পি এম ইণ্ডিয়া
মহাশয়সকল,
এই গুৰুত্বপূৰ্ণ বিষয়টো আমাৰ আলোচনাৰ অংশ কৰি তোলাৰ বাবে মই মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰ’ক অভিনন্দন জনাইছো। ইয়াত কোনো সন্দেহ নাই যে কৃত্ৰিম বুদ্ধিমত্তা হৈছে মানুহে সৃষ্টি কৰা আটাইতকৈ পৰিৱৰ্তনশীল প্ৰযুক্তিৰ ভিতৰত এটা।
আজি মানৱ জীৱনৰ এনে কোনো দিশ নাই যাক এআইয়ে স্পৰ্শ কৰা নাই। এআইয়ে বৈজ্ঞানিক গৱেষণাক অভূতপূৰ্ব গতি প্ৰদান কৰিছে। শাসনব্যৱস্থাক অধিক ফলপ্ৰসূ আৰু প্ৰতিক্ৰিয়াশীল কৰি তুলিছে। ই স্বাস্থ্য, শিক্ষা, উৎপাদনৰ দৰে খণ্ডসমূহক নতুন শক্তি প্ৰদান কৰিছে।
অৱশ্যে, এআইৰ প্ৰকৃত পৰীক্ষাটো আমাৰ যন্ত্ৰবোৰ কিমান শক্তিশালী হ’ব সেয়া নহয়। ইয়াৰ প্ৰকৃত পৰীক্ষাটো হ’ল সাধাৰণ মানুহ কিমান শক্তিশালী হ’ব। এই বছৰ, ভাৰতে আয়োজন কৰা কৃত্ৰিম বুদ্ধিমত্তা প্ৰবাৱ সন্মিলনত, আমি এই চিন্তাধাৰাৰ সৈতে মানৱ-কেন্দ্ৰিক এআই সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলো। সন্মিলনত ভাৰতে নিজৰ মানৱ (MANAV) দৃষ্টিভংগী উপস্থাপন কৰিছিল। এই দৃষ্টিভংগীয়ে এআইৰ ক্ষেত্ৰত ভাৰতৰ সকলো প্ৰচেষ্টাক চালিত কৰে।
শেহতীয়াকৈ, মহামান্য পোপে, এআইৰ ওপৰত তেওঁৰ গৱেষণাপত্ৰত, মানৱীয় মূল্যবোধ, অন্তৰ্ভুক্তি আৰু অৰ্থপূৰ্ণ মানৱ নিয়ন্ত্ৰণক এআইৰ বিকাশৰ আধাৰ হ’বলৈ আহ্বান জনাইছে। ভাৰতৰ মানৱ দৃষ্টিভংগী আৰু তেওঁৰ পৱিত্ৰতাৰ বাৰ্তা দুয়োটাই একেটা মূল ধাৰণা প্ৰকাশ কৰেঃ প্ৰযুক্তি যিমানেই উন্নত হওক, মানুহ ইয়াৰ কেন্দ্ৰত থাকিব লাগিব।
বন্ধুসকল,
এআই ৰিলআউটত শিশুৰ বাবে সুৰক্ষা নিশ্চিত কৰাটো সৰ্বাধিক গুৰুত্বপূৰ্ণ। এআইয়ে শিশুসকলক তেওঁলোকৰ নিজৰ ভাষাত শিক্ষা দিব পাৰে, তেওঁলোকৰ সৃষ্টিশীলতা বৃদ্ধি কৰিব পাৰে আৰু শিক্ষণক ব্যক্তিগতকৰণ কৰিব পাৰে। কিন্তু সুৰক্ষা ব্যৱস্থা অবিহনে, এই একে প্ৰযুক্তিয়ে তেওঁলোকক ভুল তথ্য, ডিপফেক আৰু শোষণৰে বিপদাপন্ন কৰিব পাৰে।
এই দুয়োটা পৰিস্থিতিৰ মাজৰ পাৰ্থক্য প্ৰযুক্তি নহয়। পাৰ্থক্যটো হৈছে মূল্যবোধ, ডিজাইন আৰু শাসনত। আমি ডিজিটেল স্পেচক শিশুৰ বাবে শিক্ষণৰ খেলপথাৰ হিচাপে গঢ়ি তুলিব লাগিব, কাৰ্য্যকৰীকৰণৰ সঁজুলি হিচাপে নহয়।
বন্ধুসকল,
ফ্ৰণ্টিয়াৰ এআই মডেলসমূহে চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত অভূতপূৰ্ব সম্ভাৱনাৰ সৃষ্টি কৰিছে। কিন্তু সকলো দেশ সুৰক্ষিত নোহোৱালৈকে কোনো এখন দেশ চাইবাৰ স্পেচত সম্পূৰ্ণৰূপে সুৰক্ষিত হ’ব নোৱাৰে। সেয়েহে, ভাৰতে সদায় চাইবাৰ স্পেচক এক বিশ্বজনীন ৰাজহুৱা কল্যাণ হিচাপে গণ্য কৰি আহিছে। সেয়েহে এই গুৰুত্বপূৰ্ণ এআই প্ৰযুক্তিৰ প্ৰৱেশাধিকাৰো বিস্তৃত আৰু অন্তৰ্ভুক্তিমূলক হ’ব লাগিব। সকলো গণতান্ত্ৰিক দেশে তেওঁলোকৰ গুৰুত্বপূৰ্ণ তথ্য আন্তঃগাঁথনি সুৰক্ষিত কৰিবলৈ আৰু বৰ্ধিত চাইবাৰ ভাবুকি প্ৰতিহত কৰিবলৈ এনে এআই মডেলসমূহ লাভ কৰা উচিত।
বন্ধুসকল,
সুৰক্ষা, গতি আৰু দক্ষতাৰ এক সংহত দৃষ্টিভংগীৰে আগবাঢ়ি যাবলৈ মই কেইটামান পৰামৰ্শ দিব বিচাৰোঁঃ
প্ৰথমতে, আমি নিৰাপদ-ডিজাইনৰ এআই প্ৰণালীৰ প্ৰচাৰ কৰিব লাগিব। সুৰক্ষাই ডিজাইনৰ মূল অংশ গঠন কৰিব লাগিব, ই পিছত যোগ কৰা বিশেষত্ব নহয়।
দ্বিতীয়তে, আমি এআই প্ৰয়োগৰ বাবে সাধাৰণ মান, পৰীক্ষাৰ পৰিকাঠামো আৰু নিয়ন্ত্ৰক চেণ্ডবক্স বিকশিত কৰিব লাগিব, যাতে উদ্ভাৱন আৰু প্ৰশাসন একেলগে চলে। আমাৰ ওচৰত অসামৰিক বিমান পৰিবহণ আৰু সামুদ্ৰিক পৰিবহণৰ উদাহৰণ আছে য’ত আমি সফলতাৰে গোলকীয় নিয়ম বিকশিত কৰিছো আৰু সমগ্ৰ বিশ্ব দ্বাৰা পৰা উপকৃত হৈছে।
তৃতীয়তে, ডিপফেক, ভুল তথ্য আৰু চাইবাৰ জালিয়াতিৰ বিৰুদ্ধে বিশ্বব্যাপী সহযোগিতা শক্তিশালী কৰিব লাগিব। ডিপফেকৰ পৰা হাত সাৰিবলৈ আমি ৱাটাৰমাৰ্কৰ দৰে প্ৰযুক্তিৰ প্ৰচাৰ কৰা উচিত।
চতুৰ্থতে, আমাৰ প্ৰচেষ্টা হ’ব লাগে যে এআইৰ লাভালাভ বিশ্বৰ দক্ষিণৰ সকলো দেশলৈ উপনীত হ’ব লাগে, যাতে ই বিভাজনকাৰী নহয়, এক অন্তৰ্ভুক্তিমূলক শক্তি হৈ পৰে।
বন্ধুসকল,
এআইৰ ওপৰত আমাৰ চিন্তা আৰু নীতি স্পষ্ট হ’ব লাগিব। এআইয়ে মানৱীয় সম্ভাৱনা সম্প্ৰসাৰণ কৰিব লাগিব, মানৱীয় পচন্দক শক্তিশালী কৰিব লাগিব আৰু মানৱীয় মৰ্যাদা সুৰক্ষিত কৰিব লাগিব। আমি এই অতি গুৰুত্বপূৰ্ণ বিষয়ত সকলো অংশীদাৰৰ সৈতে যোগাযোগ আৰু সহযোগিতা অব্যাহত ৰাখিম।
বহুত বহুত ধন্যবাদ।
***
MJPS/SS/ST/MK
Spoke at the session on ‘Ensuring a Safe, Rapid and Efficient Rollout of AI.’ This is a subject of immense importance for the global community. AI’s transformative potential is widely known, having touched all aspects of human life.
— Narendra Modi (@narendramodi) June 17, 2026
However, the true test of AI is not how…
India firmly believes that cyberspace has to be one that furthers the global public good. Access to AI technologies must also be broad and inclusive.
— Narendra Modi (@narendramodi) June 17, 2026
All democratic countries should have access to such AI models so that they can protect their critical information infrastructure…
Gave the following suggestions in my remarks:
— Narendra Modi (@narendramodi) June 17, 2026
We should promote safe-by-design AI systems.
We should develop common standards, testing frameworks and regulatory sandboxes for AI deployment, so that innovation and governance progress together.
We must work towards global…