পি এম ইণ্ডিয়া
নমস্কাৰ!
নীতি আয়োগৰ গৱৰ্নিং কাউন্সিললৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। দেশৰ প্ৰগতিৰ মূল ভিত্তি হ’ল কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰবোৰৰ সমন্বয়। সমন্বয়েৰে কাম কৰা আৰু নিশ্চিত লক্ষ্যৰ দিশে আগুৱাই যোৱা। সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক আৰু অধিক সাৰ্থক কৰি তুলিবলৈ আমি কেৱল প্ৰতিযোগিতামূলক, সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক কেৱল ৰাজ্যৰ সৈতে ৰাজ্যৰ প্ৰতিযোগিতা নহয়, সেয়া জিলাস্তৰলৈ লৈ যাব লাগিব, যাতে উন্নয়নৰ প্ৰতিযোগিতা নিৰন্তৰ চলি থাকে। আমি আৰম্ভণিৰে পৰাই উন্নয়নক সকলো সময়তে অগ্ৰাধিকাৰ দি আহিছো। দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰতিযোগিতাত কিদৰে আগুৱাই লৈ যাব পাৰি এই বিষয়ে আলাপ-আলোচনা কৰিবৰ বাবে পূৰ্বেও আমি বহুবাৰ চেষ্টা কৰিছো,আৰু আজিও স্বাভাৱিকতেই এই শীৰ্ষ সন্মিলনত এই বিষয়টোকে গুৰুত্ব দিয়া হ’ব। আমি কৰোনাৰ সঙ্কটকালত দেখিছো, কিদৰে ৰাজ্য চৰকাৰবোৰৰ সৈতে কেন্দ্ৰীয় চৰকাৰে সমন্বয়েৰে কাম কৰিছে আৰু সেইবাবেই কৰোনাৰ বিৰুদ্ধে যুদ্ধত দেশ সফল হৈছে আৰু সমগ্ৰ পৃথিৱীতে ভাৰতৰ এক শক্তিশালী ছবি গঢ় লৈ উঠিছে।
বন্ধুসকল,
আজি যেতিয়া দেশে স্বাধীনতাৰ ৭৫তম বৰ্ষত ভৰি থৈছে তেনেসময়তে এই গভৰ্নিং কাউন্সিলৰ বৈঠক আৰু অধিক গুৰুত্বপূৰ্ণ হৈ উঠিছে। আমি ৰাজ্যসমূহক অনুৰোধ কৰিম যাতে স্বাধীনতাৰ ৭৫তম বৰ্ষৰ বাবে সমাজৰ সকলো স্তৰৰ মানুহকে জড়িত কৰি সমিতি গঠন কৰা হয়, জিলাস্তৰতো সমিতি গঠন কৰা হয়। এতিয়াৰে পৰা এই বৈঠকত আমি কি কি বিষয়ক লৈ আলোচনা কৰিম তাৰ এক স্পষ্ট উল্লেখ আপোনালোকৰ সমূখত তুলি ধৰা হৈছে। এই এজেণ্ডা পইন্টবোৰৰ নিৰ্বাচন দেশৰ সৰ্বোচ্চ অগ্ৰাধিকাৰবোৰৰ কথা মনত ৰাখি কৰা হৈছে। এই এজেণ্ডা পইন্টবোৰক লৈ ৰাজ্যসমূহৰ পৰা পৰামৰ্শ গ্ৰহণৰ বাবে ৰাজ্যসমূহৰ প্ৰস্তুতিক পৰ্যাপ্ত সময় দিয়াৰ বাবে এক নতুন প্ৰয়াস কৰা হৈছে। এইবাৰ নীতি আয়োগৰ সৈতে ৰাজ্যসমূহৰ সকলো প্ৰধান বিষয়াসকলৰ এক সুন্দৰ কৰ্মশিবিৰৰো আয়োজন কৰা হৈছে। আৰু সেই শিবিৰতে আলোচনাৰ সময়ত যিবোৰ বিষয় উত্থাপিত হৈছে, সেইবোৰ আজিৰ শীৰ্ষ সন্মিলনত আমি সংযোজিত কৰাৰ চেষ্টা কৰিছো। আৰু সেইবাবেই ইয়াত বহু সংস্কাৰ কৰা হৈছে। একধৰণে ক’ব পাৰি যে ৰাজ্যসমূহৰ প্ৰত্যাশাৰ কথা মনত ৰাখি এজেণ্ডা প্ৰস্তুত কৰা হৈছে। এই প্ৰক্ৰিয়াৰ মাজেৰে যোৱাৰ ফলত এইবাৰ গৱৰ্নিং কাউন্সিলৰ এজেণ্ডা পইন্টবোৰ অত্যন্ত সুনিৰ্ধাৰিত আৰু এইবোৰে আমাৰ আলোচনাক আৰু অধিক সাৰগৰ্ভ কৰি তুলিব।
বন্ধুসকল,
বিগত কেবাবছৰ ধৰি আমি দেখিবলৈ পাইছো যে আমাৰ দেশৰ দৰিদ্ৰ লোকসকলৰ সবলীকৰণৰ লক্ষ্যৰে বেংক একাউণ্ট খোলাৰ পৰা আৰম্ভ কৰি টীকাকৰণ বৃদ্ধি, স্বাস্থ্য সেৱা বৃদ্ধি, বিনামূলীয়া বিদ্যুৎ সংযোগ, বিনামূলীয়া ৰন্ধন গেছ সংযোগ, বিনামূলীয়া শৌচালয় নিৰ্মাণৰ প্ৰকল্প আদিয়ে তেওঁলোকৰ জীৱনত, বিশেষকৈ দৰিদ্ৰ লোকসকলৰ জীৱনলৈ এক অভূতপূৰ্ব পৰিৱৰ্তন আনি দিছে। দেশত এতিয়া প্ৰতিগৰাকী দৰিদ্ৰ লোকেই যেন পকী ছাঁদৰ তলত থাকিব পাৰে সেয়া সুনিশ্চিত কৰাৰ অভিযানো ক্ষীপ্ৰতাৰে চলিছে। কিছু কিছু ৰাজ্যই খুব ভাল কাম কৰিছে। কিছু ৰাজ্যত অৱশ্যে গতি বৃদ্ধিৰ প্ৰয়োজনীয়তাও আছে। ২০১৪ চনৰ পিছৰ সময়ছোৱালৈ যদিহে লক্ষ্য কৰে তেন্তে দেখা যায় যে দেশত গাওঁ আৰু চহৰ মিলি ২ কোটি ৪০ লাখতকৈও অধিক গৃহ নিৰ্মাণ কৰি দৰিদ্ৰ লোকসকলৰ হাতত অৰ্পন কৰা হৈছে। আপোনালোক সকোলোৱেই জানে যে দেশৰ ছখন চহৰত আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি গৃহ নিৰ্মাণৰ এক অভিযান চলিছে। দুই-এক মাহৰ ভিতৰতে নতুন প্ৰযুক্তিৰ মাধ্যমেৰে দ্ৰুতগতিত উন্নতমানৰ মজবুত ঘৰ নিৰ্মাণৰ লক্ষ্যেৰে দেশৰ ছখন চহৰত নতুন নতুন মডেলত গৃহ নিৰ্মাণ কৰা হৈছে। এই অভিযান সফল হ’লে প্ৰত্যেক ৰাজ্যৰ বাবেই উপযোগী হৈ উঠিব। ঠিক তেনেদৰে পানীৰ অভাৱ আৰু দূষিত পানীৰ পৰা বিভিন্ন ৰোগে যেন জনগণৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিব নোৱাৰে, অপুষ্টিৰ সমস্যাবোৰ যেন বৃদ্ধি নাপায়, এই লক্ষ্যৰেও মিশ্যন মোডত কাম চলোৱা হৈছে। জল জীৱন মিশ্যন আৰম্ভ কৰাৰ পিছৰে পৰা বিগত ১৮ মাহত ৩.৫ কোটিতকৈও অধিক গ্ৰামীণ পৰিয়ালত নলৰ মাধ্যমেৰে পানী যোগান দিয়াৰ কাম আৰম্ভ হৈ গৈছে। গাওঁত ইণ্টাৰনেট যোগাযোগ ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে ‘ভাৰত নেট স্কীম’ এক বৃহৎ পৰিৱৰ্তনৰ মাধ্যম হৈ উঠিছে। এনে ভালেমান প্ৰকল্পৰ মাধ্যমেৰে যেতিয়া কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে মিলিজুলি কাম কৰিব, তেতিয়া কামৰ গতিও বৃদ্ধি পাব আৰু শেষ ব্যক্তি পৰ্যন্ত ইয়াৰ লাভ প্ৰেৰণ কৰাটো সুনিশ্চিত হ’ব।
বন্ধুসকল,
এই বছৰৰ বাজেটক লৈ যিদৰে এক ইতিবাচক আশা জাগিছে, চাৰিওদিশে এক নতুন আশাৰ পৰিৱেশ সৃষ্টি হৈছে, সিয়েই এই কথা নিশ্চিত কৰিছে যে এই জাতিটোৰ মানসিকতা কিমান শক্তিশালী। দেশ উন্নয়নৰ পথত আগবঢ়াৰ বাবে প্ৰস্তুত। দেশে এতিয়া আৰু সময় নষ্ট কৰিবলৈ নিবিচাৰে, কেৱল দ্ৰুতগতিত আগুৱাই যাবলৈ বিচাৰে। এই মানসিকতা পৰিৱৰ্তনত দেশৰ যুৱ সমাজে বৃহৎ ভূমিকা পালন কৰিছে। সেই বাবে এই পৰিৱৰ্তনৰ প্ৰতি এক নতুন আকৰ্ষণ সৃষ্টি হৈছে। আমি এয়া দেখিবলৈ পাইছো, কিদৰে দেশৰ বেচৰকাৰী ক্ষেত্ৰই দেশৰ এই উন্নয়ন যাত্ৰালৈ অধিক উৎসাহ কঢ়িয়াই আগুৱাই আহিছে। চৰকাৰৰ তৰফৰ পৰা আমি এই উৎসাহক, বেচৰকাৰী ক্ষেত্ৰৰ প্ৰাণশক্তিক সন্মান জনাম আৰু ইয়াক আত্মনিৰ্ভৰ ভাৰত অভিযানতো সিমানেই সুযোগ দিয়াৰ চেষ্টাও কৰিম। আত্মনিৰ্ভৰ ভাৰত এনে এক নতুন ভাৰতৰ দিশে শক্তিশালী পদক্ষেপ, য’ত প্ৰতিগৰাকী ব্যক্তি, প্ৰতিটো সংস্থা, প্ৰতিটো শিল্পোদ্যোগেই ইয়াৰ সম্পূৰ্ণ ক্ষমতাৰে আগুৱাই যোৱাৰ সুযোগ লাভ কৰিব।
বন্ধুসকল,
আত্মনিৰ্ভৰ ভাৰত অভিযান এক এনে ভাৰত গঢ়ি তোলাৰ পথ যিয়ে কেৱল নিজৰ প্ৰয়োজন নহয়, বিশ্ববাসীৰ প্ৰয়োজনৰ বাবেও উৎপাদন কৰিব আৰু এই উৎপাদনে বিশ্বত শ্ৰেষ্ঠত্বৰ প্ৰতিযোগিতাতো উত্তীৰ্ণ হ’ব। আৰু সেইবাবে আমি সকলো সময়তেই কও, “জিৰো ডিফেক্ট, জিৰো এফেক্ট”। ভাৰতৰ দৰে যুৱ দেশত আমাৰ যুৱ সমাজৰ আশা-আকাঙ্ক্ষাক মনত ৰাখি আধুনিক আন্তঃগাঁথনি গঢ়ি তুলিব লাগিব, উদ্ভাৱনীয়তাক উৎসাহ যোগাব লাগিব, যিমান বেছি সম্ভৱ, সিমান প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব লাগিব, শিক্ষা আৰু দক্ষতাক উন্নত সুযোগ প্ৰস্তুত কৰি দিব লাগিব।
বন্ধুসকল,
আমাৰ ব্যৱসায়ক, ক্ষুদ্ৰ, সূক্ষ্ম আৰু মঁজলীয়া শিল্পোদ্যোগক, ষ্টাৰ্ট-আপবোৰক আৰু অধিক শক্তিশালী কৰি তোলাৰ প্ৰয়োজন আছে। আমাৰ প্ৰতিখন ৰাজ্যৰ একোটা বৈশিষ্ট্য আছে। প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলাৰ একো একোটা নিজস্ব দক্ষতা আছে, নিজস্ব বৈচিত্ৰ্য আছে। আমি যদি সুক্ষ্মভাবে চাও, তেন্তে এনেধৰণৰ অনেক সম্ভাৱনা আমাৰ চকুত পৰিব। চৰকাৰে দেশৰ সকলোবোৰ জিলাতে উৎপাদিত পণ্যবোৰক তালিকাভুক্ত কৰি সেইবোৰৰ মূল্য সংযোজনৰ বাবে, মাৰ্কেটিং আৰু ৰপ্তানিৰ বাবে সেইবোৰ ‘প্ৰসাৰ’ কৰাৰ চেষ্টা কৰিছে। ইয়াৰ ফলত, ৰাজ্যবোৰৰ মাজত এক সুস্থ প্ৰতিযোগিতা আৰম্ভ হৈছে। এই প্ৰতিযোগিতাক আমি আগুৱাই লৈ যাব লাগিব। কোনখন ৰাজ্যই আটাইতকৈ বেছি ৰপ্তানি কৰে, আটাইতকৈ বেছি ধৰণৰ পণ্য সামগ্ৰী কোনখন ৰাজ্যই ৰপ্তানি কৰে, আটাইতকৈ বেছি কোন ৰাজ্যই ৰপ্তানি কৰে, আটাইতকৈ বেছি মূল্যৰ পণ্য কোনে ৰপ্তানি কৰে – এই বিষয়বোৰ লৈ প্ৰতিযোগিতাৰ পৰিৱেশ গঢ়ি তুলিব লাগিব। আৰু তাৰ পিছতে জিলাবোৰৰ মাজত প্ৰতিযোগিতাৰ পৰিৱেশ গঢ়ি তুলিব লাগিব। প্ৰতিখন ৰাজ্যই এনেদৰে ৰপ্তানিক অগ্ৰাধিকাৰ দি জিলাবোৰৰ মাজত প্ৰতিযোগিতাৰ পৰিৱেশ গঢ়ি তুলিব। আমাৰ ৰাজ্যবোৰৰ সম্পদবোৰৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব লাগিব। ৰাজ্যবোৰৰ পৰা সাম্ভাব্য ৰপ্তানিযোগ্য পণ্যৰ হিচাপ আমি প্ৰতি মাহতে গ্ৰহণ কৰিব লাগিব আৰু ইয়াৰ উৎকৰ্ষ তথা পৰিমাণ বৃদ্ধি কৰিব লাগিব।
পলিচী ফ্ৰেমৱৰ্ক আৰু কেন্দ্ৰ তথা ৰাজ্যবোৰৰ মাজত উন্নত সমন্বয় অত্যন্ত প্ৰয়োজনীয়। আমাৰ দেশত সমুদ্ৰতীৰৰ কাষৰ ৰাজ্যবোৰত মৎস্যশিল্প, নীল অৰ্থনীতি আৰু বিদেশলৈ মাছৰ ৰপ্তানি বৃদ্ধিৰ ক্ষেত্ৰত অসীম সম্ভাৱনীয়তা আছে। আমাৰ সমুদ্ৰতীৰৰ কাষৰ ৰাজ্যবোৰে এইবোৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিব লাগিব। তেনে পৰিস্থিতিত অৰ্থনীতিক আমি যথেষ্ট শক্তি যোগাব পাৰিম, তাৰ সমান্তৰালকৈ আমাৰ মৎস্যজীৱীসকল অৰ্থনৈতিকভাৱে সম্পদশালী হৈ উঠিব। আমি বিচাৰো যে আপোনালোক এই সম্পৰ্কে অৱগত হওক যে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ক্ষেত্ৰৰ বাবে একোটা পিএলআই আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ মাধ্যমেৰে দেশৰ নিৰ্মাণ ক্ষেত্ৰত উন্নত সুযোগ গঢ়ি উঠিব পাৰে। ৰাজ্যবোৰে এই আঁচনি ব্যৱহাৰ কৰি নিজ নিজ ৰাজ্যত যথা সম্ভৱ বিনিয়োগ আকৰ্ষণ কৰা উচিত। কৰ্প’ৰেট কৰৰ হাৰ কম থকাৰ ফলত ৰাজ্যবোৰৰে ইয়াৰ সুযোগ লৈ বিনিয়োগ বৃদ্ধি কৰিব পাৰে। আপোনালোকে এনে ধৰণৰ কোম্পানীবোৰৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব লাগিব যিয়ে আমাৰ দেশত কৰৰ হাৰ কম হোৱাৰ সুযোগ গ্ৰহণ কৰি আপোনালোকৰ ৰাজ্যবোৰত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিব আৰু আপোনালোকৰ ৰাজ্যত অধিক কৰ্মসংস্থান হ’ব।
বন্ধুসকল,
এইবাৰেৰ বাজেটত আন্তঃগাঁথনি ক্ষেত্ৰত আবণ্টিত কৰা পুঁজিক লৈ বহু আলোচনা হৈছে। আন্তঃগাঁথনি ক্ষেত্ৰত এই সাম্ভাব্য খৰচে দেশৰ অৰ্থনীতিক বহুদূৰ আগুৱাই লৈ যোৱাৰ কাম কৰিব। বহু কৰ্মসংস্থান সৃষ্টি কৰিব। ইয়াৰ এক বহুমুখী প্ৰভাৱ পৰিব। নেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ পাইপলাইনত ৰাজ্যবোৰৰ অংশীদাৰীত্ব ৪০ শতাংশ, আৰু সেইবাবে ৰাজ্যবোৰ আৰু কেন্দ্ৰই মিলিজুলি নিজৰ বাজেট সুপৰিকল্পিতভাৱে সঠিক পথেৰে ব্যৱহাৰ কৰিব পাৰিব আৰু ৰাজ্যৰ নিৰিখত অগ্ৰাধিকাৰ স্থিৰ কৰিব লাগিব। এতিয়া কেন্দ্ৰ চৰকাৰে ইয়াৰ বাজেট পূৰ্বৰ তুলনাত এমাহ পূৰ্বেই ঘোষণা কৰিছে। সেইবাবে ৰাজ্যবোৰৰ বাজেট আৰু কেন্দ্ৰৰ বাজেটৰ মাজত ৩-৪ সপ্তাহ সময় পোৱা গৈছে। সেইবাবে ৰাজ্যবোৰে কেন্দ্ৰীয় বাজেটৰ সুবিধাবোৰ মনত ৰাখি নিজৰ বাজেট প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে, যাতে উভয়ে মিলি এক নিৰ্দিষ্ট লক্ষ্যৰ দিশে দেশক আগুৱাই লৈ যাব পাৰে। আৰু মই বিচাৰো যে এই লক্ষ্যত ৰাজ্যবোৰৰ বাজেটক লৈ আলোচনা হওক। যিবোৰ ৰাজ্যৰ বাজেট এতিয়াও দাখিল কৰিবলৈ বাকী আছে সেইবোৰ ৰাজ্যই এই কামটোক আৰু অগ্ৰাধিকাৰ দি কৰিব পাৰে। কেন্দ্ৰীয় বাজেটৰ সমান্তৰালকৈ ৰাজ্যবোৰৰ বাজেটে দেশৰ উন্নয়নক গতি প্ৰদানৰ বাবে, ৰাজ্যবোৰক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে সিমানেই গুৰুত্বপূৰ্ণ।
বন্ধুসকল,
১৫তম বিত্ত আয়োগত স্থানীয় প্ৰশাসনৰ আৰ্থিক সম্পদৰ এক বৃহৎ সংযোজন হ’বলৈ আগবাঢ়িছে। স্থানীয় প্ৰশাসনে সংস্কাৰ, জনগণৰ জীৱনৰ মান, উৎকৰ্ষ আৰু তেওঁলোকৰ আত্মবিশ্বাসক ভিত্তি কৰি আগবঢ়াই আনিব লাগিব। এই সংস্কাৰবোৰৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ সমান্তৰালকৈ গণ-অংশীদাৰীত্ব বৃদ্ধিও অত্যন্ত প্ৰয়োজনীয়। মই মন কৰিছো যে দেশৰ পঞ্চায়তী ৰাজ ব্যৱস্থা, নগৰ নিগমবোৰৰ নিৰ্বাচিত প্ৰতিনিধিসকলেও এই ‘কনভাৰ্জেন্স’ তথা ইয়াৰ ফলৰ বাবে দায়বদ্ধ হৈ উঠাৰ সময় আহিছে। স্থানীয় স্তৰত পৰিৱৰ্তনৰ বাবেও জিলা, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে একত্ৰিত হৈ কাম কৰিব লাগিব। তেতিয়া পৰিণাম কিমান ইতিবাচক হৈ দেখা দিব পাৰে; আমাৰ উচ্চাকাঙ্ক্ষী জিলাবোৰ তাৰ উৎকৃষ্ট উদাহৰণ। এই উচ্চাকাঙ্ক্ষী জিলাবোৰত যি বিশেষ প্ৰয়াস চলোৱা হৈছে সেইবোৰে খুব ভালো ফলাফল আনিছে। কিন্তু বিগত কেইটামান মাহত ক’ৰোনাৰ ফলত যি গতিত উন্নয়ন হোৱা উচিত আছিল, সিমান হোৱা নাই। কিন্তু এতিয়া পুনৰ আমি সেইবোৰ দিশত জোৰ দিব লাগিব।
বন্ধুসকল,
আমাৰ দেশত কৃষি অপাৰ ক্ষমতাৰ উৎস। কিন্তু তাৰ পিছতো কিছু সত্য আমি স্বীকাৰ কৰিবই লাগিব। আমাৰ দেশক কৃষি প্ৰধান দেশ বুলি কোৱা হয়। তৎসত্ত্বেও আজি প্ৰায় ৬৫-৭০ হাজাৰ কোটি টকা মূল্যৰ ভোজ্যতেল আমি আমদানি কৰিবলগীয়া হয়। এই আমদানি আমি বন্ধ কৰিব পাৰো। এই ধন আমাৰ কৃষকসকলে লাভ কৰিব পাৰে। এই ধনৰ প্ৰকৃত অধিকাৰ আমাৰ কৃষকসকলেই। কিন্তু তাৰবাবে আপোনালোকে প্ৰকল্পবোৰ তেনেদৰে ৰচনাও কৰিব লাগিব। আমি বিগত দিনবোৰত ডাইলৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দি যথেষ্ট সাফল্য লাভ কৰিছো, এতিয়া বিদেশৰ পৰা খুব কমেই ডাইল আমদানি কৰিবলগীয়া হৈছে। এই ধৰণৰ প্ৰচেষ্টা আমি ভোজ্যতেলৰ ক্ষেত্ৰতো কৰিব পাৰো। আমাৰ কৃষকসকলে অনায়াসেই এইবোৰ উৎপাদন কৰিব পাৰে। কেৱল সামান্য পথ দেখোৱাৰ প্ৰয়োজন। আৰু এনেদৰে এনেধৰণৰ অনেক ফচল আমাৰ কৃষকসকলে দেশৰ বাবে উৎপাদন কৰিব পাৰে আৰু বিশ্বলৈ সৰবৰাহো কৰিব পাৰে। সেইবাবে সমগ্ৰ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে মিলিজুলি এগ্ৰো-ক্লাইমেটিক ৰিজিঅ’নেল প্লেনিংৰ কৌশল ৰচনাৰ প্ৰয়োজন। হিচাপ কৰি পৰিকল্পনা মাফিক কাম কৰিলে কৃষকসকল নিশ্চিতভাৱে লাভবান হ’ব।
বন্ধুসকল,
বিগত বৰ্ষবোৰত কৃষিৰ পৰা আৰম্ভ কৰি পশুপালন আৰু মৎস্য পালনৰ ক্ষেত্ৰতো এক সংহত দৃষ্টিকোণ লৈ কাম কৰা হৈছে। ইয়াৰ পৰিণামস্বৰূপে, ক’ৰোনাৰ কঠিন সময়তো দেশত কৃষিজাত পণ্যৰ ৰপ্তানি যথেষ্ট বৃদ্ধি পাইছে। কিন্তু আমাৰ সম্ভাৱনা ইয়াতকৈ যথেষ্ট বেছি। আমাৰ উৎপাদিত পণ্যবোৰ যেন ন্যূনতম অপচয় হয় সেয়া সুনিশ্চিত কৰিবলৈ যথাযথ সংৰক্ষণ আৰু প্ৰক্ৰিয়াকৰণৰ দিশে লক্ষ্য ৰখাৰ প্ৰয়োজন আছে। আৰু সেইবোৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে আমাৰ দেশত যিমান সম্ভাৱনা আছে সেইোবোৰক আমি জড়িত কৰিব লাগিব। আমি এইটো জানো যে ভাৰতে দক্ষিণ-পূৱ এছিয়াৰ দেশবোৰলৈ কেঁচা মাছ ৰপ্তানি কৰে। যিটো মই আৰম্ভণিতেই কৈছো। সেইবোৰ দেশে এই মাছ প্ৰক্ৰিয়াকৰণ কৰি সেইবোৰ ৰপ্তানি কৰে, আৰু অধিক ধন উপাৰ্জন কৰে আৰু প্ৰক্ৰিয়াকৰণজাত পণ্য যথেষ্ট দামত বিক্ৰী কৰে তেওঁলোকে। আমিও প্ৰত্যক্ষভাৱে প্ৰক্ৰিয়াকৰণ কৰি এনেদৰে প্ৰক্ৰিয়াকৰণজাত মৎস্য পণ্য ৰপ্তানি কৰিব নোৱাৰোনে? এই ক্ষেত্ৰত আমাৰ সমগ্ৰ সমূদ্ৰ তীৰৰ সমীপৰ ৰাজ্যবোৰে উদ্যোগ গ্ৰহণ কৰিলে সমগ্ৰ আন্তৰ্জাতিক বজাৰে আমাৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি কৰিব পৰা যাব। এনে প্ৰেক্ষাপটত আৰু ভালেমান ক্ষেত্ৰ তথা বহু পণ্য সামগ্ৰী আমাৰ নজৰত আছে। আমাৰ কৃষকসকলক যাতে প্ৰয়োজনীয় ধনৰ যোগান দিব পৰা যায়, যাতে উন্নত আন্তঃগাঁথনি আৰু আধুনিক প্ৰযুক্তিৰ সাহায্য দিব পৰা যায়, তাৰ বাবে সংস্কাৰ হোৱাটো অত্যন্ত প্ৰয়োজনীয়।
বন্ধুসকল,
সম্প্ৰতি এনেধৰণৰ কিছু সংস্কাৰ কৰা হৈছে, যিবোৰে এই সংক্ৰান্তীয় আইনত চৰকাৰৰ হস্তক্ষেপ ন্যূনতম কৰি তুলিছে। আমি বিগত দিনবোৰত দেখিছো, চৰকাৰৰ প্ৰতি সাধাৰণ মানুহৰ হাজাৰ হাজাৰ অভিযোগৰ পৰা আমি সহজেই ৰেহাই পাব পাৰো। যেনে বিগত দিনবোৰত আমি ১,৫০০ টা অপ্ৰাসঙ্গিক তথা পৰস্পৰ বিৰোধী আইন বাতিল কৰিছো। আমি ৰাজ্যবোৰকো অনুৰোধ কৰিম যে আপোনালোকে একোটা সৰু সৰু দল গঠন কৰক। এতিয়া যথেষ্ট উন্নত প্ৰযুক্তি আছে। জনগণৰ পৰা বাৰম্বাৰ বিভিন্ন তথ্য বিচাৰি থকাৰ প্ৰয়োজন নাই। আৰু অগ্ৰাধিকাৰ ভিত্তিত তেওঁলোকৰ অভিযোগবোৰৰ বোজা লাঘব কৰাৰ চেষ্টা কৰক। ৰাজ্যবোৰ আগুৱাই আহক। আমিও কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলক আহ্বান জানাম, আৰু আমাৰ কেবিনেট সচিবে নিয়মিত সেইবোৰ তদাৰকী কৰিছে। অভিযোগৰ সংখ্যা এতিয়া যথাসম্ভৱ হ্ৰাস কৰিব লাগিব। দেশৰ জনগণৰ ‘ইজ অফ লিভিং’ বৃদ্ধিৰ বাবে এয়া অত্যন্ত প্ৰয়োজনীয়।
ঠিক তেনেদৰে, দেশৰ যুৱ সমাজে যাতে তেওঁলোকৰ সামৰ্থ্য অনুযায়ী অধিক কাম কৰিব পাৰে, আমি সেই সুযোগ দিব লাগিব। কেবা মাহ পূৰ্বে আপোনালোকে দেখিছে যে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেইবোৰক লৈ খুব এটা আলোচনা হোৱা শুনা নাই, কিন্তু এবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ। দেশৰ অ’এছপি ৰেগুলেশ্যনবোৰ সংস্কাৰ কৰা হৈছে। ফলত, আমাৰ যুৱ সমাজে যিকোনো ঠাইৰ পৰা কাম কৰাৰ নমনীয়তা লাভ কৰিব। ইয়াৰ ফলত আমাৰ প্ৰযুক্তি ক্ষেত্ৰ যথেষ্ট লাভৱান্বিত হ’ব।
আমি অলপতে তথ্য প্ৰযুক্তি ক্ষেত্ৰৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হৈছিলো। তেওঁলোকৰ মাজৰ বহুতেই আমাক কৈছে যে তেওঁলোকৰ ৯৫ শতাংশ কৰ্মচাৰীয়ে এতিয়া ঘৰত বহিয়েই কাম কৰিছে। আৰু ইয়াৰ পিছতো তেওঁলোকৰ ব্যৱসায় সুন্দৰকৈ চলি আছে। এতিয়া চাওকচোন দেশত কিমান ডাঙৰ পৰিৱৰ্তন ঘটিছে। আমি এই বিষয়বোৰত জোৰ দিব লাগিব। এইবোৰ ক্ষেত্ৰত যিমান জটিলতা আছে আমি সেইবোৰ সমাপ্ত কৰিব লাগিব। বিগত দিনবোৰত আমি অনেক ক্ষেত্ৰত সংস্কাৰ আনিছো। আপোনাোলোকে দেখিছে, কিছুদিন পূৰ্বেও আমি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলো। আমি জিঅ’-স্পেচিয়েল ডাটা সংক্ৰান্তীয় নিয়মবোৰকো উন্মুক্ত কৰি দিছো। এতিয়া আমি যি কৰিছো সেইবোৰ যদি আজিৰ পৰা ১০ বছৰ পূৰ্বে কৰিব পাৰিলোহেতেন, তেন্তে এই গুগল ইত্যাদি ভাৰতৰ বাহিৰত সৃষ্টি নহ’লহেতেন, আমাৰ দেশতেই এইবোৰ সৃষ্টি হ’লহেতেন। আমাৰ নবীন প্ৰজন্মৰ যি প্ৰতিভা সেই প্ৰতিভাৰ যথাযথ সদ্ব্যৱহাৰ আমাৰ দেশত হোৱা নাই। এতিয়া আমাৰ ষ্টাৰ্ট-আপবোৰ আৰু প্ৰযুক্তি ক্ষেত্ৰই এই প্ৰতিভাৰ সদ্ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে। মই বিচাৰো যে এই সিদ্ধান্তবোৰে দেশৰ সাধাৰণ মানুহৰ জীৱনত ‘ইজ অফ লিভিং’ বৃদ্ধিৰ ক্ষেত্ৰত সহায়ক হৈ উঠক।
আৰু বন্ধুসকললৈ মই দুটা বিষয়ত অনুৰোধ কৰিম, আজি বিশ্বত আমি এক নতুন সুযোগ লাভ কৰিছো, এই সুযোগক কামে-কাজে লগাবলৈ আমি চেষ্টা কৰি যাব লাগিব। ‘ইজ অফ ডুয়িং বিজনেছ’ৰ ক্ষেত্ৰত আমি কাম কৰিব লাগিব, ভাৰতৰ জনগণৰ ‘ইজ অফ লিভিং’ বৃদ্ধিৰ বাবে আমি চেষ্টা কৰিব লাগিব। আন্তৰ্জাতিকভাৱে ভাৰতক প্ৰতিষ্ঠা কৰিবৰ বাবে, ভাৰতৰ সুযোগবোৰ বৃদ্ধিৰ ক্ষেত্ৰত ‘ইজ অফ ডুয়িং বিজনেছ’ৰ গুৰুত্ব অপৰিসীম। সেইবাবে প্ৰয়োজনত আমি আইন পৰিৱৰ্তন কৰিব লাগিব, ব্যৱস্থালৈ পৰিৱৰ্তন আনিব লাগিব, দেশৰ জনগণৰ আশা-আকাঙ্ক্ষা বাস্তৱায়িতকৰণৰ বাবে, তেওঁলোকৰ জীৱনক সৰল কৰাৰ দিশে জোৰ দিব লাগিব।
বন্ধুসকল,
মই এতিয়া আপোনালোকৰ অভিজ্ঞতা, আপোনালোকৰ পৰামৰ্শৰ অপেক্ষাত থাকিম। আজ আমি গোটেইটো দিন ইয়াত একেলগে বহিম। মাজত সামান্য সময়ৰ বাবে কিছু বিৰতি ল’ম। কিন্তু আমি আজি সকলোবোৰ বিষয় লৈয়েই কথা পাতিম। এইবাৰো আপোনালোক সকলোৰে পৰা সৃষ্টিশীল আৰু ইতিবাচক চিন্তা-ভাৱনা শুনিবলৈ পোৱাৰ আশা কৰিছো, যিয়ে দেশক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিব পাৰিব। আৰু আমি সকলোৱে মিলি, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ মিলি দেশক এক নিৰ্দিষ্ট লক্ষ্যৰ দিশে আগুৱাই লৈ যাম, যিমান ক্ষীপ্ৰতাৰে আগুৱাই নিব পাৰিম, সিমানে বিশ্বত ভাৰতৰ বাবে এক অভূতপূৰ্ব সুযোগ সৃষ্টি কৰিব পাৰিম। এই সুযোগ আমি হাতৰ পৰা যাবলৈ দিব নোৱাৰো। এই প্ৰত্যাশা লৈ পুনৰ এবাৰ এই গুৰুত্বপূৰ্ণ শীৰ্ষ সন্মিলনত আপোনালোকৰ উজ্জ্বল উপস্থিতিক স্বাগতম জনাইছো। আপোনালোকৰ মূল্যৱান পৰামৰ্শবোৰৰ অপেক্ষা কৰিম। বহু বহু ধন্যবাদ।
***
DS/VJ/VK/AK/RD
Watch Live https://t.co/X2cW4jInCS
— PMO India (@PMOIndia) February 20, 2021
हमने कोरोना कालखंड में देखा है कि कैसे जब राज्य और केंद्र सरकार ने मिलकर काम किया, देश सफल हुआ: PM @narendramodi
— PMO India (@PMOIndia) February 20, 2021
इस वर्ष के बजट पर जिस तरह का positive response आया है, उसने जता दिया है कि mood of the nation क्या है।
— PMO India (@PMOIndia) February 20, 2021
देश मन बना चुका है।
देश तेजी से आगे बढ़ना चाहता है, देश अब समय नहीं गंवाना चाहता है: PM @narendramodi
हम ये भी देख रहे हैं कि कैसे देश का प्राइवेट सेक्टर, देश की इस विकास यात्रा में और ज्यादा उत्साह से आगे आ रहा है।
— PMO India (@PMOIndia) February 20, 2021
सरकार के नाते हमें इस उत्साह का, प्राइवेट सेक्टर की ऊर्जा का सम्मान भी करना है और उसे आत्मनिर्भर भारत अभियान में उतना ही अवसर भी देना है: PM @narendramodi
आत्मनिर्भर भारत अभियान, एक ऐसे भारत का निर्माण का मार्ग है जो न केवल अपनी आवश्यकताओं के लिए बल्कि विश्व के लिए भी उत्पादन करे और ये उत्पादन विश्व श्रेष्ठता की कसौटी पर भी खरा उतरे: PM @narendramodi
— PMO India (@PMOIndia) February 20, 2021
केंद्र सरकार ने विभिन्न सेक्टर्स के लिए PLI schemes शुरू की हैं।
— PMO India (@PMOIndia) February 20, 2021
ये देश में मैन्यूफैक्चरिंग बढ़ाने का बेहतरीन अवसर है।
राज्यों को भी इस स्कीम का पूरा लाभ लेते हुए अपने यहां ज्यादा से ज्यादा निवेश आकर्षित करना चाहिए: PM
बीते वर्षों में कृषि से लेकर, पशुपालन और मत्स्यपालन तक एक holistic approach अपनाई गई है।
— PMO India (@PMOIndia) February 20, 2021
इसका परिणाम है कि कोरोना के दौर में भी देश के कृषि निर्यात में काफी बढोतरी हुई है: PM @narendramodi