Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নেচনেল ইন্সটিটিউট অব্ মাইনাৰ্ছ হেল্থৰ সৈতে আইচিএমআৰ- নেচনেল ইন্সটিটিউট অব্ অকুপেচনেল হেল্থৰ একত্ৰীকৰণত কেবিনেটৰ অনুমোদন প্ৰদান


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে খনি মন্ত্ৰালয়ৰ অধীনত স্বায়ত্ব সংস্থা নেচনেল ইন্সটিটিউট অব্ মাইনাৰ্ছ (এনআইএমএইচ) বন্ধ কৰি আৰু সকলো সম্পত্তি তথা বকেয়া ৰাশিৰ সৈতে ইয়াৰ একত্ৰীকৰণ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত আইচিএমআৰনেচনেল ইন্সটিটিউট অব্ অকুপেচনেল হেল্থ (এনআইঅএইচ), আহমেদাবাদৰ একত্ৰীকৰণত অনুমোদন জনাইছে৷ কেবিনেটে এনআইএমএইচৰ সকলো কৰ্মচাৰীক সমান পদ/বেতন সহিতে এনআইঅএইচত সংঘবদ্ধ কৰাৰ বাবে তথা তেওঁলোকৰ বেতনৰ সুৰক্ষাৰ অনুমোদন প্ৰদান কৰিছে৷ এনআইএমএইচক বন্ধ কৰি আৰু এনআইএমএইচক এনআইঅএইচৰ সৈতে একত্ৰীকৰণৰ বাবে আৱশ্যকীয় পদক্ষেপ এনআইএমএইচ, আইচিএমআৰ, এনআইঅএইচ, খনি মন্ত্ৰালয় তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বাস্থ্য অনুসন্ধান বিভাগে গ্ৰহণ কৰিব৷

প্ৰভাৱঃ

এনআইএমএইচৰ এনআইঅএইচত একত্ৰীকৰণৰ দ্বাৰা দুয়োটা সংস্থাৰ সাৰ্বজনিক ধনৰ সক্ষম ব্যৱস্থাপনাৰ বাহিৰেও ব্যৱসায়িক ক্ষেত্ৰত বিশেষজ্ঞতা বৃদ্ধিত সহায়ক হব৷

পৃষ্ঠভূমিঃ

ভাৰত চৰকাৰৰ দ্বাৰা ১৯৯০ চনত এনআইএমএইচৰ স্থাপন কৰা হৈছিল আৰু ইয়াক কৰ্ণাটক ছচাইটিজ পঞ্জীকৰণ অধিনিয়ম, ১৯৬০ৰ অন্তৰ্গত ছচাইটীৰ ৰূপত পঞ্জীকৃত কৰা হৈছিল৷ এনআইএমএইচৰ পঞ্জীকৃত কাৰ্যালয় কোলাৰ গল্ড ফিল্ড, কৰ্ণাটকত আৰু কেন্দ্ৰীয় গৱেষণাগাৰ নাগপুৰত আছে৷ এই সংস্থাই ব্যৱসায়িক স্বাস্থ্য আৰু স্বচ্ছতাত প্ৰয়োগিক অনুসন্ধান কৰে আৰু খনি তথা খনিজ জাতীয় উদ্যোগক ধাতু সন্দৰ্ভত প্ৰযুক্তিগত সেৱা প্ৰদান কৰে আৰু লগতে অনুসন্ধান আৰু বিকাশৰ জৰিয়তে খনিসমূহৰ সুৰক্ষা তথা শ্ৰমিকসকলৰ স্বাস্থ্য দিশতো সেৱা আগবঢ়ায়৷

এনআইঅএইচৰ নিৰ্ধাৰিত ক্ষেত্ৰ ব্যৱসায়িক স্বাস্থ্য ক্ষেত্ৰৰ সৈতে সম্বন্ধিত যত ব্যৱসায়িক ঔষধি আৰু ব্যৱসায়িক স্বচ্ছতাও অন্তৰ্ভুক্ত আছে৷ স্বায়ত্ব সংস্থাৰ কামকাজ আৰু কাৰ্যপ্ৰণালীৰ সমীক্ষাৰ সন্দৰ্ভত অন্য বিষয়ৰ সৈতে ব্যয় প্ৰৱন্ধন আয়োগে পৰামৰ্শ প্ৰদান কৰিছিল যে সম উদ্দেশ্যৰ সংস্থাসমূহৰ বিলোপনৰ ওপৰত চিন্তা কৰিব পাৰি যাতে সঞ্চালন আৰু ব্যয়ৰ হ্ৰাসৰ দ্বাৰা কাৰ্যসমূহে যাতে অগ্ৰগতি লাভ কৰে৷ সেইবাবে এনআইএমএইচক এনআইঅএছৰ সৈতে একত্ৰীকৰণ কৰাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে৷   

 

 

 

***********

VRRK/PK/SH/MANN