পি এম ইণ্ডিয়া
ভাৰত মাতা কি জয়!!!!
ইমান মৰম। ইমান উৎসাহ। সঁচা কথা ক’বলৈ গ’লে ক্ষন্তেক সময়ৰ বাবে মই প্ৰায় পাহৰি গৈছিলো যে মই নেদাৰলেণ্ডত আছো। এনে লাগে যেন ভাৰতৰেই ক’ৰবাত কিবা এটা উৎসৱ চলি আছে!
সমগ্ৰ বিশ্বতে হেগক “শান্তি আৰু ন্যায়ৰ চহৰ” বুলি জনা যায়, আজি ইয়াৰ পৰিৱেশ দেখি এনে অনুভৱ হৈছে যেন হেগ ভাৰতীয়ৰে বন্ধুত্বৰ জীৱন্ত প্ৰতীক হৈ পৰিছে!
ইয়াৰ পৰাই বুজা যায় যে এজনৰ পাছপ’ৰ্টৰ ৰং সলনি হ’ব পাৰে, ঠিকনা সলনি হ’ব পাৰে, আনকি এজনৰ টাইম জ’নো সলনি হ’ব পাৰে – কিন্তু ভাৰত মাতৃৰ সন্তানসকল য’তেই নাথাকক কিয়, এই উষ্মতা, এই সজীৱতা আৰু জীৱন উদযাপনৰ এই মনোভাৱ সদায় আমাৰ মাজত নিহিত হৈ আছে ।
এই উষ্ম আদৰণিৰ বাবে আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। মই ইয়াত প্ৰৱেশ কৰি থাকোঁতে দেখিলো সমগ্ৰ মহাৰাষ্ট্ৰ, ছত্ৰপতি শিৱাজী মহাৰাজ, মোৰ মৰমৰ ৰাজস্থান, আৰু “অ” মানে অসমক…
বন্ধুসকল,
আজি আপোনালোক সকলোকে লগ পোৱাৰ পিছত মহামহিম ৰজা আৰু মহামহিম ৰাণীক লগ পোৱাৰ সুযোগ পাম। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে কেইবাটাও বিষয়ত বিতং আলোচনাও কৰিম।
বিগত বছৰবোৰত যেতিয়াই মই নেদাৰলেণ্ডৰ নেতাসকলৰ সৈতে কথা পাতিছো, তেতিয়াই তেওঁলোকে সদায় প্ৰবাসী ভাৰতীয়সকলৰ বিষয়ে অতি সুন্দৰভাবে কৈ আহিছে। তেওঁলোকে আপোনালোক সকলোকে প্ৰশংসা কৰিছে। আপোনালোকে ডাচ সমাজলৈ আৰু ইয়াৰ অৰ্থনীতিলৈ যি অৱদান আগবঢ়াইছে তাৰ বাবে প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰে।
আজি এই উপলক্ষ্যে নেদাৰলেণ্ডৰ জনসাধাৰণ আৰু ইয়াৰ চৰকাৰৰ প্ৰতি মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ১.৪ বিলিয়ন ভাৰতীয়ৰ হৈ এই দেশৰ জনসাধাৰণলৈ মোৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
বন্ধুসকল,
ইয়াৰ আগতেও মই নেদাৰলেণ্ড ভ্ৰমণ কৰিছো। মোৰ পুৰণি বন্ধু কেইজনমান আজি ইয়াত বহি আছে। ইয়াত বসবাস কৰা ভাৰতীয় জনগোষ্ঠীৰ সৈতেও মোৰ যথেষ্ট মত-বিনিময় হৈছে। ইয়াত উপস্থিত বহু পৰিয়ালৰ কাহিনী কেৱল প্ৰব্ৰজনৰ কাহিনী নহয়; ই সংস্কৃতিৰ, বিশ্বাসৰ আৰু অগণন সংগ্ৰামৰ মাজত লাভ কৰা প্ৰগতিৰ কাহিনী।
সেই সময়ত কোনেও কল্পনা কৰিব পৰা নাছিল যে দুখন মহাসাগৰ পাৰ হৈও ভাৰতীয়ৰ পৰিচয় ইমান সজীৱ হৈ থাকিব। আপোনালোকৰ পূৰ্বপুৰুষসকলে হয়তো বহু কথা এৰি থৈ গৈছে, কিন্তু কিছুমান বিশেষ কথা সদায় থাকি গ’ল – তেওঁলোকৰ মাটিৰ সুগন্ধি, তেওঁলোকৰ উৎসৱৰ স্মৃতি, ভক্তিমূলক গীতৰ সুৰ আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ দ্বাৰা প্ৰদান কৰা মূল্যবোধ।
বন্ধুসকল,
মানৱতাৰ ইতিহাসে এই কথাৰ সাক্ষ্য দিয়ে যে, সময়ৰ লগে লগে বহু সংস্কৃতি ম্লান হৈ পৰিছে। তথাপিও ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিয়ে আজিও ইয়াৰ জনসাধাৰণৰ হৃদয়ত প্ৰবলভাৱে স্পন্দিত হৈ আছে। প্ৰজন্ম সলনি হৈছে, দেশ সলনি হৈছে আৰু চৌপাশো সলনি হৈছে – কিন্তু পৰিয়ালৰ মূল্যবোধৰ পৰিৱৰ্তন ঘটা নাই। নিজৰ বুলি ভাবিব পৰা ভাবৰ কোনো পৰিৱৰ্তন হোৱা নাই। আপোনালোকে ডাচ ভাষাক আঁকোৱালি লৈছে, তথাপিও আপোনালোকে আপোনালোকৰ পূৰ্বপুৰুষৰ ভাষা পৰিত্যাগ কৰা নাই।
আমাৰ সামূহিক ৰেডিঅ’ ষ্টেচনসমূহ ইয়াত অতি জনপ্ৰিয় আৰু এই ষ্টেচনসমূহৰ জৰিয়তে ভাৰতৰ সংগীত তথা সংস্কৃতি ডাচ পৰিয়ালসমূহৰ মাজলৈ গৈছে। গান্ধী কেন্দ্ৰই হওক বা বিভিন্ন চহৰৰ বিদ্যালয়েই হওক, আপোনালোকে আপোনালোকৰ সংস্কৃতিক ভৱিষ্যত প্ৰজন্মলৈ আগবঢ়াই লৈ গৈছে। এয়া সঁচাকৈয়ে প্ৰশংসনীয়। আপোনালোক সকলোৱে প্ৰশংসা আৰু অভিনন্দনৰ যোগ্য।
বন্ধুসকল,
আজি ১৬ মে’ আৰু এই দিনটো আন এটা কাৰণত বিশেষ। বাৰ বছৰ আগতে ২০১৪ চনৰ ১৬ মে’ত কিবা এটা উল্লেখযোগ্য ঘটনা ঘটিছিল। ২০১৪ চনৰ আজিৰ দিনটোতে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল, য’ত নিশ্চিত হৈছিল যে দশক দশক পিছত ভাৰতত পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে এখন সুস্থিৰ চৰকাৰ হ’ব।সেই দিনটোৰ পৰা আজিলৈকে কোটি কোটি ভাৰতীয়ই মোৰ ওপৰত যি আস্থা ৰাখিছে, সেই আস্থাই মোক ৰৈ থাকিবলৈ দিয়া নাই আৰু ভাগৰিবলৈও অনুমতি দিয়া নাই। এই যাত্ৰা অদম্য আৰু অবিৰতভাবে অব্যাহত আছে।
বন্ধুসকল,
অতি কম বয়সৰ পৰাই দেশপ্ৰেমৰ মনোভাবেৰে গভীৰভাৱে আচ্ছন্ন হৈ পৰিছিলোঁ। আপোনালোক সকলোৱে মোৰ পৰিয়াল হৈ পৰিল। মই स्वर्ग सच समष्टिৰ দিশে অগ্ৰসৰ হলো, মই বাছি ললো “अहम् से वयं”ৰ পথ ৷
আৰু তাৰ পিছত, আপোনালোকৰ সুখ মোৰ সুখ হৈ পৰিল। আপোনালোকৰ কল্যাণ মোৰ কৰ্তব্য হৈ পৰিল। সমৰ্পণৰ মনোভাবেৰে আৰু আপোনালোক সকলোৰে আশীৰ্বাদত মই যি পাৰো কৰিবলৈ চেষ্টা কৰি থাকিলোঁ। কিন্তু ৰাইজৰ পৰা যে ইমান অপৰিসীম মৰম পাম – এয়া মোৰ কল্পনাৰো অগোচৰ আছিল।
পিছলৈ ঘূৰি চালে দেখা পাওঁ যে মুখ্যমন্ত্ৰী হিচাপে ১৩ বছৰ, প্ৰধানমন্ত্ৰী হিচাপে ১২ বছৰ, গণতান্ত্ৰিক জগতত ২৫ বছৰ, এনেদৰে কোটি কোটি ভোটাৰৰ অবিৰত সমৰ্থন লাভ কৰাটো মোৰ বাবে অপৰিসীম সৌভাগ্যৰ বিষয়।
মোৰ বাবে এয়া কেৱল পৰিসংখ্যা নহয়; ই আপোনালোকৰ আশীৰ্বাদ আৰু এয়াই মোৰ আটাইতকৈ ডাঙৰ শক্তি। এনে মৰম আৰু আশীৰ্বাদে মোক জীৱনৰ প্ৰতিটো মুহূৰ্তত ভাৰতবাসীৰ সপোন পূৰণৰ দিশত কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।
বন্ধুসকল,
পৃথিৱীৰ যিখন দেশেই নহওক কিয়, যদি আগবাঢ়িব বিচাৰে তেন্তে ডাঙৰ সপোন দেখিব লাগিব। আজি আমাৰ ভাৰতেও অতি বৃহৎ পৰিসৰত সপোন দেখিছে। আজি দেশখনে কৈছে – আমি কেৱল ৰূপান্তৰ বিচৰা নাই; আমি শ্ৰেষ্ঠত পৰিগণিত হ’ব বিচাৰো। আৰু কেৱল শ্ৰেষ্ঠই নহয়, আমি দ্ৰুততমো হ’ব বিচাৰো। সেইবাবেই যেতিয়া ভাৰতত আকাংক্ষা সীমাহীন হৈ পৰিছে , তেতিয়া আমাৰ প্ৰচেষ্টাও সীমাহীন হৈ পৰিছে।
ভাৰতৰ যুৱক-যুৱতীসকলৰ উদাহৰণেই লওক৷ আজি ভাৰতৰ যুৱক-যুৱতীসকলে আকাশ স্পৰ্শ কৰাৰ আকাংক্ষা প্ৰতিফলিত কৰিছে। তেওঁলোকে ষ্টাৰ্টআপ গঢ়ি তুলিব বিচাৰে, মানসম্পন্ন সামগ্ৰী সৃষ্টি কৰিব বিচাৰে, ড্ৰ’ন নিৰ্মাণ কৰিব বিচাৰে আৰু এআই তথা অৰ্ধপৰিবাহীৰ জগতখনত ভাৰতক আগুৱাই নিব বিচাৰে। সেইবাবেই ভাৰতৰ ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰ ক্ৰমাগতভাৱে শক্তিশালী হৈ আহিছে। আজি আমি বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক’চিষ্টেম থকা দেশ।
বন্ধুসকল,
আজি ভাৰতৰ আকাংক্ষা কেৱল নিজৰ সীমান্ততে সীমাবদ্ধ হৈ থকা নাই৷ ভাৰতে অলিম্পিক আয়োজন কৰিব বিচাৰে, বিশ্বৰ আগশাৰীৰ উৎপাদন কেন্দ্ৰ হ’ব বিচাৰে , সেউজ শক্তিৰ ক্ষেত্ৰত আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰিব বিচাৰে আৰু বিশ্বৰ বাবে বিকাশৰ ইঞ্জিন হিচাপে কাম কৰিব বিচাৰে।বিষয়টো একেই আছে, আমাৰ আকাংক্ষা সীমাহীন আৰু আমাৰ প্ৰচেষ্টাৰ পৰিসৰো সমানেই বিশাল। অভিলেখ সৃষ্টিকাৰী ঘাইপথ নিৰ্মাণ, অভিলেখ সৃষ্টিকাৰী ৰে’লৰ বৈদ্যুতিকৰণ, বন্দে ভাৰত এক্সপ্ৰেছৰ দৰে অৰ্ধ-উচ্চবেগী ৰে’ল, আৰু বিশ্বৰ অন্যতম বৃহৎ নবীকৰণযোগ্য শক্তিৰ সম্প্ৰসাৰণ — লক্ষ্য যিমানেই অভিলাষী নহওক কিয়, আজিৰ ভাৰতে কৈছে যে আমি সেয়া লাভ কৰিম আৰু আমি সেয়া আমাৰ কাৰ্য্যৰ জৰিয়তে প্ৰদৰ্শন কৰিছো।
বন্ধুসকল,
আজিৰ ভাৰতবৰ্ষই অভূতপূৰ্ব পৰিৱৰ্তনৰ এক বিশেষ পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে। আপোনালোকে হয়তো শেহতীয়াকৈ দেখিছে যে ভাৰতে বিশ্বৰ সৰ্ববৃহৎ তথা সফল এআই সন্মিলনৰ আয়োজন কৰিছিল। ইয়াৰ পূৰ্বে ভাৰতে নতুন দিল্লীত জি-২০সন্মিলনৰো সফলতাৰে আয়োজন কৰিছিল। এইবোৰ কেৱল এককালীন পৰিঘটনা নাছিল; এয়াই এতিয়া আজিৰ ভাৰতৰ প্ৰকৃতি তথা আত্মবিশ্বাসত পৰিণত হৈছে৷ ভাৰতে বিশ্বৰ সৰ্ববৃহৎ অনন্য চিনাক্তকৰণ কাৰ্যসূচী ৰূপায়ণ কৰিছে। ভাৰতে বিশ্বৰ অন্যতম বৃহৎ বিত্তীয় অন্তৰ্ভুক্তি কাৰ্যসূচীও আগবঢ়াই নিছে। ভাৰতে যি পৰিসৰত ডিজিটেলাইজেছনক আগুৱাই লৈ গৈছে সেয়া সঁচাকৈয়ে অভূতপূৰ্ব। ভাৰতে বিশ্বৰ সৰ্ববৃহৎ চৰকাৰী পুঁজিৰে স্বাস্থ্য বীমা আঁচনি চলাই আছে। হয়, ভাৰতে চন্দ্ৰৰ এনে এটা অংশত উপনীত হ’ল য’ত আগতে কোনেও যাব পৰা নাছিল। ভাৰতে পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম উন্নত দ্ৰুত ব্ৰিডাৰ ৰিয়েক্টৰৰ কামো সফলতাৰে কৰি আছে।
বন্ধুসকল,
ভাৰতৰ যি পৰিসৰত অগ্ৰগতি হৈছে সেয়া আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো স্পষ্টকৈ পৰিলক্ষিত হয়। আজি ভাৰতত নিৰ্মাণ হৈ থকা সৌৰ উদ্যানসমূহ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ উদ্যানসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে।
কোনোবাটো ওখ আৰু কোনোবাটো দীঘল সুৰংগই হওক, উচ্চতম আৰু দীঘলীয়া দলঙেই হওক, দীঘলীয়া এক্সপ্ৰেছৱেই হওক, বৃহৎ মেট্ৰ’ নেটৱৰ্কেই হওক, বৃহৎ অসামৰিক বিমান পৰিবহণৰ নেটৱৰ্কেই হওক, বা বৃহত্তম বিদ্যুৎচালিত ৰে’ল নেটৱৰ্কেই হওক – ইয়াৰ বহুখিনিয়েই এতিয়া ভাৰতত নিৰ্মাণ হৈ আছে।
শেহতীয়া বছৰবোৰত ভাৰতে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্বৰ এঘাৰগুণতকৈও অধিক দূৰত্বৰ বিস্তৃত অপটিকেল ফাইবাৰ স্থাপন কৰিছে। এদশক আগতে আমি মোবাইল ফোন আমদানি কৰিছিলোঁ; আজি ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল ফোন নিৰ্মাতা দেশত পৰিণত হৈছে।
বন্ধুসকল,
এই গতি আৰু পৰিসৰৰ লগতে আজিৰ ভাৰতৰ আন এক সংজ্ঞায়িত বৈশিষ্ট্যও আছে। আজিৰ ভাৰত উদ্ভাৱনৰ দ্বাৰা চালিত এখন দেশ। আমাৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ বিষয়ে আজি সমগ্ৰ বিশ্বতে আলোচনা কৰা হৈছে আৰু ই ভাৰতীয়সকলৰ উদ্ভাৱনী ক্ষমতাৰ এক ডাঙৰ প্ৰমাণ হিচাপে চিহ্নিত হৈছে।
আজি যদি কোনোবাই টকা জমা কৰিব বিচাৰে তেন্তে ডিজিটেল ৱালেটৰ সুবিধা আছে। যদি কোনোবাই নথিপত্ৰসমূহ সুৰক্ষিতভাৱে ৰাখিব লাগে, তেন্তে ডিজি লকাৰৰ ব্যৱস্থা আছে। যদি কোনোবাই ভ্ৰমণ কৰিব বিচাৰে তেন্তে ডিজি যাত্ৰা আছে। আৰু যদি কোনোবাই স্বাস্থ্যসেৱা সেৱা ল’ব বিচাৰে তেন্তে আছে ডিজিটেল হেল্থ আইডি।
বন্ধুসকল,
আজি ভাৰতত প্ৰতিমাহে ২০ বিলিয়নতকৈ অধিক ইউপিআই লেনদেন হয়। অৰ্থাৎ সমগ্ৰ বিশ্বতে সংঘটিত হৈ থকা সকলো ডিজিটেল লেনদেনৰ আধাতকৈও অধিক কেৱল ভাৰততে হয়।
ষ্টাৰ্টআপ এতিয়া ভাৰতৰ যুৱক-যুৱতীসকলৰ মানসিকতাৰ অংশ হৈ পৰিছে। বাৰ বছৰৰ আগতে দেশত ৫০০ তকৈও কম ষ্টাৰ্টআপ আছিল; আজি সেই সংখ্যা ২ লাখতকৈও অধিক হৈছে। ঠিক তেনেদৰে ষ্টাৰ্টআপৰ জগতখনত ২০১৪ চনত ভাৰতত মাত্ৰ চাৰিটা ইউনিকৰ্ণ আছিল।আজি ভাৰতত প্ৰায় ১২৫টা সক্ৰিয় ইউনিকৰ্ণ আছে। কেৱল ২০২৫ চনত প্ৰায় ৪৪ হাজাৰ নতুন ষ্টাৰ্টআপ পঞ্জীয়ন কৰা হৈছিল। আজি আমাৰ ষ্টাৰ্টআপসমূহে এআই, প্ৰতিৰক্ষা, আৰু মহাকাশৰ দৰে খণ্ডত উল্লেখযোগ্য কাম কৰি আছে।
সময়ৰ লগে লগে গৱেষণা আৰু উদ্ভাৱনৰ এই সংস্কৃতি আৰু অধিক বিস্তৃত হৈ পৰিছে। কেৱল বিগত এটা বছৰত ভাৰতত ১ লাখ ২৫ হাজাৰৰো অধিক পেটেণ্ট দাখিল কৰা হৈছে।
বন্ধুসকল,
ভাৰতে চিপ নিৰ্মাণ আৰু অৰ্ধপৰিবাহী খণ্ডতো লক্ষ্যণীয় অগ্ৰগতি লাভ কৰিছে। বৰ্তমান ভাৰতত ১২টা অৰ্ধপৰিবাহী উদ্যোগৰ কাম চলি আছে, আৰু ইয়াৰে দুটা সুবিধাত ইতিমধ্যে উৎপাদন আৰম্ভ হৈছে। অৰ্থাৎ চিপচো এতিয়া “ডিজাইন ইন ইণ্ডিয়া” আৰু “মেড ইন ইণ্ডিয়া” হ’ব।
বন্ধুসকল,
ভাৰতৰ আকাংক্ষা-চালিত যাত্ৰাই আমাৰ গণতন্ত্ৰকো শক্তিশালী কৰি তুলিছে। যেতিয়া মানুহৰ সপোন পূৰণ হয়, তেতিয়া গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ বিশ্বাসো অধিক দৃঢ় হৈ পৰে।
বন্ধুসকল,
শেহতীয়া বিধানসভা নিৰ্বাচনৰ উদাহৰণ দিওঁ। এইবাৰ অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু, পুডুচেৰীত ভোটাৰৰ ভোটদানৰ হাৰ ৮০ৰ পৰা ৯০ শতাংশৰ ভিতৰত। বিশেষকৈ মহিলাৰ অংশগ্ৰহণ যথেষ্ট বৃদ্ধি পাইছে। এই ধাৰা প্ৰতিখন ৰাজ্যতে দেখা গৈছে।
আজি ভাৰতৰ ভোটাৰসকল উৎসাহী, আৰু আপোনালোক সকলো সমানেই উৎসাহী। বন্ধুসকল, আমি গৌৰৱ অনুভৱ কৰোঁ যে বছৰৰ পিছত বছৰ ধৰি নতুন ভোটদানৰ অভিলেখ গঢ় লৈ উঠিছে।
বন্ধুসকল,
ভাৰতত ৯০ কোটিতকৈ অধিক ভোটাৰৰ পঞ্জীয়ন হৈছে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৬৪ কোটি লোকে ভোটদান কৰিছিল – অৰ্থাৎ ইউৰোপীয় সংঘৰ মুঠ জনসংখ্যাতকৈ অধিক ভাৰতীয়ই ভোটদান কৰিছিল। ভাৰতে প্ৰতিজন নাগৰিকৰ গণতান্ত্ৰিক অংশগ্ৰহণক মূল্য দিয়ে, আৰু গণতন্ত্ৰৰ মাতৃ হিচাপে এয়া আমাৰ সকলোৰে বাবে অতি গৌৰৱৰ বিষয়।
বন্ধুসকল,
যেতিয়াই ভাৰত সফল হয় তেতিয়াই ইয়াৰ পৰা সমগ্ৰ মানৱ জাতিয়ে উপকৃত হয়। কিন্তু আজি মানৱতাও বহু ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আমি প্ৰত্যক্ষ কৰি আছো যে কেনেকৈ পৃথিৱীখনে ইটোৰ পিছত সিটো নতুন প্ৰত্যাহ্বানৰ সৈতে যুঁজি আছে।
প্ৰথমে আহিল কৰ’না মহামাৰী, তাৰ পিছত যুদ্ধৰ সূচনা হ’বলৈ ধৰিলে, আৰু এতিয়া বিশ্ব শক্তি সংকটৰ সন্মুখীন হৈছে। এই দশকটো ক্ৰমান্বয়ে বিশ্বৰ বাবে দুৰ্যোগৰ দশকলৈ পৰিণত হৈছে।
আমি সকলোৱে দেখিবলৈ পাইছো যে যদি এই পৰিস্থিতি দ্ৰুতগতিত সলনি নহয় তেন্তে বিগত বহু দশকৰ কৃতিত্বসমূহ অসাৰ হৈ পৰিব। বিশ্বৰ জনসংখ্যাৰ এক অতি বৃহৎ অংশক আকৌ এবাৰ দৰিদ্ৰতাৰ মাজলৈ ঠেলি দিয়া পৰিবেশৰ সৃষ্টি হ’ব।
বন্ধুসকল,
এনে বিশ্বজুৰি চলি থকা পৰিস্থিতিত আজি বিশ্বই স্থিতিস্থাপক যোগান শৃংখলৰ কথা কৈছে। আৰু এই প্ৰেক্ষাপটত ভাৰত আৰু নেদাৰলেণ্ডে একেলগে এক বিশ্বাসযোগ্য, স্বচ্ছ, আৰু ভৱিষ্যতৰ বাবে সাজু যোগান শৃংখল গঢ়ি তুলিছে।
শক্তি সুৰক্ষাৰ পৰা আৰম্ভ কৰি জল সুৰক্ষালৈকে নেদাৰলেণ্ড আৰু ভাৰতে সকলো ক্ষেত্ৰতে ঘনিষ্ঠভাৱে সহযোগিতা আগবঢ়াইছে। সেউজ হাইড্ৰজেনৰ ক্ষেত্ৰত আমাৰ সহযোগিতা বিশেষভাৱে উল্লেখযোগ্য। তদুপৰি ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত হোৱা ঐতিহাসিক বাণিজ্য চুক্তিয়ে ভাৰত আৰু নেদাৰলেণ্ডৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব। ইয়াৰ দ্বাৰা আপোনালোক সকলোৱে উপকৃত হ’ব। ইউৰোপত প্ৰৱেশ কৰা ভাৰতীয় ব্যৱসায়ীসকলৰ দুৱাৰমুখ হৈ পৰিব নেদাৰলেণ্ড। এই যাত্ৰাত আমাৰ প্ৰব্ৰজনকাৰীয়ে বিশ্বাসযোগ্য দলং হিচাপে কাম কৰিব পাৰে। মই এই কথা কৈছো কাৰণ প্ৰব্ৰজনকাৰীয়ে ভাৰতৰ উচ্চাকাংক্ষা আৰু ইউৰোপৰ মান উভয়কে বুজি পায়। ইয়াৰ দ্বাৰা ইয়াত বসতি স্থাপন কৰা ভাৰতীয়সকলৰ বাবে ভাৰতৰ উচ্চমানৰ সামগ্ৰীৰ সৈতে জড়িত হোৱাৰ অধিক সুযোগো সৃষ্টি হ’ব।
বন্ধুসকল,
নেদাৰলেণ্ড টিউলিপৰ দেশ আৰু ইয়াৰ ধুনীয়া টিউলিপৰ পথাৰবোৰ চাবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ ইয়ালৈ আহে। ভাৰততো বিশ্বৰ অন্যতম বৃহৎ টিউলিপ বাগিচা জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত অৱস্থিত। যেনেকৈ নেদাৰলেণ্ড টিউলিপৰ বাবে পৰিচিত, ভাৰতো পদুম – কমলৰ বাবে জনাজাত।
বন্ধুসকল,
টিউলিপ আৰু পদুম দুয়োটাই আমাক শিকাইছে যে মানুহৰ শিপা পানীতেই হওক বা মাটিতেই হওক, সঠিক পুষ্টিৰ দ্বাৰা সৌন্দৰ্য্য আৰু শক্তি উভয়কে লাভ কৰাটো সম্ভৱ। এয়া ভাৰত আৰু নেদাৰলেণ্ডৰ অংশীদাৰিত্বৰো ভেটি।
বন্ধুসকল,
আমাৰ মাজত বন্ধুত্বৰ আন এটা গুৰুত্বপূৰ্ণ বান্ধোন আছে যিটোৰ কথা ইমান সঘনাই কোৱা নহয়, সেয়া হ’ল ক্ৰীড়া। আমাৰ দুয়োখন দেশেই ক্ৰীড়াৰ ক্ষেত্ৰত বহু দিশত একেলগে কাম কৰি আছে। উদাহৰণস্বৰূপে ক্ৰিকেটৰ কথাই ধৰক । নেদাৰলেণ্ডত ক্ৰিকেটত ভাৰতীয় সমাজে বিশেষ অৱদান আগবঢ়াইছে। শেহতীয়াকৈ ভাৰতত অনুষ্ঠিত হোৱা আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ সময়ত নেদাৰলেণ্ড দলে প্ৰশংসনীয় প্ৰদৰ্শন আগবঢ়াইছে। ভাৰত হয়তো বিশ্বকাপ চেম্পিয়ন হ’ব পাৰে, কিন্তু ভাৰতৰ দলটোৱেও নেদাৰলেণ্ডৰ দলৰ সন্মুখত অতি শক্তিশালী প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল।
যেতিয়া আমি তেজা নিদামানুৰু আৰু বিক্ৰমজিত সিঙৰ দৰে খেলুৱৈক নেদাৰলেণ্ডৰ জাৰ্চি পিন্ধা দেখিবলৈ পাওঁ, বা যেতিয়া আৰ্য দত্তৰ দৰে যুৱ খেলুৱৈয়ে ডাচ ক্ৰিকেটলৈ অৰিহণা যোগায়, তেতিয়া এনে কথাই আমাক সকলোকে অপৰিসীম আনন্দ দিয়ে।
বন্ধুসকল,
ক্ৰিকেটত ভাৰতীয়ই যেনেদৰে যথেষ্ট অৰিহণা যোগাইছে, তেনেদৰে ভাৰতৰ হকীৰ ক্ষেত্ৰতো নেদাৰলেণ্ডে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ভাৰতীয় হকীক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ডাচ প্ৰশিক্ষকসকলে মুখ্য ভূমিকা পালন কৰিছে। আমাৰ মহিলা হকী দলটোৱে শেহতীয়াকৈ অসাধাৰণ প্ৰদৰ্শন দেখুৱাইছে আৰু এই যাত্ৰাত প্ৰশিক্ষক শ্ব’য়াৰ্ড মেৰিজনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে
এইবাৰ নেদাৰলেণ্ডতো হকী বিশ্বকাপৰ আয়োজন কৰা হৈছে। আপোনালোক সকলোৱে নিশ্চয় ভাৰতৰ মেচ । এটা কথা নিশ্চিত – বিশ্বকাপত যিয়েই জয়ী নহওক কিয়, ভাৰত আৰু নেদাৰলেণ্ডৰ বন্ধুত্ব নিশ্চিতভাৱে অটুট থাকিব।
বন্ধুসকল,
ভাৰত আৰু নেদাৰলেণ্ডৰ সম্পৰ্কৰ প্ৰকৃত শক্তি আপোনালোক সকলোৰে মাজত নিহিত হৈ আছে। আপোনালোক এই অংশীদাৰিত্বৰ সেতু। সেয়েহে ভাৰত চৰকাৰে চুৰিনাম হিন্দুস্তানী সম্প্ৰদায়ৰ বাবে অ’চিআই কাৰ্ডৰ যোগ্যতা চতুৰ্থ প্ৰজন্মৰ পৰা ষষ্ঠ প্ৰজন্মলৈ বৃদ্ধি কৰিছে।
বন্ধুসকল,
একবিংশ শতিকাৰ ভাৰতবৰ্ষ সুযোগৰ দেশ। ভাৰত প্ৰযুক্তি-চালিত আৰু মানৱতা-চালিত উভয়ৰে দেশ। ভাৰত যিমান আধুনিক হৈ পৰিছে, সিমানেই প্ৰাচীন হৈ পৰিছে।
গতিকে এই সময় ভাৰতৰ নিজৰ পূৰ্বপুৰুষৰ গাঁৱৰ সৈতে পুনৰ সংযোগ স্থাপনৰ সময় আৰু উন্নত ভাৰতৰ দিশত যাত্ৰাত অংশগ্ৰহণ কৰাৰ সময়। নেদাৰলেণ্ডৰ ভাৰতীয় সম্প্ৰদায়ৰ সকলো সদস্যকে ভাৰতৰ সৈতে নিজৰ সংযোগ গভীৰ কৰিবলৈ আহ্বান জনালোঁ। ইয়াৰ দ্বাৰা ভাৰতৰ সামৰ্থ্য বৃদ্ধি পাব আৰু ই আপোনালোকৰ বিনিয়োগৰ ক্ষেত্ৰতো অধিক লাভৰ দুৱাৰ মুকলি কৰিব আৰু এয়াই মোদীৰ নিশ্চয়তা৷
মই সঁচাকৈয়ে আনন্দিত যে আজি আপোনালোকৰ ইমান সংখ্যক লোকে ইয়াত গোট খাইছে । আপোনালোক সকলোকে দেখা আৰু মত বিনিময় কৰাৰ সুযোগ পোৱাটো মোৰ সৌভাগ্যৰ কথা। এই সন্তুষ্টিৰেই মই মোৰ মন্তব্যৰ সামৰণি মাৰিছো।
আকৌ এবাৰ আপোনালোক সকলোকে ইমান উষ্ম আৰু উৎসাহী আদৰণি জনোৱাৰ বাবে মোৰ আন্তৰিক ধন্যবাদ!
ভাৰত মাতা কি জয়!
ঘোষণা : এয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ থুলমূল অনুবাদ। মাননীয় প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ হিন্দীত আগবঢ়াইছিল।
***
MJPS/SS/VJ/DM
Delighted to interact with the Indian community in The Hague. Their warmth, achievements and strong bond with India continue to make us proud. https://t.co/DVKQo1pKXw
— Narendra Modi (@narendramodi) May 16, 2026
मानवता का इतिहास साक्षी है कि समय के साथ अनेक संस्कृतियां मिट गईं।
— PMO India (@PMOIndia) May 16, 2026
लेकिन भारत का diverse culture, आज भी अपने लोगों के दिलों में धड़कता है: PM @narendramodi
13 वर्ष मुख्यमंत्री के रूप में... 12 वर्ष प्रधानमंत्री का सेवाकाल... Democratic World में 25 वर्षों तक... करोड़ों-करोड़ वोटर्स का लगातार समर्थन... ये मेरे लिए बहुत ही बड़े सौभाग्य की बात है।
— PMO India (@PMOIndia) May 16, 2026
मेरे लिए ये सिर्फ एक आंकड़ा नहीं है... ये मेरी बहुत बड़ी पूंजी है: PM @narendramodi
जब भारत में Aspirations Unlimited हैं, तो Efforts भी Limitless हो रहे हैं: PM @narendramodi
— PMO India (@PMOIndia) May 16, 2026
भारत chip making में, semiconductor sector में भी बड़े कदम उठा रहा है।
— PMO India (@PMOIndia) May 16, 2026
अभी भारत में 12 semiconductor plants पर काम चल रहा है। इनमें से दो plants में production भी शुरु हो चुका है।
यानि अब chip भी, designed in India, made in India होगी: PM @narendramodi
भारत की aspiration driven journey, हमारी democracy को सशक्त कर रही है: PM @narendramodi
— PMO India (@PMOIndia) May 16, 2026
भारत... अपने हर citizen की democratic participation को value करता है।
— PMO India (@PMOIndia) May 16, 2026
और mother of democracy के रूप में, ये हम सभी के लिए बहुत गर्व की बात है: PM @narendramodi
The Indian community in the Netherlands serves as a vibrant bridge between our two nations. It is truly heartening to see how India’s diverse culture continues to thrive in its hearts. pic.twitter.com/Q3tOsjhvWY
— Narendra Modi (@narendramodi) May 16, 2026
The affection and blessings I have received from people across the country inspire me to work harder to fulfil their dreams. pic.twitter.com/czczzBhUA4
— Narendra Modi (@narendramodi) May 16, 2026
Today, India’s aspirations are unlimited and the scale of our efforts is equally immense! pic.twitter.com/mfgQZhPho8
— Narendra Modi (@narendramodi) May 16, 2026
Today’s India is powered by innovation and is witnessing an unprecedented transformation across every sector. pic.twitter.com/Zt3oIZmPWn
— Narendra Modi (@narendramodi) May 16, 2026
Amidst the many global challenges of today, India and the Netherlands are working together to build future-ready supply chains. From energy security to water security, both countries are cooperating closely. pic.twitter.com/ftlseESm5b
— Narendra Modi (@narendramodi) May 16, 2026
The tulip and the lotus remind us that whether roots lie in water or in the soil, with the right nourishment, they blossom. This is also the foundation of the partnership between India and the Netherlands. pic.twitter.com/o8Ghs6kT9S
— Narendra Modi (@narendramodi) May 16, 2026
Deeply touched by the immense enthusiasm and affection of the Indian community at the community programme in The Hague. Their energy and connection with India are deeply special. pic.twitter.com/qGyHuUDtSc
— Narendra Modi (@narendramodi) May 16, 2026