Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পশুধনৰ ভৰি আৰু মুখৰ ৰোগ তথা ব্ৰূছেল’ছিছ বাবে ৰাষ্ট্ৰীয় পশুধনৰ ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ছেপ্টেম্বৰ, ২০১৯ত মথুৰাত পশুধনৰ ভৰি আৰু মুখৰ ৰোগ তথা ব্ৰূছেলছিছ বাবে ৰাষ্ট্ৰীয় পশুধনৰ ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব৷  একেটা অনুষ্ঠানতে তেওঁ ৰাষ্ট্ৰীয় কৃত্ৰিম প্ৰজনন কাৰ্যসূচীৰো শুভাৰম্ভ কৰিব৷

এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে পশু বিজ্ঞান তথা আৰোগ্য মেলা পৰিদৰ্শন কৰাৰ লগতে বাবুগড় লিংগ শুক্ৰ সাসুবিধাৰ সমান্তৰালভাৱে দেশৰ ৬৮৭টা জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ (কেভিকে) টীকাকৰণ আৰু ৰোগ ব্যৱস্থাপনা, কৃত্ৰিম প্ৰজনন তথা উৎপাদশীলতা ইত্যাদি বিষয়ৰ  কৰ্মশালাৰ শুভাৰম্ভ কৰিব৷

উল্লেখ্য যে ২০১৯ৰ পৰা ২০২৪ ভিতৰত ১২,৬৫২ কোটি টকা ব্যয়সাপেক্ষ পশুধনৰ ভৰি আৰু মুখৰ ৰোগ তথা ব্ৰূছেলছিছ বাবে ৰাষ্ট্ৰীয় পশুধনৰ ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী হৈছে ১০০% কেন্দ্ৰীয় চৰকাৰৰ পূঁজিৰ আঁচনি৷ ইয়াৰ লক্ষ্য হৈছে ২০২৫ চনৰ ভিতৰত পশুধনৰ ভৰি আৰু মুখৰ ৰোগ তথা ব্ৰূছেলছিছ নিয়ন্ত্ৰণৰ বাবে টীকাকৰণ আৰু তথা প্ৰাসংগিক ব্যৱস্থাৰ জৰিয়তে ২০৩০ ভিতৰত এই সমস্যাৱলী সম্পূৰ্ণৰূপে নিৰ্মূল কৰা৷

***

VRRK/AK/DB