পি এম ইণ্ডিয়া
মহামহিম ৰাষ্ট্ৰপতি মেক্ৰন,
ইয়াত উপস্থিত ভাৰত আৰু ফ্ৰান্সৰ উদ্যোগৰ নেতাসকল,
নমস্কাৰ, বনজৌৰ!
এই কোঠাটোত এক আচৰিত শক্তি, উত্তেজনা আৰু গতিশীলতা অনুভৱ কৰিছো। এইটো কেৱল এটা স্বাভাৱিক ব্যৱসায়িক অনুষ্ঠান নহয়।
ভাৰত আৰু ফ্ৰান্সৰ শ্ৰেষ্ঠ ব্যৱসায়িক মনৰ সংগমস্থলী। এইমাত্ৰ দাখিল কৰা চিইঅ’ ফ’ৰামৰ প্ৰতিবেদন আদৰণীয়।
মই দেখিছোঁ যে আপোনালোক সকলোৱে Innovate, Collaborate আৰু Elevate মন্ত্ৰটো লৈ আগবাঢ়িছে। আপুনি কেৱল ব’ৰ্ডৰূমৰ সংযোগ কৰা নাই। আপোনালোক সকলোৱে ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্বও শক্তিশালী কৰি আছে।
বন্ধুসকল,
মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে এই মঞ্চত যোগদান কৰাটো মোৰ বাবে এক আনন্দৰ কথা। যোৱা দুবছৰৰ ভিতৰত এয়া আমাৰ ষষ্ঠখন বৈঠক। যোৱা বছৰ ৰাষ্ট্ৰপতি মেক্ৰন আমাৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল।
আজি পুৱা আমি একেলগে এ আই একচন ছামিটৰ সহ-সভাপতি আছিলোঁ। এই সফল সন্মিলনৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰনক মই আন্তৰিক অভিনন্দন জনাইছো।
বন্ধুসকল,
ভাৰত আৰু ফ্ৰান্স কেৱল গণতান্ত্ৰিক মূল্যবোধৰ দ্বাৰা সংযুক্ত নহয়। আমাৰ বন্ধুত্বৰ ভেটি গভীৰ আস্থা, উদ্ভাৱন আৰু জনকল্যাণৰ মনোভাৱৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।
আমাৰ অংশীদাৰিত্ব কেৱল দুখন দেশতে সীমাবদ্ধ নহয়। বিশ্বৰ সমস্যা আৰু প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ আমি একেলগে সহযোগিতা আগবঢ়াইছো। মোৰ শেষ ভ্ৰমণৰ সময়ত আমি আমাৰ অংশীদাৰিত্বৰ বাবে ২০৪৭ চনৰ ৰোডমেপৰ ৰূপৰেখা দাঙি ধৰিছিলোঁ। তাৰ পিছত আমি প্ৰতিটো ক্ষেত্ৰতে ব্যাপকভাৱে সহযোগিতা আগবঢ়াইছো।
বন্ধুসকল,
আপোনালোকৰ বেছিভাগ কোম্পানী ইতিমধ্যে ভাৰতত আছে। আপোনালোক বিভিন্ন ক্ষেত্ৰত যেনে মহাকাশ, বন্দৰ, প্ৰতিৰক্ষা, ইলেক্ট্ৰনিকছ, দুগ্ধ, ৰাসায়নিক সামগ্ৰী আৰু গ্ৰাহক সামগ্ৰীত সক্ৰিয়।
ভাৰততো বহু চিইঅ’ক লগ পোৱাৰ সুযোগ পাইছো। যোৱা দশকত ভাৰতত যি পৰিৱৰ্তন হৈছে, সেই বিষয়ে আপোনালোকে ভালদৰেই জানে। আমি এটা সুস্থিৰ ৰাজনীতি, আৰু ভৱিষ্যদ্বাণীযোগ্য নীতি পৰিৱেশ তন্ত্ৰ স্থাপন কৰিছো।
সংস্কাৰ, পৰিবেশন, ৰূপান্তৰৰ পথ অনুসৰণ কৰি আজি ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি। ই বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতি।
অতি সোনকালে ই বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব। ভাৰতৰ দক্ষ যুৱ প্ৰতিভা কাৰখানা আৰু উদ্ভাৱন মনোভাৱ বিশ্ব মঞ্চত আমাৰ পৰিচয়।
আজি ভাৰত দ্ৰুতগতিত বিশ্বব্যাপী বিনিয়োগৰ পছন্দৰ স্থানত পৰিণত হৈছে।
আমি ভাৰতত এআই, অৰ্ধপৰিবাহী আৰু কোৱাণ্টাম মিছন আৰম্ভ কৰিছো। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আমি মেক ইন ইণ্ডিয়া আৰু মেক ফৰ দ্য ৱৰ্ল্ডৰ প্ৰচাৰ কৰিছো। আপোনালোকৰ বহুতেই ইয়াৰ লগত জড়িত। আমি মহাকাশ প্ৰযুক্তিৰ নতুন উচ্চতা বৃদ্ধি কৰিছো। এই খণ্ডটো প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বাবে মুকলি কৰা হৈছে। আমি দ্ৰুতগতিত ভাৰতক বিশ্বব্যাপী জৈৱ প্ৰযুক্তিৰ শক্তিশালী স্থান হিচাপে গঢ়ি তুলিছো।
আন্তঃগাঁথনি উন্নয়ন আমাৰ বাবে অগ্ৰাধিকাৰৰ বিষয়। আৰু ইয়াৰ ওপৰত আমি বছৰি ১১৪ বিলিয়ন ডলাৰতকৈ অধিক ৰাজহুৱা ব্যয় কৰি আছো। আমি ৰেলপথৰ আধুনিকীকৰণ আৰু উন্নীতকৰণৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰি বৃহৎ পৰিসৰত ৰেলপথ স্থাপন কৰিছো।
আমি ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ লক্ষ্যৰ দিশত দ্ৰুতগতিত আগবাঢ়িছো। ইয়াৰ বাবে আমি সৌৰকোষ নিৰ্মাণক প্ৰসাৰিত কৰিছো। আমি ক্ৰিটিকেল মিনাৰেল মিছনো আৰম্ভ কৰিছো।
আমি হাইড্ৰজেন মিছনো হাতত লৈছো। ইয়াৰ বাবে ইলেক্ট্ৰ’লাইজাৰ নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ২০৪৭ চনৰ ভিতৰত আমি ১০০ গিগাৱাট পাৰমাণৱিক শক্তিৰ লক্ষ্য লৈছো। এই খণ্ডটো ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়া হৈছে বুলি মই শ্বেয়াৰ কৰিবলৈ পাই সুখী হৈছো। আমি এছএমআৰ আৰু এএমআৰ প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিছো।
বন্ধুসকল,
আজি ভাৰত বৈচিত্ৰ্য আৰু বিপদমুক্ত কৰাৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰ হৈ পৰিছে। কিছুদিন আগতে আমাৰ বাজেটত নতুন প্ৰজন্মৰ সংস্কাৰৰ ৰূপৰেখা দাঙি ধৰা হৈছিল।
ব্যৱসায় কৰাত সহজতাৰ বাবে নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে। যোৱা কেইবছৰমানৰ পৰা আমি ৪০ হাজাৰতকৈ অধিক কম্প্লাইয়েন্সক যুক্তিসংগত কৰি তুলিছো। আস্থাভিত্তিক অৰ্থনৈতিক শাসনক প্ৰসাৰিত কৰিবলৈ নিয়ন্ত্ৰণ সংস্কাৰৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হৈছে। কাষ্টম ৰেটৰ গাঁথনিটো যুক্তিসংগত কৰা হৈছে।
আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সুবিধাৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ সহায়ত “ইণ্ডিয়া ট্ৰেড নেট” প্ৰৱৰ্তন কৰা হৈছে। আমি ইজ অৱ লিভিঙৰ দিশত নতুন সৰলীকৃত আয়কৰ সংহিতা আনিছো।
ৰাষ্ট্ৰীয় উৎপাদন অভিযানৰ ঘোষণা আৰু বীমা খণ্ডৰ দৰে নতুন খণ্ড ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বাবে মুকলি কৰা হৈছে। এই সকলোবোৰ পদক্ষেপ আপুনি ভালদৰে অধ্যয়ন কৰিব লাগিব।
সকলোকে কওঁ, ভাৰতলৈ অহাৰ এইটোৱেই উপযুক্ত সময়। সকলোৰে প্ৰগতি ভাৰতৰ প্ৰগতিৰ সৈতে জড়িত। ইয়াৰ উদাহৰণ বিমান পৰিবহণ খণ্ডত দেখা গ’ল, যেতিয়া ভাৰতীয় কোম্পানীসমূহে বিমানৰ বৃহৎ অৰ্ডাৰ দিছিল। আৰু এতিয়া, যেতিয়া আমি ১২০টা নতুন বিমানবন্দৰ মুকলি কৰিবলৈ ওলাইছো, তেতিয়া আপুনি নিজেই ভৱিষ্যতৰ সম্ভাৱনা কল্পনা কৰিব পাৰিব।
বন্ধুসকল,
ভাৰতৰ ১.৪ বিলিয়ন জনতাই ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়ি তোলাৰ সংকল্প লৈছে। সেয়া প্ৰতিৰক্ষা বা উন্নত প্ৰযুক্তি, ফিনটেক বা ফাৰ্মা, টেক বা বস্ত্ৰশিল্প, কৃষি বা বিমান, স্বাস্থ্যসেৱা বা ঘাইপথ, মহাকাশ বা বহনক্ষম উন্নয়ন হওক। এই সকলোবোৰ ক্ষেত্ৰতে আপোনালোক সকলোৰে বাবে বিনিয়োগ আৰু সহযোগিতাৰ বাবে বহুতো সুবিধা আছে।
ভাৰতৰ উন্নয়ন যাত্ৰাত যোগদান কৰিবলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো।
আকৌ এবাৰ আপোনালোক সকলোকে আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ইয়ালৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ।
MJPS/SR
Addressing the India-France CEO Forum in Paris. https://t.co/S9GWeDS9My
— Narendra Modi (@narendramodi) February 11, 2025
The India-France CEO Forum plays a key role in strengthening economic ties and fostering innovation. It is gladdening to see business leaders from both nations collaborate and create new opportunities across key sectors. This drives growth, investment and ensures a better future… pic.twitter.com/gSImOqAcEZ
— Narendra Modi (@narendramodi) February 11, 2025
Le Forum des chefs d'entreprise Inde-France joue un rôle clé dans le renforcement des liens économiques et la promotion de l'innovation. Il est réjouissant de voir des chefs d'entreprise des deux pays collaborer et créer de nouvelles opportunités dans des secteurs clés. Cela… pic.twitter.com/mkOrTQTr6z
— Narendra Modi (@narendramodi) February 11, 2025
Boosting India-France business ties!
— PMO India (@PMOIndia) February 11, 2025
PM @narendramodi and President @EmmanuelMacron attended the India-France CEO Forum in Paris. The PM highlighted India's rise as a global economic powerhouse fueled by stability, reforms and innovation. pic.twitter.com/cr6Ge3MmlT