Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পুৰুষৰ ১০মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত স্বৰ্ণ জয়ী সৌৰভ চৌধাৰীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


ইণ্ডোনেছিয়াৰ জাকাৰ্টা-পালেমবাঙত অনুষ্টিত অষ্টাদশ এছিয়ান গেমছ, ২০১৮ত পুৰুষৰ ১০মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত স্বৰ্ণ জয় কৰা সৌৰভ চৌধাৰীক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “১৬ বছৰ বয়সৰ সৌৰভ চৌধাৰীয়ে দেশৰ আশীষধন্য যুৱক-যুৱতীসকলৰ সম্ভাৱনা আৰু সাহসিকতাকে প্ৰতিফলিত কৰিছে। এইগৰাকী ব্যতিক্ৰমী তৰুণে এছিয়ান গেমছ ২০১৮ৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত দেশলৈ স্বৰ্ণ পদক আজুৰি আনিলে। তেওঁক বহুত বহুত অভিনন্দন জনাইছো।”

*****

AKT/KP/DB