Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পুৰুষৰ শ্বট পুট (F57) প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়ৰ বাবে সোমন ৰাণাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ, ২০২৬ৰ পুৰুষৰ শ্বট পুট F57 প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে সোমন ৰাণাক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই ব্যতিক্ৰমী বিজয়েৰে সোমন ৰাণাই এই প্ৰতিযোগিতাত ভাৰতৰ হৈ সৰ্বপ্ৰথম কমনৱেলথ গেমছৰ সোণৰ পদক অৰ্জন কৰিছে।

শ্ৰী মোদীয়ে সমগ্ৰ প্ৰতিযোগিতাত তেওঁৰ মনোযোগ আৰু দৃঢ় সংকল্পৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে তেওঁৰ ভৱিষ্যতৰ ক্ৰীড়া যাত্ৰাৰ বাবে শুভকামনা জনায়।

‘X’ৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখে;

“সোমন ৰাণাই ইতিহাস ৰচনা কৰিলে!

পুৰুষৰ শ্বট পুট F57 প্ৰতিযোগিতাত সোণৰ পদক নিশ্চিত কৰাৰ বাবে তেওঁলৈ অভিনন্দন। এই ব্যতিক্ৰমী বিজয়েৰে তেওঁ এই শ্ৰেণীত ভাৰতৰ প্ৰথমটো কমনৱেলথ গেমছৰ সোণৰ পদক অৰ্জন কৰিলে। সমগ্ৰ প্ৰতিযোগিতাত তেওঁৰ মনোযোগ আৰু দৃঢ় সংকল্প স্পষ্ট হৈ পৰে। তেওঁৰ ভৱিষ্যতৰ ক্ৰীড়া যাত্ৰাৰ বাবে বহুত বহুত শুভকামনা জনালোঁ।”

#CWG2026”


 

****************

MJPS/SS/ST/DB