পি এম ইণ্ডিয়া
ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী দিমিত্ৰী পাত্ৰুশ্বেভ, মোৰ কেন্দ্ৰীয় কেবিনেটৰ সহযোগী চিৰাগ পাছোৱান, ৰৱনীত জী, প্ৰতাপৰাও যাধৱ জী, বিভিন্ন দেশৰ সকলো মন্ত্ৰী, অন্যান্য প্ৰতিনিধি, অতিথি, ভদ্ৰমহিলাসকল !
বিশ্ব খাদ্য ভাৰত ২০২৫লৈ আপোনালোক সকলোকে অতি উষ্ম আদৰণি জনাইছো। আজি এই অনুষ্ঠানে আমাৰ কৃষক, উদ্যোগী, বিনিয়োগকাৰী, আৰু গ্ৰাহকসকলক একে ঠাইতে একত্ৰিত কৰিছে় । বিশ্ব খাদ্য ভাৰত নতুন যোগাযোগ, নতুন সংযোগ, আৰু সৃষ্টিশীলতাৰ এক মঞ্চত পৰিণত হৈছে। ইয়াৰ প্ৰদৰ্শনীবোৰ চাই মাত্ৰ উভতি আহিছো। মই আনন্দিত যে ইয়াত মূলতঃ পুষ্টিৰ বিষয়ত গুৰুত্ব দিয়া হৈছে, তেলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বিষয়ত আৰু পেকেটত ভৰোৱা সামগ্ৰীৰ স্বাস্থ্যসন্মততা উন্নত কৰাৰ বিষয়ত গুৰুত্ব দিয়া হৈছে। এই অনুষ্ঠানৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু শুভেচ্ছা জ্ঞাপন কৰিছো।
বন্ধুসকল,
প্ৰতিগৰাকী বিনিয়োগকাৰীয়ে বিনিয়োগ কৰাৰ আগতে অঞ্চলটোৰ স্বাভাৱিক শক্তিসমূহ বিবেচনা চায়। আজি বিশ্বই বিশেষকৈ খাদ্যখণ্ডৰ বিনিয়োগকাৰীসকলে অতি আশাৰে ভাৰতৰ ফালে চাই আছে। কাৰণ ভাৰতত বৈচিত্ৰ্য, চাহিদা, পৰিসৰৰ ত্ৰিগুণ শক্তি আছে। ভাৰতত প্ৰতিবিধ শস্য, প্ৰতিটো ফল, প্ৰতিবিধ শাক-পাচলি উৎপাদন হয়। এই বৈচিত্ৰ্যই ভাৰতক বিশ্বৰ ভিতৰতে অনন্য কৰি তুলিছে। আমাৰ খাদ্য আৰু ইয়াৰ সোৱাদ প্ৰতি এশ কিলোমিটাৰৰ মূৰে মূৰে সলনি হয়। ভাৰতত বিভিন্ন ধৰণৰ খাদ্যৰ বেছ চাহিদা আছে। এই চাহিদাই ভাৰতক প্ৰতিযোগিতামূলক শক্তি প্ৰদান কৰিছে আৰু লগতে ইয়াক বিনিয়োগকাৰীৰ বাবে পছন্দৰ গন্তব্যস্থান হিচাপে গঢ়ি তুলিছে ।
বন্ধুসকল,
আজি ভাৰত যি পৰিসৰত কাম চলি আছে সেয়া অভূতপূৰ্ব আৰু সঁচাকৈয়ে অভূতপূৰ্ব। যোৱা ১০ বছৰত ভাৰতৰ ২৫ কোটি লোকে দৰিদ্ৰতাক অতিক্ৰম কৰিছে। এই সকলো বন্ধু এতিয়া নব্য মধ্যবিত্ত শ্ৰেণীৰ অংশ হৈ পৰিছে। এই নব্য মধ্যবিত্ত শ্ৰেণীটোৱেই হৈছে দেশৰ আটাইতকৈ শক্তিশালী আৰু আকাংক্ষিত শ্ৰেণী। ইমানবোৰ মানুহৰ আকাংক্ষাই আমাৰ খাদ্যৰ ধাৰা নিৰ্ধাৰণ কৰিবলৈ ওলাইছে। এই উচ্চাকাংক্ষী শ্ৰেণীটোৱেই আমাৰ চাহিদাক আগুৱাই লৈ গৈছে।
বন্ধুসকল,
আজি দেশৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলে প্ৰতিটো খণ্ডতে পৰিৱৰ্তন আনিছে। আমাৰ খাদ্য খণ্ডও ইয়াৰ ব্যতিক্ৰম নহয়। আজি ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্ট-আপ ইক’চিষ্টেমৰ গৌৰৱ কৰিছে। এই ষ্টাৰ্ট-আপসমূহৰ বহুতেই খাদ্য আৰু কৃষি খণ্ডত কাম কৰে। এই খণ্ডত এআই, ই-কমাৰ্চ, ড্ৰোন, আৰু এপসমূহো একত্ৰিত কৰা হৈছে। এই ষ্টাৰ্ট-আপসমূহে যোগান শৃংখল, খুচুৰা, আৰু প্ৰক্ৰিয়াকৰণ পদ্ধতিৰ ৰূপান্তৰ ঘটাইছে। বৈচিত্ৰ্য, চাহিদা, আৰু উদ্ভাৱন সকলো ভাৰতত উপস্থিত। এই সকলোবোৰ কথাই ভাৰতক বিনিয়োগৰ বাবে আটাইতকৈ আকৰ্ষণীয় গন্তব্যস্থান কৰি তুলিছে। সেয়ে মই লালকিল্লাৰ পৰা কোৱা কথাখিনি পুনৰ ক’ম- ভাৰতত বিনিয়োগ আৰু সম্প্ৰসাৰণৰ সময়, সঠিক সময় আহি পৰিছে।
বন্ধুসকল,
একবিংশ শতিকাত বিশ্বই সন্মুখীন হোৱা বহু প্ৰত্যাহ্বানৰ বিষয়ে আমি সকলোৱে ভালদৰেই জানো। আপোনালোকে এয়াও জানে যে যেতিয়াই বিশ্বই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তেতিয়াই ভাৰতে আগবাঢ়ি আহিছে আৰু ইতিবাচক ভূমিকা পালন কৰিছে। বিশ্ব খাদ্য সুৰক্ষাৰ ক্ষেত্ৰতো ভাৰতে অহৰহ অৰিহণা যোগাই আহিছে। আমাৰ কৃষক, আমাৰ পশুপালক, আমাৰ মাছমৰীয়া, আমাৰ চৰকাৰী নীতিৰ কঠোৰ পৰিশ্ৰমৰ বাবে ভাৰতৰ সামৰ্থ্য ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। যোৱা দশকত আমাৰ খাদ্য শস্যৰ উৎপাদন যথেষ্ট বৃদ্ধি পাইছে। আজি ভাৰতে সৰ্বাধিক গাখীৰ উৎপাদনকাৰী দেশ আৰু বিশ্বৰ ২৫ শতাংশ গাখীৰ যোগান কেৱল ভাৰতৰ পৰাই হয়। আমি বাজৰাৰ সৰ্বাধিক উৎপাদকো। চাউল আৰু ঘেঁহুৰ ক্ষেত্ৰত আমি বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছো। ফল-মূল, শাক-পাচলি, মীন পালনতো ভাৰতৰ যথেষ্ট অৱদান আছে। গতিকে যেতিয়াই বিশ্বত শস্যৰ সংকট হয় বা যোগান শৃংখলত ব্যাঘাত জন্মে তেতিয়াই ভাৰতে নিজৰ দায়িত্ব পালনৰ বাবে শক্তিশালীভাৱে আগবাঢ়ি যায়।
বন্ধুসকল,
বিশ্বৰ স্বাৰ্থত আমাৰ প্ৰচেষ্টা ভাৰতৰ সামৰ্থ্য আৰু আমাৰ অৱদান আৰু অধিক বৃদ্ধি কৰা। ইয়াৰ বাবে চৰকাৰে খাদ্য আৰু পুষ্টিৰ প্ৰতিজন অংশীদাৰক, সমগ্ৰ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰি তুলিছে। আমাৰ চৰকাৰে খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডক উৎসাহিত কৰিছে। সেয়েহে এই খণ্ডত ১০০% প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিয়া হৈছে। তদুপৰি পিএলআই আঁচনি আৰু মেগা ফুড পাৰ্কৰ সম্প্ৰসাৰণেও এই খণ্ডত সহায় কৰিছে। ভাৰতে বিশ্বৰ সৰ্ববৃহৎ ষ্ট’ৰেজ আন্তঃগাঁথনি আঁচনিও চলাই আছে। এই চৰকাৰী প্ৰচেষ্টাৰ ফল দৃশ্যমান। যোৱা ১০ বছৰত ভাৰতৰ প্ৰচেছিং ক্ষমতা ২০গুণ বৃদ্ধি পাইছে। আমাৰ প্ৰচেছড খাদ্যৰ ৰপ্তানিও দুগুণতকৈও অধিক বৃদ্ধি পাইছে।
বন্ধুসকল,
আমাৰ কৃষক, পশুপালক, মাছমৰীয়া আৰু ক্ষুদ্ৰ প্ৰক্ৰিয়াকৰণ গোটসমূহে খাদ্য যোগান আৰু মূল্য শৃংখলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিগত দশকত আমাৰ চৰকাৰে এই সকলো অংশীদাৰক শক্তিশালী কৰি তুলিছে। আপোনালোকে জানে যে ভাৰতৰ ৮৫ শতাংশতকৈ অধিক কৃষক ক্ষুদ্ৰ বা সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ কৃষক। সেইবাবেই আমি এনে নীতি ৰচনা কৰি এনে এক সমৰ্থন ব্যৱস্থা গঢ়ি তুলিলোঁ যে আজি এই ক্ষুদ্ৰ কৃষকসকল বজাৰৰ এক প্ৰধান শক্তি হৈ পৰিছে।
বন্ধুসকল,
এতিয়া মাইক্ৰ’ ফুড প্ৰচেছিং গোটসমূহ আমাৰ আত্মসহায়ক গোটসমূহে চলাই আছে। আমাৰ গাঁৱৰ কোটি কোটি লোক এই আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত। তেওঁলোকক সহায় কৰিবলৈ আমাৰ চৰকাৰে ক্ৰেডিট লিংকড ৰাজসাহায্য আগবঢ়াইছে। আজি প্ৰায় ৮০০ কোটি টকাৰ ৰাজসাহায্য মাত্ৰ আপোনালোকৰ সন্মুখত থকা এই বন্ধুসকললৈ হস্তান্তৰ কৰা হৈছে।
বন্ধুসকল,
একেদৰে আমাৰ চৰকাৰে কৃষক উৎপাদক সংস্থা (FPO) সম্প্ৰসাৰণ কৰি আছে। ২০১৪ চনৰ পৰা সমগ্ৰ দেশতে ১০,০০০ এফ পি অ’ গঠন কৰা হৈছে। এইবোৰৰ সৈতে আমাৰ লাখ লাখ ক্ষুদ্ৰ কৃষক জড়িত হৈ আছে। এইবোৰে ক্ষুদ্ৰ কৃষকসকলক বৃহৎ পৰিসৰত বজাৰত উপনীত হোৱাত সহায় কৰে। আৰু এই এফপিঅ’বোৰ ইয়াতে সীমাবদ্ধ নহয়। খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডতো মুখ্য ভূমিকা পালন কৰি ব্ৰেণ্ডেড সামগ্ৰীৰ বিকাশ সাধন কৰি আহিছে। আমাৰ এফ পি অ’ৰ শক্তি দেখি আপোনালোকে আচৰিত হৈ পৰিব । আজি আমাৰ এফ পি অ’ৰ পৰা ১৫ হাজাৰতকৈ অধিক সামগ্ৰী অনলাইন প্লেটফৰ্মত উপলব্ধ। কাশ্মীৰৰ বাছমতী চাউল, কেশৰ আৰু আখৰোট, হিমাচলৰ জাম আৰু আপেলৰ ৰস, ৰাজস্থানৰ বাজৰা কুকিজ, মধ্যপ্ৰদেশৰ সৰিয়হ কুকিজ, বিহাৰৰ ছুপাৰফুড মাখানা, মহাৰাষ্ট্ৰৰ বাদামৰ তেল আৰু গুৰ, আৰু কেৰেলাৰ কলৰ চিপচ আৰু নাৰিকলৰ তেল—এই সকলোবোৰ সামগ্ৰীয়েই কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে—আমাৰ এফ পি অ’ সমূহে ভাৰতৰ কৃষি বৈচিত্ৰ্যক প্ৰতিফলিত কৰি প্ৰতি ঘৰে ঘৰে লৈ গৈছে। আৰু আপোনালোকে জানি আনন্দিত হ’ব যে ১১০০ৰো অধিক এফপিঅ’ কোটিপতি হৈছে, যাৰ বাৰ্ষিক লেনদেন এক কোটি টকাতকৈ অধিক। আজি কৃষকৰ আয় বৃদ্ধি আৰু যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদানৰ ক্ষেত্ৰত এফ পি অ’ই মুখ্য ভূমিকা পালন কৰি আছে।
বন্ধুসকল,
এফ পি অ’ৰ উপৰি সমবায়ো ভাৰতত এক বৃহৎ শক্তি হৈ পৰিছে । এইবাৰ আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ । ভাৰতৰ সমবায়সমূহেও আমাৰ দুগ্ধ খণ্ড আৰু আমাৰ গ্ৰাম্য অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰিছে। সমবায়ৰ গুৰুত্বক স্বীকাৰ কৰি আমি তেওঁলোকৰ প্ৰয়োজন অনুসৰি আমাৰ নীতি নিৰ্ধাৰণ কৰিবলৈ এক নিষ্ঠাবান মন্ত্ৰালয় গঠন কৰিছো। এই খণ্ডৰ বাবেও কৰ আৰু স্বচ্ছতা সংস্কাৰ ৰূপায়ণ কৰা হৈছে। এই নীতি পৰ্যায়ৰ পৰিৱৰ্তনে সমবায় খণ্ডক শক্তিশালী কৰি তুলিছে।
বন্ধুসকল,
সামুদ্ৰিক আৰু মীন খণ্ডত ভাৰতৰ বৃদ্ধিও আকৰ্ষণীয়। বিগত দশকত আমি মীন খণ্ডৰ সৈতে জড়িত আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰিছো। আমি মাছমৰীয়াসকলক পুঁজিৰ সহায় আৰু গভীৰ সাগৰত মাছ ধৰা নাওৰ বাবে সহায় আগবঢ়াইছিলো। ইয়াৰ ফলত আমাৰ সামুদ্ৰিক উৎপাদন আৰু ৰপ্তানি দুয়োটা বৃদ্ধি পাইছে। আজি এই খণ্ডত প্ৰায় ৩ কোটি লোকে কৰ্মসংস্থাপন লাভ কৰিছে। আমি সাগৰীয় সামগ্ৰীৰ প্ৰক্ৰিয়াকৰণ সম্প্ৰসাৰণৰ বাবেও চেষ্টা কৰি আছো। ইয়াৰ বাবে আধুনিক প্ৰচেছিং প্লাণ্ট, কল্ড চেইন, স্মাৰ্ট হাৰ্বাৰৰ দৰে সুবিধাসমূহত বিনিয়োগ কৰা হৈছে।
বন্ধুসকল,
আমি শস্য সুৰক্ষাৰ বাবে আধুনিক প্ৰযুক্তিতো বিনিয়োগ কৰিছো। খাদ্য বিকিৰণ প্ৰযুক্তিৰ সৈতে কৃষকক সংযোগ কৰা হৈছে। ইয়াৰ ফলত আমাৰ কৃষিজাত সামগ্ৰীৰ শেল্ফ লাইফ বৃদ্ধি পোৱাৰ লগতে খাদ্য সুৰক্ষাও অধিক শক্তিশালী হৈছে। এই কামৰ লগত জড়িত গোটসমূহক চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াইছে।
বন্ধুসকল,
আজিৰ ভাৰতে উদ্ভাৱন আৰু সংস্কাৰৰ নতুন পথত আগবাঢ়িছে। আজিকালি পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰক লৈ যথেষ্ট চৰ্চা হৈছে। এই সংস্কাৰসমূহে কৃষকৰ বাবে কম খৰচ আৰু অধিক লাভৰ প্ৰতিশ্ৰুতি কঢ়িয়াই আনিছে। এতিয়া মাখন আৰু ঘিউৰ ক্ষেত্ৰত ৫% জি এছ টি হোৱাত মানুগৰ যথেষ্ট উপকাৰ হৈছে । গাখীৰৰ টেমাতো মাত্ৰ ৫% কৰ আৰোপ কৰা হৈছে , যাৰ ফলত কৃষক আৰু উৎপাদকসকলৰ বাবে উন্নত মূল্য নিশ্চিত হৈছে । ইয়াৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে কম মূল্যত অধিক পুষ্টি নিশ্চিত হৈছে। এই সংস্কাৰৰ দ্বাৰা খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডও যথেষ্ট লাভাৱান্বিত হ’ব। ৰেডি টু কনজিউম আৰু সংৰক্ষিত ফল-মূল, শাক-পাচলি, আৰু বাদামৰ ওপৰত মাত্ৰ ৫% কৰ আৰোপ কৰা হৈছে । আজি ৯০%তকৈ অধিক প্ৰচেছড খাদ্য সামগ্ৰী শূন্য% বা ৫% স্লেবত আছে। জৈৱ কীটনাশক আৰু অণু পুষ্টিকৰ পদাৰ্থৰ ওপৰত কৰ হ্ৰাস কৰা হৈছে। জি এছ টি সংস্কাৰৰ ফলত জৈৱ-ইনপুট সস্তা হৈছে, আৰু ক্ষুদ্ৰ জৈৱিক কৃষক আৰু এফ পি অ’সমূহে প্ৰত্যক্ষভাৱে লাভাৱান্বিত হোৱাটো নিশ্চিত।
বন্ধুসকল,
জৈৱ পেকেজিঙৰ ক্ষেত্ৰতো সংস্কাৰ সাধন কৰা হৈছে ঘণ্টাৰ প্ৰয়োজনীয়তা। আমাৰ সামগ্ৰী সতেজ আৰু স্বাস্থ্যকৰ হৈ থকাটো গুৰুত্বপূৰ্ণ, ইয়ালৰ লগতে প্ৰকৃতিৰ প্ৰতিও আমাৰ দায়িত্ব আছে। সেয়েহে চৰকাৰে বায়’ডিগ্ৰেডেবল পেকেজিঙৰ জি এছ টি ১৮%ৰ পৰা ৫%লৈ হ্ৰাস কৰিছে। লগতে আমাৰ উদ্যোগৰ সকলো সহকৰ্মীক জৈৱ-বিঘ্নিত পেকেজিঙৰ সৈতে জড়িত উদ্ভাৱনত বিনিয়োগ কৰিবলৈ আৰু আমাৰ সকলো সামগ্ৰী যিমান পাৰি সোনকালে জৈৱ- পেকেজিঙলৈ স্থানান্তৰিত কৰিবলৈ আহ্বান জনাব বিচাৰিছো।
বন্ধুসকল,
ভাৰতে মুকলি হৃদয়েৰে বিশ্বৰ বাবে দুৱাৰ মুকলি কৰি দিছে । আমি খাদ্য শৃংখলৰ প্ৰতিগৰাকী বিনিয়োগকাৰীৰ বাবে দুৱাৰ মুকলি কৰি দিছো । আমি সহযোগিতাৰ বাবে মুক্ত মনেৰে আগুৱাই আহিছো। মই আকৌ এবাৰ আপোনালোক সকলোকে ভাৰতত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনাইছো, কিয়নো এই খণ্ডত অপৰিসীম সম্ভাৱনা আছে। ইয়াৰ সুবিধা গ্ৰহণ কৰক । এই অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে সংশ্লিষ্ট সকলোকে অভিনন্দন জনাইছো। ধন্যবাদ।
***
MJPS/ST/DK/DM
Addressing the World Food India 2025 programme. https://t.co/x7wR33oiKX
— Narendra Modi (@narendramodi) September 25, 2025
India has the triple strength of diversity, demand and scale. pic.twitter.com/C0XgWdyP6Y
— PMO India (@PMOIndia) September 25, 2025
In the last 10 years, 25 crore people in India have overcome poverty. pic.twitter.com/kBKTaiZcT5
— PMO India (@PMOIndia) September 25, 2025
Today, India is the world's third-largest start-up ecosystem, with many start-ups working in the food and agriculture sectors. pic.twitter.com/0PvhS8QVS4
— PMO India (@PMOIndia) September 25, 2025
India is continuously contributing to global food security. pic.twitter.com/7PJ9YLESMy
— PMO India (@PMOIndia) September 25, 2025
Today, small farmers are becoming a major force in the market. pic.twitter.com/TdqffjLyWj
— PMO India (@PMOIndia) September 25, 2025
In India, cooperatives are giving our dairy sector and our rural economy a new strength. pic.twitter.com/wg6AJHzoeR
— PMO India (@PMOIndia) September 25, 2025