Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে শ্ৰীমতী সুশীলা কাৰ্কীলৈ প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে  শ্ৰীমতী সুশীলা কাৰ্কীলৈ শুভেচ্ছা জ্ঞাপন কৰে।   তেওঁ পুনৰ দৃঢ়তাৰে কয় যে ভাৰত নেপালৰ জনসাধাৰণৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰতি দৃঢ়ভাৱে দায়বদ্ধ হৈ আছে।

 

এক্সৰ এটা  পোষ্টত তেওঁ লিখিছে-

 

“নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে  মাননীয়া শ্ৰীমতী সুশীলা কাৰ্কীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো।নেপালৰ জনসাধাৰণৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰতি ভাৰত দৃঢ়ভাৱে দায়বদ্ধ হৈ আছে।”

 

***

MJPS/SR/DM