Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত ভাৰত আৰু ফ্ৰান্সৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ২০১৮ৰ ১০ মাৰ্চত নতুন দিল্লীত ভাৰত আৰু ফ্ৰান্সৰ মাজত স্বাক্ষৰিত নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত বুজাবুজি চুক্তিত অনুমোদন জনায়।

এই চুক্তি অনুসৰি ভাৰতৰ নেচনেল ইনষ্টিটিউট অব ছ’লাৰ এনার্জি(এনআইএছই) আৰু ফ্রান্সৰ কমিছাৰিয়েট অল এনার্জি এটোমিকে এট অক্স এনার্জিছ অল্টাৰনেটিভিছ সংস্থাৰ মাজত পাৰস্পৰিক সুবিধা চিহ্নিত ক্ষেত্রত গৱেষনা/প্রদর্শন/পাইলট প্রকল্প বিষয়ত কাম কৰাৰ লক্ষ্যৰে দুয়ো দেশে উদ্যোগ গ্ৰহণ কৰিব। পাৰস্পৰিক চুক্তিৰ ভিত্তিত দুয়ো দেশে আইএছএৰ সদস্য ৰাষ্ট্রসমূহত পাইলট প্রকল্প ৰূপায়ন আৰু আৰম্ভ কৰাৰ দিশত কাম কৰিব। যৌথ গৱেষনা প্রকল্প, যৌথ গৱেষনা আৰু উন্নয়ন, যৌথ কর্মশালা, গৱেষনা আৰু প্রযুক্তি বিনিময় তথা এই ক্ষেত্রত বিশেষজ্ঞ বিনিময়কে ধৰি বিভিন্ন উপায়ৰ জৰিয়তে সহযোগিতাৰে কাম কৰিব। বুজাবুজি চুক্তিত দুয়ো দেশৰ মাজত কৃৎকৌশল আৰু তথ্য নেটৱর্কিং বিষয়ৰ বিনিময়ৰো লক্ষ্য লোৱা হৈছে।

এই বুজাবুজি চুক্তিয়ে দুয়ো দেশৰ মাজত দ্বি-পাক্ষিক পর্যায়ত সহযোগিতা অধিক সুদৃঢ় হোৱাত সহায় কৰিব।

****
AKT/VBA/SH/DB