পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে পঞ্চদশ বিত্তীয় আয়োগ গঠনত অনুমোদন জনাইছে৷ সংবিধানৰ ২৮০(১) সংখ্যক অনুচ্ছেদ অনুসৰি এয়া সাংবিধানিক কৰ্তব্য৷পঞ্চদশ বিত্তীয় আয়োগৰ চৰ্তাৱলী সমূহৰ অধিসূচনা যথাসময়ত জাৰি কৰা হ’ব৷
পটভূমিঃ–
সংবিধানৰ ২৮০(১) সংখ্যক অনুচ্ছেদ অনুসৰি ’’সংবিধান কাৰ্যকৰী হোৱাৰ দুবছৰৰ ভিতৰত বিত্তীয় আয়োগ গঠন কৰিব লাগে আৰু তাৰপিছত প্ৰত্যেক ৫ বছৰৰ অন্তত অথবা ৰাষ্ট্ৰপতিয়ে যি সময়ত প্ৰয়োজন বুলি ভাবে সেই সময়ত নতুন বিত্তীয় আয়োগ গঠন কৰিব লাগে’’৷ইয়াৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ বিত্তীয় গঠনৰ ৫ বছৰৰ ভিতৰত পৰৱৰ্তী বিত্তীয় আয়োগ গঠন কৰি অহা হৈছে৷
চতুৰ্দশ বিত্তীয় আয়োগখন ২০১৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰামৰ্শৱলীসমূহ সামৰি ২০১৩ চনৰ ২ জানুৱাৰীত গঠন কৰা হৈছিল৷ ২০১৪ চনৰ ১৫ ডিচেম্বৰত আয়োগে ইয়াৰ প্ৰতিবেদন দাখিল কৰিছিল৷ চতুৰ্দশ বিত্তীয় আয়োগৰ পৰামৰ্শসমূহ ২০১৯-২০ বিত্তীয় বৰ্ষলৈ কাৰ্যকৰী হৈ থাকিব৷ সংবিধান অনুসৰি পঞ্চদশ বিত্তীয় আয়োগৰ পৰামৰ্শৱলীসমূহ ২০২০চনৰ ১ এপ্ৰিলৰ পৰা ৫ বছৰ কাৰ্যকৰী হৈ থাকিব৷
***
AKT/VBA/SH/HM