পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত পশুপালন, দুগ্ধপাম আৰু মীনপালনৰ ক্ষেত্ৰত ভাৰত, ব্ৰিটেইন আৰু উত্তৰ আয়াৰলেণ্ডৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি সম্পৰ্কে অৱগত কৰা হয়। ১৭.০৪.২০১৮ত এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হৈছিল।
পশুপালন, দুগ্ধপাম আৰু মীনপালনৰ ক্ষেত্রত দ্বিপাক্ষিক সহযোগিতা প্রসাৰৰ লগতে ভাৰতীয় পশু তথা মৎস্যক্ষেত্ৰৰ উৎপাদন তথা উৎপাদনশীলতা বৃদ্ধিৰ বাবে লক্ষ্যৰে এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হয়।
এই বুজাবুজি চুক্তিৰ ফলত দেশত পশুধনৰ স্বাস্থ্য, সংখ্যা বৃদ্ধি আৰু মৎস্যপালন ব্যৱস্থাৰ উন্নতি হ’ব। একেদৰে, দেশত দুগ্ধজাত সামগ্রীৰ ব্যৱহাৰ বৃদ্ধিৰ লগতে ৰপ্তানিও বৃদ্ধি পাব। পশুপালন, মৎস্যপালন আৰু দুগ্ধপামৰ ক্ষেত্রত পাৰস্পৰিক আলাপ-আলোচনা আৰু সহযোগিতাৰ প্রসাৰৰ ক্ষেত্ৰতো এই বুজাবুজি চুক্তিয়ে সহযোগিতা আগবঢ়াব। পশুধনৰ বাবে পুষ্টিকৰ খাদ্যৰ ক্ষেত্ৰত আৰু এই ধৰণৰ খাদ্যৰ যিবোৰ স্থানত অভাৱ হৈছে, তেনে স্থানলৈ সেই খাদ্যবোৰ প্ৰেৰণ কৰি পশুধনৰ উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধিত সহায় কৰিব। পশুধন আৰু প্রাণীৰ সামগ্রীৰ ৰপ্তানিৰ ক্ষেত্রত গুণগত মান সম্পর্কে কোনো আশংকা থাকিলে, সেয়া দূৰ কৰাও সম্ভৱ হ’ব। বুজাবুজি চুক্তিৰ অধীনত অধ্যয়ণমুলক ভ্ৰমণ/প্ৰশিক্ষণৰ বাবে উভৈয় পক্ষই বিজ্ঞানীৰ আদান-প্ৰদান কৰিব পাৰিব।
সহযোগিতা আৰু আলোচনা আগুৱাই নিয়াৰ ক্ষেত্ৰত যুটীয়া কার্যসূচী গ্ৰহণৰ বাবে সকলো পক্ষৰ প্রতিনিধিক লৈ এক যৌথ কর্মী গোট গঠন কৰা হ’ব।
উল্লেখ্য যে ভাৰতৰ পশুপালন, দুগ্ধপাম আৰু মীনপালন বিভাগ, কৃষি আৰু কৃষক কল্যান মন্ত্ৰালয় আৰু ব্ৰিটেইন আৰু উত্তৰ আয়াৰলেণ্ডৰ পৰিৱেশ, খাদ্য আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগৰ মাজত ২০১৮ৰ এপ্ৰিলত পশুপালন, দুগ্ধপাম আৰু মীনপালনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে এই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল।
***************
AKT/SNC/DB