাংশই ছাত্ৰইহে বঁটা লাভৰ বিপৰীতে ৮০ শতাংশ কন্যাই এই বঁটা লাভ কৰিছে। অৰ্থাৎ পাঁচজনৰ ভিতৰত চাৰিগৰাকী কন্যা।
কিছুমান লোকে নিজৰ প্ৰভাৱ ব্যৱহাৰেৰে আইন উলংঘা কৰিব পাৰে। তেওঁলোকে আনক পৰামৰ্শও দিয়ে যে আইন উলংঘা কৰিব পাৰিলে কোনো সমস্যাৰ সন্মুখীন নহ’ব। এতিয়া ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি নহ’লেও কাইলৈ কোনোবা এটা সময়ত সমস্যা সৃষ্টি হোৱাটো নিশ্চিত আৰু ইয়াৰপৰা সাৰি যোৱাটো টান। প্ৰযুক্তিয়ে কিছুমান প্ৰমাণ বিচাৰি পাইছে। প্ৰযুক্তিৰ শক্তি যিমানেই ব্যৱহাৰ কৰা হ’ব, সিমানেই আমি ব্যৱস্থাসমূহ সলনি কৰিব পাৰিম। এনে প্ৰয়াস গ্ৰহণ কৰো আহকচোন।
আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
ধন্যবাদ ভ্ৰাতৃবৃন্দ।
***
DS/VJ/VK/AK/SB
Addressing programme marking Vigilance Awareness Week in Delhi. https://t.co/p5rzL2uEJ2
— Narendra Modi (@narendramodi) November 3, 2022
सरदार साहब का पूरी जीवन ईमानदारी, पारदर्शिता और इससे प्रेरित पब्लिक सर्विस के निर्माण के लिए समर्पित रहा है। pic.twitter.com/JtT2zHwwDd
— PMO India (@PMOIndia) November 3, 2022
Corruption is an evil we must stay away from. pic.twitter.com/nXgNCElDJY
— PMO India (@PMOIndia) November 3, 2022
8 वर्षों से अभाव और दबाव से बनी व्यवस्था को बदलने का प्रयास कर रहे हैं। pic.twitter.com/9xQKNtQEy8
— PMO India (@PMOIndia) November 3, 2022
हमारी सरकार द्वारा हर योजना में सैचुरेशन के सिद्धांत को अपनाया गया है। pic.twitter.com/HM2PbKFdzR
— PMO India (@PMOIndia) November 3, 2022
आज हम डिफेंस सेक्टर में आत्मनिर्भरता के लिए जो ज़ोर लगा रहे हैं, उससे घोटालों का स्कोप भी समाप्त हो गया है। pic.twitter.com/dJNicYmfPr
— PMO India (@PMOIndia) November 3, 2022
Zero tolerance for corruption. pic.twitter.com/L8xqQP5b0B
— PMO India (@PMOIndia) November 3, 2022
Institutions acting against the corrupt and corruption need not be defensive. pic.twitter.com/syKV0VHXzP
— PMO India (@PMOIndia) November 3, 2022
आजादी के इस अमृतकाल में दशकों से चली आ रही भ्रष्टाचार, शोषण और संसाधनों पर कंट्रोल करने की परिपाटी को हमें पूरी तरह बदल देना है। pic.twitter.com/fFirvTtIKr
— Narendra Modi (@narendramodi) November 3, 2022
बीते 8 वर्षों से हम अभाव और दबाव से बनी व्यवस्था को बदलने का प्रयास कर रहे हैं। इसके लिए हमने तीन रास्ते चुने हैं… pic.twitter.com/W9wXQcrlAu
— Narendra Modi (@narendramodi) November 3, 2022
सरकारी योजना के हर पात्र लाभार्थी तक पहुंचना और सैचुरेशन के लक्ष्यों को प्राप्त करना समाज में भेदभाव को समाप्त करने के साथ भ्रष्टाचार की गुंजाइश को भी खत्म कर देता है। pic.twitter.com/eSWXDjYkMU
— Narendra Modi (@narendramodi) November 3, 2022
भ्रष्टाचारी चाहे कितना भी ताकतवर क्यों ना हो, वो किसी भी हाल में बचना नहीं चाहिए। pic.twitter.com/hqxc9SUqpo
— Narendra Modi (@narendramodi) November 3, 2022
भ्रष्टाचार मुक्त देश और समाज बनाने के लिए CVC जैसी संस्थाओं को निरंतर जागृत और सतर्क रहना है। pic.twitter.com/wce36iqRcI
— Narendra Modi (@narendramodi) November 3, 2022