Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্রধানমন্ত্রীক সাক্ষাৎ কৰিলে ফ্রান্সৰ ইউৰোপ আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্রী শ্ৰীযুত জ্যা লা ড্ৰায়াৰ


ফ্রান্সৰ ফ্রান্সৰ ইউৰোপ আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্রী শ্ৰীযুত জ্যা লা ড্ৰায়াই আজি প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ সাক্ষাৎ কৰে।

তেওঁ চলিত বছৰৰ জুন মাহত প্ৰধানমন্ত্ৰীৰ ফ্রান্স ভ্ৰমণৰ পৰৱর্তী সমছোৱাত ভাৰত-ফ্রান্সৰ মাজত দ্বিপাক্ষিক সম্পর্কৰ শেহতীয়া অগ্ৰগতিৰ লগতে প্রসাৰ আৰু উন্নয়নৰ বিভিন্ন বিষয় আজি প্ৰধানমন্ত্ৰীক সাক্ষাতৰ সময়ত চমুকৈ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ফ্রান্সৰ দ্বিপাক্ষিক সম্পর্কৰ যি উন্নয়ন সম্ভৱ হৈছে, তাৰ বাবে লা ড্ৰায়াঁৰ অৱদানৰ ভূয়সী প্রশংসা কৰে। বর্তমানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপৰি পূৰ্বতে ফ্রান্সৰ প্রতিৰক্ষা মন্ত্রী হিচাপেও এনে ভূমিকা পালন কৰিছিল বুলি প্রসংগক্ৰমে দোঁহাৰে প্রধানমন্ত্রীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত-ফ্রান্সৰ কৌশলগত অংশীদাৰিত্বৰ বিষয়টো কেৱল দ্বিপাক্ষিক সম্পর্ক প্রসাৰতে সীমাবদ্ধ নহয়। ই আঞ্চলিক তথা বৈশ্বিক পৰ্যায়ৰো শান্তি আৰু সুস্থিৰতা নিশ্চিত কৰাৰ ক্ষেত্রত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে ফ্রান্সৰ ৰাষ্ট্ৰপতি মাক্ৰক ভাৰতত আদৰণী জনোৱাৰ বাবে তেওঁ আগ্রহেৰে বাট চাই থকা বুলি লা ড্ৰায়াক অৱগত কৰে।

*****

AKT/NT/DB