Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নাৰী দিৱসত এলপিজি চিলিণ্ডাৰৰ মূল্য ১০০টকাকৈ ৰেহাই দিয়াৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নাৰী দিৱসত চৰকাৰে এলপিজি চিলিণ্ডাৰৰ মূল্য ১০০টকাকৈ ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

ইয়াৰ দ্বাৰা সমগ্ৰ দেশৰ লাখ লাখ পৰিয়ালৰ ওপৰত আৰ্থিক বোজা যথেষ্ট লাঘৱ হ’ব, বিশেষকৈ আমাৰ নাৰী শক্তিৰ লাভান্বিত হ’ব বুলিও তেওঁ লগতে কয়।

টুইটাৰৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“আজি নাৰী দিৱস উপলক্ষে আমি এলপিজি চিলিণ্ডাৰৰ মূল্যত ১০০টকাকৈ ৰেহাইৰ এটা ডাঙৰ সিদ্ধান্ত লৈছো। ইয়াৰ দ্বাৰা নাৰী শক্তিৰ জীৱন সহজ হোৱাই নহয় কোটি কোটি পৰিয়ালৰ আৰ্থিক বোজাও লাঘৱ হ’ব। এই পদক্ষেপে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো সহায়ক হ’ব, যাৰ ফলত সমগ্ৰ পৰিয়ালটোৰ স্বাস্থ্যও উন্নত হ’ব।”

“আজি নাৰী দিৱসত চৰকাৰে এলপিজি চিলিণ্ডাৰৰ মূল্য ১০০টকাকৈ ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ দ্বাৰা সমগ্ৰ দেশৰ লাখ লাখ পৰিয়ালৰ ওপৰত আৰ্থিক বোজা যথেষ্ট লাঘৱ হ’ব, বিশেষকৈ আমাৰ নাৰী শক্তিৰ লাভান্বিত হ’ব৷

ৰন্ধন গেছক অধিক সুলভ কৰি তুলি আমি পৰিয়ালৰ মংগলৰ বাবে সহায় কৰাৰ লগতে সুস্থ পৰিৱেশ সুনিশ্চিত কৰাৰো লক্ষ্য লৈছো। এয়া মহিলাসকলক সবলীকৰণ আৰু তেওঁলোকৰ বাবে ‘সহজ জীৱন-যাপন’ নিশ্চিত কৰাৰ আমাৰ প্ৰতিশ্ৰুতিৰ অন্যতম৷”

***

DS/ST/DB