Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণা জিলাত নাও দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণা জিলাত নাও বুৰি প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এই শোকাকূল মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ক প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ অধীন ২ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ পোষ্টত কয়ঃ

“পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণা জিলাত নাও বুৰি প্ৰাণহানি হোৱাৰ ঘটনা অত্যন্ত বেদনাদায়ক। এই শোকাকূল মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।

প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ’ব: প্ৰধানমন্ত্ৰী @narendramodi”

***

MJPS/SS/ST/DB