Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নদীসমূহৰ আন্তঃসংযোগৰ বাবে গঠিত বিশেষ সমিতিৰ স্থিতি তথা প্ৰগতি প্ৰতিবেদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটক ১.৭.২০১৬ৰ পৰা ৩১.৩.২০১৮ পৰ্যন্ত নদীসমূহৰ আন্তঃসংযোগ কৰাৰ বাবে গঠিত বিশেষ সমিতিৰ প্ৰতিবেদনৰ বিষয়ে অৱগত কৰোৱা হয়৷

নদীসমূহৰ আন্তঃসংযোগ কৰাৰ প্ৰগতি প্ৰতিবেদন ২০০২ৰ ৰিট আবেদন (অসামৰিক)-৫১২: ‘নদীসমূহৰ নেটৱৰ্কিং’ৰ সৈতে ২০০২ৰ ৰিট আবেদন সংখ্যা ৬৬৮ৰ বাবে মাননীয় উচ্চতম ন্যায়ালয়ৰ দিনাংক ২৭.০২.২০১২ৰ সিদ্ধান্তৰ সন্দৰ্ভত প্ৰস্তুত কৰা হৈছে৷ ইয়াৰ অধীনত কেন্দ্ৰীয় চৰকাৰক নদীসমূহৰ আন্তঃসংযোগ কৰাৰ বাবে এক বিশেষ সমিতিৰ গঠনৰ বাবে নিৰ্দেশ দিয়া হৈছিল৷ নদীসমূহৰ আন্তঃসংযোগৰ বাবে গঠিত এই বিশেষ সমিতিৰ প্ৰগতি প্ৰতিবেদন সময়ে-সময়ে কেবিনেটৰ সন্মুখত প্ৰস্তুত কৰোৱাটো প্ৰয়োজনীয়৷

আইএলআৰৰ বিশেষ সমিতিৰ স্থিতি প্ৰতিবেদনত কেন-বেতৱা সংযোগ, দমনগংগা-পিঞ্জল সংযোগ আৰু পাৰা-তাপী-নৰ্মদা সংযোগ- এই তিনিটা ক্ষেত্ৰত হোৱা প্ৰগতিৰ বিষয়ে জ্ঞাত কৰোৱা হৈছে৷ ইয়াৰোপৰি ১৯৮০ চনৰ ৰাষ্ট্ৰীয় পৰিপ্ৰেক্ষিত যোজনাৰ অধীনত চিনাক্ত কৰা অন্য হিমালয় তথা উপদ্বীপসংক্ৰান্তীয় সংযোগৰো স্থিতি অৱগত কৰোৱা হৈছে৷

******

AKT/VBA/SH/MANN