Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পূজনীয় ড০ শ্ৰী শিৱকুমাৰ স্বামীগালুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পূজনীয় ড শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে তেওঁ সহানুভূতিশীলতা, মানবীয়তা আৰু মানুহৰ প্ৰতি অবিচল সেৱাৰ মূৰ্তি হিচাপে সামূহিক স্মৃতি হিচাপে ৰৈ গৈছে। আনৰ হিতৰ বাবে উৎসর্গীকৃত জীৱনকালত তেওঁ দেখুৱাইছিল যে আনৰ বাবে আগবঢ়োৱা সেৱাতে নিহিত হৈ আছে প্ৰকৃত মহানতা। শ্ৰী মোদীয়ে উল্লেখ কৰে যে শিক্ষা, সমাজ কল্যাণ আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য অৱদানে সমাজত এক স্থায়ী প্ৰভাৱ পেলাইছে। আজিও তেওঁৰ জীৱনে অগণন ব্যক্তিক নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াবলৈ পথ প্ৰদৰ্শনৰ লগতে অনুপ্ৰাণিত কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে;

‘পূজনীয় ড শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ সহানুভূতিশীলতা, মানবীয়তা আৰু মানুহৰ প্ৰতি অবিচল সেৱাৰ মূৰ্তি হিচাপে সামূহিক স্মৃতি হিচাপে ৰৈ গৈছে। আনৰ হিতৰ বাবে উৎসর্গীকৃত জীৱনকালত তেওঁ দেখুৱাইছিল যে আনৰ বাবে আগবঢ়োৱা সেৱাতে নিহিত হৈ আছে প্ৰকৃত মহানতা। শিক্ষা, সমাজ কল্যাণ আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য অৱদানে সমাজত এক স্থায়ী প্ৰভাৱ পেলাইছে। আজিও তেওঁৰ জীৱনে অগণন ব্যক্তিক নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াবলৈ পথ প্ৰদৰ্শনৰ লগতে অনুপ্ৰাণিত কৰি আহিছে।’

***

MJPS/VJ/HS