Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পশুপালন আৰু দুগ্ধপামৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু ডেনমাৰ্কৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সন্দৰ্ভত অৱগত কৰিলে কেবিনেটক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত পশুপালন আৰু দুগ্ধপামৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু ডেনমাৰ্কৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সন্দৰ্ভত অৱগত কৰে। ১৬.০৪.২০১৮ত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছিল।

এই বুজাবুজি চুক্তিৰ লক্ষ্য হৈছে দুগ্ধ উন্নয়ন আৰু প্ৰতিষ্ঠানিক দৃঢ়তাৰ ভিত্তিত জ্ঞানৰ পৰিসৰ সম্প্ৰসাৰণৰ উদ্দেশ্যে পশুপালন আৰু দুগ্ধপামৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ উন্নয়ন ঘটোৱা।

যুটীয়া কাৰ্যসূচী গ্ৰহণ, সহযোগিতা আৰু পৰামৰ্শ আগবঢ়োৱা তথা প্ৰাসংগিক দিশৰ মুল্যায়ন কৰাৰ বাবে প্ৰত্যেক দেশৰ প্ৰতিনিধিক লৈ এক যুটীয়া কৰ্মী গোট গঠন কৰা হ’ব।

ডাচ্চৰ সৈতে হোৱা সহযোগিতাই পাৰস্পৰিক স্বাৰ্থৰ ভিত্তিত পশুৰ ব্যৱসায়কে ধৰি ভাৰতৰ পশুৰ উৎপাদন আৰু উৎপাদশীলতা বৃদ্ধিৰ লক্ষ্যৰে পশুৰ প্ৰজনন, স্বাস্থ্য আৰু দুগ্ধপাম, খাদ্য ব্যৱস্থাপনা ইত্যাদি দিশত জ্ঞানৰ লগতে বিশেষজ্ঞৰ আদান-প্ৰদান কৰাত সুবিধা হ’ব।

*****

KS/SNC/SH/DB