Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ টেলিফোনিক বাৰ্তালাপ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়। দুয়োগৰাকী নেতাই যুটীয়াভাৱে ঐতিহাসিক, উচ্চাকাংক্ষী আৰু পাৰস্পৰিকভাৱে লাভজনক ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তি (এফটিএ)ৰ সফল সমাপ্তিৰ কথা ঘোষণা কৰে।

 

২০২৫ চনৰ মাৰ্চত প্ৰধানমন্ত্ৰী লাক্সনৰ ভাৰত ভ্ৰমণৰ সময়ত দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাৰ সময়ত স্বাক্ষৰিত এই এফ টি এৰ ৯মাহৰ অভিলেখ সময়ৰ ভিতৰত সফল সমাপ্তিয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰাৰ বাবে অংশীদাৰী উচ্চাকাংক্ষা আৰু ৰাজনৈতিক ইচ্ছাশক্তিক প্ৰতিফলিত কৰে। এফটিএ-য়ে দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰিব, বজাৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰিব, বিনিয়োগৰ প্ৰৱাহ বৃদ্ধি কৰিব, দুয়োখন দেশৰ মাজত কৌশলগত সহযোগিতা শক্তিশালী কৰিব আৰু লগতে বিভিন্ন খণ্ডত উদ্ভাৱক, উদ্যোগী, কৃষক, এমএছএমই, শিক্ষাৰ্থী আৰু যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব।

 

এফটিএৰ দ্বাৰা প্ৰদান কৰা শক্তিশালী আৰু বিশ্বাসযোগ্য ভেটিৰ সৈতে, দুয়োগৰাকী নেতাই অহা পাঁচ বছৰত দ্বিপাক্ষিক বাণিজ্য দুগুণলৈ বৃদ্ধি কৰাৰ লগতে পৰৱৰ্তী ১৫বছৰত নিউজিলেণ্ডৰ পৰা ভাৰতত ২০বিলিয়ন আমেৰিকান ডলাৰৰ বিনিয়োগ সন্দৰ্ভত আস্থা প্ৰকাশ কৰে। নেতা দুগৰাকীয়ে ক্ৰীড়া, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ দৰে দ্বিপাক্ষিক সহযোগিতাৰ অন্যান্য ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ বিষয়টোক আদৰণি জনায় আৰু ভাৰত-নিউজিলেণ্ডৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।

 

নেতাদুগৰাকীয়ে যোগাযোগ বৰ্তাই ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে।

***

MJPS/ST/NB