Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পুৰুষৰ ট্ৰিপল জাম্পত ৰূপৰ পদক জয়ৰ বাবে প্ৰবীণ চিত্ৰভেললৈ অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগো কমনৱেলথ গেমছ, ২০২৬ৰ পুৰুষৰ ট্ৰিপল জাম্প প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে প্ৰবীণ চিত্ৰভেলক অভিনন্দন জনায়।

প্ৰবীণ চিত্ৰভেলে নিজৰ ক্ৰীড়া কেৰিয়াৰৰ শ্ৰেষ্ঠ জাম্প প্ৰদৰ্শন কৰাক লৈও প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে এই সাফল্যৰ বাবে তেওঁক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যতৰ ক্ৰীড়া যাত্ৰাৰ বাবে আশীৰ্বাদ তথা শুভকামনা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘X’ত লিখেঃ

“২০২৬ চনৰ কমনৱেলথ গেমছৰ পুৰুষৰ ট্ৰিপল জাম্প প্ৰতিযোগিতাত প্ৰবীণ চিত্ৰভেলে ৰূপৰ পদক অৰ্জন কৰাৰ লগতে নিজৰ খেলুৱৈ জীৱনৰ শ্ৰেষ্ঠ জাম্প প্ৰদৰ্শন কৰাত মই আনন্দিত হৈছোঁ। তেওঁলৈ বহুত বহুত অভিনন্দন। তেওঁৰ আগন্তুক ক্ৰীড়া যাত্ৰাত সৰ্বাংগীণ সফলতা কামনা কৰিলোঁ।”

#CWG2026

**************

MJPS/SS/ST/DB