Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ খণ্ডত সহজ ব্যৱসায়ত সঁহাৰি


 

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত চৰকাৰৰ সহজ ব্যৱসায় প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাই সচিব পৰ্যায়ৰ বিশেষ শক্তিশালী কমিটীৰ পৰামৰ্শক্ৰমে আন্তঃৰাষ্ট্ৰীয়  প্ৰতিযোগিতামুলক নিবিদা(আইচিবি)ৰ পাছত হাইড্ৰকাৰ্বন অন্বেষণ আৰু আৰু অনুজ্ঞা প্ৰদান নীতি(এইচইএলপি) আৰু অএএলপিৰ অধীনত সফলতাৰে নিবিদা সম্পূৰ্ণ কৰা ব্লক/চুক্তিবদ্ধ এলেকাত আবণ্টনত পেট্ট’লিয়াম আৰু প্ৰাকৃতি গেছ মন্ত্ৰালয় আৰু বিত্ত মন্ত্ৰালয়ক ক্ষমতা প্ৰদানত অনুমোদন জনায়। ইয়াৰ জৰিয়তে সহজো যিকোনো ব্লক আবণ্টনত সংশ্লিষ্ট মন্ত্ৰালয়ে ক্ষীপ্ৰতাৰে সিদ্ধান্ত গ্ৰঙণ কৰিব পাৰিব।

 উল্লেখ্য যে এইচইএলপিৰ অধীনত বছৰত দুবাৰকৈ এনে ব্লক আবণ্টন দিয়া হয়। চৰকাৰে ২০১৭ৰ ১ জুলাইত আৰম্ভ কৰি ১৫ নৱেম্বৰত বন্ধ কৰা অএএলপিৰ প্ৰতি ব্যাপক সঁহাৰি লাভ কৰে। প্ৰথম পৰ্যায়ৰ নিবিদাত ১১খন ৰাজ্যৰ ৫৯২৮২ বৰ্গ কিলোমিটাৰ জুৰি ৫৫ ব্লক আবণ্টন দিয়া হয়। এই নিবিদা অত্যন্ত সুৰক্ষিত আৰু অনলাইনৰ মাধ্যমত সম্পন্ন কৰা হয়।

 

*****

 AKT/VBA/SH/DB