Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পশ্চিমবংগৰ জলপাইগুৰিৰ ধুপগুৰিৰ পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে; পিএমএনআৰএফ-ৰ তৰফৰ পৰা অনুকম্পামূলক অনুদান প্ৰদানৰ ঘোষণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ জলপাইগুৰিৰ ধুপগুৰিত পথ দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে আৰু প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য নিধি (পিএমএনআৰএফ)ৰ পৰা অনুকম্পামূলক অনুদান প্ৰদানৰো কথা ঘোষণা কৰিছে৷

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা এক টুইটত এইদৰে লিখিছে, ‘‘পশ্চিমবংগৰ জলপাইগুৰিৰ ধুপগুৰিত পথ দুৰ্ঘটনা অতিশয় মৰ্মন্তুদ ঘটনা৷ শোকৰ এই সময়ছোৱাত শোকসন্তপ্ত পৰিয়ালৰ লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিছো৷ আঘাতপ্ৰাপ্ত হোৱাসকলৰৰ আশু আৰোগ্য কামনা কৰিছো৷

পিএমএনআৰএফৰ পৰা মৃতকৰ আত্মীয়লৈ ২ লাখ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ অনুদান প্ৰদান কৰা হব৷’’

***

DS/SH/MANN