পি এম ইণ্ডিয়া

মঞ্চত উপৱিষ্ট এই সন্মিলনৰ অধ্যক্ষ শ্ৰী ৰাম বাহাদুৰ ৰায়জী, মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ শ্ৰী প্ৰকাশ জাওৰেকাৰজী, ড০ সত্যপাল সিংজী, বিশ্ব-বিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ ড০ ধীৰেন্দ্ৰ প্ৰতাপ সিংজী, ‘পুনৰুজ্জীৱিতকৰণ সম্পৰ্কীয়গৱেষণা মঞ্চ’ৰ অধ্যক্ষ শ্ৰী সচ্চিদানন্দ যোশীজী, ‘ইগনৌ’-ৰ আচাৰ্য ড০ নাগেশ্বৰ ৰাও, কেন্দ্ৰীয়, ৰাজ্যিক আৰু ব্যক্তিগত খণ্ডৰ বিশ্বিদ্যালয়সমূহৰ পৰা অহা উপাচাৰ্য তথা সঞ্চালকৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তি তথা শিক্ষাবিদসকল, আজি আপোনালোক সকলো আহি ইয়াত উপস্থিত হৈছেহি ‘পুনৰুজ্জীৱিতকৰণৰ বাবে শিক্ষা’ শীৰ্ষক অতিকে গুৰুত্বপূৰ্ণ এটি বিষয়ত বিশেষ আলোচনা কৰাৰ বাবে। পোনতে মই আপোনালোক আটাইকে এই বিষয়টো উথ্থাপন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো। ভৱিষ্যতৰ ভাৰত অথবা নতুন ভাৰতৰ বাবে এই ধৰণৰ আলোচনা-পৰ্যোলোচনাই আক্ষৰিক অৰ্থতে বিশেষ গুৰুত্ববহণ কৰে আৰু ই নিতান্তই সময়োপযোগী হৈছে বুলি মই অনুভৱ কৰিছো। মই যেতিয়াই পুনৰুজ্জীৱিতকৰণৰ কথা ভাবো তেতিয়াই মোৰ মনত স্বামী বিবেকানন্দজীৰ প্ৰতিচ্ছৱিখন উদ্ভাষিত হৈ উঠে। বহু দশক পূৰ্বে এইগৰাকী বিবেকানন্দই উজ্জীৱিত পৃথিৱীক ভাৰতীয় দৰ্শনৰ অপাৰ শক্তিৰ কথা অৱগত কাৰাইছিল। সেইচোৱা এনে এক কালখণ্ড আছিল যেতিয়া সমগ্ৰ পৃথিৱীয়ে আমাৰ দেশৰ সামৰ্থ্য, আমাৰ দশৰ অৱদান, কঠোৰ শ্ৰম আৰু শক্তিৰ কথা হয় পাহৰি পেলাইছিল অথবা পাহৰি যোৱা যেন কৰিছিল। মই স্বামী বিবেকানন্দৰ বাক্যৰেই আৰম্ভণি কৰিব খুজিছো। তেওঁ শিক্ষা সম্পৰ্কত এষাৰ অতিকে গুৰুত্বপূৰ্ণ কথা কৈছিল, আৰু মই ভাবো এইষাৰ কথা এই সন্মিলনৰ বাবে দিক্-দৰ্শনকাৰী হৈ উঠিব পাৰে। স্বামীজীয়ে কৈছিল প্ৰতিগৰাকী নাগৰিকক আক্ষৰিক অৰ্থতে একোগৰাকী সম্পূৰ্ণ মানুহ হিচাপে গঢ়ি তুলিব পৰাকৈ আমাক যথোচিত, বিস্তৃত আৰু এক মংগলকামী শিক্ষা-ব্যৱস্থাৰ প্ৰয়োজন। শিক্ষা কেৱল মগজুৰ বাবে তথ্য সংগ্ৰহৰ আহিলা নহয়। আমি আমাৰ চিন্তা আৰু ভাৱনাক এনেদৰে মন্থন কৰিব লাগিব যাৰ জৰিয়তে জীৱনকসৃষ্টিশীল কৰি তোলাৰ লগতে চৰিত্ৰৰ গঠন আৰু মানৱীয়তাক সম্প্ৰসাৰিত কৰাৰ থল ওলায়। এয়া আছিল বিবেকানন্দজীৰ বৌদ্ধিক চিন্তাৰ নিদৰ্শন। যদি মই আজি পুনৰুজ্জীৱিতকৰণৰ কথা ক’বলৈ যাও তেন্তে, সেয়া ইয়াতকৈ অধিক নহ’ব। অৱশ্যে সময়ৰ সোঁতত ইয়াৰ সৈতে আন কেতবোৰ কথা সংলগ্ন হৈ নপৰা নহয়। পিছে তাৰ পিচতো ক’বই লাগিব যে ইয়াৰ মূল তিনিটা কথা শিক্ষাৰ আধাৰ হৈ সদায়ে থাকিবই। সেয়া হৈছে—‘জীৱনক গঢ় দিয়া’, ‘মানৱীয়তা’ আৰু ‘চৰিত্ৰৰ গঠন’। স্বামীজীৰ কথাত ভৰ দিয়েই মই আজিৰ সময়ৰ আহ্বানক সাৰোগত কৰি ইয়াৰ সৈতে আৰু এটা কথা সংযুক্ত কৰিব খুজিছো, সেয়া হৈছে—‘নতুনৰ সন্ধান’ অথবা ‘উদ্ভাৱন’। কাৰণ নতুনৰ অনুসন্ধান অবিহণে জীৱন স্থবিৰ হৈ পৰিব। জীৱনৰ অন্যতম লক্ষ্যই হৈছে নতুনক বিচাৰি অগ্ৰসৰ হোৱা। আৰু উদ্ভাৱন অবিহণে জীৱন অসাৰ। তেতিয়া ব্যৱস্থা, চিন্তা, জীৱন আৰু পৰম্পৰাৰ দৰে বিষয়বোৰ অৰ্থহীন হৈ পৰিব। আমি যদি আমাৰ উচ্চতৰ শিক্ষাব্যৱস্থাটোক এই চাৰিটা উপকৰণৰে সংপৃক্ত কৰি আগুৱাই নিয়াৰ প্ৰয়াস কৰো তেন্তে মই ভাবো আমি নিশ্চয় উচিত পথৰ সন্ধান পাম। সেই শুদ্ধ পথ, যি পথৰে আগুৱাই গৈ আমি নিজৰ জীৱনক উপকৃত কৰাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণ আৰু সমাজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰিম।
এইখিনি সময়তে গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰেও আন এক ধৰণে শিক্ষাৰ দিক-দৰ্শন কৰাইছিল।তেওঁ কৈছিল, সকলো মানুহেই একোটা লক্ষ্য লৈ জন্ম গ্ৰহণ কৰে। শিক্ষাই এই লক্ষ্য প্ৰাপ্তিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই প্ৰসংগৰ হাত ধৰি মই কও, এজন ব্যক্তি দৰেই একোটা প্ৰতিষ্ঠান অথবা অনুষ্ঠানেও বিশেষ একোটা লক্ষ্য লৈয়ে জন্ম গ্ৰহণ কৰিব লাগে আৰু নিৰ্দ্ধাৰিত সূত্ৰ, বিধি-নিয়ম আৰু অনুশীলনৰ মাজেদি গৈয়ে ইপ্সিতলক্ষ্যত উপনীত হোৱাৰ ব্ৰতত ব্ৰতী হ’ব লাগে।
বন্ধুসকল, জ্ঞান, বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰসংগলৈ যোৱাৰ মুহূৰ্তত মই আপোনালোকক আমাৰ দেশৰ গৌৰৱোজ্জ্বল পৌৰাণিক পৰম্পৰাৰ কথা মনত পেলাই দিব খুজিছো। আমাৰ সংস্কৃতিৰ বুনিয়াদ হ’ল—‘বেদ’। আপোনালোক সকলোৱে নিশ্চয় জানে যে, সংস্কৃত ভাষাৰ ‘বিদ’ শব্দৰ পৰা উদ্ভৱ হোৱা ‘বেদ’-ৰ অৰ্থ হৈছে—‘জ্ঞানৰ গ্ৰন্থ’। এই ‘বিদ’ শব্দৰ পৰাই ‘বিদ্যা’ শব্দৰো উদ্ভৱ হৈছে। অৰ্থাত জ্ঞান অবিহণে আমি সমাজ, দেশ আনকি আমাৰ জীৱনৰ কথাও কল্পনা কৰিব নোৱাৰো।
বন্ধুসকল, জ্ঞান কিম্বা শিক্ষা কোনোটোকেই কিন্তু কেৱল গ্ৰন্থৰ মাজত সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি। শিক্ষাই প্ৰতিগৰাকী ব্যক্তিৰ সকলো দিশৰে সমতুল বিকাশ নিশ্চিত কৰিবই লাগিব। আৰু আপোনালোক সকলোৱে জানে যে এক সমতুল বিকাশৰ বাবে নিশ্চিতভাবেই উদ্ভাৱনৰ প্ৰয়োজন হয়। তক্ষশিলা, নালন্দা আৰু বিক্ৰমশিলাৰ দৰে আমাৰ প্ৰাচীন বিশ্ব-বিদ্যালয়সমূহত জ্ঞানৰ অন্বেষণৰ লগতে উদ্ভাৱনকো বিশেষ মহত্ত্ব প্ৰদান কৰা হৈছিল। সেইকাৰণেই সম্ভৱতঃ এই বিশ্ব-বিদ্যালয়সমূহৰ পৰা আচাৰ্য চাণক্য, আৰ্যভট্ট, পাণিনী, ধন্বন্তৰী, চৰক, সুশ্ৰুতৰ দৰে মহান পণ্ডিতক আমি লাভ কৰিছিলো। তেওঁলোক যদি কেৱল কিতাপৰ শিক্ষাৰ মাজতে আৱদ্ধ হৈ থাকিলহেতেন আমি বাৰু যুগান্তৰৰ ৰাজনৈতিক দৰ্শন, জ্যোতিৰ্বিজ্ঞান, অস্ত্ৰোপচাৰবিজ্ঞান, অংক-শাস্ত্ৰ তথা ব্যাকৰণৰ দৰে অমূল্য সম্পদ লাভ কৰিলোহেতেননে? মই কেতিয়াও এই কথা মানি নলও। আৰু সেয়ে, যেতিয়াই আমি ‘পুনৰুজ্জীৱিতকৰণৰ বাবে শিক্ষা’ৰ কথা কও, তেতিয়াই চিন্তা আৰু ভাৱনাৰ নতুনত্বৰ কথা অৱধাৰিত ভাবেই আহি পৰেহি।
প্ৰিয় ভাই-ভনীসকল, বাবা চাহাব ভীমৰাও আম্বেদকাৰ, দীনদয়াল উপাধ্যায় আৰু ৰামমনোহৰ লোহিয়াৰ দৰে আমাৰ দেশৰ তিনিগৰাকী মহান ব্যক্তিয়ে ‘শিক্ষা’ আৰু ‘কিতাপৰ-শিক্ষা’ প্ৰসংগত একে ধৰণৰ দৃষ্টিভংগী প্ৰকাশ কৰিছিল। তেওঁলোকে শিক্ষাৰ দাপোণত চৰিত্ৰৰ প্ৰতিবিম্ব আৰু সমাজৰ কল্যাণ ভাস্বত হোৱাটো কামনা কৰিছিল। বাবা চাহাবে কৈছিল—‘এজন চৰিত্ৰহীন আৰু অভদ্ৰ ব্যক্তি এটা বনৰীয়া জন্তুতকৈয়ো বহু গুণে বিপজ্জনক। যদি এজন সুশিক্ষিত ব্যক্তিৰ শিক্ষা দৰিদ্ৰ জনতাৰ কল্যাণৰ পৰিপন্থী হয়, তেন্তে সেইজন ব্যক্তি সমাজৰ বাবে দুৰ্ভাগ্যৰ প্ৰতীকস্বৰূপ হয়। শিক্ষাতকৈ চৰিত্ৰ অধিক মহান’। এয়া আছিল বাবা চাহাবৰ দৃষ্টিভংগী। সেইদৰে পণ্ডিত দীনদয়াল উপাধ্যায়জীয়ে শিক্ষাৰ সৈতে সামাজিক দায়বদ্ধতা সংপৃক্ত হৈ থকাটো বিচাৰিছিল। তেওঁ সমাজৰ প্ৰতিগৰাকী ব্যক্তি শিক্ষিত হোৱাটো বিচাছিল আৰু তেতিয়াহে প্ৰতিগৰাকী ব্যক্তিয়ে সমাজৰ প্ৰতি থকা দয়িত্ব সফলতাৰে পালন কৰিব পাৰিব বুলি অভিমত ব্যক্ত কৰিছিল। তেওঁৰ দৃষ্টিভংগীও শৈক্ষিক প্ৰতিষ্ঠানৰ মাজতে সীমাবদ্ধ হৈ থকা নাছিল, তেঁৱোশিক্ষাত আধুনিক চিন্তনৰ প্ৰৱেশৰ ক্ষেত্ৰত সমাজৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ লগতে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰমূল্যবোধৰ শিক্ষণৰ ধাৰা প্ৰবাহিত হোৱাটো বাঞ্ছা কৰিছিল। দেশৰ দিক-দৰ্শক ড০ ৰামমনোহৰ লোহিয়াজীয়েও শিক্ষা গৱেষণা-প্ৰসূত হোৱাটো বিচাৰিছিল। তেওঁ প্ৰতিগৰাকী ব্যক্তি, প্ৰতিটো পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰক একত্ৰিত কৰি ৰাখিব পৰা শিক্ষা-ব্যৱস্থা প্ৰৱৰ্তনৰ পোষকতা কৰিছিল। আমি এজন ব্যক্তি, এটা পৰিয়াল, এখন সমাজ, দেশ কিম্বা ৰাষ্ট্ৰক পৃথকে পৃথকে কল্পনা কৰিব নোৱাৰো। আমি এজন ব্যক্তিক পৰিয়ালৰে আৰু পৰিয়ালক একেডাল সুঁতাৰে সমাজ, দেশ কিম্বা ৰাষ্ট্ৰৰে জড়িত কৰি মালা গাঁথিব খোজো। ইয়াৰ এটা উপাদান যদি আনটোৰ পৰা পৃথক হ’ব লগা হয় তেন্তে তেনে পৰিস্থিতিত আদৰ্শগত ভাবে এখন সমাজে কেতিয়াও বিকাশ লাভ কৰিব নোৱাৰে। এই তিনিগৰাকী দেশৰ দিগগজ নেতাৰ চিন্তনৰ পৰা এটা কথা পৰিষ্কাৰকৈ উপলব্ধি কৰিব পাৰি যে, শিক্ষাৰ যদি উদ্দেশ্য নাথাকে তেন্তে তেনে শিক্ষাৰ মূল্য কোনোবা খুটাত ওলোমাই থোৱা প্ৰমাণ পত্ৰ এখনতকৈ কেতিয়াও অধিক নহয়।
বন্ধুসকল, আজিৰ প্ৰেক্ষাপটত আমি এটা কথা মানি ল’বই লাগিব যে বৰ্তমানৰ পৃথিৱীত কোনো ব্যক্তি, কোনো সমাজ অথবা কোনো ৰাষ্ট্ৰ অকলশৰীয়াকৈ থাকিব নোৱাৰে। সেই অৰ্থত আমি এখন গোলকীয় গাঁৱৰ বাসিন্দা বুলিহে ভাবিবলৈ লোৱা উচিত। অৱশ্যে এই দৰ্শন আমাৰ সংস্কৃতিত পুৰাতন কালৰে পৰাই বিদ্যমান হৈ আহিছে। আমি যেতিয়াই ‘বসুধৈৱ কুটুম্বকম’ৰ কথা কও অথবা ‘সৰ্বে ভৱন্তুসুখীনাঃ’-ৰ কথা কও তেতিয়াই বিশ্ব-ভ্ৰাতৃত্ব অথবা গোলকীয় গাঁৱৰ ধাৰণা আমাৰ দৰ্শনৰ অংশ হৈ উঠে। এই দৃষ্টিভংগীকে আগত ৰাখি বৰ্তমানৰ চৰকাৰে শিক্ষাৰ উদ্দেশ্য সম্পূৰ্ণ কৰিবলৈ, শিক্ষাক সমাজৰে সংযুক্ত কৰিবলৈ আৰু শিক্ষাখণ্ডই সন্মুখীন হৈ অহা সমস্যৱলীৰ সমাধানৰ বাবে প্ৰয়াস আৰু সংস্কাৰ সাধনৰ ধাৰা অব্যাহত ৰাখিছে।
বন্ধুসকল, আজিৰ তাৰিখত আমাৰ দেশত প্ৰায় ৯০০খন বিশ্ববিদ্যালয় আৰু উচ্চতৰ শিক্ষা-প্ৰতিষ্ঠান থকাৰ উপৰি প্ৰায় ৪০,০০০খন মহাবিদ্যালয় আছে। আপোনালোকে কল্পনা কৰকচোন, এই বিশাল সংখ্যক বিদ্যায়তনিক প্ৰতিষ্ঠানৰ বাবে আমাৰ দায়িত্ব কিমান হ’ব পাৰে। আমি যদি সন্মুখীন হৈ অহা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ যাওতে এই শিক্ষা প্ৰতিষ্ঠানসমূহৰ সহায় বিচাৰো তেন্তে পৰিস্থিতি সম্পূৰ্ণ ভাবেই সলনি হৈ পৰিব। অৰ্থাত মই ক’ব খুজিছো যে নতুনৰ সন্ধান কৰাৰ লগতে ন-উদ্ভাৱনক প্ৰতিপলন কৰিব পৰাকৈ আমি এইসমূহ প্ৰতিষ্ঠানৰ মাজত আন্তঃসংযোগ স্থাপন কৰা বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। এই আন্তঃসংযোগৰ অৰ্থ হ’ব প্ৰতিখন প্ৰতিষ্ঠানৰে সমাজৰ সংযোগ স্থাপন হোৱাৰ লগতে প্ৰতিখন প্ৰতিষ্ঠান পৰস্পৰে সংযোজিত হ’ব আৰু ইয়াৰ অন্তত সামগ্ৰিক ভাবে সকলো প্ৰতিষ্ঠান ৰাষ্ট্ৰৰ স্বপ্নৰে সংযোজিত হ’ব লাগিব। যেতিয়া একোগৰাকী ২০-২২বছৰীয়া ছাত্ৰ-ছাত্ৰীয়ে স্নাতক পৰ্যায়ত পঢ়ি থাকোতে তেওঁলোকৰ চিন্তাধাৰাক সমাজৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখি বিকশিত কৰাৰ প্ৰয়াস কৰিবলৈ ল’ব তেতিয়া ইয়াৰ প্ৰভাৱ কেনে হ’ব এবাৰ ভাবকচোন। প্ৰকল্পসমূহত কাম কৰি থাকোতে, তেওঁলোকে যদি সমাজৰ উপকাৰিতাৰ কথাও ভাবে তেন্তে ইয়াৰ ফল আক্ষৰিক অৰ্থতে ইতিবাচক হ’বই।
বন্ধুসকল, উচ্চতৰ শিক্ষাৰ বাবে আমি উত্তম মানৰ চিন্তা, উত্তম নৈতিকতা, উন্নত প্ৰমূল্য, উত্তম আচাৰ-ব্যৱহাৰৰ লগতে সামাজিক সমস্যা সমাধানৰ বাবে আনতকৈ ভাল সমাধান সূত্ৰ আগবঢ়াব পাৰিব লাগিব। মই মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ শ্ৰেণীকোঠাত মনোযোগী হ’বলৈ আহ্বান জনোৱাৰ লগতে দেশৰ আশা আৰু আকাংক্ষাসমূহৰ সৈতেও সংযোজিত হৈ ৰোৱাৰ বাবে আহ্বান জনাব খুজিছো। এই পথৰেই আগবাঢ়ি কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো পৰ্যায়তে দেশৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পৰাকৈ এই শিক্ষা-প্ৰতিষ্ঠানসমূহৰ সৈতে সংযোজিত হ’বলৈ প্ৰয়াস কৰিছে। এই উদ্দেশ্যক সাৰোগত কৰিয়ে আমি জাওৰেকাৰজীয়ে কোৱাৰ দৰে ‘অটল টিংকাৰিং লেব’ অথবা ‘অটল বিকাশ-শালা’-ৰ কাম আৰম্ভ কৰিছো। এই ‘বিকাশশালা’সমূহৰ জৰিয়তে বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকৰ মাজত উদ্ভাৱনশীল মানসিকতা বিকশিত কৰাৰ পৰিৱেশ ৰচনাত গুৰুত্ব দিয়া হৈছে। আজিৰ তাৰিখত দেশত ২০০০ৰো আধিক‘অটল বিকাশ-শালা’ স্থাপন কৰা হৈছে আৰু আগন্তুক মাহচেৰেকৰ ভিতৰতে এই সংখ্যা ৫০০০লৈ বৃদ্ধি পাব। মই তথ্য-প্ৰযুক্তিৰ সহায়ত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে দেশৰ বিভিন্ন প্ৰান্তত থকা ‘বিকাশ-শালা’ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা-বতৰা পাতিছো। এওঁলোক অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী। মই এই কাৰ্যক্ৰম এৰিব খোজা নাই, বৰঞ্চ আৰু অধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈহে মন বান্ধি আছো। যি কি নহওক, এইসকল ছাত্ৰ-ছাত্ৰী কাম-কাজ দেখি মই বাৰুকৈয়ে আনন্দিত হৈছো। এই বিকাশশালাসমূহত এইসকল ছাত্ৰ-ছাত্ৰীয়ে কৰা পৰীক্ষা-নীৰিক্ষাসমূহৰ লগতে তেওঁলোকে লাভ কৰা অভিজ্ঞতাসমূহৰ কথাই এটা কথা পতিয়ন নিয়াইছে যে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিপুল সম্ভাৱনালুকাই আছে। যদি তেওঁলোকক উপযুক্ত সুযোগ-সুবিধা প্ৰদান কৰা হয় আৰু তেওঁলোকৰ অন্তৰ্নিহিত শক্তিক প্ৰয়োগৰ পৰিৱেশ সৃষ্টি কৰা হয় তেন্তে নিতান্তই অভাৱনীয় ফল লাভ কৰিব পৰা যাব। আমি কিন্তু তেওঁলোকক কিবা কৰাৰ বাবে হেচা দিব নালাগিব, কাৰণ এই হেঁচাই সকলো সমস্যাৰ মূল।
শিক্ষা খণ্ডত বিনিয়োগ কৰাত গুৰুত্ব আৰোপ কৰিছে আমাৰ চৰকাৰে। উদাহৰণস্বৰূপে আমাৰ ‘ৰাইজ’(আৰআইএছই-‘ৰাইজ’) শীৰ্ষক আঁচনিখনৰ কথা উল্লেখ কৰিব পাৰি। ইয়াৰ জৰিয়তে—ব্যাপক পৰিসৰত ‘ৰিভাইটিলাইজিং অব ইনফ্ৰাষ্টাক্সাৰ এণ্ড ছীছটেম ইন এডুকেশ্যন’-ৰ প্ৰয়াস কৰা হৈছে। আঁচনিখনৰ অধীনত ২০২২চনৰ ভিতৰত, অৰ্থাত স্বাধীনতাৰ ৭৫বৰ্ষ পূৰ্ণ হোৱাৰ মুহূৰ্তত আমি শিক্ষাখণ্ডত একলাখ কোটি টকা ব্যয় কৰাৰ পৰিকল্পনা কৰিছো। ইতিমধ্যে আমি ‘এইচইএফএ’—অৰ্থাত ‘হায়াৰ এডুকেশ্যন ফাণ্ডিং এজেন্সী’ স্থাপন কৰিছো। এই অভিকৰণে উচ্চতৰ শিক্ষা প্ৰতিষ্ঠান স্থাপনৰ বাবে পুঁজিৰ যোগান ধৰিব। সেইদৰে ‘ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান’ৰ বাবে অবণ্টিত পুঁজিৰ পৰিমান তিনিগুণে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
প্ৰিয় ভাই-ভনীসকল, যোৱা চাৰিটা বছৰত বহুকেইখন নতুন আইআইটি, আইআইএম, আইআইএছইআৰ, আইআইআইটি আৰু কেন্দ্ৰীয় বিশ্ব-বিদ্যালয় স্থাপনৰ প্ৰস্তাৱলৈ অনুমোদন জনোৱা হৈছে। তদুপৰি দেশত ২০খন ইনষ্টিটিউট অব এমিনেন্স’ বা ‘বৰেণ্য প্ৰতিষ্ঠান’ স্থাপন কৰাৰ বাবে চৰকাৰে নতুন নীতি প্ৰণয়ন কৰিছে। ইয়াৰে ১০ খন প্ৰতিষ্ঠানচৰকাৰী আৰু আন ১০খন ব্যক্তিগত খণ্ডত প্ৰতিষ্ঠা কৰা হ’ব। এই নীতিৰ মূল লক্ষ্য হ’ল এইসমূহ প্ৰতিষ্ঠানক পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰতিষ্ঠানৰ অন্তৰ্ভূক্ত কৰিব পৰাকৈ গঢ়ি তোলা। আজিৰ প্ৰেক্ষাপটত গোলকীয় পৰ্যায়ৰ শীৰ্ষৰ ৫০০ প্ৰতিষ্ঠানৰ মাজতো আমি কিন্তু লেখত পাৰগৈ নাই। সেয়ে এই পৰিস্থিতিৰ পৰিৱৰ্তন কৰাটো আমাৰ বাবে নিতান্তই জৰুৰী হৈ উঠিছে আৰু ইয়াৰ বাবে চৰকাৰে আগন্তুক বছৰচেৰেকত প্ৰতিখন চৰকাৰী বৰেণ্য প্ৰতিষ্ঠানৰ বাবদ ১০০০কোটিকৈ টকা ব্যয় কৰিব। আপোনালোকে চাগৈ ইতিমধ্যেই ‘গ্লোবেলইনিচিয়েটিভ অব একাডেমিক নেটৱৰ্ক’, চমুকৈ ‘গিয়ান’ আঁচনিখনৰ বিষয়ে আৱগত হৈছে। ইয়াৰ জৰিয়তে আমি পৃথিৱীৰ সকলো ঠাইৰে বিশিষ্ট শিক্ষকসকলক ভাৰতীয় প্ৰতিষ্ঠানত পাঠদান কৰিবলৈ আমন্ত্ৰণ জনাইছো।
বন্ধুসকল, বিদ্যায়তনিক প্ৰতিষ্ঠানসমূহৰ মাজত চিন্তাৰ মুক্ত প্ৰবাহ হোৱাটো আমাৰ চৰকাৰে অন্তঃকৰণেৰে কামনা কৰে। সেয়ে আইআইএম-ৰ দৰে শিক্ষা প্ৰতিষ্ঠানক স্বয়ত্ত্বতা প্ৰদানৰ জৰিয়তে আমি ইয়াৰ শুভাৰম্ভ কৰিছো। পিছে এই কথাৰ চৰ্চা আমাৰদেশত নোহোৱা দেখি মই বাৰুকৈয়ে আচৰিত হৈছো। আমাৰ শিক্ষাবিদসকলেনো মৌনতা অৱলম্বন কিয় কৰিছে মই ভাবি উলিয়াব পৰা নাই। আইআইএম-ত সংস্কাৰ সাধন কৰা হৈছে। বিগত ২০-২৫ বছৰত এনে সংস্কাৰৰ পোষকতা কৰা বহুত মানুহ আছে। সম্ভৱতঃ আমি ইমান বিস্তৃত ভাবে আৰু সফলতাৰে এই কাম কৰিব পাৰিম বুলি তেওঁলোকে চাগৈ ভবাই নাছিল। যি কি নহওক, সংস্কাৰ সাধনৰ পিচত এই কামৰ কৃতিত্ব মোডীক দিবলগীয়া হ’ব বুলি ভাবিয়েই হয়তো তেওঁলোকে এই বিষয়ে লিখা-মেলা কৰিবলৈ বিচৰা নাই। আইআইএম-ত কৰা সংস্কাৰ জৰিয়তে এতিয়াৰ পৰা প্ৰতিষ্ঠানসমূহে নিজৰ পাঠ্যক্ৰমনিজে যুগুতোৱা, বিষয়বস্তুৰ নিৰ্বাচন কৰা, শিক্ষকৰ নিযক্তি দিয়া, পৰিচালনা পৰিষদৰ সদস্যৰ নিযুক্তি দিয়া, আনকি তেওঁলোকৰ কাৰ্যকালৰ সম্প্ৰসাৰণ কৰাৰ দৰে সিদ্ধান্তও নিজাকৈ গ্ৰহণ কৰিব পৰা হ’ল। সিদ্ধান্ত গ্ৰহণৰ স্বাধীনতা আপোনালোকে লাভ কৰিছে, এতিয়া আপোনালোকেনো কি কৰিব পাৰে তাৰ প্ৰদৰ্শনৰ ভাৰ আপোনালোকৰ হাতত। চৰকাৰ কিম্বা আমোলাই আপোনালোকৰ কামত হস্তক্ষেপ নকৰে। এতিয়া বিশেষ কৰি দেখুওৱাৰ দায়িত্ব আপোনালোকৰ।
মই ভাবো ভাৰতৰ উচ্চতৰ শিক্ষাৰ ক্ষেত্ৰত এয়া নিশ্চয়কৈ অভূতপূৰ্ব পদক্ষেপ আৰু অদূৰ ভৱিষ্যতে দেশৰ অন্য প্ৰতিষ্ঠানসমূহলৈকো এনে স্বতন্ত্ৰতা সম্প্ৰসাৰিত কৰাৰ প্ৰয়োজনীয়তা আছে। শেহতীয়া ভাবে বিশ্ব-বিদ্যালয় অনুদান আয়োগে ‘গ্ৰেডেড অটনমী ৰেগুলেশ্যন’ যুগুতাই উলিয়াইছে। ইয়াৰ জৰিয়তে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহলৈ স্বায়ত্ত্বতা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হ’ব। কোনো শৈক্ষিক প্ৰতিষ্ঠানৰ স্তৰ উন্নত কৰাই নহয়, ইয়াৰ জৰিয়তে প্ৰতিষ্ঠানসমূহক শ্ৰেষ্ঠ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰো প্ৰয়াস কৰা হ’ব। এই নিয়ন্ত্ৰণ-বিধিৰ সুবাদতে এই পৰ্যন্ত দেশৰ ৬০খন উচ্চতৰ শিক্ষা-প্ৰতিষ্ঠান আৰু বিশ্ব-বিদ্যালয়ে স্বায়ত্ত্বতা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মাজত বহুকেইখন ৰাজ্যিক বিশ্ব-বিদ্যালয়ো আছে। চৰকাৰী প্ৰয়াসৰ লগতে ইতিমধ্যে আৰম্ভ হোৱা ইতিবাচক বাতাবৰণটোৰ সুবিধা গ্ৰহণ কৰি আপোনালোকে দেখা সপোনবোৰ দিঠক কৰাৰ বাবে আপোনালোকেও আপোনালোকৰ দায়বদ্ধতা পালন কৰিব লাগিব। এই সময় বিনষ্ট হ’বলৈ নিদিব। আপোনলোকৰ সৰহ সংখ্যকৰে কাৰ্যকাল ৪-৫বছৰীয়া। এইকেইটা বছৰৰ ভিতৰত কাম কৰিবলৈ যাওতে আপোনালোকে নিজৰ বাবে কেতবোৰ লক্ষ্য নিৰ্ধাৰণ কৰি ল’ব লাগিব। আপোনালোকৰ কাৰ্যকাল আৰম্ভ হোৱাৰ প্ৰথম দিনটোৰ পৰাই কাৰ্যকালৰ সামৰণিত আপোনালোকে এৰি থৈ যাবলগীয়া উত্তৰাধিকাৰিত্বৰ কথা চিন্তা কৰিব লাগিব। উচ্চতৰ শিক্ষাখণ্ডৰ পুনৰুজ্জীৱিতকৰণৰ বাবে বহুবোৰ খুটি-নাটি মাৰি লোৱাৰ প্ৰয়োজনীয়তা থাকিব। কেৱল এয়াই নহয় আপোনালোকে নতুন শিক্ষণ প্ৰণালী বিকশিত কৰাৰ ক্ষেত্ৰতো বহুখিনি অৱদান আগবঢ়াব পাৰে। প্ৰতি দিনেই নতুন নতুন প্ৰযুক্তিয়ে ভূমুকি মাৰিবলৈ লৈছে। সময়ৰ সৈতে তাল মিলাই আমি প্ৰযুক্তিৰ সহযোগিতাৰে আমাৰ শিক্ষণ প্ৰণালীক কিমান শক্তিশালী কৰি তুলিব পাৰো তাৰ সমীক্ষা কৰিব লাগিব। আমাৰ সমাজকনো কেনেকৈ উত্তম শিক্ষক প্ৰদান কৰিব পাৰো আমাৰ লক্ষ্য সেই দিশতো নিবদ্ধ হোৱা উচিত। আৰু তাৰ বাবে আমি অভিযানকাৰীৰ-উচাহৰে কামত অগ্ৰসৰ হোৱাৰ পণ ল’ব লাগিব। পৃথিৱীৰ বহু বিশিষ্ট কোম্পানীৰ বহু সংখ্যক মুখ্য কাৰ্যবাহী বিষয়া আমাৰ শৈক্ষিক প্ৰতিষ্ঠনে জন্ম দিছে। এয়া আমাৰ বাবে নিশ্চয় গৌৰৱৰ কথা। মই পিছে, কোনো ভাৰতীয় প্ৰতিষ্ঠানৰ এজন শিক্ষকে ৫০ গৰাকী বিজ্ঞানী অথবা ৫০গৰাকী চিকিত্সকক দেশৰ বাবে গঢ়ি উলিয়ালে ইয়াতকৈও অধিক সুখী হ’ম। মই ভাবো এয়া আজিৰ সময়ৰ আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা।
আপুনি যদি কোনো এগৰাকী লেখক অথবা কবিক লগ পায়, এটা কথা মন কৰিবচোন, তেওঁলোকৰ বক্তব্যবোৰ ব্যক্তিগত যদিও তাৰ মাজতো কিন্ত জীৱনৰ অভিজ্ঞতা প্ৰতিবিম্বিত হয়। দৰাচলতে তেওঁলোকৰ সৃষ্টিৰ নেপথ্যত জীৱনৰ বস্তৱ অভিজ্ঞতা আৰু সমাজৰ প্ৰতি থকা তেওঁলোকৰ গভীৰ দায়িত্ববোধে ক্ৰিয়া কৰি থাকে। প্ৰতিগৰাকী সৃষ্টিশীল ব্যক্তিৰ ক্ষেত্ৰতে এই সত্য বিদ্যমান। আন কথাত ক’বলৈ গ’লে ক’ব লাগিব যে জীৱনৰ অভিজ্ঞতা আৰু সমাজৰ প্ৰতি দায়িত্ববোধ অবিহনে কোনো অৰ্থবহ ৰছনা সম্ভৱ হ’ব নোৱাৰে। সেয়ে সমাজ জীৱনক বুজিব পৰাকৈ শিক্ষা ব্যৱস্থাক গঢ়ি তোলাটো আজিৰ সময়ৰ আহ্বান। আৰু এয়া সম্ভৱ হ’ব তেতিয়াহে যেতিয়া শিক্ষাক শ্ৰেণীকোঠাৰ চাৰিসীমাৰ মাজৰ পৰা বাহিৰলৈ নিয়াৰ ব্যৱস্থা কৰা হ’ব। প্ৰাচীন কালত ভাৰতত প্ৰচলিত গুৰুকূল শিক্ষা-ব্যৱস্থাত আক্ষৰিক শিক্ষাৰ লগতে ব্যৱহাৰিক শিক্ষা দানৰো ব্যৱস্থা কৰা হৈছিল। গুৰুকূলত সাধাৰণ ছাত্ৰৰ লগতে ৰজাৰ পুত্ৰইও পাঠ গ্ৰহণতো কৰিছিলেই আনকি দৈনন্দিন জীৱনৰ সকলো কাম নিজেই কৰিব লবলগীয়া হৈছিল। দৰাচলতে ছাত্ৰসকলক এনেদৰে কাম-কাজ কৰিবলৈ দি জীৱনৰ পাঠ পঢ়োৱাৰহে ব্যৱস্থা কৰা হৈছিল। পদে পদে পৰিস্থিতিৰ প্ৰত্যাহ্বান স্বীকাৰ কৰি জীৱন জিনাৰ সাহস প্ৰদান কৰা হৈছিল। সেই আৰ্হিতে আজিৰ ছাত্ৰ-ছাত্ৰীসকলেও শ্ৰেণীকোঠাৰ সীমনা নেওচি জীৱনৰ অভিজ্ঞতা সঞ্চয়ৰে ব্যৱহাৰিক শিক্ষাৰে শিক্ষিত হ’ব পাৰে। তেওঁলোক শিক্ষানুষ্ঠানৰ সমীপৱৰ্তি অঞ্চলসমূহলৈ যাব পাৰে। সেইবোৰ অঞ্চলৰ সমাজজীৱন অধ্যয়ন কৰিব পাৰে। সুখ-দুখ-পৰম্পৰা, সেইবোৰ অঞ্চলৰ ঐতিহ্য, সাংস্কৃতিক বৈভৱ অথবা সেইবোৰ অঞ্চলৰ সা-সমস্যা আদিৰ ভূ ল’ব পাৰে। সেইবোৰৰ চৰ্চা, বিস্তাৰ অথবা সমস্যাৱলীৰ বিশ্লেষণৰে সমাধানৰ সমীক্ষা কৰিব পাৰে।
এবাৰ ভাৱকচোন, যদি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ওচৰৰ বস্তি অঞ্চললৈ গৈ এলোকাটোত বসবাস কৰা শিশুসকলৰ মাজত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দৰে বিষয়ত সজাগতাৰ সৃষ্টি কৰে। বিস্তৃত পৰিসৰৰ অভিযানৰ কথা নক’লোৱেই যেনিবা, কেতবোৰ সৰু সৰু পদক্ষেপৰ জৰিয়তেও ভাবিব নোৱাৰা পৰিৱৰ্তন সাধন কৰিব পাৰি। মই আপোনালোকক এনে অভিযানৰ বাবে হাতে-কামে লাগি যাবলৈকে কোৱা নাই। বৰং এনে সজাগতাও যে নতুনত্ব আৰু সৃষ্টিশীলতাৰে পূৰণ হ’ব পাৰে সেই কথাহে ক’ব খুজিছো। এনে কাৰ্যক্ৰমে ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰাৰ লগতে বস্তিৰ দৰিদ্ৰ শিশুসকলৰ জীৱনকো সুৰক্ষা প্ৰদান কৰিব।
কিছুদিন আগতে মই বাৰানসীলৈ গৈছিলো। বাৰানসী মোৰ সংসদীয় সমষ্টি। এই যাত্ৰাত কাশী বিশ্ব-বিদ্যালয়ৰ এদল ছাত্ৰ-ছাত্ৰীক লগ পাইছিলো। এইসকল ছাত্ৰ-ছাত্ৰীক বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে লগ পাইছেনে নাই মই নাজানো, পিছে মোৰ হ’লে সেই সৌভাগ্য ঘটিল। এইদল যুৱক-যৱতীয়ে ‘ট্ৰাই টু ফাইট’ নামৰ সংগঠন এটা জন্ম দিছে। দুজনমান লগ লাগি ৪-৫বছৰ আগতে স্থাপন কৰা এইটো সংগঠনে এতিয়া বৃহত ৰূপ ধাৰণ কৰিছে। সংগঠনটোৰ সদস্যসকলে আৱৰ্জনা বুটলি জীৱন নিৰ্বাহ কৰা শিশুসকলৰ বাবে বিশেষ কিবা কৰাৰ প্ৰয়াস আৰম্ভ কৰিছে। তেওঁলোকে ভাবিছে এইসকল দৰিদ্ৰ শিশুক যদি শিক্ষাৰ পোহৰ দেখুৱাব পাৰি তেন্তে নিশ্চয় ভাল কথা হ’ব। এই উদ্দেশ্যেই তেওঁলোকে নিজৰ অধ্যয়নৰ মাজতে সময় উলিয়াই বাটে-ঘাটে ঘূৰি ফুৰা এইসকল শিশুক পঢ়োৱাৰ ব্যৱস্থা কৰিছে। ‘ট্ৰাই টু ফাইট’-য়ে পঢ়োৱা শিশুৰ সংখ্যা এতিয়ালৈ ১০০০ হৈছেগৈ। এইসকল শিশুৰ দুজনমানক মই লগো পাইছো। শিশুসকলৰ মাক-দেউতাকে জীৱিকাৰ সন্ধানত দিনৰ দিনটো ঘূৰি ফুৰিব লাগীয়া হয়। সেয়ে তেওঁলোকৰ ল’ৰা-ছোৱালীক চোৱা-চিতা কৰিবলৈ আহৰি নাথাকে। পৰিণতিত বহু ল’ৰা-ছোৱালী সংগ-দোষত পৰি অপক্ৰমতো লিপ্ত হ’বলগীয়া হৈছে। পিছে এওঁলোকৰো বিভিন্ন ক্ষেত্ৰত প্ৰতিভা নথকা নহয়। এনে এগৰাকী কিশোৰীয়ে সুন্দৰকৈ ছবি আঁকিব পাৰে। তেওঁ অঁকা এখন পেইণ্টিং মোক ছাত্ৰ-ছাত্ৰীসকলে উপহাৰ হিচাপে প্ৰদানো কৰিছে। এই বিষয়ে কিশোৰীগৰাকীক সোধোতে তেওঁ কৈছিল আগতে এনেয়ে অঁকা-বকা কৰি আছিলো। পিছত দাদা-বাইদেউহঁতে দেখি কাগজ-পত্ৰ, ৰং-বৰণ আনি দিলে। এতিয়া মোৰ আঁকিবলৈ সুবিধা হৈছে।
চাওকচোন এইসকল ছাত্ৰ-ছাত্ৰীয়ে কৰো বুলি ভবাহেতেন বিশ্ববিদ্যালয়ত সংগঠন খুলি ৰাজনীতি কৰিব পাৰিলেহেতেন। পিছে তেওঁলোকে তাকে নকৰি এই পথ গ্ৰহণ কৰিলে আৰু ১০০০কিশোৰ-কিশোৰীৰ জীৱন পৰিৱৰ্তন কৰিলে। মই ভাবো তেওঁলোকে কেৱল এই ১০০০কিশোৰ-কিশোৰীৰ জীৱনলৈকে পৰিৱৰ্তন অনা নাই বৰং ইয়াৰ জৰিয়তে তেওঁলোকে নিজৰ জীৱনলৈও পৰিৱৰ্তনৰ ধল বাগৰাই আনিলে। দৰাচলতে সামাজিক দায়িত্ববোধৰে এওঁলোক দীক্ষিত হ’ল। এনে কামত যিমানেই জড়িত হ’ব সিমানেই সমাজ উপকৃত হ’ব। এনে কামৰ বাবে বহু টকা-পইচাৰ প্ৰয়োজন নাই। ইয়াৰ বাবে মনৰ বলটোহে আচল কথা।
মই ভাবো কিছু পৰিৱৰ্তন অনাৰ প্ৰয়োজন আছে। আপোনালোক বহুতেই চাগৈ জানে যে, আমৰ চৰকাৰ হোৱাৰ পিচত মই যেতিয়াই কোনো বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানলৈ যাও মোৰ সৈতে আন ৫০গৰাকী বিশেষ অতিথিকো সেই অনুষ্ঠানলৈ লৈ যাও। এই বিষয়ে আগতীয়াকৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক কৈ তেওঁলোকৰ বাবে আচুতীয়াকৈ বহাৰ ব্যৱস্থা আদি কৰি লও। তেওঁলোক হৈছে সংশ্লিষ্ট অঞ্চলসমূহৰ বস্তি অঞ্চলত বাস কৰা আৰু চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা ৫০গৰাকী ছাত্ৰ-ছাত্ৰী। সপ্তম মানৰ পৰা দশম মানৰ এই কেইগৰাকী ছাত্ৰ-ছাত্ৰীক মই অনুষ্ঠানত সকলোৰে আগত পৰিচয় কৰাই দিও। আচলতে এইসকল ছাত্ৰ-ছাত্ৰীক মই ‘স্বচক্ষে দেখি বিশ্বাস কৰা’ৰ মন্ত্ৰেৰে উদ্বুদ্ধ হোৱাৰ সুযোগ দিব বিচাৰো। এই যে সমাৱৰ্তনত বিশ্ববিদ্যালয়ৰ মেধাবী ছাত্ৰ-ছাত্ৰীসকলে মূৰত বিশেষ টুপী পৰিধান কৰি বিশিষ্ট ব্যক্তিৰ পৰা পাৰদৰ্শীতাৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰে, এনে দৃশ্যই স্বাভাৱিকতেই কিশোৰ-কিশোৰীৰ মন বাৰুকৈয়ে প্ৰভাৱিত কৰিব পাৰে। আচলতে এনে দৃশ্যই তেওঁলোকৰ মনত অসাধ্য সাধনৰ প্ৰেৰণা দিব। এনে দৃশ্যই তেওঁলোকৰ মনত সপোনৰ বীজ ৰোপন কৰিব।
দেখাত এয়া নিশ্চয় এটা সৰু কথা। পিছে এই পৰিৱৰ্তন ধন-টকা-পইচাৰ জোৰত আহা পৰিৱৰ্তন নহয়। এই পৰিৱৰ্তন অভিপ্ৰায়ৰ পৰা অহা পৰিৱৰ্তনহে। কোনো উপলক্ষৰে সংযুক্ত হোৱাৰ অভিপ্ৰায়ৰে আৰম্ভ হোৱা ইয়াৰ সাফল্য আহে এই অভিপ্ৰায়ৰে সংযুক্ত হৈ থকাৰ জৰিয়তে। কোনো পণ লৈ আমি মাত্ৰ আগুৱাই যাব লাগিব। সেয়ে মই যেতিয়াই বৌদ্ধিক মহলৰ মাজলৈ যাও, তেতিয়াই এটা কথাত সদায়ে জোৰ দিও, সেয়া হৈছে ‘চহৰভিত্তিক উতকৰ্ষতাৰ কেন্দ্ৰ’ স্থাপন কৰা। সেইদৰে প্ৰত্যেক শিক্ষা প্ৰতিষ্ঠানেও নিজাববীয়াকৈ শিক্ষাখণ্ডই সন্মুখীন হৈ অহা সমস্যাৱলীৰ সমাধান কৰিব পৰা এক বাতাবৰণ গঢ়ি তোলাৰ বাবে নিজৰ দায়বদ্ধতা পালন কৰিব লাগিব। এই প্ৰসংগত মই এটা উদাহৰণ দাঙি ধৰিব খুজিছো।
ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ অঞ্চলৰ ৰাইজক ডিজিটেল সাক্ষৰ কৰাৰ দায়িত্ব অৰ্পণ কৰিব পাৰি। সেইদৰে ‘আয়ুষ্মান ভাৰত’, ‘উজ্জলা’, ‘স্বচ্ছ ভাৰত অভিযান’ আদিৰ দৰে জন-কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰি তোলাৰ কামতো তেওঁলোকে বিশেষ ভূমিকা পালন কৰিব পাৰে। এনেবোৰ কামৰ জৰিয়তে তেওঁলোকে জল-সংৰক্ষণ, বিদ্যুত শক্তিৰ অপচয় ৰোধ অথবা পৰিবেশ সংৰক্ষণৰ দৰে বিষয়সমূহৰ বিষয়ে জনসজাগতা সৃষ্টিৰ ক্ষেত্ৰতো ইতিবাচক ভূমিকা গ্ৰহণ কৰি সমাজজীৱনক উপকৃত কৰিব পাৰে।
বন্ধুসকল, আমি সকলোৱে মন বান্ধি খোজ আগবঢ়ালেহে পুনৰুজ্জীৱিতকৰণৰ সপোন সাৰ্থক হ’ব। পুনৰুজ্জীৱিতকৰণ বাটত হেঙাৰ হ’ব পৰা প্ৰত্যহ্বানসমূহ আঁতৰোৱাৰ বাবে বিশেষ গৱেষণাৰ প্ৰয়োজন হ’ব যদিও একে সময়তে আমি নতুন যুগৰ প্ৰয়োজনীয়তাসমূহৰ সৈতে সংগতি ৰাখি সংস্কাৰ সাধনতো সমানেই গুৰুত্ব প্ৰদান কৰিব লাগিব।
মই ভাবো আমাৰ এই চিন্তা আৰু প্ৰয়াসৰ জৰিয়তে দেশৰ ভৱিষ্যতৰ বাবে শুভ ফল অনাত আমি সফলতা লাভ কৰিমেই। এই আশাকে লৈ, আপোনালোক আটাইকে এই প্ৰয়াসৰ বাবে পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিলো।
বহুত বহুত ধন্যবাদ।
*****
ज्ञान और शिक्षा सिर्फ किताबी नहीं हो सकते हैं।
— PMO India (@PMOIndia) September 29, 2018
शिक्षा का मकसद व्यक्ति के हर आयाम का संतुलित विकास करना है और संतुलित विकास Innovation के बिना संभव नहीं है।
हमारे प्राचीन तक्षशिला, नालंदा, विक्रमशिला जैसे विश्वविद्यालयों में ज्ञान के साथ INNOVATION पर भी ज़ोर दिया जाता था: PM
हमें एक और वास्तविकता को स्वीकार करना होगा कि आज दुनिया में कोई भी देश, समाज या व्यक्ति isolate होकर नहीं रह सकता।
— PMO India (@PMOIndia) September 29, 2018
हमें ‘ग्लोबल सिटीजन और ग्लोबल विलेज’ के दर्शन पर सोचना ही होगा।
और ये दर्शन तो हमारे संस्कारों में प्राचीन काल से ही मौजूद है: PM
उच्च शिक्षा हमें
— PMO India (@PMOIndia) September 29, 2018
उच्च विचार,
उच्च आचार,
उच्च संस्कार और
उच्च व्यवहार के साथ ही समाज की समस्याओं का
उच्च समाधान भी उपलब्ध करती है।
मेरा आग्रह है कि विद्यार्थियों को कालेज, यूनीविर्सिटी के क्लास रुम में तो ज्ञान दें हीं लेकिन उन्हें देश की आकांक्षाओं से भी जोड़ें: PM
इसी मार्ग पर चलते हुए केंद्र सरकार की भी यही कोशिश है कि हम हर स्तर पर देश की आवश्यकताओं में शिक्षण संस्थानों को भागीदार बनाएं।
— PMO India (@PMOIndia) September 29, 2018
इसी विजन के साथ हमने अटल टिंकरिंग लैब की शुरुआत की है। इसमें स्कूली बच्चों में Innovation की प्रवृत्ति बढ़ाने पर फोकस किया जा रहा है: PM
हमारी सरकार शिक्षा जगत में निवेश पर भी ध्यान दे रही है।
— PMO India (@PMOIndia) September 29, 2018
शिक्षा का इंफ्रास्ट्रक्चर बेहतर बनाने के लिए RISE यानि Revitalisation of Infrastructure and Systems in Education कार्यक्रम शुरु किया गया है।
इसके जरिए वर्ष 2022 तक एक लाख करोड़ रुपए खर्च करने का लक्ष्य रखा गया है: PM
सरकार ने HEFA- यानि HIGHER EDUCATION FUNDING AGENCY की स्थापना भी की है जो उच्च शिक्षण संस्थाओं के गठन में आर्थिक सहायता मुहैया कराएगी।
— PMO India (@PMOIndia) September 29, 2018
सरकार ने राष्ट्रीय उच्चतर शिक्षा अभियान का बजट भी बढ़ाने का निर्णय लिया है: PM
हमने IIM जैसे संस्थानों को स्वायत्ता देकर इसकी शुरुआत कर दी है।
— PMO India (@PMOIndia) September 29, 2018
अब IIM को अपने कोर्स करिकुलम, टीचर अपाइंटमेंट, बोर्ड मेंबर अपाइंटमेंट, एक्सपेंशन, खुद तय करने की शक्ति मिल गई है।
सरकार की इनमें अब कोई भूमिका नहीं होगी। भारत में उच्च शिक्षा से जुड़ा ये एक अभूतपूर्व फैसला है: PM
हाल ही में UGC ने ग्रेडेड एटॉनॉमी रेग्यूलेशंस भी जारी किए हैं।
— PMO India (@PMOIndia) September 29, 2018
इसका उद्देश्य शिक्षा के स्तर को सुधारना तो है ही, इससे उन्हें सर्वश्रेष्ठ बनने में भी मदद मिलेगी।
इस रेग्यूलेशन की वजह से देश में 60 Higher Education Institutes और Universities को ग्रेडेड अटॉनॉमी मिली है: PM
मेरी कोशिश रहती है कि जहां कहीं भी मैं कॉन्वोकेशन में जाऊं, तो वहां पर 40-50 गरीब बच्चों को भी उस कार्यक्रम में बुलाया जाए।
— PMO India (@PMOIndia) September 29, 2018
ये बच्चे आते हैं, देखते हैं कि कैसे बड़े भैया,बड़ी दीदी डिग्रियां लेकर खुश हो रहे हैं, उनका सम्मान किया जा रहा है, तो उन्हें भी प्रेरणा मिलती है: PM
Sharing my remarks at the 'Conference on Academic Leadership on Education for Resurgence' held in Delhi. https://t.co/GO2XBvFftn pic.twitter.com/bS9j6BdFsQ
— Narendra Modi (@narendramodi) September 29, 2018
जब पुनरुत्थान के बारे में सोचता हूं तो मन मस्तिष्क में पहली छवि स्वामी विवेकानंद जी की बनती है।
— Narendra Modi (@narendramodi) September 29, 2018
उन्होंने शिक्षा के 3 स्तंभ दिए - जीवन निर्माण, मानवता और चरित्रगठन - जो आज भी प्रासंगिक है।
इन विचारों से प्रेरित होकर मैंने एक और स्तंभ जोड़ा है - इनोवेशन। pic.twitter.com/qNyL4M4B4s
Three great Indians of the 20th century- Dr. Babasaheb Ambedkar Ji, Pandit Deendayal Upadhyaya Ji and Dr. Ram Manohar Lohia emphasised on the power of education. pic.twitter.com/kkRL3DEy9l
— Narendra Modi (@narendramodi) September 29, 2018
Encouraging innovation among young India. pic.twitter.com/ymXyMlnhlr
— Narendra Modi (@narendramodi) September 29, 2018
Boosting infrastructure, providing financial assistance to institutions, building new world class centres of education and more.
— Narendra Modi (@narendramodi) September 29, 2018
Here are some of the steps being taken by the Centre in the education sector. pic.twitter.com/Geqq6k25nv