Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নাইজেৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদু বুহাৰীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাইজেৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হম্মদু বুহৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে নাইজেৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হম্মদু বুহৰীৰ সৈতে বিভিন্ন অনুষ্ঠানত তেওঁৰ বৈঠক আৰু বাৰ্তালাপৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰতনাইজেৰিয়াৰ বন্ধুত্বৰ প্ৰতি হম্মদু বুহৰীৰ বিচাৰধাৰা, আন্তৰিকতা আৰু অটল দায়বদ্ধতা লক্ষণীয়। তেওঁৰ পৰিয়াল, জনসাধাৰণ আৰু নাইজেৰিয়া চৰকাৰৰ প্ৰতি মই ভাৰতৰ ১.৪০ কোটি লোকৰ সৈতে আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোশ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;

নাইজেৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদু বুহৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। বিভিন্ন অনুষ্ঠানত হোৱা আমাৰ বৈঠক আৰু ভাবৰ আদান-প্ৰদান মই আন্তৰিকতাৰে স্মৰণ কৰিছোভাৰতনাইজেৰিয়াৰ বন্ধুত্বৰ প্ৰতি তেওঁৰ বিচাৰধাৰা,আন্তৰিকতা আৰু অটল দায়বদ্ধতা লক্ষণীয় আছিল। তেওঁৰ পৰিয়াল, জনসাধাৰণ আৰু নাইজেৰিয়া চৰকাৰৰ প্ৰতি মই ভাৰতৰ ১.৪০ কোটি লোকৰ সৈতে আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো

******

MJPS/ST/HS