Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নানা পাটেকাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰবীণ অভিনেতা শ্ৰী নানা পাটেকাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী নানা পাটেকাৰৰ দৰে প্ৰভাৱ, ব্যক্তিত্ব আৰু নিখুঁত প্ৰদৰ্শনৰ সামৰ্থ্য থকা অভিনেতা অতি কম। বহুমুখী প্ৰতিভা  আৰু সৃষ্টিশীলতাৰে তেওঁ ৰূপায়ন কৰা চৰিত্ৰসমূহ দৰ্শকে প্ৰজন্মৰ পাছত প্ৰজন্ম স্মৰণ কৰিব বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে লগতে কয় যে স্পষ্ট আৰু পোনপটীয়া দৃষ্টিভংগীৰ বাবে তেওঁ সমানেই প্ৰশংসিত হৈছিল। তেওঁ নিজৰ মনোভাব প্ৰকাশ কৰিবলৈ কেতিয়াও দ্বিধাবোধ কৰা নাছিল বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে।

হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰলৈ তেওঁৰ অপৰিসীম অৱদানৰ কথা উল্লেখ কৰি তেওঁৰ মৃত্যুৱে এক গভীৰ শূন্যতাৰ সৃষ্টি কৰা বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰীমোদীয়ে তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অগণন গুণমুগ্ধৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছেঃ

“শ্ৰী নানা পাটেকাৰৰ দৰে প্ৰভাৱ, ব্যক্তিত্ব আৰু নিখুঁত প্ৰদৰ্শনৰ সামৰ্থ্য অতি কম অভিনেতাৰহে আছিল। তেওঁ অসাধাৰণ বহুমুখী প্ৰতিভা আৰু সৃষ্টিশীলতাৰে  এনে কিছুমান চৰিত্ৰ ৰূপায়ন কৰিছে যিসমূহ প্ৰজন্মৰ পাছত প্ৰজন্মলৈ স্মৰণীয় হৈ থাকিব। স্পষ্ট আৰু পোনপটীয়া দৃষ্টিভংগীৰ বাবেও তেওঁ প্ৰশংসিত হৈছিল। তেওঁ নিজৰ মনোভাব প্ৰকাশ কৰিবলৈ কেতিয়াও দ্বিধাবোধ কৰা নাছিল।

হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰলৈ শ্ৰী নানা পাটেকাৰৰ অৱদান অপৰিসীম। তেওঁৰ মৃত্যুৱে এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিলে। তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অগণন গুণমুগ্ধৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। ওঁম শান্তি “

***

MJPS/SS/PRK/DD