Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পাৰ্চী নৱবৰ্ষৰ আৰম্ভণি উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে


আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পাৰ্চী নৱবৰ্ষ আৰম্ভ হোৱা উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে পাৰ্চী সম্প্ৰদায়ৰ বিভিন্ন খণ্ডত উল্লেখযোগ্য অৱদানে আমাৰ দেশখনক  বহু  দিশত সমৃদ্ধ কৰিছে।

এক্সত দিয়া  এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে-

“পাৰ্চী নৱবৰ্ষৰ আৰম্ভণিতে শুভেচ্ছা জনালোঁ। বিভিন্ন খণ্ডত পাৰ্চী সম্প্ৰদায়ৰ উল্লেখযোগ্য অৱদানে আমাৰ দেশখনক বিভিন্ন  প্ৰকাৰে সমৃদ্ধ কৰিছে। আগন্তুক বছৰটো সকলোৰে বাবে শান্তি, আনন্দ, সমৃদ্ধি আৰু সুস্বাস্থ্যৰে পৰিপূৰ্ণ হওক।”

নৱৰোজ ​​মুবাৰক!”

 

***

MJPS/SS/PRK/DM