পি এম ইণ্ডিয়া
মাননীয় সংযুক্ত ৰাষ্ট্ৰৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছ, স্বচ্ছতা সংকল্পৰ সৈতে জড়িত হোৱাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন ৰাষ্ট্ৰৰ মাননীয় মন্ত্ৰীগণ, মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী সুষমা মহোদয়া, উমা ভাৰতী মহোদয়া, হৰদ্বীপ পুৰী মহোদয়, ৰমেশ মহোদয় আৰু দেশ তথা বিশ্বৰ বিশিষ্ট অতিথিগণ, ভাতৃ আৰু ভগ্নীসকল৷
ভাৰতত পূজ্য বাপুৰ এই ভূমিত আপোনালোক সকলোকে হৃদয়েৰে স্বাগতম জনাইছোঁ৷ এশ পঁচিশ কোটি ভাৰতীয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে নমস্কাৰ৷ স্বচ্ছতাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত নিজৰ প্ৰতিবদ্ধতা আৰু সেই প্ৰতিবদ্ধতাক এক সামুহিকতাৰ সৈতে মানৱ জাতিৰ সন্মুখত প্ৰস্তুত কৰা আৰু ইয়াৰ বাবে সকলো বিশ্ব নেতা, অনাময় আৰু বহনক্ষম উন্নয়নৰ সৈতে জড়িত বিশ্বৰ মহান ব্যক্তিত্বসকলৰ মাজত, আপোনালোক সকলোৰে মাজত উপস্থিত থাকিবলৈ পোৱাটো মোৰ বাবে এক সৌভাগ্যৰ কথা৷
মহাত্মা গান্ধী ইণ্টাৰনেচনেল ছেনিটেচন কনভেনচনত অংশগ্ৰহণ কৰিবলৈ আৰু নিজৰ দেশৰ অনুভৱসমূহ বিনিময় কৰিবলৈ এক প্ৰকাৰে এই সন্মিলন নিজৰ অভিজ্ঞতাৰ দ্বাৰা, নিজৰ বিচাৰৰ দ্বাৰা, নিজৰ দৃষ্টিকোণৰ দ্বাৰা সমৃদ্ধ কৰাৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ৷
আজি যেতিয়া বিশ্বই অনেক প্ৰত্যাহ্বানৰ মাজেৰে অতিক্ৰম কৰিবলগীয়া হৈছে, তেতিয়া মানৱতাৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ বিষয়ত ইমানবোৰ দেশ জড়িত হোৱা, তাৰ ওপৰত চিন্তা–বিচাৰ কৰাটো নিজৰ মাজতেই এক অভূতপূৰ্ব ঘটনা হিচাপে বিবেচিত হৈছে৷
আজিৰ এই আয়োজন বিশ্বজনীন অনাময়ৰ দিশত, মোৰ বিশ্বাস যে আপোনালোক সকলোৱে যি সময় দিছে, আপোনালোকৰ শাৰীৰিক উপস্থিতি, এই ক্ষণে অনাগত দিনত মানৱ কল্যাণৰ কাৰ্যসমূহৰ সৈতে জড়িত এক মাইলৰ খুঁটি হিচাবে বিবেচিত হ’ব৷
বন্ধুসকল, আজি মহাত্মা গান্ধীৰ ১৫০তম জন্ম বাৰ্ষিকীত আৰু ১৫০ বৰ্ষ সমগ্ৰ বিশ্বত ব্যাপক ৰূপত পালন কৰাৰ দিশত আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ৷ পূজ্য বাপুক মই সকলো দিশৰ পৰা আদৰপূৰ্বক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ৷ আৰু মই দেখিছোঁ যে পূজ্য বাপুৰ সপোন স্বচ্ছতাৰ সৈতে জড়িত আছিল৷ আৰু আজি সেই স্বচ্ছতাৰ সৈতে জড়িত বিভিন্ন মহানুভৱক শুশ্ৰূষা কৰাৰ মই অৱসৰ লাভ কৰিছোঁ, ইও এক প্ৰকাৰে শ্ৰদ্ধাঞ্জলিৰ সৈতে কাৰ্যাঞ্জলি প্ৰদান কৰাৰ সৌভাগ্য মই লাভ কৰিছোঁ৷
আপোনালোক সকলোৱে বাপুৰ আশ্ৰমত এদিন অতিবাহিত কৰিছে৷ সবৰমতীৰ পাৰত, য’ৰ পৰা পূজ্য বাপুৱে দেশৰ স্বাধীনতাৰ যুদ্ধৰ বাবে প্ৰস্তুতি কৰিছিল৷ তাৰে জীৱন আপোনালোকে নিকটৰ পৰা প্ৰত্যক্ষ কৰিছে৷ মোৰ বিশ্বাস যে বাপুৰ বিচাৰ অৱশ্যেই স্বচ্ছতাৰ অভিযানৰ সৈতে জড়িত লোকৰ বাবে এক নতুন শক্তি, নতুন চেতনা, নতুন প্ৰেৰণাৰ সৃষ্টি কৰিব৷ আৰু এয়াও সাৰ্থক যে আজিয়েই আমি মহাত্মা গান্ধী ইণ্টাৰনেচনেল ছেনিটেচন কনভেনচনৰ এই সমাৰোহৰ সমাপন উদযাপনত একত্ৰিত হৈছোঁ৷
কিছু সময় পূৰ্বে মই ইয়াত কেইগৰাকীমান স্বচ্ছাগ্ৰহীক সন্মান আৰু পুৰস্কাৰ দিয়াৰ সৌভাগ্য লাভ কৰিছোঁ৷ মই সকলো পুৰস্কাৰ বিজেতাক অশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু পূজ্য আম্মাক বিশেষৰূপত প্ৰণাম কৰিছোঁ কাৰণ যেতিয়া এই কাৰ্য আৰম্ভ কৰা হৈছিল, পূজ্য আম্মাই সক্ৰিয় ৰূপত এই সমগ্ৰ অভিযানটো নিজৰ কান্ধত তুলি লৈছিল৷ এনেকুৱা অনেক লোকে এনে মহাপুৰুষৰ, মনুষ্যৰ, মহামানৱৰ, মনিষীৰ জীৱনৰ পৰা প্ৰেৰণা পাই আজি এই স্বচ্ছতা অভিযানক জন আন্দোলন হিচাপে গঢ়ি তুলিলে, এক বৃহৎ শক্তি কৰি তুলিলে৷ মই সেই সকলোকে আজি এই মঞ্চৰ পৰা প্ৰণাম জনাইছোঁ৷
বন্ধুসকল, স্বাধীনতাৰ যুঁজত গান্ধীজীয়ে এবাৰ কৈছিল যে তেওঁ স্বতন্ত্ৰতা আৰু স্বচ্ছতাৰ মাজত স্বচ্ছতাকেই প্ৰথম স্থান দিব৷ গান্ধীজী, যিজনে স্বাধীনতাৰ যুদ্ধৰ বাবে নিজৰ জীৱন জলাঞ্জলি দিছিল, তেওঁৱেই স্বতন্ত্ৰতা আৰু স্বচ্ছতাৰ মাজত স্বচ্ছতাকেই প্ৰথম স্থান দিয়াৰ সংকল্প কৰিছিল৷ তেওঁ ১৯৪৫ চনত নিজৰ চিন্তাধাৰাক শব্দবদ্ধ কৰিছিল, তেওঁ লিখিছিল আৰু সেই প্ৰকাশিত সংস্কৰণত তেওঁ গঠনাত্মক কাৰ্যসূচীৰ ৰূপত সেইসমূহ প্ৰস্তুত কৰিছিল৷ মই যি প্ৰয়োজনীয় কথাৰ অৱতাৰণা কৰিলো তাত মহাত্মা গান্ধীৰ সেই তথ্যত গ্ৰামীণ স্বচ্ছতাও এক গুৰুত্বপূৰ্ণ অংশ আছিল৷
প্ৰশ্ন এইটোৱেই যে গান্ধীজীয়ে কিয় বাৰে বাৰে স্বচ্ছতাৰ ওপৰত ইমান গুৰুত্ব প্ৰদান কৰিছিল? এইকাৰণেই নেকি যে দূষিত স্থানৰ পৰা ৰোগৰ উদ্ভৱ হয়? মোৰ আত্মাই কয়, নহয়৷ কেৱল ইমানতেই তেওঁৰ উদ্দেশ্য সীমিত নাছিল৷
বন্ধুসকল, আপোনালোকে মন কৰিলে দেখিব যে যেতিয়ালৈ আমি অস্বচ্ছতা, লেতেৰাসমূহ দূৰ নকৰোঁ তেতিয়া সেই অস্বচ্ছতাই আমাৰ পৰিস্থিতিসমূহ স্বীকাৰ কৰাৰ প্ৰবৃতি উৎপন্ন কৰাৰ কাৰণ হৈ পৰে, তেনেকুৱা প্ৰবৃত্তিৰ সৃষ্টি হয়৷ কোনোবা এটা বস্তু অস্বচ্ছতাৰে ঘেৰি থোৱা আছে, কোনো স্থান অস্বচ্ছতাৰে ঘেৰি থোৱা আছে আৰু তাত উপস্থিত ব্যক্তিয়ে যদি ইয়াক পৰিৱৰ্তন নকৰে, চাফা নকৰে তেন্তে তেওঁ ধীৰে ধীৰে সেই অস্বচ্ছতাক স্বীকাৰ কৰিবলৈ ধৰে৷ কিছুসময়ৰ পিছত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয়, মনৰ এনেকুৱা স্থিতি হয় যে তেওঁৰ বাবে সেই লেতেৰাখিনি লেতেৰাই নহয় যেন লাগে৷ অৰ্থাৎ এক ধৰণে অস্বচ্ছতাই ব্যক্তিৰ চেতনাক, তেওঁৰ চিন্তা ভাৱনাক জড় কৰি পেলায়, আগুৰি ধৰে৷
এতিয়াৰ ইয়াৰ বিপৰীত স্থিতিসমূহৰ বিষয়ে ভাবক– যেতিয়া এজন ব্যক্তিয়ে অস্বচ্ছতা স্বীকাৰ নকৰে, সেয়া পৰিস্কাৰ কৰিবলৈ প্ৰয়াস কৰে তেতিয়াও তেওঁৰ চেতনাও চলমান হৈ পৰে৷ তেওঁৰ এটা অভ্যাস গঢ় লৈ উঠে যে তেওঁ পৰিস্থিতিসমূহক এনেদৰে স্বীকাৰ নকৰিব৷
পূজ্য বাপুৱে যেতিয়া স্বচ্ছতাক জন আন্দোলনলৈ পৰিৱৰ্তন কৰিলে তেতিয়া ইয়াৰ অন্তৰালত যি মনোভাৱ আছিল, তাৰ জৰিয়তে ব্যক্তিৰ সেই মানসিকতা পৰিৱৰ্তন কৰাৰ মনোভৱ আছিল৷ জড়তাৰ পৰা চেতনালৈ যোৱাৰ আৰু সেই চেতনা জড়তা সমাপ্ত কৰাৰ বাবে স্থান, এয়াইতো তেওঁৰ প্ৰয়াস আছিল৷ যেতিয়া আমি ভাৰতীয়সকলৰ চেতনা জাগ্ৰত হ’ল, তাৰ পিছত আমি স্বতন্ত্ৰতা আন্দোলনৰ দৰে প্ৰভাৱ দেখিলো আৰু দেশ স্বাধীন হ’ল৷
আজি মই আপোনালোকৰ সন্মুখত স্বীকাৰ কৰোঁ যে যদি আমি ভাৰতীয়সকল আৰু মোৰ দৰে অনেক লোক পূজ্য বাপুৰ চিন্তাধাৰাৰ দ্বাৰা পৰিচিত নহ’লহেঁতেন, তেওঁৰ দৰ্শনক বুজি পোৱাৰ বাবে এক বিদ্যাৰ্থীৰ ৰূপত চেষ্টা নকৰিলোহেঁতেন, তেওঁ কোৱা কথাসমূহ প্ৰণয়ন নকৰিলোহেঁতেন, সেয়া বুজি নাপালোহেঁতেন, তেন্তে কোনো চৰকাৰৰ বাবে এই কাৰ্যসূচী প্ৰাথমিক কাৰ্যসূচী নহ’লহেঁতেন৷
আজি এয়া প্ৰাথমিকতা এই কাৰণেই হ’ল, মই ১৫ আগষ্টত লালকিল্লাৰ পৰা এই বিষয়ে কথা কোৱাৰ মন এই কাৰণেই হ’ল কিয়নো গান্ধীজীৰ বিচাৰ, আদৰ্শই মনক প্ৰভাৱিত কৰিছিল৷ আৰু সেই কাৰণতেই যি আজি এই কাৰ্যৰ বাবে বিনা কোনো লাভে কোটি কোটি লোকক জড়িত কৰিছে৷
আজি মই গৰ্বিক যে গান্ধীজীয়ে দেখুৱাই যোৱা পথত আগবাঢ়ি এশ পঁচিশ কোটি ভাৰতবাসীয়ে স্বচ্ছ ভাৰত অভিযানক বিশ্বৰ সকলোতকৈ বৃহৎ জন আন্দোলন হিচাপে গঢ়ি তুলিছে৷ এই জন ভাৱনাৰ পৰিণামতেই ২০১৪ চনৰ পূৰ্বে গ্ৰামীণ স্বচ্ছতাৰ যি পৰিসৰ প্ৰায় ৩৮ শতাংশ আছিল, আজি সেয়া ৯৪ শতাংশ হৈছে৷ চাৰি বছৰচ ৩৮ শতাংশৰ পৰা ৯৪ শতাংশ লাভ হোৱা, এয়া জনসাধাৰণৰ দায়িত্বসমূহক জড়িত কৰাৰ এক আটাইতকৈ ডাঙৰ সফল উদাহৰণ৷
ভাৰতত মুক্তস্থানত কৰা শৌচমু্ক্ত গাঁৱৰ সংখ্যাই আজি ৫ লাখ অতিক্ৰম কৰিছে৷ ভাৰতৰ ২৫খন ৰাজ্য মুক্তস্থানত কৰা শৌচমু্ক্ত ৰাজ্য হিচাবে ঘোষিত হৈছে৷
বন্ধুসকল, চাৰি বছৰৰ পূৰ্বে মুক্ত স্থানত শৌচ কৰা বিশ্বজনীন আবাদীৰ ৬০ শতাংশই ভাৰতৰ আছিল৷ আজি এই ৬০ শতাংশৰ পৰা হ্ৰাস হৈ ২০ শতাংশতকৈও কম হৈছে৷ অৰ্থাৎ এক প্ৰকাৰে আমাৰ এই পৰিশ্ৰম বিশ্ব মানচিত্ৰতো এক নতুন উৎসাহ, নতুন উদ্দীপনাৰ সৃষ্টি কৰিছে৷ আৰু ডাঙৰ কথা এয়ে যে এই চাৰিটা বৰ্ষত কেৱল শৌচালয়েই নিৰ্মাণ হোৱা নাই, গাঁও, চহৰ, অডিএফেই নহয়, ৯০ শতাংশতকৈও অধিক শৌচালয়ৰ নিয়মিত ব্যৱহাৰ হৈ আছে৷
চৰকাৰে এই বিষয় সন্দৰ্ভতো অবিৰাম নিৰীক্ষণ কৰি আছে যি গাঁও–চহৰে নিজকে অ’ডিএফ বুলি ঘোষিত কৰিছে, তেওঁলোকে যাতে পুৰণি অভ্যাসৰ ফালে ঢাল নাখায়৷ ইয়াৰ বাবে আচৰণগত পৰিৱৰ্তন, আৰু সেয়াই ডাঙৰ কাম, তাৰ ওপৰত নিৰন্তৰ গুৰুত্ব প্ৰদান কৰা হৈছে৷ তাৰ ওপৰত বিনিয়োগো কৰা হৈছে৷
বন্ধুসকল, যেতিয়া আমি এই অভিযান আৰম্ভ কৰিছিলো তেতিয়া এই প্ৰশ্নও উত্থাপন হৈছিল যে বহু টকা খৰচ কৰিব লাগিব৷ কিন্তু ভাৰত চৰকাৰে টকাতকৈ বেছি সামাজিক পৰিৱৰ্তনক প্ৰাথমিকতা প্ৰদান কৰিলে, ইয়াক অধিক গুৰুত্ব দিলে আৰু যদি মনৰ পৰিস্থিতি পৰিৱৰ্তিত হয় তেন্তে বাস্তৱত পৰিস্থিতি পৰিৱৰ্তন কৰাৰ বাবে চৰকাৰৰ প্ৰয়োজন নহয়, মানুহে নিজে নিজে আৰম্ভ কৰি দিয়ে৷
আজি যেতিয়া মই শুনো, মই দেখোঁ যে স্বচ্ছ ভাৰত অভিযানে ভাৰতীয়সকলৰ চিন্তা–ধাৰা পৰিৱৰ্তিত কৰিছে৷ কিদৰে ভাৰতৰ গাঁওসমূহত বেমাৰ কমি গৈছে৷ চিকিৎসাৰ নামত খৰচ কমি গৈছে৷ আৰু এনেকুৱা খবৰ যেতিয়া পাঁও তেতিয়া কিমান সন্তোষ পাঁও৷
সংযুক্ত ৰাষ্ট্ৰৰ সৈতি জড়িত বিভিন্ন সংগঠনে অধ্যয়নো কৰিছে আৰু অধ্যয়নতো এই অভিযানৰ নতুন নতুন স্থিতি বিশ্বৰ সন্মুখত অধ্যয়নৰ দ্বাৰা তেওঁলোকে প্ৰকট কৰিছে৷
ভাতৃ আৰু ভগ্নীসকল, কোটি কোটি ভাৰতবাসীয়ে এই আন্দোলনক আশা আৰু পৰিৱৰ্তনৰ প্ৰতীক হিচাপে চিহ্নিত কৰিছে৷ স্বচ্ছ ভাৰত অভিযান আজি বিশ্বৰ সবাতোকৈ বৃহৎ domino effect বিবেচিত হৈছে৷
বন্ধুসকল, আজি মই এই কথাত গৰ্বিত যে স্বচ্ছ ভাৰত অভিযানৰ ফলত ভাৰত স্বচ্ছতাৰ প্ৰতি, নিজৰ ঐতিহ্যৰ প্ৰতি পুনৰ সজাগ হৈ উঠিছে৷ স্বচ্ছতাৰ এই সংস্কাৰ আমাৰ প্ৰাচীন পৰম্পৰা, সংস্কৃতি আৰু চিন্তাত নিহিত হৈ আছে, বিকৃতিসমূহ পিছতহে আহিছে৷ মনুষ্য জীৱন জীয়াই থকাৰ উপযুক্ত পদ্ধতি বৰ্ণনা কৰাৰ সময়ত অষ্টাংগ যোগৰ বিষয়ে মহৰ্ষি পতঞ্জলিয়ে এইদৰে কৈছে–
शौच संतोष तप: स्वाध्याय ईश्वर प्रणिधान नि नियम:
অৰ্থাৎ সমৃদ্ধ জীৱন জীয়াই থকাৰ পাঁচটা নিয়ম আছে– ব্যক্তিগত পৰিষ্কাৰ–পৰিচ্ছন্নতা, সন্তোষ, তপস্যা, স্বধ্যয়ন আৰু ঈশ্বৰ চেতনা৷ ইয়াতো প্ৰথম নিয়ম স্বচ্ছতাৰ বিষয়ে পতঞ্জলিয়েও সমৰ্থন কৰিছে৷ ঈশ্বৰৰ চেতনা আৰু তপস্যাও স্বচ্ছতাৰ পিছতহে সম্ভৱ৷ পৰিষ্কাৰ–পৰিচ্ছন্নতাৰ এই সদগুণ ভাৰতীয় জীৱনৰ অংশ হৈ আহিছে৷
অলপ আগেয়ে যেতিয়া মই এই হ’ললৈ আহি আছিলো তেতিয়া মাননীয় এণ্টনিঅ’ গুটেৰেছৰ সৈতে মই এক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিলো৷ তাত দেখুওৱা হৈছিল কিদৰে সিন্ধু নৈৰ সভ্যতাত শৌচাগাৰৰ, নৰ্দমাৰ কি সুন্দৰ ব্যৱস্থা আছিল৷
বন্ধুসকল, মাননীয় এণ্টনিঅ’ গুটেৰেছৰ কাৰ্যকালত সংযুক্ত ৰাষ্ট্ৰই বহনক্ষম লক্ষ্য প্ৰাপ্তিৰ দিশত আগবাঢ়িব ধৰিছে৷ ইয়াৰ অধীনত ২০৩০ চন পৰ্যন্ত মুক্তস্থানত শৌচৰ পৰা মু্ক্তি, পৰিষ্কাৰ শক্তিৰ দৰে সোতৰটা লক্ষ্য নিৰ্ধাৰণ কৰা গৈছে৷ সেইসমূহ লাভ কৰাৰ সংকল্প গ্ৰহণ কৰা হৈছে৷
মহাসচিব মহোদয়, মই আজি আপোনাক আশ্বস্ত কৰিব বিচাৰিছোঁ যে ভাৰতে এই ক্ষেত্ৰত অগ্ৰদূতৰ ভূমিকা গ্ৰহণ কৰিব, আমি আমাৰ কাৰ্যসমূহ সময়ৰ আগেয়েই প্ৰস্তুত কৰিম৷ সমৃদ্ধ দৰ্শন, প্ৰাচীন প্ৰেৰণা, আধুনিক ভাগ্য আৰু প্ৰভাৱী কাৰ্যক্ৰমৰ সহায়ত, জন সহযোগিতাৰ সহায়ত আজি ভাৰত বহনক্ষম উন্নয়নৰ লক্ষ্য প্ৰাপ্তিৰ দিশত ভাৰত দ্ৰুত গতিৰে ধাৱমান হৈছে৷
আমাৰ চৰকাৰে অনাময়ৰ সৈতে পুষ্টিৰ দিশতো সমান ৰূপত গুৰুত্ব প্ৰদান কৰি আছে৷ ভাৰতত এতিয়া কুপোষণৰ বিৰুদ্ধেও জন আন্দোলন আৰম্ভ হৈছে৷ বসুধৈৱ কুটুম্বকম অৰ্থাৎ সমগ্ৰ বিশ্বকেই এক পৰিয়ালৰ হিচাবত আমি যি কাৰ্য কৰি আছোঁ, সেই কাৰ্য আমাৰ সমৰ্পণ, আজি বিশ্বৰ সন্মুখত, মানৱ জাতিৰ সন্মুখত আছে৷
বন্ধুসকল, মই ইয়াৰ বাবে আপোনালোকক অভিনন্দন জনাব বিচাৰিছোঁ যে চাৰিদিনীয়া এই সন্মিলনৰ পিছত আমি সকলোৱে এই ফলাফল পালো যে বিশ্বক স্বচ্চ কৰিবলৈ চাৰিটা ‘পি’ (P)ৰ প্ৰয়োজন৷ আৰু এই চাৰিটা ‘পি’ৰ আমাৰ মন্ত্ৰ হ’ল– political leadership, public funding, partnership, people’s participation৷ দিল্লী ঘোষণাৰ জৰিয়তে আপোনালোকে সৰ্বব্যাপী স্বচ্ছতাত এই চাৰিটা গুৰুত্বপূৰ্ণ মন্ত্ৰক মান্যতা প্ৰদান কৰিছে৷ ইয়াৰ বাবে মই আপোনালোক সকলোকে ধন্যবাদ প্ৰদান কৰিছোঁ৷
এই উপলক্ষে মই স্বচ্ছ ভাৰত অভিযানক আগুৱাই লৈ যোৱা কোটি কোটি স্বচ্ছাগ্ৰহীক, সংবাদ মাধ্যমৰ মোৰ সহযোগীক; আৰু সংবাদ মাধ্যমৰ উল্লেখ এইবাবেই কৰিব বিচাৰিছোঁ কাৰণ স্বচ্ছতা অভিযানে সংবাদ মাধ্যমৰ প্ৰতি যি ধাৰণা আছিল সেয়া পৰিৱৰ্তন কৰি দিছে৷ মোৰ দেশে গৰ্বেৰে এয়া ক’ব পাৰে যে মোৰ দেশৰ সংবাদ মাধ্যমৰ সকলো সৰু–ডাঙৰ মাধ্যমে–লাগিলে সেয়া ছপা মাধ্যমেই হওক অথবা বৈদ্যুতিন মাধ্যমেই হওক, তেওঁলোকে স্বচ্ছতাৰ বাবে কাম কৰা লোকৰ চৰ্চা নিৰন্তৰে কৰিছে, ভাল কামৰ চৰ্চা কৰিছে, তাৰ ব্যাপক প্ৰচাৰ–প্ৰসাৰ কৰিছে আৰু এই খবৰসমূহে প্ৰেৰণাৰ এক বাতাৱৰণৰ সৃষ্টি কৰিছে৷ আৰু সেইবাবে মই সংবাদ মাধ্যমকো আৰু তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণক আদৰেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷
আপোনালোকৰ সহযোগিতাৰ জৰিয়তে, অৱশ্যে এয়া কঠিন কাম যেন লাগিছিল, কিন্তু এই কঠিন যেন লগা কাম–লক্ষ্য সাধনাৰ কামৰ দিশে দেশ ধাৱমান হৈছে৷ এতিয়াও আমাৰ কাম বাকী আছে৷ আমি ইয়াত সন্তোষ লভিবলৈ একত্ৰিত হোৱা নাই৷ আমি একত্ৰিত হৈছোঁ, এতিয়া যি বাকী আছে তেওঁলোকক আৰু ক্ষীপ্ৰতাৰে কাম কৰাৰ প্ৰেৰণা দিয়াৰ বাবে৷
আমি আগবাঢ়িব লাগিব আৰু ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীক তেওঁৰ ১৫০তম জন্ম দিৱসত স্বচ্ছ আৰু সুস্থ ভাৰতৰ ভব্য–কাব্য কাৰ্যাঞ্জলি যাঁচিব লাগে৷ মোৰ আশা, মোৰ সম্পূৰ্ণ বিশ্বাস যে আমি ভাৰতৰ লোকসকলে এই সপোনক বাস্তৱায়িত কৰিব পাৰিম, এই সংকল্পক সিদ্ধ কৰাৰ বাবে যি আৱশ্যকীয় পৰিশ্ৰম কৰিব লাগিব, যি দায়িত্ব গ্ৰহণ কৰিব লাগিব, কোনো ভাৰতবাসীয়ে পিছুৱাই নাহে৷
আপোনালোক সকলোৱে এই মহান তিথি উপলক্ষে ইয়ালৈ আহিলে, ভাৰতক আপোনালোকৰ সেৱা–সৎকাৰ কৰাৰ সুবিধা প্ৰদান কৰিলে, সকলো অতিথিক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ৷
আজি ইয়াত ভাৰত চৰকাৰৰ ডাক বিভাগৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ পৰ্ব উপলক্ষে পূজ্য বাপুৰ ষ্টাম্প, সেয়াও লোকাৰ্পণ কৰাৰ সৌভাগ্য প্ৰাপ্ত কৰিলো৷ ভাৰতৰ ডাক বিভাগৰ সক্ৰিয়তা আৰু ডাক টিকট নিজেই এক বাৰ্তাবাহকৰ ৰূপত কাম কৰে৷ এওঁলোকে ইতিহাসৰ সৈতেও জড়িত কৰে আৰু সমাজৰ পৰিৱৰ্তিত প্ৰভাৱৰ সৈতে জড়িত কৰে৷
আজি এক গুৰুত্বপূৰ্ণ মুহূৰ্তত মই প্ৰত্যক্ষ কৰিছিলো– বৈষ্ণৱ জন তো তেনে ৰে কহিয়ে– পূজ্য বাপু বিশ্বমানৱ আছিল৷ আৰু তেওঁৰ বাবে কোৱা হৈছিল যে শতিকাৰ পিছতো যদি কোনোবাই দেখে যে এনেকুৱা মানৱো আছিল নে, তেন্তে তেওঁ বোধহয় ক’ব– নহয়, নহয়, এয়া নিশ্চয় কল্পনা৷ এনেকুৱা মানুহো থাকিব পাৰেনে? এনেকুৱাই মহাপুৰুষ আছিল আমাৰ পূজ্য বাপু৷ আৰু তেওঁ যি প্ৰেৰণা প্ৰদান কৰিছিল– বৈষ্ণৱ জন তো তেনে কহিয়ে– মনলৈ এটা সৰু চিন্তা আহিছিল যে বিশ্বৰ ১৫০খন দেশত, ১৫০তম বৰ্ষত সেই দেশৰ বিখ্যাত গীতিকাৰ, সংগীতকাৰ, গায়ক, বাদক, সকলোৱে মিলি বৈষ্ণৱ জন– সেই ৰূপতেই এবাৰ প্ৰস্তুত কৰক৷
মই এনেয়েই এই বিষয়ে সুষমা মহোদয়াক কৈছিলো কিন্তু সুষমা মহোদয়া আৰু তেওঁৰ দলে যি আগ্ৰহেৰে বিশ্বৰ অভিযানত ব্যস্ত আমাৰ সকলো সহযোগীয়ে যিদৰে ইয়াক গুৰুত্ব প্ৰদান কৰিলে, আৰু যি প্ৰকাৰৰ গুণগতমানত, এই যি বিদেশৰ লোকসকলে ইয়াক পৰিৱেশন কৰিলে, মই জানো যে তেওঁলোকে বহুদিন অনুশীলন কৰিছে৷ অৰ্থাৎ এক প্ৰকাৰে গান্ধীত তেওঁলোক লীন গৈছিল৷
আমাৰ ওচৰলৈ এটা কেচেট আহিছে, কিন্তু মই বিশ্বাসেৰে ক’ব পাৰোঁ, সেই দেশৰ কলা জগতৰ লোক গান্ধীত লীন গৈছিল৷ তেওঁলোকৰ মনত বোধহয় প্ৰশ্ন উত্থাপিত হৈছে যে কি কথা, কোন এই মহাপুৰুষ, তেওঁলোকে অৰ্থ বুজিবলৈ চেষ্টা কৰিছে৷ বৈষ্ণৱ ভজনৰ বিশ্বজনীন ৰূপ প্ৰথমবাৰলৈ বিশ্বৰ সন্মুখত প্ৰস্তুত হৈছে৷ আৰু মোৰ বিশ্বাস যে এয়া যি প্ৰয়াস হৈছে, ডেৰশ বৰ্ষ নিমিত্তে, এই স্বৰ, এই দৃশ্য, বিশ্বৰ সকলো দেশৰ পৰিচয় আৰু মই ইএনৰ মহাসচিব মহোদয়ক কৈছিলো যে আপোনাৰ মাতৃ ভূমি, আপোনাৰ দেশৰ বাঁহীবাদকেও আজি ইয়াত বাঁহী বজাই আছে৷
সেই দেশৰ লোকসমূহে নিজৰ কলাকাৰক দেখিব, শুনিব, এক কৌতুহলৰ সৃষ্টি হ’ব, ইয়াক বুজাৰ বাবে চেষ্টা কৰিব৷ আমি ভাৰতীয়সকলতো নাজানোৱেই যে বৈষ্ণৱ ভজন কি ভাষাত ৰচিত হৈছে৷ আমাৰ অন্তৰাত্মাৰ পৰা উত্তৰ আহিছে যে ইয়াৰ মূল ভাষা কোনেও নাজানে, মাত্ৰ আমি গাই আছো৷ কোনো ভাষাত ৰচিত হৈছে বোধহয়, ভাৰতৰ প্ৰতিটো কোণত গান গোৱা মানুহ পোৱা যায়৷ ঠিক সেইদৰে সমগ্ৰ বিশ্বতো, বিশ্বৰ সমগ্ৰ মানৱ জাতিৰ অন্তৰাত্মাত ই নিশ্চয় স্থান ল’ব পাৰিব, এয়া মোৰ বিশ্বাস৷ মই পুনৰ বাৰ সুষমা মহোদয়াৰ দলটোক হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷
আজি স্বচ্ছতাৰ ক্ষেত্ৰত আমি যি পৰিণাম দেখিবলৈ পাইছোঁ, ইয়ে পৰিণাম অধিক কৰাৰ প্ৰেৰণা প্ৰদান কৰে৷ আমি কেতিয়াও দাবী কৰা নাই যে আমি সকলোখিনি কৰিছোঁ বুলি৷ কিন্তু আমাৰ অন্তৰত বিশ্বাস জন্মিছে যে যিটো বস্তুলৈ আমি ভয় কৰোঁ, হাত নলগাঁও, দূৰলৈ যাওঁ, সেই লেতেৰাখিনিকে হাতেৰে স্পৰ্শ কৰি আমি স্বচ্ছতাৰ সৃজন কৰাত সফলতা লাভ কৰিছোঁ আৰু অধিক সফলতা পাব পাৰো৷ জন সাধাৰণে লেতেৰা পচন্দ নকৰে৷ জন সাধাৰণ স্বচ্ছতাৰ সৈতে জড়িত হ’বলৈ প্ৰস্তুত, এই বিশ্বাস এতিয়া অধিক দৃঢ় হৈছে৷
আৰু এই কামৰ বাবে উমা ভাৰতী মহোদয়া, তেওঁৰ বিভাগ, তেওঁৰ সমগ্ৰ দল, দেশৰ সমগ্ৰ নাগৰিকে, ভিন্ন ভিন্ন সংগঠনে এয়া যি কাম কৰিছে, আজি তেওঁলোক অভিনন্দনৰ পাত্ৰ, অভিনন্দনৰ অধিকাৰী৷ মই উমা মহোদয়াক, ৰমেশ মহোদয়ক আৰু তেওঁৰ সমগ্ৰ দলটোক, যি সমৰ্পিত ভাৱেৰে কাম হৈ আছে কোনেও বাহিৰত বহি কল্পনা কৰিব নোৱাৰে যে চৰকাৰী বিভাগত বাবুসকলৰ ছবি যিকোনোৱেই হওক৷ এই কামত মই ক’ব পাৰো যে ইয়াত কোনো বাবুগিৰী নাই, কেৱল গান্ধীগিৰী, স্বচ্ছতাগিৰী হে প্ৰত্যক্ষ হ’ব৷
ইমান ডাঙৰ কাম এটা দলৰ হিচাপত কৰা হৈছে৷ সৰু–ডাঙৰ সকলো কৰ্মচাৰীয়ে, অধিকাৰীয়ে নিজৰ কাৰ্যসূচী প্ৰস্তুত কৰিছে৷ এয়া অতিশয় বিৰল৷ আৰু মই ইয়াৰ সৈতে আবেগিকভাৱে সংবদ্ধ হোৱাৰ কাৰণত মই দেখোঁ আৰু মই গম পাই যাওঁ যে লোকে কিমান পৰিশ্ৰম কৰি আছে, কিমান প্ৰয়াস কৰি আছে, প্ৰাণে মনে জড়িত হৈ পৰিছে৷ তাৰ পিছত গৈ দেশৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছে৷
আৰু মোৰ বাবে এক সংকল্প গ্ৰহণ কৰাৰো মুহূৰ্ত, সন্তোষৰো মুহূৰ্ত৷ মোৰ দেশবাসীসকলে পূজ্য বাপুক সঁচা অৰ্থত শ্ৰদ্ধাঞ্জলিৰ সৈতে কাৰ্যাঞ্জলিৰ ৰূপত স্বচ্ছতাৰ সফলতাক আগবঢ়াই লৈ গৈছে৷ মই পুনৰ বাৰ সকলোকে অশেষ ধন্যবাদ জনাইছোঁ৷
মহাসচিবে স্বয়ং ব্যস্ত সময়সূচীৰ পৰা সময় উলিয়াই পূজ্য বাপুৰ জন্ম জয়ন্তীত আমাৰ ইয়ালৈ আহিছে আৰু ইউএনৰ যি লক্ষ্য, সেই লক্ষ্যক আমি ভাৰতত কিদৰে আগবঢ়াই নি আছোঁ আৰু বিশ্বৰ ইমানবোৰ বন্ধু যেতিয়া এই কামত জড়িত হৈ স্বয়ং ইয়ালৈ আহি শোভাবৰ্ধন কৰিছে, তেওঁলোককো মই আজি হৃদয়েৰে অশেষ ধন্যবাদ জনাইছোঁ৷
অশেষ অশেষ ধন্যবাদ আপোনালোক সকলোকে৷
अतुल तिवारी/ कंचन पतियाल/ निर्मल शर्मा/MANN
आजादी की लड़ाई लड़ते हुए गांधी जी ने एक बार कहा था कि वो स्वतंत्रता और स्वच्छता में से स्वच्छता को प्राथमिकता देंगे।
— PMO India (@PMOIndia) October 2, 2018
उन्होंने साल 1945 में प्रकाशित अपने 'Constructive Programme' में जिन जरूरी बातों का जिक्र किया था, उनमें ग्रामीण स्वच्छता भी एक महत्वपूर्ण सेक्शन था: PM
अगर आप बहुत बारीकी से गौर करेंगे, मनन करेंगे, तो पाएंगे कि जब हम अस्वच्छता को दूर नहीं करते तो वही अस्वच्छता हम में परिस्थितियों को स्वीकार करने की प्रवृत्ति पैदा करने लगती है: PM
— PMO India (@PMOIndia) October 2, 2018
कोई चीज गंदगी से घिरी हुई है और वहां पर उपस्थित व्यक्ति अगर उसे बदलता नहीं है, सफाई नहीं करता है, तो फिर वो उस गंदगी को स्वीकार करने लगता है।
— PMO India (@PMOIndia) October 2, 2018
कुछ समय बाद ऐसी स्थिति हो जाती है कि वो गंदगी उसे गंदगी लगती ही नहीं। यानि एक तरह से अस्वच्छता व्यक्ति कि चेतना को जड़ कर देती है: PM
जब व्यक्ति गंदगी को स्वीकार नहीं करता, उसे साफ करने के लिए प्रयत्न करता है, तो उसकी चेतना भी चलायमान हो जाती है।
— PMO India (@PMOIndia) October 2, 2018
उसमें एक आदत आती है कि वो परिस्थितियों को ऐसे ही स्वीकार नहीं करेगा: PM
आज मैं आपके सामने स्वीकार करता हूं कि अगर मैंने गांधी जी को, उनके विचारों को, इतनी गहराई से नहीं समझा होता, तो हमारी सरकार की प्राथमिकताओं में भी स्वच्छता अभियान कभी नहीं आ पाता।
— PMO India (@PMOIndia) October 2, 2018
मुझे पूज्य बापू से ही प्रेरणी मिली, और उन्हीं के मार्गदर्शन से स्वच्छ भारत अभियान भी शुरू हुआ: PM
आज मुझे गर्व है कि गांधी जी के दिखाए मार्ग पर चलते हुए सवा सौ करोड़ भारतवासियों ने स्वच्छ भारत अभियान को दुनिया का सबसे बड़ा जन आंदोलन बना दिया है: PM
— PMO India (@PMOIndia) October 2, 2018
इसी जनभावना का परिणाम है कि 2014 से पहले ग्रामीण स्वच्छता का जो दायरा लगभग 38 प्रतिशत था, आज 94 प्रतिशत हो चुका है।
— PMO India (@PMOIndia) October 2, 2018
भारत में खुले में शौच से मुक्त- ODF गांवों की संख्या 5 लाख को पार कर चुकी है।
भारत के 25 राज्य खुद को खुले में शौच से मुक्त घोषित कर चुके हैं: PM
4 साल पहले, खुले में शौच करने वाली वैश्विक आबादी का 60% हिस्सा भारत में था,
— PMO India (@PMOIndia) October 2, 2018
आज ये 20% से भी कम हो चुका है।
इन चार वर्षों में सिर्फ शौचालय ही नहीं बने, गांव-शहर ODF ही नहीं बने बल्कि 90% से अधिक शौचालयों का नियमित उपयोग भी हो रहा है: PM
आज जब मैं सुनता हूं, देखता हूं, कि स्वच्छ भारत अभियान ने भारत के लोगों का मिज़ाज बदल दिया है, किस तरह से भारत के गांवों में बीमारियां कम हुई हैं, इलाज पर होने वाला खर्च कम हुआ है, तो बहुत संतोष मिलता है: PM
— PMO India (@PMOIndia) October 2, 2018
समृद्ध दर्शन, पुरातन प्रेरणा, आधुनिक तकनीक और प्रभावी कार्यक्रमों के सहारे आज भारत Sustainable Development Goals के लक्ष्यों को हासिल करने की तरफ भारत तेज़ी से आगे बढ़ रहा है।
— PMO India (@PMOIndia) October 2, 2018
हमारी सरकार पर Sanitation के साथ ही Nutrition पर भी समान रूप से बल दे रही है: PM
साथियों, मैं इस बात के लिए आपको बधाई देना चाहता हूं कि चार दिन के इस सम्मलेन के बाद, हम सब इस निष्कर्ष पर पहुंचे हैं कि, विश्व को स्वच्छ बनाने के लिए 4P आवश्यक हैं।
— PMO India (@PMOIndia) October 2, 2018
ये चार मंत्र हैं:
Political Leadership
Public Funding
Partnerships
People’s participation: PM
Bapu unites the world!
— Narendra Modi (@narendramodi) October 2, 2018
Among the highlights of today’s programme was the excellent rendition of Bapu’s favourite 'Vaishnav Jan To' by artists from 124 nations.
This is a must hear. #Gandhi150 pic.twitter.com/BBaXK0TOf9
Glimpses from the Mahatma Gandhi International Sanitation Convention in Delhi. #Gandhi150 pic.twitter.com/EH3raiJkMi
— Narendra Modi (@narendramodi) October 2, 2018
The Mahatma Gandhi International Sanitation Convention is a milestone programme, which has brought together stakeholders from all over the world, adding strength to the movement towards global sanitation. #Gandhi150 pic.twitter.com/H8jolVpPLy
— Narendra Modi (@narendramodi) October 2, 2018
The issues of cleanliness and sanitation were extremely close to Bapu’s heart.
— Narendra Modi (@narendramodi) October 2, 2018
He wrote about rural sanitation in his ‘Constructive Programme’ as well. It is high time India comes together to fulfill Bapu’s dream. #Gandhi150 pic.twitter.com/t23YoH7Gjg
With the blessings of 130 crore Indians, the country has made remarkable strides in cleanliness and sanitation. #Gandhi150 pic.twitter.com/2jat8Fc3hE
— Narendra Modi (@narendramodi) October 2, 2018
The 4 P’s that will improve global sanitation and help us achieve the Sustainable Development Goals. #Gandhi150 pic.twitter.com/rAbIACr8c7
— Narendra Modi (@narendramodi) October 2, 2018
I congratulate all those who have been conferred various awards for their outstanding contribution to the Swachh Bharat Mission. Their efforts inspire several Indians. #Gandhi150 pic.twitter.com/iT4Q6zH7lR
— Narendra Modi (@narendramodi) October 2, 2018