পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰীয়ে শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৮ জুনত পেৰিছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ এক বৃহৎ সমাৱেশত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয়, যিয়ে ভাৰতীয়মূলৰ বিদেশত থকা লোকসকলৰ মাতৃভূমিৰ প্ৰতি থকা গভীৰ মৰমক প্ৰতিফলিত কৰে।
ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ বিভিন্ন ক্ষেত্ৰত ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ উল্লেখযোগ্য অৱদানৰ বিষয়ত আলোকপাত কৰে। ভাৰতীয় উদ্ভাৱন আৰু ধাৰণাক বিশ্ব বজাৰৰ সৈতে সংযোগ স্থাপন আৰু ভাৰত–ফ্ৰান্স বিশেষ বিশ্ব কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ ক্ষেত্ৰতো তেওঁলোকৰ ভূমিকাৰ কথা প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰে। তেওঁ উল্লেখ কৰে যে ভাৰত আৰু ফ্ৰান্সৰ জনসাধাৰণৰ মাজত সম্পৰ্ক সম্প্ৰসাৰিত হৈছে আৰু অধিক সংখ্যক ভাৰতীয় ছাত্ৰ-ছাত্ৰী, পেছাদাৰী আৰু পৰ্যটকে ফ্ৰান্সক তেওঁলোকৰ গন্তব্যস্থান হিচাবে বাছি লৈছে। মানুহৰ গতিশীলতা সহজ কৰি তোলাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰো তেওঁ শলাগ লয়। ফ্ৰান্সত ইউপিআইৰ পদাংক সম্প্ৰসাৰণৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ফলত দুয়োখন দেশৰ মাজত পৰ্যটনৰ প্ৰবাহ বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে ভাৰতত ঘটি থকা লক্ষ্যণীয় পৰিৱৰ্তনৰ বিষয়ে কয়, সৰ্বাংগীন বৃদ্ধি আৰু মহিলা নেতৃত্বাধীন উন্নয়নৰ পৰা আৰম্ভ কৰি মানৱকেন্দ্ৰিক এআই আৰু সীমান্ত প্ৰযুক্তিৰ ক্ষেত্ৰত অগ্ৰগতিলৈকে তেওঁ সকলো কথাই উল্লেখ কৰে । তেওঁ আলোকপাত কৰে যে বিগত ১২ বছৰত ভাৰতে ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে । তেওঁ উল্লেখ কৰে যে ব্ৰিটেইন আৰু ইউৰোপীয় ইউনিয়নৰ সৈতে হোৱা বাণিজ্যিক চুক্তিসমূহে ভাৰতীয় শ্ৰমিক, কৃষক, উদ্ভাৱক আৰু অন্যান্যসকলৰ বাবে নতুন সুযোগৰ বাট মুকলি কৰিব। নাইচত ভাৰত ইনোভেটছ ২০২৬ আৰু পেৰিছত ভিভাটেক ২০২৬ত ভাৰতৰ অংশগ্ৰহণৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰত বিশ্ব সম্প্ৰদায়ৰ বাবে প্ৰযুক্তিৰ ক্ষেত্ৰত পছন্দৰ অংশীদাৰ হৈ পৰিছে। ভাৰত ইনোভেটছৰ সফলতাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই মঞ্চখন উদ্ভাৱন কূটনীতিৰ আৰ্হি হৈ পৰিছে। ইভিয়ানত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি তেওঁ কয় যে ভাৰতে বিশ্বাস ভিত্তিক আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে দৃঢ়তাৰে থিয় দিছে, য’ত গ্ল’বেল চাউথক সমান অংশীদাৰ হিচাপে গণ্য কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে প্ৰতিভা, দক্ষতা আৰু উদ্ভাৱনে ডিজিটেল যুগত প্ৰত্যাহ্বানৰ সমাধান উলিয়াবলৈ বিশ্বক সহায় কৰি আছে। তেওঁ বিদেশত বাস কৰা ভাৰতীয়মূলৰ লোকসকলক ভাৰতৰ প্ৰগতিৰ দিশত অৰিহণা যোগাবলৈ আৰু বিকশিত ভাৰত যাত্ৰাৰ অংশীদাৰ হ’বলৈ আমন্ত্ৰণ জনায়।
এই পাৰস্পৰিক মত-বিনিময়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত থকা গভীৰ জনসাধাৰণৰ সম্পৰ্কক প্ৰতিফলিত কৰিছিল আৰু সমগ্ৰ বিশ্বতে বিদেশত বাস কৰা ভাৰতীয়মূলৰ লোকসকলৰ কল্যাণ, মংগল আৰু নিয়োজিততাৰ প্ৰতি ভাৰতৰ অবিৰত দায়বদ্ধতাৰ কথা পুনৰ দৃঢ় কৰিছে ।
***
MJPS/SS/ST/DM
Addressing the Indian community in Paris. Their deep affection for India and contribution to stronger India-France ties are truly commendable. https://t.co/sNLYVfzaV1
— Narendra Modi (@narendramodi) June 18, 2026
In the last 12 years, India has witnessed transformative growth across sectors. pic.twitter.com/xNqrf2sMDA
— PMO India (@PMOIndia) June 18, 2026
Beyond economic growth, India's journey is about empowering people and transforming lives. pic.twitter.com/eC2dxDTcfM
— PMO India (@PMOIndia) June 18, 2026
This is a defining period in India's journey, where aspirations are reaching new heights pic.twitter.com/zgCvkutax0
— PMO India (@PMOIndia) June 18, 2026
India is investing across sectors that will drive growth, innovation and opportunity for generations to come. pic.twitter.com/bM4pTf2VED
— PMO India (@PMOIndia) June 18, 2026
India is emerging as a trusted partner to the world. pic.twitter.com/STnp3ngaDN
— PMO India (@PMOIndia) June 18, 2026