পি এম ইণ্ডিয়া
নমস্কাৰ
বং জু!
এনে ভাব হৈছে যেন আপোনালোক সকলোৱে অৱসৰৰ মুহূৰ্ত উপভোগ কৰি আছে।
বন্ধুসকল,
পেৰিছ হৈছে পোহৰৰ চহৰ, ৰঙৰ চহৰ; ই শিল্প, ধাৰণা আৰু উদ্ভাৱনৰ প্ৰেৰণাৰ স্থান। আপোনালোক সকলোৱে—ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা—আপোনালোকে এই চহৰখনক আৰু অধিক সুন্দৰ কৰি তুলিছে। আপোনালোক ইয়াক স্পন্দনশীল নতুন ৰঙেৰে ভৰাই দিছে।
কোনোবা তামিল, কোনোবা পাঞ্জাৱী, কোনো গুজৰাটী, কোনোবা মাৰাঠী, আৰু কোনোবা বঙালী। ভাৰতৰ প্ৰতিটো কোণৰ পৰা অহা লোকৰ প্ৰতিনিধিত্ব ইয়াত দেখা যায়।
বন্ধুসকল,
১৪ জুনত যেতিয়া মই নাইচত উপস্থিত হৈছিলো, তেতিয়া মই অংশগ্ৰহণ কৰা প্ৰথমটো অনুষ্ঠান আছিল ‘ইণ্ডিয়া ইনোভেটছ’। আজি ফ্ৰান্সৰ পৰা উভতি যাবলৈ সাজু হৈ থাকোঁতে এনে লাগে যেন মই ‘ইণ্ডিয়া কানেক্টছ’ৰ কোনো অনুষ্ঠানত উপস্থিত হৈছো।
আপোনালোকে, ফ্ৰান্সৰ ভাৰতীয় সম্প্ৰদায়ে একবিংশ শতিকাত ভাৰত-ফ্ৰান্সৰ সম্পৰ্কক যিদৰে সংযোগ কৰিছে, সেয়া আমাৰ কৌশলগত অংশীদাৰিত্বৰ এক প্ৰধান শক্তি হৈ পৰিছে। ১৪০ কোটি সতীৰ্থ ভাৰতীয়ৰ শুভেচ্ছা আপোনালোকৰ বাবে লৈ আহিছো। উষ্ম মৰমেৰে আদৰণি জনোৱাৰ বাবে আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
বন্ধুসকল,
আমাৰ চৰকাৰে মাত্ৰ ১২ বছৰ কাৰ্যভাৰ সম্পূৰ্ণ কৰাৰ সময়তে মই ফ্ৰান্সলৈ আহিছো। এজন নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে ১২ বছৰ ধৰি অবিৰতভাৱে দেশৰ সেৱা কৰাটো মোৰ জীৱনৰ এক বৃহৎ সৌভাগ্য হৈ পৰিছে। এয়াই ভাৰতৰ গণতন্ত্ৰৰ শক্তি— যে ই এজন ‘চাইৱালা’ (চাহ বিক্ৰেতা)ক এই স্থানলৈ লৈ আহিছে।
বন্ধুসকল,
বিগত ১২টা বছৰ ১৪০ কোটি ভাৰতীয়ৰ বিস্ময়কৰ সম্ভাৱনাৰ প্ৰমাণ। এই ১২ বছৰৰ সময়ছোৱাত ভাৰতৰ জিডিপি দুগুণ বৃদ্ধি পাইছে। দুগুণ বৃদ্ধি পাইছে বিমানবন্দৰৰ সংখ্যা। বিশ্ববিদ্যালয়ৰ সংখ্যাও দুগুণলৈ বৃদ্ধি পাইছে। ঘাইপথ নিৰ্মাণৰ গতি তিনিগুণ বৃদ্ধি পাইছে, আৰু মেট্ৰ’ নেটৱৰ্ক চাৰিগুণ বৃদ্ধি পাইছে। আপোনালোকৰ লগত আৰু কেইটামান তথ্য ভাগ বাটোৱাৰা কৰিম , যিয়ে আপোনালোকক ভাৰতৰ গতি আৰু পৰিসৰৰ বিষয়ে এক ধাৰণা দিব। যোৱা ১২ বছৰত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ৩৫গুণ বৃদ্ধি পাইছে।
আন এটা কথা বিবেচনা কৰক: ভাৰতত মোবাইল উৎপাদন গোটৰ সংখ্যা ১০০গুণ বৃদ্ধি পাইছে। ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল ফোন নিৰ্মাতা দেশ হৈ পৰিছে। ঠিক এই গতি আৰু অগ্ৰগতিৰ ফলস্বৰূপে ভাৰত আজি বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হৈ পৰিছে।
বন্ধুসকল,
ভাৰতৰ আজিৰ কাহিনী কেৱল অৰ্থনৈতিক প্ৰগতিৰ কাহিনীয়েই নহয়; এয়া ইয়াতেই ক্ষান্ত হৈ থকা । ই এক সামাজিক পৰিৱৰ্তনৰ কাহিনীও।
বিগত ১২ বছৰত দেশৰ ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। ই প্ৰগতিৰ প্ৰতিনিধিত্ব কৰে য’ত সুবিধাসমূহ সমাজৰ শেষ ব্যক্তিজনৰ ওচৰলৈ যায়। ফ্ৰান্সৰ মুঠ ঘৰৰ সংখ্যাতকৈ আমি যোৱা ১২ বছৰত আৰ্তজনৰ বাবে অধিক হাৰত স্থায়ী ঘৰ নিৰ্মাণ কৰিছো।
এতিয়া প্ৰতিটো পৰিয়ালেই—যিমানেই দুখীয়া নহওক কিয়—বেংক একাউণ্ট আছে। আৰ্থিক অন্তৰ্ভুক্তি কেৱল চৰকাৰী কাৰ্যসূচীৰ পৰা সামাজিক পৰিৱৰ্তনৰ আন্দোলনলৈ বিকশিত হৈছে।
বন্ধুসকল,
এই ১২ বছৰৰ সাফল্যৰ পৰিসংখ্যাৰ দ্বাৰা জুখিব নোৱাৰি: এয়া ১৪০ কোটি ভাৰতীয়ৰ আত্মবিশ্বাসৰ ফল।
আজিৰ ভাৰতে—আৰু আজিৰ ভাৰতৰ যুৱক-যুৱতীসকলে—ডাঙৰ সপোন দেখিছে৷ ভাৰতৰ কৃষকসকলে নতুন সম্ভাৱনা লৈ আগবাঢ়িছে। ভাৰতীয় মহিলাসকলে নতুন নেতৃত্বৰ প্ৰদৰ্শন কৰিছে। গতিকে এইবোৰ কেৱল ১২ বছৰৰ কৃতিত্ব নহয়; এয়া এটা যুগ যিয়ে ভাৰতৰ আকাংক্ষাক নতুন উচ্চতালৈ লৈ গৈছে।
বন্ধুসকল,
এটা সময় আছিল যেতিয়া আধুনিক সুবিধাসমূহ দূৰৈৰ গাঁওসমূহলৈ লৈ যোৱাটো সঁচাকৈয়ে এক কঠিন কাম আছিল। আজি সেই গাঁওবোৰতে বিদ্যুৎ, ইণ্টাৰনেটৰ ব্যৱস্থা আৰু ডিজিটেল সেৱাৰ গোটেই পৃথিৱীখন আছে। বেংকিং সেৱা এতিয়া বুটামৰ এটা ক্লিকতে উপলব্ধ—যিকোনো সময়তে, যিকোনো ঠাইতে।
আজি মোবাইল ফোনে ভাৰতীয় নাগৰিকক অসংখ্য সেৱাৰ সৈতে সংযোগ কৰিছে। আমাৰ কৃষক, মাছমৰীয়া, দুগ্ধ পালক, মহিলা, আৰু ছাত্ৰ-ছাত্ৰী সকলোকে প্ৰযুক্তিৰ জৰিয়তে সবলীকৰণ কৰা হৈছে আৰু নিজৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে।
বন্ধুসকল,
১.২৫ বিলিয়নৰো অধিক আধাৰ আইডিৰ কথা আপোনালোকে শুনিছে। কিন্তু আজি ভাৰতে কেৱল পৰিচয় ডিজিটাইজ কৰাতকৈও অধিক কাম কৰি আছে; প্ৰায় ৯০ কোটি ভাৰতীয়ৰ বাবে অনন্য ডিজিটেল হেল্থ আইডি তৈয়াৰ কৰা হৈছে। ইয়াৰ ফলত চিকিৎসাৰ তথ্যসমূহ সুৰক্ষিত আৰু সুলভ হৈ পৰিছে, যাৰ ফলত স্বাস্থ্যসেৱা প্ৰদান কৰাটো সহজ আৰু অধিক কাৰ্যক্ষম হৈ পৰিছে।
বন্ধুসকল,
এই কৃতিত্বসমূহৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল, কেইবছৰমান আগলৈকে ইয়াৰে বেছিভাগেই কল্পনাৰ বস্তু যেন লাগিছিল। কোনে কল্পনা কৰিব পাৰিলেহেঁতেন যে প্ৰতিখন গাঁৱতে দ্ৰুতবেগী ইন্টাৰনেটে প্ৰৱেশ কৰিব? কোনে ভাবিব পাৰিলেহেঁতেন যে কিউআৰ ক’ডবোৰ দৈনন্দিন জীৱনৰ এটা অংশ হৈ পৰিব আনকি দূৰৈৰ গাঁওবোৰতো? গাঁৱৰ এগৰাকী মহিলাই খেতি কৰাত সহায় কৰিবলৈ ড্ৰ’ন ব্যৱহাৰ কৰাৰ ধাৰণাটো এসময়ত অসম্ভৱ যেন লাগিছিল।
তথাপি আজি এই সকলোবোৰ লাখ লাখ ভাৰতীয়ৰ জীৱনৰ স্বাভাৱিক অংগ হৈ পৰিছে। আৰু আপোনালোকে জানি গৌৰৱ অনুভৱ কৰিব বন্ধুসকল, এয়াই হৈছে নতুন ভাৰতৰ চিনাকি।
এসময়ত যিটো সপোন আছিল সেয়া এতিয়া বাস্তৱত পৰিণত হৈছে। এসময়ত যিটো অসম্ভৱ যেন লাগিছিল, সেয়া এতিয়া সম্ভৱ হৈ উঠিছে। আৰু ইয়াৰ আঁৰৰ আটাইতকৈ ডাঙৰ শক্তি কি? কাৰ কৃপাত এই সকলোবোৰ সম্ভৱ হৈ উঠিছে? এয়া মোদীৰ বাবে নহয়; ইয়াৰ কাৰণ হৈছে এক শক্তিশালী শক্তি—ভাৰতৰ গণতন্ত্ৰ। এই গণতন্ত্ৰই ‘সবকা সাথ, সবকা বিকাশ’ (সকলোৰে সৈতে একেলগে, সকলোৰে বাবে উন্নয়ন)ৰ মনোভাৱক মূৰ্ত কৰি তুলিছে।
বন্ধুসকল,
আজিৰ পৰা পঞ্চাশ বা এশ বছৰৰ পাছত যেতিয়া ভাৰতৰ এই যুগটো পুনৰীক্ষণ কৰা হ’ব, তেতিয়া স্পষ্ট হ’ব যে এই সময়ছোৱা ভাৰতৰ আকাংক্ষাৰ দ্বাৰা পৰিচালিত হৈছিল৷ এয়া ভাৰতীয় আকাংক্ষাৰ এক নতুন যুগ।
বিদ্যুৎ য’ত উপনীত হৈছে, মানুহে কেৱল বিদ্যুৎ বিচৰা নাই; তেওঁলোকে ‘স্মাৰ্ট লিভিঙ’ৰ কামনা কৰিছে। য’ত ৰে’ল আহিছে তাত মানুহে দ্ৰুতবেগী সংযোগ বিচাৰিছে। য’ত ঘাইপথ নিৰ্মাণ কৰা হৈছে, তাত মানুহে বিচাৰিছে বিশ্বমানৰ এক্সপ্ৰেছৱে। ইণ্টাৰনেট য’ত উপনীত হৈছে, মানুহে এআই আৰু ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰত নেতৃত্বৰ আকাংক্ষা কৰিছে।
অৰ্থাৎ আজি ভাৰতৰ জনসাধাৰণে নিজৰ জীৱনটোক পৰৱৰ্তী স্তৰলৈ লৈ যাব বিচাৰিছে, আৰু ভাৰতক পৰৱৰ্তী স্তৰলৈ লৈ যোৱাটো তেওঁলোকৰ উদ্দেশ্য, তেওঁলোকৰ সংকল্প আৰু তেওঁলোকৰ সপোন।
বন্ধুসকল,
এই আকাংক্ষাবোৰেই আজি ভাৰতৰ উন্নয়ন যাত্ৰাৰ সৰ্ববৃহৎ শক্তি। ভাৰতৰ মহাকাশ যাত্ৰাৰ পৰা এটা উদাহৰণ দিওঁ।
চন্দ্ৰৰ দক্ষিণ মেৰুত ভাৰতে অৱতৰণ কৰোৱাইছে চন্দ্ৰযান। বিশ্বই ইয়াক এক কীৰ্তিচিহ্নস্বৰূপ কৃতিত্ব বুলি প্ৰশংসা কৰিছিল। তথাপিও ভাৰত ইয়াতেই ক্ষান্ত নাথাকিল, ইয়াক চূড়ান্ত গন্তব্যস্থান হিচাপে গণ্য কৰিলে। আজি দেশখনে গগনিয়ানৰ বাবে প্ৰস্তুতি চলাইছে। মহাকাশত নিজাকৈ মহাকাশ কেন্দ্ৰ স্থাপনৰ বাবে আগবাঢ়িছে ভাৰত।
আমাৰ মহাকাশ ষ্টাৰ্টআপসমূহে অতি উদ্যমেৰে কাম কৰি আছে আৰু বিশ্ব মহাকাশ অৰ্থনীতিত নিজৰ বাবে এটা নিৰ্দিষ্ট স্থান উলিয়াই লৈ অগ্ৰগতি লাভ কৰিছে।
বন্ধুসকল,
এই একে আকাংক্ষা সেউজ শক্তিৰ ক্ষেত্ৰতো স্পষ্ট হৈ পৰিছে। সৌৰশক্তিৰ ক্ষেত্ৰত ভাৰতৰ সাফল্যৰ বিষয়ে সমগ্ৰ বিশ্বতে চৰ্চা চলি আছে। তথাপিও ভাৰতে পৰৱৰ্তী বৃহৎ জাঁপৰ বাবে প্ৰস্তুতি চলাইছে।
সেউজ হাইড্ৰজেনলৈ বৃহৎ বিনিয়োগ প্ৰবাহিত হৈছে। উন্নত পাৰমাণৱিক শক্তিৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। ভাৰতৰ ফাষ্ট ব্ৰিডাৰ নিউক্লিয়াৰ ৰিয়েক্টৰৰ সৈতে হোৱা অগ্ৰগতিৰ কথা নিশ্চয় শুনিছে। আমাৰ বিজ্ঞানীসকলে এটা ডাঙৰ মাইলৰ খুঁটি অৰ্জন কৰিছে যিয়ে ভাৰতৰ পাৰমাণৱিক শক্তিৰ পৰিৱেশত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে।
বন্ধুসকল,
আজিৰ ভাৰতে ভৱিষ্যতৰ বাবে এক ব্যাপক পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে। ভাৰতে একে সময়তে প্ৰতিটো খণ্ডতে বিনিয়োগ কৰিছে যিয়ে আগন্তুক দশকক দিশ দেখুৱাব।
মাত্ৰ কেইদিনমানৰ আগতে নাইচত অনুষ্ঠিত হোৱা ‘ভাৰত ইনোভেটছ’ অনুষ্ঠানটো আপোনালোকে প্ৰত্যক্ষ কৰিছিল। এই অনুষ্ঠানে ভাৰতৰ ডিপ-টেক সামৰ্থ্য বিশ্ববাসীৰ আগত প্ৰদৰ্শনৰ আন এক মঞ্চ হিচাপে কাম কৰিছিল। ইয়াত ১২০টা ভাৰতীয় ডিপ-টেক ষ্টাৰ্টআপক একত্ৰিত কৰা হৈছিল। ‘ভাৰত ইনোভেটছ’ত প্ৰায় ১৪০০ বি টু বি সভা অনুষ্ঠিত হয়। কেইবাটাও ষ্টাৰ্টআপৰ বাবে বিনিয়োগৰ প্ৰতিশ্ৰুতি নিশ্চিত কৰা হৈছিল, আৰু বাণিজ্যিক অৰ্ডাৰৰ বাবে পথ মুকলি কৰা হৈছিল। ফৰাচী আৰু ইউৰোপীয় বিশ্ববিদ্যালয় আৰু ইনকিউবেটৰৰ সৈতে জড়িত হৈ পৰাটো বৃদ্ধি পাইছে।
ছাত্ৰ বিনিময়, যৌথ গৱেষণা, আৰু উদ্ভাৱন সমৰ্থনৰ বাবে নতুন পথ সৃষ্টি কৰা হৈছে। এইদৰে ‘ভাৰত ইনোভেটছ’ কেৱল এটা শীৰ্ষ সন্মিলন নাছিল; ই উদ্ভাৱন কূটনীতিৰ এক নতুন আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰিছে।
আজি আমি এই যাত্ৰাক আৰু আগুৱাই লৈ গৈছো পেৰিছৰ ভিভাটেক অনুষ্ঠানৰ জৰিয়তে। নাইচত আমি ধাৰণাক পুঁজিৰ সৈতে সংযোগ কৰিলোঁ, আৰু পেৰিছত ভাৰতীয় উদ্ভাৱনক বিশ্বব্যাপী পৰিসৰৰ সৈতে সংযোগ কৰিলোঁ। আজি বিশ্বই প্ৰত্যক্ষ কৰিছে যে ভাৰত কেৱল ভৱিষ্যতৰ বাবেই প্ৰস্তুতি চলোৱা নাই; ই ইয়াক সক্ৰিয়ভাৱে গঢ় দিছে। ভাৰতে ভৱিষ্যত গঢ়ি তুলিছে।
বন্ধুসকল,
এটা সময় আছিল যেতিয়া দেশসমূহৰ মাজৰ সম্পৰ্ক কেৱল বাণিজ্যৰ দ্বাৰাহে সংজ্ঞায়িত হৈছিল। আজি বাণিজ্যৰ সমান্তৰালভাৱে বিশ্বাসো সমানেই গুৰুত্বপূৰ্ণ হৈ পৰিছে।
প্ৰতিখন দেশে নিৰ্ভৰযোগ্য যোগান শৃংখল বিচাৰে। প্ৰতিখন দেশে সুস্থিৰ অংশীদাৰিত্বৰ কামনা কৰে। প্ৰতিখন দেশে এনে অংশীদাৰ বিচাৰিছে যাক দীৰ্ঘম্যাদীভাৱে বিশ্বাস কৰিব পৰা যাব। আৰু এই সময়ত ভাৰত বিশ্ব মঞ্চত বিশ্বাসযোগ্য অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।
জি-৭ৰ বৈঠকৰ সময়ত মই আস্থাভিত্তিক অংশীদাৰিত্ব গঢ়ি তোলাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিলো। মই গ্ল’বেল চাউথ ৰাষ্ট্ৰসমূহক সমান অংশীদাৰ হিচাপে লৈ আগবাঢ়ি যাবলৈ আহ্বান জনালোঁ। জি-৭ শীৰ্ষ সন্মিলনত ভাৰতৰ বাৰ্তা স্পষ্ট আছিল যে বিশ্ব শাসন ব্যৱস্থা তেতিয়াহে ফলপ্ৰসূ হয় যেতিয়া ই সৰ্বাংগীন হয়; বিশ্বৰ বৃদ্ধি তেতিয়াহে বহনক্ষম হয় যেতিয়া ইয়াক ভাগ কৰা হয়; আৰু বিশ্বব্যাপী প্ৰযুক্তিয়ে মানৱতাৰ সেৱা কৰে তেতিয়াহে যেতিয়া ইয়াক বিশ্বাস কৰা হয়।
বন্ধুসকল,
ভাৰত আৰু বিশ্বৰ বাকী দেশৰ বাণিজ্যিক সম্পৰ্কত এক নৱীকৃত শক্তি স্পষ্ট হৈ পৰিছে। ফ্ৰান্সৰ সৈতে ভাৰতৰ বাণিজ্য ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। বিগত কেইবছৰমানৰ পৰা ভাৰতে সমগ্ৰ বিশ্বৰ অসংখ্য ৰাষ্ট্ৰৰ সৈতে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিছে। ইউৰোপীয় সংঘই হওক, যুক্তৰাজ্যই হওক, বা আন যিকোনো দেশ বা অঞ্চলেই হওক, ভাৰতে তেওঁলোকৰ সকলোৰে সৈতে চুক্তি স্বাক্ষৰ কৰি আহিছে।
অহা মাহৰ পৰা ভাৰত আৰু ব্ৰিটেইনৰ মাজত বাণিজ্যিক চুক্তি কাৰ্যকৰী হ’ব। এই চুক্তিয়ে ভাৰতৰ কৃষক, শ্ৰমিক, আৰু উদ্ভাৱকসকলৰ বাবে অসংখ্য নতুন সুযোগৰ সৃষ্টি কৰিব।
বন্ধুসকল,
আজি বিশ্বই অনিশ্চয়তা আৰু ব্যাঘাতৰ সময়ৰ মাজেৰে আগবাঢ়িছে। এনে সময়ত ভাৰত আৰু ফ্ৰান্সৰ অংশীদাৰিত্বই আস্থা, স্থিতিশীলতা, সহযোগিতাৰ এক শক্তিশালী স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে।
এই বছৰ আমি ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্কক ‘বিশেষ গ্ল’বেল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ’ৰ মৰ্যাদালৈ উন্নীত কৰিলোঁ। নাইচত মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰন আৰু মই আমাৰ অংশীদাৰিত্বক বিশ্বৰ মংগলৰ বাবে এক শক্তি হিচাপে গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰিলোঁ। আমি প্ৰতিটো খণ্ডতে একেলগে আগবাঢ়িম—ৰক্ষা, মহাকাশ, আৰু পাৰমাণৱিক শক্তিৰ পৰা আৰম্ভ কৰি এআই, জটিল খনিজ পদাৰ্থ, আৰু দ্ৰুতবেগী ৰে’লপথলৈকে।
বন্ধুসকল,
সৌৰশক্তিৰ ক্ষেত্ৰতেই হওক বা এআইৰ ক্ষেত্ৰতেই হওক, ভাৰত আৰু ফ্ৰান্সে যৌথভাৱে এনে সমাধান প্ৰস্তুত কৰি আছে যিয়ে সকলো মানৱতাৰ স্বাৰ্থৰ সেৱা আগবঢ়াইছে। আমি এ আই ছামিটৰ সহ-সভাপতিত্ব কৰিছিলো—প্ৰথমে যোৱা বছৰ পেৰিছত আৰু তাৰ পিছত এই বছৰ দিল্লীত।
আমি এতিয়া অহা বছৰ একেলগে ‘তৃষ্ণা’ উপগ্ৰহ উৎক্ষেপণৰ বাবে প্ৰস্তুতি চলাইছো। এই উপগ্ৰহটোৱে বিশ্বৰ খাদ্য আৰু জল সুৰক্ষা নিশ্চিত কৰাত অৰিহণা যোগাব।
বন্ধুসকল,
চৰকাৰৰ পৰা চৰকাৰলৈ এই সকলোবোৰ পদক্ষেপত আপোনালোকৰ অৱদান অতি প্ৰয়োজনীয়। আপোনালেোকেই হৈছে ভাৰত আৰু ইউৰোপৰ মাজত আটাইতকৈ শক্তিশালী দলং। আপোনালোকে দুয়োখন সমাজ আৰু দুয়োখন বজাৰৰ কথা বুজি পায়। আগন্তুক সময়ত প্ৰতিভা, বাণিজ্য, প্ৰযুক্তি, পৰ্যটন, আৰু বিনিয়োগৰ মাজেৰে নতুন সুযোগ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা বৃদ্ধি পাই থাকিব।
বন্ধুসকল,
ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্কক এক ভাগ-বাটোৱাৰা কৰা ইতিহাস, ভাগ-বতৰা কৰা মূল্যবোধ আৰু পাৰস্পৰিক বিশ্বাসৰ দ্বাৰা আগুৱাই লৈ গৈছে। বিশ্বযুদ্ধৰ সময়ত ফ্ৰান্সৰ মাটিত চূড়ান্ত ত্যাগ কৰা ভাৰতীয় সৈনিকৰ স্মৃতিয়ে আজিও আমাক একেলগে বান্ধি ৰাখিছে। ইয়াৰ আগতেও নিউভ-চেপেলত শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ পাইছিলোঁ, আৰু যোৱা বছৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে মাৰ্চেইলৰ যুদ্ধ স্মৃতিসৌধ ভ্ৰমণ কৰাৰ সুযোগো পাইছিলোঁ। এয়া আমাৰ ভাগ-বাটোৱাৰা কৰা ঐতিহ্য।
ফ্ৰান্সে ভাৰতীয়সকলে আগবঢ়োৱা অৱদানক লালন-পালন কৰাৰ লগতে ইয়াৰ আৰু শলাগ লৈছে। ফ্ৰান্সৰ প্ৰতিৰোধৰ বাবে প্ৰাণ আহুতি দিয়া ভাৰতীয় মূলৰ নূৰ ইনায়ত খানেই হওক বা মহাৰাজা ৰঞ্জিত সিঙৰ সৈতে কাম কৰা জেনেৰেল জিন ফ্ৰান্সোৱা এলাৰ্ডেই হওক—এওঁলোক ভাৰত আৰু ফ্ৰান্সৰ ভাগ-বতৰা ঐতিহ্যৰ প্ৰতীক।ভাৰতৰ পুডুচেৰী ৰাজ্যতো ফৰাচী ঐতিহ্যৰ আভাস দেখা যায়। ইয়াৰ স্থাপত্য, শিল্প, সংস্কৃতি, ৰান্ধনীশাল সকলোৱে আমাৰ সম্পৰ্কৰ সাৰমৰ্ম বহন কৰে।
বন্ধুসকল,
বৰ্তমান ফ্ৰান্সকে ধৰি সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি চলি আছে। এই উপলক্ষে ফ্ৰান্সত যোগৰ প্ৰচাৰ কৰা শ্ৰীযুত মহেশ ঘাত্ৰদ্যাল ডাঙৰীয়াকো শ্ৰদ্ধাৰে সোঁৱৰিছো। পদ্ম বঁটা বিজয়ী চাৰ্লট চপিনকো মোৰ প্ৰণাম জনাইছো, যিয়ে এশ বছৰ বয়সতো যোগৰ জৰিয়তে ফ্ৰান্সক ভাৰতৰ ঐতিহ্যৰ সৈতে সংযোগ কৰি ৰাখিছে। তেওঁৰ জীৱনে প্ৰমাণ কৰে যে: যোগে জীৱনত বছৰ যোগ নকৰে, ই বছৰত জীৱন যোগ কৰে।
বন্ধুসকল,
ফ্ৰেড নেগ্ৰী ডাঙৰীয়াকো শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। ভাৰতীয় ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ অৱদান অপৰিসীম।
বন্ধুসকল,
ভাৰত আৰু ফ্ৰান্সক সংযোগ কৰা আন এটা কথাই হ’ল ফুটবল। ইয়াত বৰ্তমান ফুটবল জ্বৰ চৰম পৰ্যায়ত আছে। ইয়াৰ প্ৰতি থকা আবেগ ফ্ৰান্সৰ প্ৰতিটো চুকতে দেখা যায়। কিন্তু ভাৰততো ফুটবলৰ উন্মাদনা সমানেই তীব্ৰ।
বিশেষকৈ ফ্ৰান্সৰ দলটোৰ ভাৰতত বিপুল অনুৰাগীৰ ভিত্তি আছে। ফ্ৰান্সে এই বিশ্বকাপৰ আৰম্ভণি কৰিছে এক সুন্দৰ জয়ৰে। ফৰাচী দললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
বন্ধুসকল,
যোৱাৰ আগতে আপোনালোক সকলোৰে বাবে আৰু কিছু ভাল খবৰ লৈ আহিছো। এয়া আপোনালোকৰ বাবেই কৰা হৈছে। যোৱা বছৰ মাৰ্চেইলত এটা কনছুলেট মুকলি কৰা হৈছিল, আৰু ই যথেষ্ট সুবিধা প্ৰদান কৰি আছে। কিছু সপ্তাহ পূৰ্বে ফ্ৰান্সৰ বিমানবন্দৰত ভাৰতীয় নাগৰিকৰ বাবে ভিছামুক্ত ট্ৰেনজিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।
আমি এই সকলোবোৰ ক্ষেত্ৰতে একেলগে আগবাঢ়িছো— সেয়া ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰীসকলৰ গতিশীলতা বৃদ্ধি কৰাই হওক, শিক্ষাগত অৰ্হতাৰ পাৰস্পৰিক স্বীকৃতিয়েই হওক, বা ভাৰতত ফৰাচী বিশ্ববিদ্যালয়ৰ চৌহদ মুকলি কৰাই হওক
এতিয়া ফ্ৰান্সত ইউপিআই ব্যৱহাৰৰ পৰিসৰ আৰু অধিক সম্প্ৰসাৰিত হ’ব। অৰ্থাৎ ভাৰত-ফ্ৰান্সৰ সংযোগ বৃদ্ধি পাইছে আৰু মিউচুৱেল পেমেণ্টো তৎক্ষণাত কৰিব পৰাটো সম্ভৱ হৈছে !
বন্ধুসকল,
এই সকলো পদক্ষেপৰ জৰিয়তে আমি ভাৰত আৰু ফ্ৰান্সক অধিক ঘনিষ্ঠ কৰি তুলিছো। আৰু মই পুনৰ কওঁ: এই অংশীদাৰিত্বৰ ভেটি—এই সম্পৰ্কৰ প্ৰকৃত শক্তি—আপোনালোক সকলোৱে। আপোনালোক মোৰ সহ-দেশবাসী।
ভাৰতে উন্নত দেশৰ লক্ষ্যৰ দিশে দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ লগে লগে আপোনালোক সকলোকে ভাৰতৰ সৈতে আৰু অধিক গভীৰভাৱে জড়িত হ’বলৈ আহ্বান জনাইছো। ইয়াৰ দ্বাৰা ভাৰতৰ উন্নয়ন যাত্ৰাক নতুন গতি প্ৰদান কৰা হ’ব আৰু লগতে আপোনালোকে আপোনালোকৰ পূৰ্বপুৰুষৰ ভূমিৰ বাবে সেৱা কৰাৰ সুযোগো লাভ কৰিব।
এই কথাখিনিৰে আপোনালোক সকলোৰে প্ৰতি পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো । আপোনালোকৰ মৰম, আপোনালোকৰ উৎসাহ আৰু এই আন্তৰিক আদৰণিৰ বাবে ধন্যবাদ ।
ভাৰত মাতা কী জয় !
আপোনালোকক অশেষ ধন্যবাদ।
***
MJPS/SS/ST/DM
Addressing the Indian community in Paris. Their deep affection for India and contribution to stronger India-France ties are truly commendable. https://t.co/sNLYVfzaV1
— Narendra Modi (@narendramodi) June 18, 2026
In the last 12 years, India has witnessed transformative growth across sectors. pic.twitter.com/xNqrf2sMDA
— PMO India (@PMOIndia) June 18, 2026
Beyond economic growth, India's journey is about empowering people and transforming lives. pic.twitter.com/eC2dxDTcfM
— PMO India (@PMOIndia) June 18, 2026
This is a defining period in India's journey, where aspirations are reaching new heights pic.twitter.com/zgCvkutax0
— PMO India (@PMOIndia) June 18, 2026
India is investing across sectors that will drive growth, innovation and opportunity for generations to come. pic.twitter.com/bM4pTf2VED
— PMO India (@PMOIndia) June 18, 2026
India is emerging as a trusted partner to the world. pic.twitter.com/STnp3ngaDN
— PMO India (@PMOIndia) June 18, 2026