Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰগতিৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

প্ৰগতিৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

প্ৰগতিৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ


সক্ৰিয় প্ৰশাসন আৰু সময়বদ্ধ ৰূপায়নৰ বাবে আইচিটি-ভিত্তিক, বহুমুখী মঞ্চ ‘প্ৰগতি’ৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২৭সংখ্যক বৈঠকত অংশ লয়৷

২৬সংখ্যক প্ৰগতি বৈঠকত ১১ লাখ কোটিৰ মুঠ বিনিয়োগ প্ৰকল্পৰ এক সংমিশ্ৰিত সমীক্ষা হোৱা দেখা গৈছে৷ সকলো ক্ষেত্ৰত ৰাজহুৱা অভিযোগৰ সমাধানো নিৰীক্ষণ কৰা হৈছে৷

আজি ২৭সংখ্যক বৈঠকত প্ৰধানমন্ত্ৰীয়ে ৰে’লৱে, পথ আৰু শক্তি খণ্ডৰ ৮টা পৰিকাঠাম প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়৷ এই প্ৰকল্পসমূহ বিহাৰ, ঝাৰখণ্ড, চত্তীশগড়, মধ্য প্ৰদেশ, হিমাচল প্ৰদেশ, উত্তৰ-প্ৰদেশ, উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, উৰিষ্যা, চণ্ডীগড়, অন্ধ্ৰ প্ৰদেশ, দিল্লী, গুজৰাট, ৰাজস্থান, পশ্চিম বংগ, ছিকিম আৰু অৰুণাচল প্ৰদেশকে ধৰি বিভিন্ন ৰাজ্যত বিয়পি আছে৷

প্ৰধানমন্ত্ৰীয়ে নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন প্ৰকল্পৰ সঠিক ৰূপায়নৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰে৷ কেন্দ্ৰীয় চৰকাৰে দেশৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাস্থ্য খণ্ডৰ আন্তঃগাথনিৰ ক্ষিপ্ৰ উন্নয়ন হোৱা উচিত৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৮ৰ ১৪ এপ্ৰিলৰ পৰা ৫ মে’লৈ চলা গ্ৰাম স্বৰাজ অভিযানৰ প্ৰথম পৰ্যায়ে দেশৰ ১৬,০০০ গাঁওত কেন্দ্ৰীয় চৰকাৰৰ ৭খন গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়নত বৃহৎ সাফল্য অৰ্জন কৰিছে৷ গ্ৰাম স্বৰাজ অভিযানৰ দ্বিতীয় পৰ্যায় বৰ্তমান আকাংক্ষিত জিলাৰ ৪০ হাজাৰৰো অধিক গাঁওত চলি আছে৷ অহা ১৫ আগষ্টৰ পূৰ্বে সৰ্বোত্তম ফলাফল লাভৰ বাবে তেওঁ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সকলো বিষয়-ববীয়াক নিষ্ঠা সহকাৰে কাম কৰিবলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে সৌভাগ্য যোজনাৰ অধীনত এই পৰ্যন্ত লাভ কৰা অগ্ৰগতিত সন্তুষ্টি ব্যক্ত কৰে আৰু কয় যে নিৰ্ধাৰিত সময়ছোৱাৰ ভিতৰত ৪কোটি পৰিয়ালক বিদ্যুৎ সংযোগ প্ৰদানৰ উচ্চাভিলাষী লক্ষ্য পূৰণ কৰিবলৈ যথা-সম্ভৱ সকলো প্ৰচেষ্টা গ্ৰহণ কৰা উচিত৷

***

AKT/VJ/SK/MS