Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পণ্ডিত দীনদয়াল উপাধ্যায় জীক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পণ্ডিত দীনদয়াল উপাধ্যায় জীক তেওঁৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে মূল্যবোধৰ ওপৰত আধাৰিত তেওঁৰ নীতি আৰু চিন্তাধাৰা দেশৰ প্ৰতিটো প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শক হৈ থাকিব।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

‘মাতৃভূমিৰ উপাসক পণ্ডিত দীনদয়াল উপাধ্যায় জীৰ মৃত্যুবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। মূল্যবোধৰ ওপৰত আধাৰিত তেওঁৰ নীতি আৰু চিন্তাই দেশৰ প্ৰতিটো প্ৰজন্মক পথ প্ৰদৰ্শন কৰি থাকিব।’

***

MJPS/VJ/NB