পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আশা ভোছলেজীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে, আৰু ভাৰতৰ অন্যতম প্ৰখ্যাত আৰু বহুমুখী কণ্ঠস্বৰ হিচাপে তেওঁক স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ এই অসাধাৰণ সাংগীতিক যাত্ৰাই দেশৰ সাংস্কৃতিক ঐতিহ্যক সমৃদ্ধ কৰি সমগ্ৰ বিশ্বৰ অগণন হৃদয় স্পৰ্শ কৰিছিল। শ্ৰী মোদীয়ে কয় যে তেওঁৰ হৃদয়স্পৰ্শী সুৰেই হওক বা তেওঁৰ আবেগিক ৰচনাই হওক, তেওঁৰ কণ্ঠত এক কালজয়ী উজ্জ্বলতা আছিল। লগতে কয় যে তেওঁৰ লগত হোৱা কথা-বতৰাবোৰ সদায় মনত ৰাখিব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ পৰিয়াল, অনুৰাগী, সংগীতপ্ৰেমীসকলৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে তেওঁ প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব আৰু তেওঁৰ গীত মানুহৰ জীৱনত সদায় অনুৰণিত হ’ব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছে:
“ভাৰতৰ প্ৰখ্যাত আৰু বহুমুখী কণ্ঠৰ ভিতৰত অন্যতম আশা ভোছলেজীৰ মৃত্যুত গভীৰভাৱে মৰ্মাহত। দশক দশকজুৰি তেওঁৰ অসাধাৰণ সাংগীতিক যাত্ৰাই আমাৰ সাংস্কৃতিক ঐতিহ্যক সমৃদ্ধ কৰি সমগ্ৰ বিশ্বৰ অগণন হৃদয় চুই গৈছিল। তেওঁৰ হৃদয়স্পৰ্শী সুৰেই হওক বা তেওঁৰ আবেগিক ৰচনাই হওক, তেওঁৰ কণ্ঠত আছিল এক কালজয়ী উজ্জ্বলতা। তেওঁৰ লগত হোৱা কথা-বতৰাবোৰ মই সদায় মনত ৰাখিম।”
তেওঁৰ পৰিয়াল, অনুৰাগী আৰু সংগীতপ্ৰেমীসকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। তেওঁ প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব আৰু তেওঁৰ গীতসমূহ মানুহৰ জীৱনত সদায় অনুৰণিত হ’ব।”
Deeply saddened by the passing of Asha Bhosle Ji, one of the most iconic and versatile voices India has ever known. Her extraordinary musical journey, spanning decades, enriched our cultural heritage and touched countless hearts across the world. Be it her soulful melodies or… pic.twitter.com/SbFrzf1Meu
— Narendra Modi (@narendramodi) April 12, 2026
***
MJPS/PRK/KD

भारतातील सर्वात ख्यातनाम आणि अष्टपैलू आवाजांपैकी एक असलेल्या आशा भोसले जी यांच्या निधनाने अतिशय दुःख झाले. त्यांच्या अनेक दशकांच्या अद्वितीय संगीत प्रवासाने आपल्या सांस्कृतिक वारशाला समृद्ध केले आणि जगभरातील असंख्य लोकांच्या मनाला स्पर्श केला. भावपूर्ण गीतांपासून ते जोशपूर्ण… pic.twitter.com/JsjoxbdCCt
— Narendra Modi (@narendramodi) April 12, 2026