পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত নিম্নোলিখিত অনুমোদনসমূহ প্ৰদান কৰা হৈছেঃ-
i. উত্তৰ-পূবাঞ্চলৰ ৰাজ্যসমূহৰ পিছপৰা এলেকা, সমাজৰ অৱহেলিত শ্ৰেণী আৰু সম্ভাৱনাপূৰ্ণ অগ্ৰাধিকাৰমুলক খণ্ডৰ উন্নয়নৰ প্ৰতি গুৰুত্ব আৰোপ কৰি উত্তৰ-পূব পৰিষদ (এনইচি)ৰ পূৰ্বৰ ‘উত্তৰ-পূব পৰিষদৰ আঁচনি’ৰ অধীনত নতুন প্ৰকল্পৰ বাবে ৩০শতাংশ আৱণ্টন কৰা হয়৷ এই আবণ্টন দুটা ভাগত বিভক্ত কৰা হৈছে(ৰাজ্যই-৬০% আৰু কেন্দ্ৰই-৪০% বহন কৰিব)৷
ii. উত্তৰ-পূব পৰিষদৰ নির্দেশাৱলী সংস্কাৰ কৰি সহজ কৰা হৈছে৷
iii. উত্তৰ-পূব পৰিষদৰ আওতাৰ বাহিৰৰ ৰাজ্যৰ স্থানীয় চাহিদাভিত্তিক প্রকল্পৰ ক্ষেত্রত ২৫ শতাংশ ধন সংশ্লিষ্ট ৰাজ্য চৰকাৰে বহন কৰিব৷
‘উত্তৰ-পূব পৰিষদৰ পূৰ্বৰ আঁচনিৰ অধীনস্ত প্রকল্পসমূহে উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ অনুন্নত, প্রান্তীয় আৰু বঞ্চিত শ্রেণীৰ আর্থ-সামাজিক উন্নতিত সহায় কৰিব৷ য’তদূৰ সম্ভৱ ক্ষিপ্ৰতাৰে এই প্রকল্পবোৰ ৰূপায়ণ কৰা হ’ব৷
**********
VRRK/SC/DB