Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নিৰ্বাচনী ব্যৱস্থাপনা আৰু প্ৰশাসনিক ক্ষেত্ৰত সহযোগিতাৰ লক্ষ্যৰে ভাৰতৰ নিৰ্বাচন আয়োগ আৰু মালদ্বীপৰ নিৰ্বাচন আয়োগৰ মাজত প্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত নিৰ্বাচনী ব্যৱস্থাপনা আৰু প্ৰশাসনিক ক্ষেত্ৰত সহযোগিতাৰ লক্ষ্যৰে ভাৰতৰ নিৰ্বাচন আয়োগ আৰু মালদ্বীপৰ নিৰ্বাচন আয়োগৰ মাজত প্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছে৷

এই বুজাবুজি চুক্তি স্বাক্ষৰিত হ’লে নির্বাচনৰ প্ৰস্তুতি তথা কাৰিকৰী উন্নয়নৰ ক্ষেত্রত উভয় পক্ষৰ মাজত জ্ঞান আৰু অভিজ্ঞতা বিনিময় সহজ হৈ পৰিব৷ তদুপৰি, নির্বাচন প্ৰক্রিয়াৰ সৈতে জড়িত ব্যক্তিসকলৰ প্ৰশিক্ষণ, দক্ষতা বৃদ্ধি, প্রতিষ্ঠানগত সহযোগিতা সুদৃঢ় কৰাৰ লগতে নির্বাচন সংক্রান্তীয় বিভিন্ন তথ্য আদান-প্ৰদান আৰু নিয়মীয়া আলোচনাৰ দৰে বিষয়সমূহত উভয় পক্ষৰ মাজত সহযোগিতা বৃদ্ধি পাব৷

এই প্ৰস্তাবিত বুজাবুজি চুক্তিয়ে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ সমান্তৰালভাৱে মালদ্বীপৰ নির্বাচন আয়োগৰ দক্ষতা তথা কাৰিকৰী ক্ষেত্রৰ বিকাশ ঘটোৱাত সহায় কৰিব৷

********

VRK/SC/PK/SH/DB