Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰকৃতি সুৰক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মানৱ জাতিৰ কল্যাণ প্ৰকৃতিৰ সুৰক্ষা আৰু ইয়াৰ প্ৰতি সন্মানৰ ওপৰত নিহিত। তেওঁ উল্লেখ কৰে যে ভাৰতৰ কালজয়ী পৰম্পৰাই আমাক এই সঠিক জীৱনশৈলী বৰ্তাই ৰাখিবলৈ আৰু প্ৰকৃতিৰ সৈতে সম্প্রীতিৰে জীয়াই থাকিবলৈ অনুপ্ৰাণিত কৰে।

প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে –

“लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा। ऋतवः षट् च ते सर्वे मासाः संवत्सराः क्षपाः॥

दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा। श्रुतिः स्मृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः॥”

এই হিতোপদেশে কৈছে যে প্ৰকৃতিৰ সৈতে আৰু সঠিকভাবে কৰা জীৱন-যাপন হৈছে সুখ, নিৰাপত্তা আৰু কল্যাণৰ ভেটি। সেয়েহে দিশ নিৰ্দেশক অভিভাৱকসকল, ইন্দ্ৰৰ নেতৃত্বাধীন মুখ্য দেৱতাসকল, ছয় ঋতু, সকলো মাহ, বছৰ, ৰাতি, দিন আৰু শুভ মুহূৰ্তবোৰে সদায় আশীৰ্বাদ আৰু সমৃদ্ধি কঢ়িয়াই আনক। বেদ, পৱিত্ৰ পৰম্পৰা আৰু ধাৰ্মিকতাও সকলো সময়তে, সকলো ঠাইতে, সকলো ধৰণে সুৰক্ষিত থাকক।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

“মানৱতাৰ কল্যাণ প্ৰকৃতিৰ সংৰক্ষণ আৰু ইয়াৰ প্ৰতি সন্মানত নিহিত। আমাৰ পৰম্পৰাই আমাক এই ধাৰ্মিক আচৰণৰ বাবেও অনুপ্ৰাণিত কৰে।

लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा। ऋतवः षट् च ते सर्वे मासाः संवत्सराः क्षपाः॥

दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा। श्रुतिः स्मृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः॥”

***************

MJPS/SS/ST/HS