Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পাকিস্তান অধিকৃত জম্মু আৰু কাশ্মীৰৰ পৰা বিতাৰিত ৫,৩০০টা পৰিয়ালক ৩০.১১.২০১৬ তাৰিখত অনুমোদিত কেবিনেট সিদ্ধান্তৰ ভিত্তিত পুনৰ সংস্থাপন পেকেজ আৰু ছাম্বৰ পৰা বিতাৰিত পৰিয়ালসমূহক জম্মু-কাশ্মীৰৰ বাবে ২০১৫ চনৰ প্ৰধানমন্ত্রীৰ উন্নয়ন পেকেজৰ আওতালৈ অনাৰ প্ৰস্তাৱত কেন্দ্রীয় কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ বৈঠকত ১৯৪৭ চনত জম্মু-কাশ্মীৰৰ পৰা বিতাৰিত ৫,৩০০টা পৰিয়ালৰ ভিতৰত যিসকলক প্ৰথমে ৰাজ্যৰ বাহিৰত থকাৰ সন্মতি দিয়া হৈছিল আৰু পৰৱর্তী সময়ত পুনৰ জম্মু-কাশ্মীৰলৈ ঘুৰি আহিছিল, তেওঁলোকক ২০১৬ চনৰ পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ পৰা বিতাৰিত পৰিয়ালৰ বাবে পুনৰ সংস্থাপন পেকেজ আৰু ছাম্ব এলেকাৰ বিতাৰিত পৰিয়ালসমূহক ২০১৫ চনৰ জম্মু-কাশ্মীৰৰ বাবে প্ৰধানমন্ত্রীৰ উন্নয়ন পেকেজৰ আওতালৈ অনাৰ ক্ষেত্ৰত অনুমোদন জনোৱা হয়।

লাভঃ

এই সিদ্ধান্তৰ ফলত বর্তমানৰ কর্মসূচীৰ অধীনত এই পৰিয়ালসমূহে এককালীন ৫.৫০ লাখ টকাকৈ আর্থিক সাহায্য লাভ কৰিব৷

উল্লেখ্য যে ১৯৪৭ চনত জম্মু-কাশ্মীৰত পাকিস্তানৰ আগ্রাসনৰ ফলত পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰ এলেকাৰ পৰা ৩১,৬১৯টা পৰিয়ালে জম্মু-কাশ্মীৰলৈ আহিছিল৷ এওঁলোকৰ ভিতৰত ২৬,৩১৯টা পৰিয়ালে জম্মু-কাশ্মীৰত বসবাস কৰিবলৈ লয়৷ ৫,৩০০টা পৰিয়ালে প্ৰথমে দেশৰ বিভিন্ন স্থানত বসবাস কৰাৰ বাবে সম্মত হয়৷ ১৯৬৫ আৰু ১৯৭১ চনত ভাৰত-পাক যুদ্ধৰ সময়ত ছাম্ব নিয়াবাত এলেকাৰ ১০,০৬৫টা পৰিয়াল বিতাৰিত হয়৷ এওলোকৰ ভিতৰত ১৯৬৫ৰ যুদ্ধত ৩,৫০০ পৰিয়াল আৰু ১৯৭১ৰ যুদ্ধত ৬,৫৬৫টা পৰিয়াল জম্মু-কাশ্মীৰলৈ আহে৷ ২০১৬ চনৰ ৩০নৱেম্বৰত কেন্দ্রীয় কেবিনেটে পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰ আৰু ছাম্ব নিয়াবাত এলেকাৰ পৰা বিতাৰিত ৩৬,৩৮৪টা পৰিয়ালৰ বাবে এক পেকেজত অনুমোদন জনায়। পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ পৰা যি ৫,৩০০ বিতাৰিত পৰিয়ালে জম্মু-কাশ্মীৰৰ বাহিৰত বসবাসৰ সিদ্ধান্ত লৈছিল, তেওঁলোক এই পেকেজৰ আওতায় নাছিল৷ এই ৫,৩০০ পৰিয়ালৰ ভিতৰত যিসকল পৰৱর্তী সময়ত জম্মু-কাশ্মীৰলৈ ঘুৰি আহিছিল তেওঁলোকক এই পেকেজৰ আওতায় অন্তর্ভুক্ত কৰা হৈছে।

****

VRRK/SH/PK/DB