Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পেৰিছ পেৰা অলিম্পিকত আৰ২ মহিলা ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ ইভেন্টত স্বৰ্ণ পদক লাভৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৱনী লেখাৰাক অভিনন্দন জনাইছে


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰা অলিম্পিক-২০২৪ত আৰ২ মহিলা ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ ইভেন্টত স্বৰ্ণ পদক লাভৰ বাবে ভাৰতীয় শ্বুটাৰ অৱনী লেখাৰাক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অৱনী লেখাৰাই পেৰা অলিম্পিকত ৩ টা পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈ ইতিহাসো ৰচনা কৰিলে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;

“#Paralympics2024-ত ভাৰতে পদক লাভৰ তালিকাখনৰ আৰম্ভণি কৰিছে!

আৰ২ মহিলা ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ ইভেন্টত বহু আকাংক্ষিত স্বৰ্ণ পদক লাভৰ বাবে @AvaniLekhara-ক অভিনন্দন জনালোঁ। তেওঁ পেৰা অলিম্পিকত ৩ টা পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে ইতিহাসো ৰচনা কৰিছে! তেওঁৰ সমৰ্পণৰ মনোভাৱে ভাৰতক গৌৰৱান্বিত কৰি তুলিছে।

#Cheer4Bharat”

 

***

MJPS/ST/SB